• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

অসমীয়া ৰচনা

চিপকো আন্দোলন ।। Chipko movement 26 March

March 22, 2022 by Souvik Leave a Comment

চিপকো মভমেণ্ট বা চিপকো আন্দোলন আছিল ভাৰতৰ এটা বন সংৰক্ষণ আন্দোলন।চিপকো আন্দোলন 1973 চনত উত্তৰাখণ্ডৰ হিমালয় অঞ্চলৰ পৰা আৰম্ভ হৈছিল আৰু গোটেই বিশ্বৰ বাবে ভবিষ্যতৰ পৰিবেশ সচেতন আন্দোলনৰ এটা সমাবেশ পয়েন্টত পৰিণত হৈছিল। সুন্দৰলাল বহুগুনা, একজন গান্ধীবাদী কর্মী আছিল, সুন্দৰলালে চিপকো আন্দোলনৰ গুৰি ধৰোতা আছিল, আৰু আন্দোলনক সঠিক দিকনির্দেশনা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আৰু এই আন্দোলনৰ উদ্দেশ্য হিচাপে – দ্রুত বন উজাৰ কৰা, স্বার্থ প্রকাশ কৰা, সামাজিক সচেতনতা বৃদ্ধি আৰু গছ সংৰক্ষণৰ প্রয়োজনীয়তা, পরিবেশগত সচেতনতা বৃদ্ধি এবং জনশক্তিৰ কার্যকাৰিতা প্রদর্শন কৰা আছিল । তেওঁ অৰণ্য আৰু হিমালয় পৰ্বতমালা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ হিমালয় অঞ্চলত ৫০০০ কিলোমিটাৰ জোৰা  পদযাত্ৰা কৰি চিপকো আন্দোলনৰ বাৰ্তা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ মূল শ্লোগান “পৰিস্থিতিবিজ্ঞান হৈছে বহনক্ষম অৰ্থনীতি”ৰ উদ্ভাৱন আৰু প্ৰচাৰ কৰিছিল।। সৰ্বপৰি, এই আন্দোলনে সমগ্ৰ ভাৰতৰ বিদ্যমান সুশীল সমাজক পোহৰ কৰিছিল, যি উপজাতীয় আৰু প্রান্তিক জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিব আৰম্ভ কৰে । এই আন্দোলনৰ গুৰুত্বপূৰ্ণ বিষয় আছিল নাৰী, এই আন্দোলনৰ উৎস হিচাপে মূলতঃ আছিল নাৰীসকলে । চিপকো আন্দোলন সত্যাগ্রহৰ পদ্ধতিত অনুশীলন কৰা হৈছিল, যঁত উত্তৰাখণ্ডৰ পুৰুষ আৰু মহিলা উভয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল, তাৰে কিছুমানৰ নাম হল – মধ্যে গৌৰা দেবী, সুৰক্ষা দেবী, সুদেশা দেবী, বাচনি দেবী আৰু চণ্ডী ভট্ট, বিৰুষ্কা দেবী ।।চিপকো আন্দোলন ।। Chipko movement 26 March 

1987 চনত, চিপকো আন্দোলনক ভাৰতৰ প্রাকৃতিক সম্পদৰ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু পৰিবেশগতভাৱে সঠিক ব্যবহাৰৰ বাবে “ৰাইট লাইভলিহুড এওঁৱাৰ্ড” প্রদান কৰা হয় ।।

  • History of Chipko Movement in English – click here

ঘটনাৰ সবিশেষ ।। How this was event occurred

চিপকো আন্দোলন মূলতঃ বহিৰাগত কোম্পানীয়ে বন ধ্বংস কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা এক বন সংৰক্ষণ আন্দোলন আছিল। কিছুমান কোম্পানীৰ দ্বাৰা গছ কটাৰ পৰিণতি হিচাপে সেই ঠাইত শীঘ্রই জালানী হিচাপে কাঠৰ অভাৱ , বৰষুণ নোহোৱাৰ সমস্যা, খেতিবাতীৰ সমস্যা সমূহ দেখা পোৱা যাব ধৰিলে, সেই বাবে গাঁওৰ বাসিন্দা সকলে আৰু মহিলাসকলে কেইটামান সৰু সৰু গ্ৰুপৰ বিভক্ত হৈ কেইটামান দল গঠন কৰি লয়, কর্তৃপক্ষৰ লগত স্থানীয় সমস্যা সমূহ গ্রহণ কৰে আৰু বাণিজ্যিক অপাৰেচনৰ বিৰোধ কৰিব ধৰে, কিন্তু ই তেওঁলোকৰ জীবিকাত লাহে লাহে প্ৰভাৱ পেলাব ধৰে । 1971 চনৰ অক্টোবৰত, বন বিভাগৰ নীতিৰ বিৰোধৰ প্রতিবাদ জনাই সংঘৰ কৰ্মীসকল গোপেশ্বৰত এক বিক্ষোভ কৰিছিল । 1972 চনৰ শেষৰ ফালে আকৌ মিছিল আৰু মিটিং অনুষ্ঠিত হয় । 1973 চনৰ মার্চ মাহত,এলাহাবাদৰ এটা ক্ৰিয়া সামগ্ৰী ‘ৰেকেট’ বনোৱা কোম্পানী 300 গছৰ বাবে এটা চুক্তি হয়, কোম্পানী কাঠমিস্ত্রিবোৰ গোপেশ্বৰত আহি উপস্থিত হয় আৰু কয়েক সপ্তাহমান পিছত, 24 এপ্রিল 1973 চনত গাঁওৰ মন্ডল তেওঁলোকৰ সন্মুখীন হয়, তাতে প্ৰায় ১০০ মান মানুহে ঢোল পিটায় স্লোগান দি ঠিকাদাৰ আৰু মালিক সকলক উভতি যাব বাধ্য কৰিছিল ।।

