• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • English Grammar
  • Translation
  • Essay Section
  • অসমীয়া ৰচনা
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Enrich Your knowledge
    • Universe
    • Lands and People
    • History
    • Science
    • Animals
    • Plants
    • Planet Earth
    • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Previous year Question Papers
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • Table
    • ADDITION TABLES
    • SUBTRACTION TABLES FROM 1 TO 10
    • MULTIPLICATION TABLE FROM 1 TO 10
    • MULTIPLICATION TABLE FROM 11 TO 20
    • DIVISION FROM 0 TO 11
  • Jobs Section

অসমীয়া ৰচনা

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

May 1, 2022 by Hubstudy Leave a Comment

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ –

ঈদ উল ফিতৰ   “ৰোজা ভঙাৰ উৎসৱ”, ইয়াক  বায়ৰাম (বজৰাম), আৰু ছোট ঈদ ও বোলা হয়,  ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। দ্বিতীয়টো হ’ল ঈদুল আজহা।। ৰমজান মাহ মুছলমান সকলৰ বাবে বৰ পবিত্ৰ মাহ। এই মাহৰ আৰম্ভনিৰ পৰা শেষলৈকে গোটেই মাহ তেওঁলোকে ৰোজা ৰাখে।গোটেই দিনটো তেওঁলোকে এটুপিও নাখায়, উপবাসে থাকি ব্ৰত পালন কৰে। তেওঁলোকৰ পবিত্ৰ ধৰ্ম্ম পুথি কোৰাণ শ্বৰীফ পঢ়ে আৰু আল্লাহ তালাৰ নামাজ পঢ়ে। সূৰ্য্য অস্ত যোৱাৰ পিছত পানী, ফল-মুল আদি খাই ব্ৰত ভঙ্গ কৰে। মুছলিমসকলৰ দ্বাৰা উদযাপিত এটা ধর্মীয় উৎসৱ বিশ্বব্যাপী ইয়াক ৰমজান মাহ শেষ হোৱাৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে এই উৎসৱ পালন কৰা হয়।। আকাশত চন্দ্ৰ দেখা পৱিত্ৰ দিনটোৱেই ঈদ-উল-ফিটৰ। ফিটৰ শব্দটোও আৰবী শব্দ। ঈদ-উল-ফিটৰৰ দিনা প্রত্যেক মুছলমান নৰ-নাৰীয়ে এদিনৰ আহাৰৰ সমপৰিমাণে আহাৰ দুখীয়া লোকক দান কৰিব লাগে। এই দানকে ফিটৰ বোলা হয়। ঈদ-উল-ফিটৰ শব্দৰ অৰ্থই হ’ল দান কৰি লাভ কৰা আনন্দ উৎসৱ। 

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ 

How do we celebrate Eid-al-fitr ।। ঈদ উদযাপন

দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।ধর্মীয় ঈদৰ দিনা মুসলমানসকলৰ ৰোজা ৰখাৰ নিয়ম নাই । ঈদুল ফিতৰ দুইৰ পৰা তিন দিন লৈ উদযাপন কৰা হয়, পৰিয়াল আৰু বন্ধুসকলকলৈ ভ্ৰমণ, চিৰাচৰিত মিঠাই খুৱাবস্তু, সুগন্ধি ব্যৱহাৰ, নতুন কাপোৰ-কানি পিন্ধা, উপহাৰ দিয়া, ইত্যাদি ।। ঈদুল ফিতৰ জাতীয় ছুটিৰ দিন, এই পবিত্ৰ দিনটো স্কুল, কাৰ্য্যালয় বন্ধ থাকে ।। ঈদৰ দৰে ধৰ্মীয় উৎসৱে মানুহৰ মন পৱিত্ৰ আৰু মহান কৰি তোলে।

