• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

Download Assam HSLC & TET Previous year Question Papers, MCQs, Exam solutions, Grammar notes and Assam GK for competitive exams.

 

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • North East India News Express
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • Assam SEBA HSLC Previous Year Question Papers PDF (2015–2026)
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

June 2, 2026 by Souvik Leave a Comment

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Assamese মুলভাৱ

 

                         মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে কবিতাটোত।

কবিতাটোত নিজৰ আবেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। মোগল সকল আছিল প্ৰবল পৰাক্ৰমী জাতি কবিৰ মতে। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক কবিয়ে এই বিজয়ক সুৱৰি কবি আনন্দিত হৈ পৰে।

কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিবেশ দেখি মোগল সকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষা বুলিও গণ্য কৰিছে বুলি কবিয়ে কৈছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে মৃত্যুৰ পাছতো মায়াবী পৰিচয়তে আৱদ্ধ হৈ থাকিব বিচাৰে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।

পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ
মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

পাঠ্যপুথিৰ প্ৰশ্নাৱলী 

ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া:

 ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰ: চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হৈছে-বেদুইন।

খ) মোগল সকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰ: মোগল সকলে অসমৰ লুইতৰ পাৰৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল।

(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?


উত্তৰ: অসমৰ হেংদাং দুপৰৰ পূৰ্ণ পোহৰত (আলোকত) জিলিকিছিল।

(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?


উত্তৰ: অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

উত্তৰ: অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলৰ (বৰা চাউল) কৰাল ব্যৱহাৰ কৰি দেউল সাজিছিল।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

২। ‘অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত’— কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।


উত্তৰ: এই কথাখিনিৰ জৰিয়তে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব, স্বাধীনতা আৰু গৌৰৱক বুজাইছে। ‘হেংদাং’ হ’ল আহোম যুগৰ বীৰত্বৰ প্ৰতীক। দুপৰৰ পূৰ্ণ পোহৰত হেংদাং জিলিকি উঠা মানে হ’ল অসমীয়াৰ শক্তি আৰু স্বাধীনতা সেই সময়ত শিখৰত আছিল। মোগলৰ দৰে শক্তিশালী শত্ৰুৰ আগতো অসমীয়াই নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিছিল, যাৰ বাবে তেওঁলোকৰ গৌৰৱ চাৰিওফালে বিয়পি পৰিছিল।

৩। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।



উত্তৰঃ সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।

        মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ-মহিলাই। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগলসকল অহা বাটেৰে উভতাইছিল।  

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 



৪। “ক’ত অত বল পালে অসমৰ সেনানীয়ে
      শুকান সান্দহ আৰু পানী আঁজলিত। ”
      – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।



উত্তৰঃ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিত থকা চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটিৰ অন্তৰ্গত।  কবি চৈয়দ আব্দুল মালিকৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি অশেষ ভালপোৱা এই কবিতটিৰ মাজেৰে প্ৰকাশ  পাইছে।

প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ’ল।

অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ-সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি খায় জীয়াই থকা মানুহ ইমান বলবন্ত হ’ব পাৰে বুলি। বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল। দৰাচলতে মানসিক শক্তিয়ে বলীৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।



৫। “মই অসমীয়া” কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে  বুজাই লিখা।



উত্তৰঃ “মই অসমীয়া” কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্ব-জাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনা কৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। ব

নজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম’হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচিহে থাকে।

        প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 



৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক “গল্পসম্ৰাট” বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে “বেদুইন”। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদৃত। তাৰ ভিতৰত “সুৰুযমুখীৰ স্বপ্ন”, “ৰূপতীৰ্থৰ যাত্ৰী”, “ধন্য নৰতনু ভাল”, আদি উল্লেখনীয়। “অঘৰী আত্মাৰ কাহিনী” নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ’ল – “পৰশমণি”, “আধাৰশিলা”, “মৰহা ফুল”, “স্বাক্ষৰ”, “ছবিঘৰ”, “ৰঙাগড়া”, “ৰজনীগন্ধাৰ চকুলো” ইত্যাদি। তেওঁৰ গল্প, উপন্যাসৰ আলমত “জেতুকা পাতৰ দৰে”, “মমতাজ” আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।



৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।

উত্তৰ: অসমলৈ যুদ্ধ কৰিবলৈ আহি পৰাজিত হোৱাৰ পিছত মোগলসকলে অসমৰ এক নতুন ৰূপ দেখা পালে। তেওঁলোকৰ চকুত অসম এখন স্বৰ্গীয় দেশ যেন লাগিল। তেওঁলোকে দেখিলে যে অসমৰ প্ৰকৃতি অতি মনোমোহা, ইয়াৰ মানুহবোৰ স্বদেশপ্ৰেমত উদ্বুদ্ধ। তেওঁলোকে অসমৰ সমৃদ্ধিশালী সংস্কৃতি, যেনে— ম’হ-শিঙৰ পেঁপা, সোণৰ-মণিৰে জিলিকি থকা সমাজ, ৰংঘৰ-কাৰেংঘৰৰ দৰে স্থাপত্য আদি দেখি আচৰিত হ’ল। তেওঁলোকে দেখিলে যে অসমৰ নদীত সোণ পোৱা যায়, পুঠি মাছেও কাণত সোণৰ থুৰীয়া পিন্ধে। এই সকলোবোৰ দেখি তেওঁলোকে অসমক এখন ঐশ্বৰ্যশালী আৰু অপৰূপা দেশ বুলি বৰ্ণনা কৰিছে।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

৮| ব্যাখ্যা কৰাঃ


         দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।



উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

         এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমীয়া জাতিৰ অদম্য স্বদেশপ্ৰেম আৰু শক্তিৰ কথা প্ৰকাশ কৰিছে।

         সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি।

মোগল সকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ  ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল’বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।



(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত,
           হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,
               ভৰি ধোৱে পােৱালৰ ভৰা দলঙত।



উত্তৰঃ  উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ কবিতাটিৰ পৰা উদ্ধিত কৰা হৈছে।
এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐশ্বৰ্যৰ এক অতিৰঞ্জিত অথচ কাব্যিক বৰ্ণনা দাঙি ধৰিছে।


অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগল সকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে, অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যবান মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 



(গ) মােহ গ’ল দূৰণিৰ বিদেশী মােগল
           অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,
        অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ
               দূৰৰ মােগল আহি হ’ল অসমীয়া । । (HSLC 2019, 2022)

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

 এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ সৌন্দৰ্য আৰু সংস্কৃতিৰ আকৰ্ষণীয় শক্তিৰ কথা প্ৰকাশ কৰিছে।

          অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰ’দ পৰি এনেদৰে  চিকমিকাই উঠে যেন মণি-মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে-বালিয়ে যেন মণি-মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ হে আছে। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ’ল হাতীৰ দাঁত।

হাতীৰ দাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰৱাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম’হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ’ল যে তেওঁলোক নিজ অসমতে থাকি গ’ল।



(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
            অসমীয়া দেহ-প্রাণ মন;
       জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,
              মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।



উত্তৰঃ  উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।


এই কবিতাফাঁকিৰ জৰিয়তে কবিৰ গভীৰ স্বদেশপ্ৰেম আৰু অসমীয়া পৰিচয়ৰ প্ৰতি থকা অটুট ভালপোৱা প্ৰকাশ পাইছে।

  কবিৰ মতে জন্মভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্ম ৰূপে গণ্য কৰে।

অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে। সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল’ব বিচাৰে।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

৯। “মই অসমীয়া” কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা ।

উত্তৰ: “মই অসমীয়া” কবিতাটোৰ দ্বাৰা কবি চৈয়দ আব্দুল মালিকৰ স্বদেশৰ প্ৰতি থকা আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা গভীৰ ভালপোৱা সুন্দৰকৈ প্ৰকাশ পাইছে। মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব  দেখি বিস্মিত হৈছিল। অসমীয়া মানুহৰ স্বদেশ প্ৰীতি মোগলৰ অন্তৰ স্পৰ্শ কৰিছিল।

প্ৰৱল প্ৰতাপী মোগলকো অসমৰ পুৰুষ – মহিলায়ে ৰণচণ্ডী মূৰ্তি ধৰি ৰণত পৰাস্ত কৰিলে। এই পৰাজয়ৰ পিছত মোগলে অসম সেনানীৰ বল – শক্তিৰ নতুনপৰিচয় লাভ কৰিলে।