কিন্তু ঘটনা ইয়াতেই শেষ হোৱা নাছিল, কাৰণ সেই একে কোম্পানীক গোপেশ্বৰৰ পঢ়ক ৮০ কিলোমিটাৰ (৫০ মাইল) দূৰত জঙ্গলত আকৌ গছ কাটিবলৈ যায়। তাতেই স্থানীয় লোকৰ বিৰোধীতাৰ সন্মুখীন হবলগীয়া হয় কোম্পানীৰ ঠিকাদাৰ আৰু মালিকক, 20 জুন 1974 ৰ পৰা , মালিক সকলে পিছৰ পাঁচ দিনলৈকে বিৰোধীতাৰ সংঘৰ্ষ কৰি পিছলৈ উভতিব বাধ্য হয় । তাৰ পিছত গাঁওৰ মানুহে গছত প্ৰতি বেছিকৈ চকু ৰাখিব আৰম্ভ কৰে ।।

  • Financial Education in Assamese – click here

কেইমাহ মান পিছত, চূড়ান্ত ফ্ল্যাশপয়েন্ট আৰম্ভ হয় যেতিয়া চৰকাৰ 1974 চনত জানুয়াৰিত অলকানন্দা নদীক উপেক্ষা কৰি ৰেনি গাঁওৰ কাষত 2,500 খন গছ এটা নিলামৰ বাবে ঘোষণা কৰিছিল । ভাটে ৰেনি এলাকাৰ গাঁওৰ উদ্দেশ্যেত যাত্রা কৰে আৰু গাঁওৰ মানুহক গছৰ নিলামৰ বিৰোধীতাৰ বাবে সাজু কৰে, ফলস্বৰূপে তাৰে মানুহ বোৰ গছক আৱৰি (Hug) ধৰি গছ কটাৰ বিৰোধিতা কৰিছিল ।

1974 চনত 26 মার্চ, যিদিনা কাঠমিস্ত্রিসকল গছ কাটিব গৈছিল, সেই দিনা ৰেনি গাঁওৰ পুৰুষসকলে আৰু ডিজিএসএস (উত্তৰাখণ্ডৰ গোপেশ্বৰ চহৰত গান্ধীবাদী সমাজকৰ্মী  চান্দি প্ৰসাদ ভট্টৰ নেতৃত্বত ১৯৬৪ চনত “দাচোলি গ্ৰাম্য স্বৰাজ্য সংঘ”(ডিজিএছএছ) নামৰ এটা সৰু সমবায় সংগঠন স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল কাষৰীয়া পাহাৰৰ অৰণ্য অঞ্চলৰ সম্পদৰ প্ৰয়োগ কৰি স্থানীয় লোকসকলৰ মাজত সৰু সৰু উদ্যোগৰ সৃষ্টি কৰা . )কর্মীসকলে চামোলিত আছিল, ৰাজ্য চৰকাৰ আৰু ঠিকাদাৰ ৰেনি গাওঁত উপস্থিয় হোৱা চাই এজনী স্থানীয় ছোৱালী ৰেনি গগাঁওৰ মহিলা মঙ্গল দলৰ প্রধান গৌৰা দেবীক খবৰ দিব যায় । গৌৰব দেবীয়ে গাঁওৰ ২৭ জন মহিলাক ঘটনাস্থলত লৈ যায় আৰু ঠিকাদাৰ সকলৰ সন্মুখীন হয় । কিন্তু সমস্ত কথা বতৰা ব্যর্থ হয়, আৰু ঠিকাদৰ আৰু মালিকবোৰ চিঞৰা চিঞঁৰী আৰম্ভ কৰে লগতে মহিলাবোৰক গালাগালি কৰিব আৰম্ভ কৰে , ইমানতেই স্থগিত হৈ থকা নাই তেওঁলোকে বন্দুক লৈ হুমকি দিয়ে, কিন্তু মহিলাসকলে ভয় নকৰি সহসিকতাৰে তেওঁলোকৰ গছ কটা বন্ধ কৰিবৰ বাবে গছবোৰক আৱৰি (hug) ধৰি থাকে । গাঁওৰ মহিলাসকলে ঠিকাৰ্ডচকল নোযোৱালৈকে গছক আৱৰি ধৰি থিয় হৈ আছিল । পিছদিনা কাষৰ গাঁওৰ মানুহ আৰু নেতাসমূহ আহি যোগ দিবলৈ ধৰে, অৱশেষত, চাৰিদিনৰ পিছত, ঠিকাদাৰসকল উভতি যায় ।।