Gk on Assam History  – click here

ঈদ মোবারক  || Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

When does Eid Celebrate ।। ঈদ পালন কৰাৰ সময়

ঈদুল ফিতৰ ইসলামিক ক্যালেন্ডাৰৰ দশম মাহৰ প্রথম দিনা উদযাপিত হয়। মুছলমানসকলে চন্দ্ৰমাহ মতে বছৰৰ গণনা কৰে, আৰু তাৰিখসমূহ চন্দ্রৰ পর্যায়সমূহৰ উপৰত ভিত্তি কৰিহে গণনা কৰা হয়। হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। 2022 চনৰ, মঙ্গলবাৰৰ দিনা 3 May, তাৰিখে ঈদ উদযাপন কৰা হব ।

মুছলমান সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালিলে শুভ হয় বুলি বিশ্বাস কৰে।Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

নবী মুহাম্মদ (Prophet Muhammad) ঈদ উল্ জহা উদযাপনৰ প্ৰথা আৰম্ভ কৰে বুলি লোকবিশ্বাস আছে, ই আচলতে হজৰত ইব্রাহিম (Prophet Ibrahim )-ক স্মৰণ কৰাৰ এটা উৎসৱ ; তেওঁৰ পৰীক্ষা, ধৈর্য এবং আল্লাহ ৰ প্রতি থকা অবিচল বিশ্বাস।

What is MUTUAL FUND in Assamese – click here

Eid Wishes in Assamese ।। ঈদ মোবাৰকৰ শুভেচ্ছাবাণী

সমূহ অসমবাসীলৈ

পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলাে।

 আশা কৰিছাে ঈদে সকলাে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।

লগতে বিভিন্ন জাতি – জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।

—————————————————————————————————————————————

সকলাে ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত

শুভেচ্ছা আৰু মৰম জনালোঁ।

জাতি ধর্ম নির্বিশেষে এই ঈদ যেন কঢ়িয়াই আনক

শান্তি সমৃদ্ধিৰ বার্তা।

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

——————————————–———————————————————————————————

পবিত্র ঈদে যেন

সকলােৰে মাজলৈ কঢ়িয়াই আনক

শান্তি-সমৃদ্ধি একতাৰ বার্তা।

সকলােকে ঈদ শুভেচ্ছা জনালোঁ।

List of NATIONAL PARKS in Assam – click here


Eid-al-Fitr Wishes 2022
Eid-al-Fitr Wishes 2022

  1. May your faith and love for Allah be rewarded with peace, happiness, and successes for today and always. Wishing you a joyful Eid 
  2. Wishing you a safe and blessed Eid Ul Adha with happiness and health! Eid Mubarak!
  3. May Allah grant you and your family a peaceful and prosperous life. Eid-Ul-Adha Mubarak
  4. May Allah Almighty accept all your sacrifices and reward you with a life that is full of happiness and success. A heartiest Eid Ul Adha Mubarak to you!

Filed Under: Assamese Section, অসমীয়া ৰচনা Tagged With: Assamese Festival, অসমীয়া ৰচনা