সেয়েহে যুদ্ধত পৰাজিত হৈ যুদ্ধ বন্দী হিচাপে থাকি যোৱা সৈনিক সকলে অসমীয়া লোকৰ স্বদেশৰ প্ৰতি থকা আনুগত্য দেখি  মোহিত হৈছিল আৰু নিজকে এই দেশৰ লগত একাকাৰ কৰি দিছে। অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয় গাথা আজিও যেন অক্ষুন্ন হৈ আছে। সেয়েহে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্রশংসা কৰিছে আৰু নিজকে ইয়াৰ লগত বিলিন কৰি দিব খুজিছে।



১০। কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।



উত্তৰঃ কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰৱল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে।

কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে।

যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়।

কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক “আই” সম্বোধন কৰিছে। কবিয়ে “আই” সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল’ব বিচাৰে। কবি নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।

 

মই অসমীয়া Class 10 Question Answer with HSLC PYQ



১১। “মই অসমীয়া” কবিতাটোৰ সাৰাংশ লিখা । (HSLC 2018, 2021)



উত্তৰঃ- “মই অসমীয়া” কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। 

অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে এই কবিতাটোত। কবিতাটোত নিজৰ আৱেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে।

কবিৰ মতে মোগল সকল আছিল প্ৰৱল পৰাক্ৰমী জাতি । ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল।

মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল।

যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে।

অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড  আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক, কবিয়ে এই বিজয়ক সুৱৰি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে।

কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগল সকল অসমত থাকি গ’ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সাগৰীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে।

কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।
        পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ



১২ । “মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।  (HSLC 2020)

উত্তৰঃ- “মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰৱল পৰাক্ৰমী মোগল সকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীৱি সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগল সকলে বিস্ময় মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি  হেংদাং হাতত লৈ ওলাই আহিছিল।

দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল’বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকল আকৰ্ষিত হৈছিল। মোগল সকলে অসমৰ পৰা যোৱাত  অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে।

 

মই অসমীয়া Class 10 Question Answer with HSLC PYQ



ভাষা-বিষয়কঃ



(১) ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ

স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।



উত্তৰঃ- স্বৰ্ণপুৰীঃ- স্বৰ্ণৰ পুৰী (ষষ্ঠী তৎপুৰুষ সমাস)

মুক্তগীতঃ- মুক্ত যি গীত (কৰ্মধাৰয় সমাস)

অনিৰুদ্ধঃ- ৰুদ্ধ নহয় যি গতি (বহুব্ৰীহি সমাস)

নিষ্কৰ্মাঃ- কৰ্ম নাই যাৰ (বহুব্ৰীহি সমাস)



(২) তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ
         
   বাঘ-নখ, হাঁহ-কণী, ম’হ-শিং।

উত্তৰঃ- বাঁহ-গাঁজ, কল-বাৰী, মৌ-জোল, নেমু-ৰস, হাতী-দাঁত।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 



(৩) বিপৰীত শব্দ লিখাঃ
     
      গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।
উত্তৰঃ-
গৌৰৱ – কালিমা
আলোক – আন্ধাৰ
স্বাধীনতা – পৰাধীনতা
পৰাজিত – বিজয়ী
সপোন – দিঠক
মৰণ – জনম

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ


HSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্নোত্তৰ 

চমু প্ৰশ্ন:

  1. চৈয়দ আব্দুল মালিকক কি বুলি জনা যায়? (HSLC 2017)
    উত্তৰ: চৈয়দ আব্দুল মালিকক ‘গল্পসম্ৰাট’ বুলি জনা যায়।
  2. ‘মই অসমীয়া’ কবিতাটোৰ কবি কোন? (HSLC 2018)
    উত্তৰ: ‘মই অসমীয়া’ কবিতাটোৰ কবি চৈয়দ আব্দুল মালিক।
  3. ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে মালিকে কি বঁটা লাভ কৰিছিল? (HSLC 2019)
    উত্তৰ: ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
  4. কবিতাটোত উল্লেখ থকা আহোম যুগৰ এবিধ অস্ত্ৰৰ নাম লিখা। (HSLC 2020)
    উত্তৰ: কবিতাটোত উল্লেখ থকা আহোম যুগৰ এবিধ অস্ত্ৰৰ নাম হ’ল ‘হেংদাং’।
  5. মোগলসকলে অসমত ভৰি দি ক‘ত বিজয়ৰ গান গাইছিল? (HSLC 2022)
    উত্তৰ: মোগলসকলে লুইতৰ পাৰত বিজয়ৰ গান গাইছিল।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

দীঘল প্ৰশ্ন:

  1. ‘মই অসমীয়া’ কবিতাটোৰ মূলভাৱ লিখা। (HSLC 2018, 2021)
    উত্তৰ: ‘মই অসমীয়া’ কবিতাটোৰ মূলভাৱ হ’ল গভীৰ স্বদেশপ্ৰেম আৰু অসমীয়া জাতিৰ গৌৰৱময় ইতিহাসৰ প্ৰতি শ্ৰদ্ধা। এজন মোগল সৈনিকৰ দৃষ্টিকোণেৰে কবিয়ে অসমৰ বীৰত্ব, সংস্কৃতি আৰু প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা কৰিছে। যুদ্ধত পৰাজিত হৈও মোগলসকলে অসমৰ স্বৰ্গীয় ৰূপত মুগ্ধ হৈ অসমীয়া হৈ পৰাৰ কথা কৈছে। শেষত, কবিয়ে নিজৰ অসমীয়া পৰিচয়ক লৈ গৌৰৱ কৰি জীৱনে-মৰণে অসমীয়া হৈ থকাৰ সংকল্প ব্যক্ত কৰিছে।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 

              2.“মোহ গ’ল দূৰণিৰ বিদেশী মোগল… দূৰৰ মোগল আহি হ’ল অসমীয়া।।” — ব্যাখ্যা কৰা। (HSLC 2019, 2022)


উত্তৰ:উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত “মই অসমীয়া” নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

 এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ সৌন্দৰ্য আৰু সংস্কৃতিৰ আকৰ্ষণীয় শক্তিৰ কথা প্ৰকাশ কৰিছে।

          অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰ’দ পৰি এনেদৰে  চিকমিকাই উঠে যেন মণি-মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে-বালিয়ে যেন মণি-মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ হে আছে। অসম খনৰ সৌন্দৰ্য অতুলনীয়।

অসমৰ মূল্যৱান সম্পদ হ’ল হাতীৰ দাঁত। হাতীৰ দাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰৱাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম’হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ’ল যে তেওঁলোক নিজ অসমতে থাকি গ’ল।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 

3. কবিতাটোত অসমৰ অতীত গৌৰৱৰ কেনে চানেকি পোৱা যায়, আলোচনা কৰা। (HSLC 2020)


উত্তৰ:”মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰৱল পৰাক্ৰমী মোগল সকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীৱি সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগল সকলে বিস্ময় মানিছিল।

অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি  হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল’বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকল আকৰ্ষিত হৈছিল। মোগল সকলে অসমৰ পৰা যোৱাত  অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে।

মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ

 

Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2026 – click here

 

প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved General SCIENCE Grammar – click here

 

HSLC Previous Year’s Question in PDF – click here

 

SEBA Class – 10 All Solutions – click here

 

আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ] – click here

General SCIENCE Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here

CLASS 10 : General SCIENCE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution – click here

প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here

CLASS 10 : General SCIENCE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series – click here

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For Competitive Exam Solutions Click here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page click here

মই অসমীয়া HSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্নোত্তৰ মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Question Answer with HSLC PYQ

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading…

Related

Filed Under: Class-10; Assameses, অসমীয়া Tagged With: class-10 Assamese

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Chat on WhatsApp

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Importance of Sports Essay June 3, 2026
  • মই অসমীয়া Class 10 Question Answer with HSLC PYQ June 2, 2026
  • Human Resource Development Institute Assam Recruitment 2026 – Apply Online for Coordinator Posts | 899 Vacancies June 2, 2026
  • DSE Assam B.Ed Notification 2026–2028: Complete Details Eligibility Rules & Last Date June 2, 2026
  • বিশ্বৰ সৰ্ববৃহৎ আৰু সৰ্বোচ্চ GK Questions Assamese May 29, 2026

Class-10 HSLC

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ

মই অসমীয়া Class 10 Question Answer with HSLC PYQ মই অসমীয়া Class 10 Assamese মুলভাৱ                            মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ […]

Class 10 Assamese Question Answer | SEBA HSLC ASSAMESE All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান

Class 10 Assamese Question Answer  | SEBA HSLC All Chapter Solutions | দশম শ্ৰেণী অসমীয়া সমাধান Class 10 Assamese Question Answer | দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ If you are preparing for the HSLC 2026 Examination, then this page provides you with complete SEBA Class 10 Assamese Question Answers for all chapters based on the […]

More Posts from this Category

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Chat on WhatsApp

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

Loading Comments...

    %d