  • Assam Gk – click here
চিপকো আন্দোলন ।। Chipko movement 26 March
চিপকো আন্দোলন ।। Chipko movement 26 March

আন্দোলনৰ প্রভাব ।। Effect of Chipko Movement

পৰিস্থিতিৰ খবৰ অতি শিগ্ৰেই ৰাজধানীত গৈ পায়, তেতিয়া ৰাজ্যেৰ মুখ্যমন্ত্রী, হেমবতী নন্দন বহুগুনা সমস্ত বিষয়টো চোৱাৰ বাবে এটা কমিটি গঠন কৰি দিয়ে, যি অবশেষত গাঁওৰ বাসিন্দাৰ পক্ষত ৰায় দিয়ে ।

চিপকো আন্দোলনত নাৰীৰ অংশগ্রহণ আছিল আন্দোলনের আটাইতকৈ গুৰুত্বপূৰ্ণ । মহিলাসকলে মদ্যপানৰ অভ্যাসৰ বিৰোধীতাত অবিৰাম আন্দোলন চলাইছিল আৰু অন্যান্য সামাজিক সমস্যা বোৰক কভাৰ কৰাৰ বাবে আন্দোলনৰ এজেন্ডাক প্ৰচাৰিত কৰিছিল । আন্দোলনে তেতিয়া বিজয়ী হয় যেতিয়া 1980 চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী হিমালয় অঞ্চলত 15 বছৰৰ বাবে গছ কটাৰ উপৰত নিষেধাজ্ঞা জাৰি কৰি দিয়ে ।।

  • What is MUTUAL FUND in Assamese – click here

চিপকো আন্দোলনৰ পৰা পোৱা শিক্ষা ।। Lesson from Chipko Movement

চিপকো আন্দোলন হৈছে উত্তৰাখণ্ড গড়ৱাল অঞ্চলৰ গাঁওবাসীৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক পদক্ষেপ। তেওঁলোকে গছ কটা ঠিকাদাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ এক অহিংসা পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁলোকে পৰিৱেশৰ বাবে এক পৰিৱেশ-অনুকূল আন্দোলন হিচাপে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। মণ্ডল গাঁৱত আৰম্ভ হোৱা আন্দোলনটোৱে ভাৰতত এনে ধৰণৰ বিভিন্ন পৰিৱেশগত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল। চিপকো আন্দোলন কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই এই আন্দোলনক মনত ৰাখিব। চিপকো আন্দোলনেই আমাক পথ দেখুৱাই থৈ গ’ল যে কেনেকৈ আমি অৰণ্য ৰক্ষা কৰিব লাগে।

  • History of Chipko Andolan in Hindi – Click here

চিপকো আন্দোলন ।। Chipko movement 26 March

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

December 1, 2021 by Souvik Leave a Comment

 

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

 

                 বৰ্তমান যুগত মানুহক বৰকৈ আতংকিত কৰা যি কেইটা ৰোগ আছে তাৰ ভিতৰত এটা হৈছে এইডছ ৰোগ। ইংৰাজীত মূল Acquired Immune Deficiency Syndrome ৰ সংক্ষিপ্ত ৰূপ AIDS । এই ৰোগত আক্ৰান্ত হলে মৃত্যু অনিবাৰ্য।কাৰণ এই ৰোগ নিৰাময় কৰা ফলপ্ৰসূ ঔষধৰ এতিয়াও অভাৱ। ৰোগে দেখা দিয়াৰ পিছত এজন মানুহৰ দেহে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰতে ৰোগীৰ জীৱনকাল নিৰ্ভৰ কৰে।

 

মাৰাত্মক এই ৰোগৰ উৎপত্তি হয় এবিধ বীজাণুৰ পৰা।এই বীজাণু বা ভাইৰাছৰ নাম হল Human Immuno Deficiency Virus চমুকৈ কোৱা হয় HIV বুলি ।এইবোৰ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনলৈ বিয়পিব পাৰে।এই বীজাণু য়ে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাবলৈ ধৰে।সেই অৱস্থাত আন কেত বোৰ ৰোগে শৰীৰত দেখা দিব পাৰে।তেতিয়াই ভগ্নষ্টোপত পৰিণত হয় মানুহৰ দেহা।

বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ || World Aids Day
বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

এই ৰোগ ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰে।অস্বাভাৱিক যৌন জীৱন যাপন কৰা কিছুমান লোকৰ গাঢ় তেজত।১৯৮৩ চনত পেৰিছৰ হম এণ্ড ড্ৰাগ পেষ্টিওৰ ইনষ্টিটিউট ৰ ডাক্তৰ লক মানটেগাৰে এই ৰোগৰ বীজাণু আৱিষ্কাৰ কৰি চিকিৎসা জগতত আলোৰণ সৃষ্টি কৰে। ব্যভিচাৰী জীৱন,পৰীক্ষা নকৰা তেজ গ্ৰহণ,ড্ৰাগছ আসক্ত সকলে বেজীৰে নিচাযুক্ত ঔষধ গ্ৰহণ এইবোৰ সাধাৰণতে এই ৰোগ সংক্ৰমিত হোৱাৰ পথ পশস্ত কৰে।

 