চিপকো আন্দোলন ।। Chipko movement 26 March

March 22, 2022 by Hubstudy Leave a Comment

চিপকো মভমেণ্ট বা চিপকো আন্দোলন আছিল ভাৰতৰ এটা বন সংৰক্ষণ আন্দোলন।চিপকো আন্দোলন 1973 চনত উত্তৰাখণ্ডৰ হিমালয় অঞ্চলৰ পৰা আৰম্ভ হৈছিল আৰু গোটেই বিশ্বৰ বাবে ভবিষ্যতৰ পৰিবেশ সচেতন আন্দোলনৰ এটা সমাবেশ পয়েন্টত পৰিণত হৈছিল। সুন্দৰলাল বহুগুনা, একজন গান্ধীবাদী কর্মী আছিল, সুন্দৰলালে চিপকো আন্দোলনৰ গুৰি ধৰোতা আছিল, আৰু আন্দোলনক সঠিক দিকনির্দেশনা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আৰু এই আন্দোলনৰ উদ্দেশ্য হিচাপে – দ্রুত বন উজাৰ কৰা, স্বার্থ প্রকাশ কৰা, সামাজিক সচেতনতা বৃদ্ধি আৰু গছ সংৰক্ষণৰ প্রয়োজনীয়তা, পরিবেশগত সচেতনতা বৃদ্ধি এবং জনশক্তিৰ কার্যকাৰিতা প্রদর্শন কৰা আছিল । তেওঁ অৰণ্য আৰু হিমালয় পৰ্বতমালা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ হিমালয় অঞ্চলত ৫০০০ কিলোমিটাৰ জোৰা  পদযাত্ৰা কৰি চিপকো আন্দোলনৰ বাৰ্তা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ মূল শ্লোগান “পৰিস্থিতিবিজ্ঞান হৈছে বহনক্ষম অৰ্থনীতি”ৰ উদ্ভাৱন আৰু প্ৰচাৰ কৰিছিল।। সৰ্বপৰি, এই আন্দোলনে সমগ্ৰ ভাৰতৰ বিদ্যমান সুশীল সমাজক পোহৰ কৰিছিল, যি উপজাতীয় আৰু প্রান্তিক জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিব আৰম্ভ কৰে । এই আন্দোলনৰ গুৰুত্বপূৰ্ণ বিষয় আছিল নাৰী, এই আন্দোলনৰ উৎস হিচাপে মূলতঃ আছিল নাৰীসকলে । চিপকো আন্দোলন সত্যাগ্রহৰ পদ্ধতিত অনুশীলন কৰা হৈছিল, যঁত উত্তৰাখণ্ডৰ পুৰুষ আৰু মহিলা উভয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল, তাৰে কিছুমানৰ নাম হল – মধ্যে গৌৰা দেবী, সুৰক্ষা দেবী, সুদেশা দেবী, বাচনি দেবী আৰু চণ্ডী ভট্ট, বিৰুষ্কা দেবী ।।চিপকো আন্দোলন ।। Chipko movement 26 March 

1987 চনত, চিপকো আন্দোলনক ভাৰতৰ প্রাকৃতিক সম্পদৰ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু পৰিবেশগতভাৱে সঠিক ব্যবহাৰৰ বাবে “ৰাইট লাইভলিহুড এওঁৱাৰ্ড” প্রদান কৰা হয় ।।

  • History of Chipko Movement in English – click here

ঘটনাৰ সবিশেষ ।। How this was event occurred

চিপকো আন্দোলন মূলতঃ বহিৰাগত কোম্পানীয়ে বন ধ্বংস কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা এক বন সংৰক্ষণ আন্দোলন আছিল। কিছুমান কোম্পানীৰ দ্বাৰা গছ কটাৰ পৰিণতি হিচাপে সেই ঠাইত শীঘ্রই জালানী হিচাপে কাঠৰ অভাৱ , বৰষুণ নোহোৱাৰ সমস্যা, খেতিবাতীৰ সমস্যা সমূহ দেখা পোৱা যাব ধৰিলে, সেই বাবে গাঁওৰ বাসিন্দা সকলে আৰু মহিলাসকলে কেইটামান সৰু সৰু গ্ৰুপৰ বিভক্ত হৈ কেইটামান দল গঠন কৰি লয়, কর্তৃপক্ষৰ লগত স্থানীয় সমস্যা সমূহ গ্রহণ কৰে আৰু বাণিজ্যিক অপাৰেচনৰ বিৰোধ কৰিব ধৰে, কিন্তু ই তেওঁলোকৰ জীবিকাত লাহে লাহে প্ৰভাৱ পেলাব ধৰে । 1971 চনৰ অক্টোবৰত, বন বিভাগৰ নীতিৰ বিৰোধৰ প্রতিবাদ জনাই সংঘৰ কৰ্মীসকল গোপেশ্বৰত এক বিক্ষোভ কৰিছিল । 1972 চনৰ শেষৰ ফালে আকৌ মিছিল আৰু মিটিং অনুষ্ঠিত হয় । 1973 চনৰ মার্চ মাহত,এলাহাবাদৰ এটা ক্ৰিয়া সামগ্ৰী ‘ৰেকেট’ বনোৱা কোম্পানী 300 গছৰ বাবে এটা চুক্তি হয়, কোম্পানী কাঠমিস্ত্রিবোৰ গোপেশ্বৰত আহি উপস্থিত হয় আৰু কয়েক সপ্তাহমান পিছত, 24 এপ্রিল 1973 চনত গাঁওৰ মন্ডল তেওঁলোকৰ সন্মুখীন হয়, তাতে প্ৰায় ১০০ মান মানুহে ঢোল পিটায় স্লোগান দি ঠিকাদাৰ আৰু মালিক সকলক উভতি যাব বাধ্য কৰিছিল ।।