এইডছ ত আক্ৰান্ত লোকৰ গাত কিছুমান চিন পৰিস্ফুত হয়।যেনে – দেহৰ ওজন কমি যোৱা,পনীয়া শৌচ বা গ্ৰহণী হোৱা, অস্বাভাৱিক জ্বৰ হোৱা ,ছালৰ খজুৱতি হোৱা,বেছিদিন কাহত ভুগি থকা, শৰীৰৰ কিছুমান গ্ৰন্থী ফুলি উঠা,খাদ্যনলী ত ঘা হোৱা,গা ৰ বিষ হোৱা ইত্যাদি।

Assamese Essay Section – click here

এইডছ ৰোগৰ পোনপটীয়া চিকিৎসা পদ্ধতি এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই যদিও এই ৰোগৰ বাবে দেহত দেখা দিয়া আন ৰোগবোৰৰ নিৰাময়ৰ ব্যৱস্থা আছে।এই ৰোগৰ প্ৰধান ঔষধ হৈছে প্ৰতিৰোধ । অবাঞ্চনীয় কৰ্মৰ বাবে যাতে ৰোগৰ ভাইৰাছ দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে।

 

ভয়াবহ এইডছ ৰোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১৯৮৮ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰায়বোৰ দেশৰ স্বাস্থ্য মন্ত্ৰী সকলক মিলিত হৈ কেতবৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰে এটা হৈছে – ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস ৰূপে পালন।এই দিৱসৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ মাজত এইডছ ৰোগ সম্বন্ধে সজাগতা বৃদ্ধি কৰা।

বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ || World Aids Day
বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

 

প্ৰতিবছৰে একোটা নতুন ধ্বনিৰে এই ৰোগৰ বিষয়ে মানুহৰ মন আকৰ্ষণৰ ব্যৱস্থা কৰা হয়।২০২১বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ ধ্বনি হৈছে – ” অসমতা সমাপ্ত কৰক, এইডছ সমাপ্ত কৰক। ” (End inequalities. End AIDS) ৰঙা ফিটা হৈছে এইডছ ৰোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক।

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি ( ASACS ) ৰ অনুমান অনুসৰি অসমৰ ২৫,০৭৩ জন লোক এইচ আই ভি পজিটিভ ৷ প্ৰতিবেদন অনুসৰি ২৫,০৭৩ জন পিএলএইচআইভিৰ ভিতৰত তিনি শতাংশ শিশু আৰু ৪৫ % পি এল এইচআইভি মহিলা। বিশ্ব এইডছ দিৱসৰ সন্মানত বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আছাক্সে MACO HIY Estimation Report 2021 ৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে অসমৰ এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.০৯ শতাংশ , যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.২১ শতাংশতকৈ কম ৷

ৰাজ্যখনৰ ১০,৭৬৫ জন ব্যক্তিয়ে এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী ( এ আৰ টি ) গ্ৰহণ কৰাৰ বাবে বৰ্তমান জীয়াই আছে ৷ লগতে অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে অসমৰ ভিতৰতে গুৱাহাটীত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা সৰ্বাধিক বুলি প্ৰকাশ কৰিছে ৷ কামৰূপ ( মহানগৰ ) জিলাত ৭৬১০টা , কাছাৰত ৫২০০টা , নগাঁৱত ১৬০২টা আৰু ডিব্ৰুগড়ত ১৪০২টা ঘটনা সংঘটিত হৈছে ৷ প্ৰতিবেদন অনুসৰি , অসমত এইচ আই ভি সংক্ৰমণৰ ৮১.৬৩ শতাংশ বিষমযৌন সম্পৰ্কৰ , তাৰ পিছতে সমকামী সম্পৰ্ক ( ৪.৬১ শতাংশ ) আৰু পিতৃ – মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ ( ৪.৭৬ শতাংশ ) লগতে এইচ আই ভি সংক্ৰমিত চিৰিঞ্জ আৰু বেজী ( ৫.৫৪ শতাংশ ) , তেজ সঞ্চালন (০.৮৫ শতাংশ), আৰু নিৰ্দিষ্ট পৰিমাণে (২.৬১ শতাংশ)।

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

অসমীয়া ৰচনা Assamese Essay 2025

November 30, 2021 by Souvik Leave a Comment

অসমীয়া ৰচনা || Assamese Essay Section || অসমীয়া ৰচনা Assamese Essay 2025

অসমীয়া ভাষা আৰু সংস্কৃতি – এটি দৃষ্টিপাত

অসমীয়া, যাক স্থানীয় ভাষাত “অসমীয়া” বুলি কোৱা হয়, অসমৰ চৰকাৰী ভাষা। এই ভাষাটো ভাৰতবৰ্ষৰ পূব-উত্তৰ কোণত অৱস্থিত এখন সমৃদ্ধ সাংস্কৃতিক ৰাজ্য অসমৰ অন্যতম গৌৰৱ। অসমীয়া ভাষা ইণ্ড’-আৰ্য শাখাৰ অন্তৰ্গত আৰু ইয়াৰ সাহিত্যিক ইতিহাস ১৩শ শতিকাৰ পৰা আৰম্ভ হৈছে। এই ভাষা কেৱল সংযোগৰ উপায় নহয়, ই অসমৰ মানুহৰ মূল্যবোধ, পৰম্পৰা আৰু পৰিচয় বহন কৰা এক মাধ্যম।

অসমীয়া লিপি পূব নগৰী লিপিৰ পৰা উদ্ভৱ হোৱা, যিটো বঙালী লিপিৰ দৰে লাগিলেও তাৰ নিজৰ বৈশিষ্ট্য আছে। অসমীয়া সাহিত্য বিভিন্ন যুগত বিকাশ পাইছে। শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঞিৰ দৰে মহান সাহিত্যিকসকলে অসমীয়া ভাষাক সমৃদ্ধ কৰি গৈছে। শঙ্কৰদেৱৰ বৰগীত, অংকীয়া নাট, আৰু ধৰ্মীয় গ্ৰন্থসমূহে অসমীয়া সাহিত্য আৰু সংস্কৃতিক দিশ দেখুৱাইছে।

অসমীয়া সংস্কৃতি উৎসৱ, সংগীত, নৃত্য আৰু সমাজিক জীৱনত গভীৰভাৱে গাঁঠি ধৰিছে। বিহু, অসমৰ সৰ্বাধিক জনপ্ৰিয় উৎসৱ, জীৱনৰ আনন্দ আৰু প্ৰকৃতিৰ সংগতি প্ৰতিফলিত কৰে। বছৰত তিনি বাৰ উদযাপন হোৱা বিহু – ৰঙালী, ভোগালী আৰু কঙালী বিহু – প্ৰতিটো উৎসৱে এক বিশেষ সাংস্কৃতিক অৰ্থ বহন কৰে। বিহু নৃত্য আৰু সংগীত ভাৰতজুৰি জনপ্ৰিয়।

অসমীয়া পৰম্পৰাগত খাদ্যভ্যাস প্ৰাকৃতিকতা আৰু সাধাৰণতাৰ সৈতে সমন্বিত। ভাত, মাছ, আৰু সেউজীয়া শাক-পাচলি ইয়াৰ মূল উপাদান। অসমীয়াতে মচলা কম ব্যৱহাৰ কৰি খাবাৰৰ আসল সোৱাদ বজাই ৰখা হয়।

আধুনিক যুগত অসমীয়া ভাষাই আধুনিক শব্দ-ভাণ্ডাৰ গ্ৰহণ কৰিছে, কিন্তু ইয়াৰ মূল বৈশিষ্ট্য অটুট ৰখা হৈছে। শিক্ষাব্যৱস্থা, সংবাদ মাধ্যম, সাহিত্য, সংগীত আৰু ডিজিটেল প্লাটফৰ্মৰ জৰিয়তে এই ভাষাক আগবঢ়াবলৈ বহুত চেষ্টা চলি আছে। অসমীয়া চিনেমা, সংগীত আৰু অনলাইন বিষয়বস্তুৰ জনপ্রিয়তা বৃদ্ধি পাইছে। অসমীয়া ৰচনা Assamese Essay 2025

 

English Essay Section – click here

 

HSLC (দশম শ্ৰেণী) পৰীক্ষাত ৰচনাৰ গুৰুত্ব

HSLC পৰীক্ষাত ৰচনা লিখা এটা অতি গুৰুত্বপূর্ণ অংশ। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ চিন্তাভাবনা, ভাষা ব্যৱহাৰ, আৰু গঠনক্ষমতা প্ৰকাশ কৰাৰ সুযোগ পায়। এটা ভাল ৰচনাই মাত্ৰ নম্বৰেই নিদিয়ে, ই ছাত্ৰ-ছাত্ৰীৰ ভাষাগত দক্ষতা, সৃষ্টিশীলতা আৰু তথ্য উপস্থাপন কৰাৰ ক্ষমতাকো প্ৰদৰ্শন কৰে। সেয়া হেতু, HSLC পৰীক্ষাৰ বাবে ৰচনা লিখাৰ অভ্যাস, শব্দভাণ্ডাৰ আৰু গঠন-পদ্ধতি শিকি থকাটো অত্যন্ত আৱশ্যক।

সাৰাংশস্বৰূপে, অসমীয়া কেৱল এটা ভাষা নহয়, ই অসমৰ ইতিহাস, ধৰ্মবিশ্বাস আৰু সৃষ্টিশীলতাৰ প্ৰতিফলন। ইয়াক সংৰক্ষণ আৰু উন্নয়ন কৰাটো অসমৰ লগতে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ অত্যন্ত প্ৰয়োজন। অসমীয়া ৰচনা Assamese Essay 2025

 

Importance of Essay Writing in HSLC Class 10 Examination (Assam Board)

 

Essay writing plays a vital role in the HSLC (Class 10) Assam Board examination. It is a key component of the language paper, testing a student’s ability to express thoughts clearly and logically. A well-written essay reflects the student’s command over grammar, vocabulary, and structure. It also helps in developing critical thinking, creativity, and the ability to present ideas in an organized way. Since essay topics are often related to current affairs, culture, or social issues, preparing for essays also improves general knowledge. Scoring well in the essay section can significantly boost overall marks in the language subject. Therefore, regular practice and a strong understanding of common topics are essential for success in the HSLC exam.