কিন্তু ঘটনা ইয়াতেই শেষ হোৱা নাছিল, কাৰণ সেই একে কোম্পানীক গোপেশ্বৰৰ পঢ়ক ৮০ কিলোমিটাৰ (৫০ মাইল) দূৰত জঙ্গলত আকৌ গছ কাটিবলৈ যায়। তাতেই স্থানীয় লোকৰ বিৰোধীতাৰ সন্মুখীন হবলগীয়া হয় কোম্পানীৰ ঠিকাদাৰ আৰু মালিকক, 20 জুন 1974 ৰ পৰা , মালিক সকলে পিছৰ পাঁচ দিনলৈকে বিৰোধীতাৰ সংঘৰ্ষ কৰি পিছলৈ উভতিব বাধ্য হয় । তাৰ পিছত গাঁওৰ মানুহে গছত প্ৰতি বেছিকৈ চকু ৰাখিব আৰম্ভ কৰে ।।

  • Financial Education in Assamese – click here

কেইমাহ মান পিছত, চূড়ান্ত ফ্ল্যাশপয়েন্ট আৰম্ভ হয় যেতিয়া চৰকাৰ 1974 চনত জানুয়াৰিত অলকানন্দা নদীক উপেক্ষা কৰি ৰেনি গাঁওৰ কাষত 2,500 খন গছ এটা নিলামৰ বাবে ঘোষণা কৰিছিল । ভাটে ৰেনি এলাকাৰ গাঁওৰ উদ্দেশ্যেত যাত্রা কৰে আৰু গাঁওৰ মানুহক গছৰ নিলামৰ বিৰোধীতাৰ বাবে সাজু কৰে, ফলস্বৰূপে তাৰে মানুহ বোৰ গছক আৱৰি (Hug) ধৰি গছ কটাৰ বিৰোধিতা কৰিছিল ।

1974 চনত 26 মার্চ, যিদিনা কাঠমিস্ত্রিসকল গছ কাটিব গৈছিল, সেই দিনা ৰেনি গাঁওৰ পুৰুষসকলে আৰু ডিজিএসএস (উত্তৰাখণ্ডৰ গোপেশ্বৰ চহৰত গান্ধীবাদী সমাজকৰ্মী  চান্দি প্ৰসাদ ভট্টৰ নেতৃত্বত ১৯৬৪ চনত “দাচোলি গ্ৰাম্য স্বৰাজ্য সংঘ”(ডিজিএছএছ) নামৰ এটা সৰু সমবায় সংগঠন স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল কাষৰীয়া পাহাৰৰ অৰণ্য অঞ্চলৰ সম্পদৰ প্ৰয়োগ কৰি স্থানীয় লোকসকলৰ মাজত সৰু সৰু উদ্যোগৰ সৃষ্টি কৰা . )কর্মীসকলে চামোলিত আছিল, ৰাজ্য চৰকাৰ আৰু ঠিকাদাৰ ৰেনি গাওঁত উপস্থিয় হোৱা চাই এজনী স্থানীয় ছোৱালী ৰেনি গগাঁওৰ মহিলা মঙ্গল দলৰ প্রধান গৌৰা দেবীক খবৰ দিব যায় । গৌৰব দেবীয়ে গাঁওৰ ২৭ জন মহিলাক ঘটনাস্থলত লৈ যায় আৰু ঠিকাদাৰ সকলৰ সন্মুখীন হয় । কিন্তু সমস্ত কথা বতৰা ব্যর্থ হয়, আৰু ঠিকাদৰ আৰু মালিকবোৰ চিঞৰা চিঞঁৰী আৰম্ভ কৰে লগতে মহিলাবোৰক গালাগালি কৰিব আৰম্ভ কৰে , ইমানতেই স্থগিত হৈ থকা নাই তেওঁলোকে বন্দুক লৈ হুমকি দিয়ে, কিন্তু মহিলাসকলে ভয় নকৰি সহসিকতাৰে তেওঁলোকৰ গছ কটা বন্ধ কৰিবৰ বাবে গছবোৰক আৱৰি (hug) ধৰি থাকে । গাঁওৰ মহিলাসকলে ঠিকাৰ্ডচকল নোযোৱালৈকে গছক আৱৰি ধৰি থিয় হৈ আছিল । পিছদিনা কাষৰ গাঁওৰ মানুহ আৰু নেতাসমূহ আহি যোগ দিবলৈ ধৰে, অৱশেষত, চাৰিদিনৰ পিছত, ঠিকাদাৰসকল উভতি যায় ।।