অসমীয়া ৰচনা Assamese Essay 2025

 

 

অসমীয়া ৰচনা Assamese Essay 2025
অসমীয়া ৰচনা Assamese Essay 2025

 

1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book

2. অসমৰ প্ৰাকৃতিক সম্পদ ।। Natural Resources of Assam

3. স্বাধীনতা দিৱস ।। Independence Day

4. চুকাফা দিৱস || Sukafa Divas || Asom Divas|| অসম দিৱস

5. মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

6. গণৰাজ্য দিৱস || Republic Day || 26 January 2022

7. Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

অসমীয়া ৰচনা Assamese Essay 2025

8. নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose

9. চিপকো আন্দোলন ।। Chipko movement 26 March 

10.Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

11. লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

12. বিশ্ব শিশু দিৱস ।। শিশু দিৱস কিয় পালন কৰা হয়

13. পুথিভঁৰাল | | অসমীয়া ৰচনা

14. ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

অসমীয়া ৰচনা Assamese Essay 2025

15. ভূপেন হাজৰিকা ৰচনা | | Bhupen Hazarika Essay in Assamese

16. ড°এ.পি.জে.আব্দুল কালামৰ বিষয়ে ৰচনা || Essay on Dr. A.P.J Abdul kalam in Assamese

17. মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese    

18. অসমৰ বানপানী, ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ || Flood in Assam, Causes and Remedies Essay in Assamese

19. লক্ষ্মীনাথ বেজবৰুৱা || Lakshminath Bezbaroa Essay in Assamese

20. অসমৰ জাতীয় উৎসৱ বিহু 

21. Mother Teresa Essay in Assamese || মাদাৰ টেৰেছা

22. ১৫০ মহৎ লোকৰ বাণী || Famous Quotes by Great People

23. মোৰ প্ৰিয় খেল || My Favorite Game Essay in Assamese

24. বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা || Essay on Bishnu Prasad Rabha

25. অসমৰ নিবনুৱা সমস্যা || Unemployment Problem in Assam essay in Assamese – click here

 

 

Join Us in WhatsApp Group Click here
 

26. Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা – click here

27. স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assamese – click here

28. চন্দ্ৰয়ান-৩ বিষয়ে ৰচনা ।। Chandrayaan 3 Essay in Assamese – click here

29.পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ – click here

30. ৰামানুজনৰ ওপৰত ৫০০+ শব্দৰ ৰচনা – click here

অসমীয়া ৰচনা Assamese Essay 2025

31. দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here

32. কনকলতা বৰুৱা || Essay on Kanaklata Barua in Assamese – click here

33. নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese – click here

34. মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it’s Impact of on Society – click here

Filed Under: অসমীয়া ৰচনা Tagged With: অসমীয়া ৰচনা

চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

November 28, 2021 by Souvik Leave a Comment

চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

 

               ভূগোলৰ মানচিত্ৰত অসম নামৰ যিখন ৰাজ্য আমি দেখিবলৈ পায় ইয়াৰ জন্ম হৈছিল চুকাফাৰ পাহাৰ ভৈয়ামে আগুৰা ব্ৰহ্মপুত্ৰ উপত্যকা লৈ আগমন হোৱাৰ পিছত।তাৰ আগতে এই ভূখণ্ড প্ৰাচীন কালৰে পৰা কছাৰী,ৰাভা,বড়ো,মৰাণ,তিৱা,বৰাহী, কোঁচ মেছ, ডিমাছা,কাৰ্বি,দেউৰী, চুতীয়া, মিছিং আদি জনগোষ্ঠী বোৰৰ অধীনত আছিল।তেওঁলোকৰ মাজত ঐক্য সংহতি নাছিল। চুকাফাই প্ৰথমে বীজ ৰোপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে।

লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese – click here

চুকাফা দিৱস  || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ
চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas /Assamstudyhub.com

                          চুকাফা আছিল মংগোলীয় শ্বান টাই গোষ্ঠীৰ লোক।নিজ ৰাজ্য মাওলুং এৰি অহাৰ সময়ত তেওঁ লগত আনিছিল ৯ হাজাৰ মানুহে ৰে গঠিত এদল লোক।ইয়াত সেনাৰ লগতে উচ্চ বংশীয় লোকো আছিল।হাতী আৰু ঘোঁৰা ও আছিল প্ৰায় তিনিশ ।১৩ বছৰ কাল পাটকাই পৰ্বতৰ আশে পাশে ঘূৰি ফুৰি ১২২৮ খ্ৰীষ্টাব্দত চুকাফা খামজাং নামৰ ঠাইত উপস্থিত হয়।ইয়াত তেওঁ কেতবোৰ নগা লোকৰ লগত যুদ্ধত লিপ্ত হৈ নগা সকলক পৰাস্ত কৰে।ভৈয়ামৰ ফালে আগুৱাই আহি নামৰূপ অঞ্চলত উপস্থিত হয়।ইয়াৰ পাছত উপযুক্ত ৰাজধানীৰ স্থান বিচাৰি বিভিন্ন ঠাইত থাকি,পাহাৰৰ দাঁতিৰ চৰাইদেও নামৰ ঠাইত উপস্থিত হয়। এই ঠাই নিৰাপদ বুলি ভাবি তাতে ৰাজধানী স্থাপন কৰিলে।তেওঁ আশে পাশে থকা মৰাণ আৰু বৰাহী সকলক সম্প্ৰীতিৰ যোগেদি বশ কৰে।পৰাভূত লোক সকলেও নৱাগত টাই বংশীয় লোকসকলৰ প্ৰতি বেয়া ভাৱ পোষণ নকৰিছিল।এই নৱাগত লোকসকল অসম মানুহ।ইয়াৰ পৰাই কালক্ৰমত অসম,অহো ম শব্দৰ উৎপত্তি হয়।পিছত আহোমে অধিকাৰ কৰি লোৱা দেশখনৰ নাম অসম হৈ পৰে। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