  • Assam Gk – click here
চিপকো আন্দোলন ।। Chipko movement 26 March
চিপকো আন্দোলন ।। Chipko movement 26 March

আন্দোলনৰ প্রভাব ।। Effect of Chipko Movement

পৰিস্থিতিৰ খবৰ অতি শিগ্ৰেই ৰাজধানীত গৈ পায়, তেতিয়া ৰাজ্যেৰ মুখ্যমন্ত্রী, হেমবতী নন্দন বহুগুনা সমস্ত বিষয়টো চোৱাৰ বাবে এটা কমিটি গঠন কৰি দিয়ে, যি অবশেষত গাঁওৰ বাসিন্দাৰ পক্ষত ৰায় দিয়ে ।

চিপকো আন্দোলনত নাৰীৰ অংশগ্রহণ আছিল আন্দোলনের আটাইতকৈ গুৰুত্বপূৰ্ণ । মহিলাসকলে মদ্যপানৰ অভ্যাসৰ বিৰোধীতাত অবিৰাম আন্দোলন চলাইছিল আৰু অন্যান্য সামাজিক সমস্যা বোৰক কভাৰ কৰাৰ বাবে আন্দোলনৰ এজেন্ডাক প্ৰচাৰিত কৰিছিল । আন্দোলনে তেতিয়া বিজয়ী হয় যেতিয়া 1980 চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী হিমালয় অঞ্চলত 15 বছৰৰ বাবে গছ কটাৰ উপৰত নিষেধাজ্ঞা জাৰি কৰি দিয়ে ।।

  • What is MUTUAL FUND in Assamese – click here

চিপকো আন্দোলনৰ পৰা পোৱা শিক্ষা ।। Lesson from Chipko Movement

চিপকো আন্দোলন হৈছে উত্তৰাখণ্ড গড়ৱাল অঞ্চলৰ গাঁওবাসীৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক পদক্ষেপ। তেওঁলোকে গছ কটা ঠিকাদাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ এক অহিংসা পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁলোকে পৰিৱেশৰ বাবে এক পৰিৱেশ-অনুকূল আন্দোলন হিচাপে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। মণ্ডল গাঁৱত আৰম্ভ হোৱা আন্দোলনটোৱে ভাৰতত এনে ধৰণৰ বিভিন্ন পৰিৱেশগত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল। চিপকো আন্দোলন কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই এই আন্দোলনক মনত ৰাখিব। চিপকো আন্দোলনেই আমাক পথ দেখুৱাই থৈ গ’ল যে কেনেকৈ আমি অৰণ্য ৰক্ষা কৰিব লাগে।

  • History of Chipko Andolan in Hindi – Click here

চিপকো আন্দোলন ।। Chipko movement 26 March

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose

January 18, 2022 by Hubstudy Leave a Comment

নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose

নেতাজী সুভাষ চন্দ্ৰ বসু ১৮৯৭ চনৰ ২৩ জানুৱাৰী উৰিষ‍্যা ৰাজ্যেৰ কটক চহৰত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ দেউতাকৰ নাম আছিল জানকী নাথ বসু, তেওঁ এগৰাকী চৰকাৰী উকীল আৰু মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী ।

নেতাজী এ কটক চহৰৰ মিছনেৰী স্কুলত প্ৰাইমেৰী শিক্ষা লাভ কৰাৰ পিছত ৰেভান্স কলেজৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কলকাতাৰ প্ৰেচিডেন্সী কলেজত নাম লগায় । সৰুৰে পৰা সুভাষচন্দ্ৰ অতি তীক্ষ্ণ বুদ্ধিৰ শিশু আছিল । প্ৰসিডেন্সি কলেজত ভৰ্তি হোৱাৰ সময়তে তেওঁ সংসাৰৰ মায়া – মোহ ত্যাগ কৰি সন্ন্যাসী হোৱাৰ মানসেৰে হিমালায়ত গৈ সাধনা কৰিছিল । কিন্তু তেওঁৰ গুৰুৰ দিয়া নিৰ্দেশ অনুযায়ী তেওঁ আকৌ প্ৰেচিডেন্সি কলেজলৈ উভতি আহে । গুৰুৱে তাক কৈছিল যে “সন্ন্যাসী হৈ নহয় , সাহসী বিপ্লৱী হৈ দেশ ৰক্ষা কৰাৰ বাবেহে তেওঁৰ জন্ম হৈছে ” ।

  • Why do we celebrate – Why do we Celebrate গণৰাজ্য দিৱস || Republic Day || 26 January 

প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰি থকা সময়ত এদিন এগৰাকী ইংৰাজ অধ্যাপক এ ভাৰতীয় লোকৰ সন্দৰ্ভত বেয়া মন্তম্ব দিয়াত তেওঁ অধ্যাপক গৰাকীক অপদস্ত কৰে; ফলত তেওঁক প্ৰেচিডেঞ্চি কলেজৰ পৰা বহিষ্কৃত কৰা হয় ।

এই ঘটনাৰ পিছত তেওঁ স্কৰটিছ চাৰ্চ কলেজত ভৰ্তি হয় আৰু তাৰে পৰা সুখ্যাতিৰে বি . এ . ডিগ্ৰী লাভ কৰে ।

নেতাজী সুভাষ চন্দ্ৰ বসু  || Netaji Subhas Chandra Bose
নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose/AssamStudyHub.Com

১৯১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায় , তাতে তেওঁ ১৯২০ চনত সমগ্ৰ ইংলেণ্ডৰ ভিতৰত আই ছি এস পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰে , কিন্তু সুভাষ এ আই ছি এস বিষয়া হৈ ব্ৰিটিছৰ গোলামী কৰাতকৈ স্বাধীনতা সংগ্ৰামত যোগ দিয়াটো পছন্দ কৰিছিল ।

নেতাজিয়ে ১৯২১ চনত অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে পোন প্ৰথমবাৰৰ বাবে কাৰাগাৰত যায় । ১৯২৩ চনত তেওঁ জাতীয়তাবাদী আলোচনী ‘ফৰৱাৰ্ড’ সহকাৰী সম্পাদক ৰূপে নিযুক্ত হয়, আৰু পিছৰ বছৰ তেওঁ কলকাতা চহৰৰ মেয়ৰ ৰূপে নিৰ্বাচিত হয় কিন্তু দুৰ্ভাগ্য ইংৰাজ চৰকাৰে তেওঁক আকৌ তিনি বছৰৰ বাবে কাৰাদণ্ড দিয়ে । ইংৰাজ চৰকাৰে তেওঁক লৈ ম্যানমাৰ কাৰাগাৰত ৰাখিছিল ।