English Grammar MCQ Test Series – click here

 

পদ্মনাথ গোহাঞিবৰুৱা দেৱে অসমৰ বুৰঞ্জী নাম গ্ৰন্থত লিখিছে — ” চুকাফা এজন বিচক্ষণ ৰাজনীতিজ্ঞ ৰজা আছিল “ দেশ জয় কৰাত তেওঁ যেনে পাৰ্গত,শাসন কাৰ্যতো তেওঁ এজন পৈণত ৰজা আছিল।প্ৰজা শাসনৰ সুচলাৰ্থে তেওঁ অসাধাৰণ ভাৱে স্বাৰ্থ ত্যাগ কৰিব পাৰিছিল।আনকি ৰাজকাৰ্য্য ৰ সুচলার্থে তেওঁ নিজৰ ভাষাকো এৰিবলৈ কাতৰ নহৈছিল।অসম দেশৰ বাহিৰে আন দেশৰ লগত আহোম ৰাজ ভাষাৰে সৈতে বা – বাতৰি চলাবলৈ সুচল নহৈছিল।সেইকাৰণে স্বৰ্গদেউ চুকাফাই নিজৰ চৰ্চা ঢিলাই দি ৰাজকীয় কাৰ্য্যত প্ৰজাৰ ভাষা চলাবলৈ নিয়ম কৰিলে।তেওঁ ৩৯ বছৰ কালত ইয়াত ৰাজত্ব কৰি, নিজৰ অসম ক্ষ মতাৰ অক্ষয় কীৰ্তি ৰাখি অতি বৃদ্ধ বয়সত ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গীয় হয়। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas
চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas /Assamstudyhub.com

                            চুকাফাই অসমত বুৰঞ্জী লিখা প্ৰথা প্ৰবৰ্তন কৰে।চুকাফাৰ কৰ্মৰাজীয়ে লুইপৰীয়া মানুহক বহুতো কথা শিকাই গৈছে।এই বিষয়ত তেওঁ কথাৰেই নহয় কামেৰেও নিদৰ্শন দেখুৱাইছিল।থলুৱা লোকক ভাতৃত্ববোধেৰে আঁকোৱালি লৈ গঢ় দিলে নতুন জাতিসত্তা।চুকাফা ক অসমীয়া জাতিৰ পিতৃ স্বৰূপ বুলি গণ্য কৰা হয়।

এইজনা মহান উদাৰ পুৰুষৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে পালন কৰা হয়।এই দিৱস টো অসম দিৱস বুলিও কোৱা হয়। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

60 Most important Political Questions – click here

চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

August 14, 2021 by Souvik Leave a Comment

 

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

 

যিটো দিনত এখন দেশে স্বাধীনতা লাভ কৰে সেই দিনটোৱেই সেইখন দেশৰ স্বাধীনতা দিৱস। প্ৰতিবছৰে এই তাৰিখটো তেই দেশখনে স্বাধীনতা দিৱস পালন কৰে।

স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assamese – click here

                         ব্যক্তিৰ ব্যক্তিত্ব ৰ বিকাশ আৰু সমূহ জনগণৰ কল্যাণৰ বাবে স্বাধীনতাৰ প্ৰয়োজন ।গণতান্ত্ৰিক শাসন ব্যৱস্থাত হে জনগণে প্ৰকৃত স্বাধীনতা ভোগ কৰিবলৈ পায়,কাৰণ,এই ব্যৱস্থাত দেশৰ ভাল বেয়া বিচাৰ কৰি মাত মাতিবলৈ ৰাইজৰ অধিকাৰ থাকে।চৰকাৰী আইন প্ৰণয়নৰ ক্ষেত্ৰত,অৰ্থাৎ ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰণত অংশ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ অধিকাৰ থাকে। স্বাধীনতাৰ অবিহনে যেনেকৈ গণতন্ত্ৰ নিৰৰ্থক,তেনেকৈ গণতন্ত্ৰৰ অবিহনে ও দেশ এখনৰ নাগৰিকে সম্পূৰ্ণ অৰ্থত স্বাধীনতা ভোগ কৰিবলৈ নাপায়। এই বাবেই সাম্ৰাজ্যবাদী শাসন শোষণৰ বিৰুদ্ধে কৰাৰ দৰেই স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন অংশৰ জনগণে যুগে যুগে বিক্ষোভ,আন্দোলন আৰু সংগ্ৰাম কৰি আহিছে। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025
স্বাধীনতা দিৱস || Independence Day || Assamstudyhub

 

                           ১৬৮৮ চনৰ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ,১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা বিপ্লৱ,১৭৮৯ চনৰ ফৰাচী বিপ্লৱ,আৰু ১৯১৭ চনৰ ৰুছ বিপ্লৱ ৰাজশক্তিৰ নিৰ্মমতা, শোষণ, উৎপীৰণ আৰু অত্যাচাৰ বিৰুদ্ধে সৰ্বহাৰা জনগণৰ সংগ্ৰামৰ একো একোটা অবিস্মৰণীয় দৃষ্টান্ত।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বিদেশী শাসন শোষণৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম মুক্তি সংগ্ৰাম।এই বিদ্ৰোহ দমন কৰা হল যদিও স্বাধীনতাৰ বাবে ভাৰতবাসীৰ আকাংক্ষা ক দমাব পৰা নগল।তাৰ ফলস্বৰপে জন্ম হল ভাৰতৰ স্বাধীনতা আন্দোলনৰ। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

 

READ ALSO :- Independence Day ||  स्वतंत्रता दिवस

 

                           ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল মন্ত্ৰ আছিল ‘ স্বৰাজ আমাৰ জন্মগত স্বত্ব ‘ ।লোকমান্য তিলকৰ এই ঘোষণাই প্ৰতিজন মুক্তিকামী ভাৰতীয়ৰ অন্তৰত স্বাধীনতা লাভৰ স্পৃহাক তীব্ৰতৰ কৰি তুলিছিল। শেষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে চলোৱা অহিংস অসহযোগ আন্দোলনৰ ফলস্বৰূপে ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা স্বাধীনতা লাভ কৰে।তেতিয়াৰে পৰা ১৫ আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে ভাৰতৰ জনগণে পৰম উৎসাহ উদ্দীপনাৰ সৈতে পালন কৰি আহিছে।

                            আমেৰিকাৰ ১৩ খন উপনিবেশ একগোট হৈ ইংৰাজৰ প্ৰভূত্ব অমান্য কৰি স্বাধীনতা ঘোষণা কৰা দিনটো আছিল ১৭৭৬ চনৰ ৪ জুলাই ।১৭৮৯ চনৰ ১৪ জুলাই দিনা বাস্তিল দুৰ্গৰ পতন ইতিহাসৰ এটি অবিস্মৰণীয় দিন।প্ৰতিবছৰে এই দিনটো ফৰাচী সকলৰ জাতীয় উৎসৱৰ দিন।১৯১৭ চনৰ ৭ নৱেম্বৰত সমাজতান্ত্ৰিক চোভিয়েট ৰুছিয়াৰ জন্ম হয়।ৰুছ সকলৰ স্বাধীনতা দিৱস ৰূপে ৭ নৱেম্বৰ তাৰিখটো প্ৰতিবছৰে উৎযাপিত হৈ আহিছে। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

                          স্বাধীনতা দিৱস প্ৰত্যেক স্বাধীন জাতিৰ গৌৰবৰ দিন,বিপুল আনন্দ উৎসৱৰ দিন।বছৰে বছৰে এই দিনটোতেই দেশবাসীক সোঁৱৰাই দিয়ে দেশৰ স্বাধীনতাৰ হকে পূৰ্বজ সকলে কৰি থৈ যোৱা ত্যাগৰ কথা,মনলৈ কঢ়িয়াই আনে ভবিষ্যতৰ সোণালী সপোন,নতুন আশাৰ বাণী।সেই দিনটোত দেশৰ জনগণে নতশিৰে জাতীয় পতাকাৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্বাধীনতা লাভৰ পবিত্ৰ ক্ষণ টোক সুঁৱৰি অন্তৰত প্ৰেৰণা লাভ কৰে।স্বদেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ হকে নতুনকৈ সংকল্প গ্ৰহণ কৰে,ঐক্য সংহতি সম্প্ৰীতিৰ এনাজৰী ৰে সকলো টি পুনৰ বান্ধ খায়।

 

READ ALSO :- अनुशासन || Discipline Hindi Essay

 

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

IMPORTANT WEB-LINKS
✅ Official Website
Click Here
✅ WhatsApp Group For Important Updates
Click Here
✅ For Jobs Update Government job opportunities
Click Here
✅ WhatsApp Group For All HSLC Solutions
click here
✅ FaceBook Page 
click here

Filed Under: অসমীয়া ৰচনা Tagged With: basic grammar, স্বাধীনতা দিৱস || Independence Day

  • « Go to Previous Page
  • Page 1
  • Interim pages omitted …
  • Page 4
  • Page 5
  • Page 6

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • KGBV Udalguri Recruitment 2026 – Assistant Teacher & Helper Cook Vacancy Under SSA Assam May 9, 2026
  • শংকৰদেৱ শিশু নিকেতন ৰঙিয়া || Sankardev Shishu Niketan Rangia Recruitment 2026 – Walk-in Interview May 9, 2026
  • Mother’s Pride School Dhemaji Recruitment 2026 – Mathematics Teacher Vacancy for Class 9 & 10 May 9, 2026
  • Silpi Divas Jyoti Prasad Agarwala Essay in Assamese | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা May 9, 2026
  • SEBA Class 10 Assamese Chapter 2 Answers জিকিৰ মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ  May 6, 2026

Class-10 HSLC

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...