নেতাজী সুভাষ ১৯৩৬ আৰু ১৯৪০ চনত দুবাৰকৈ কংগ্ৰেজৰ সভাপতি ৰূপে নিৰ্বাচিত হয় কিন্তু মহাত্মা গান্ধীৰ মনোমালিন্য ঘটে ফলস্বৰূপে সুভাষ চন্দ্ৰ কংগ্ৰেজ দল ত্যাগ কৰি ‘ফৰৱাৰ্ড ব্লক’ দল গঠন কৰিছিল ।

সুভাষ এ অস্ত্ৰৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াব বিচাৰিছিল, ব্ৰিটিছে তেওঁৰ বীৰত্ব আৰু সহসিকতাক ভয় কৰিছিল বাবে তেওঁক আকৌ কাৰাৰুদ্ধ কৰি থলে । কিন্তু এইবাৰ তেওঁ সকলোৰে ধূলি দি জাৰ্মানীলৈ পলাই গল । জাৰ্মানীৰ পৰা তেওঁ জাপান পালেগৈ । তাতে তেওঁ গঠন কৰিলে আজাদ হিন্দ ফৌজ আৰু সকলোৰে পৰা নেজাজী উপাধি পালে । আজাদ হিন্দ ফৌজ গঠন কৰি তেওঁ ভাৰতীয় সকলক আঃব্বান জনালে “মোক তোমালোকে তেজ দিয়া ; মই তোমালোকক স্বাধীনতা দিম ” ।

নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose
নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose/AssamStudyHub.Com

তেওঁ জাপানৰ সহায় লৈ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে । তেওঁ জাপানত স্বাধীন ভাৰতৰ চৰকাৰ গঠন কৰিছিল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল । তাৰ পিছত আজাদ হিন্দ ফৌজ এ মণিপুৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সাক্ষ্মম হৈছিল । তেওঁ আঃব্বান দিছিল – ‘দিল্লীলৈ বলা’ ।

ভাৰতীয় জাতীয়তাবাদী নেতা সুভাষ চন্দ্র বসু 1945 চনৰ 18 আগস্ট জাপানৰ তাইহোকু (বর্তমান তাইপেই), জাপানৰ তাইওয়ানত বিধ্বস্ত জাপানির দ্বারা ওভারলোডেড বোমাৰু বিমানৰ পোৰাৰ কাৰণে মৃত্যু হয় বুলিয়ে ভাৰতৰ লোকে মানি লব বাধ্য হৈছে ।

 

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Why do we Celebrate গণৰাজ্য দিৱস || Republic Day || 26 January 2022

January 15, 2022 by Hubstudy 2 Comments

গণৰাজ্য দিৱস  || Republic Day || 26 january


গণতান্ত্রিক – ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।


গণৰাজ্য – ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্রপ্রধানজন(ৰাষ্ট্রপতি) জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি হ’ব। ৰাষ্ট্রপ্রধানৰ পদবীটো বংশানুক্রমিক নহ’ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব 

ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।


ভাৰতৰ সংবিধানখন Constituent Assembly of India ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।
স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় উৎসৱৰ দিন ।

গণৰাজ্য দিৱস || Republic Day || 26 January 2022/AssamStudyhub.com


১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা পায়। কিন্তু তেতিয়া ভাৰতৰ স্থায়ী সংবিধান নাছিল । ১৯৪৭ চনৰ ২৮ আগষ্টত ড॰ বি আৰ আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা সমিতি গঠন কৰা হয়। ডঃ বি আৰ আম্বেদকাৰ এজন বিজ্ঞ সংবিধান বিশেষজ্ঞ আছিল , তেওঁ প্ৰায় ৬০ খন দেশৰ সংবিধান অধ্যয়ন কৰিছিল । আম্বেদকৰ ক “ভাৰতৰ সংবিধানৰ জনক”( Father of Indian Constitution ) হিচাবে আখ্যা দিয়া হয় ।

১৯৪৭ চনৰ ৪ নৱেম্বৰত এখন খচৰা সংবিধান প্ৰস্তুত কৰি সংসদত দাখিল কৰা হয়। সংবিধান সভাৰ প্রথমখন বৈঠক ১৯৪৬ চনৰ ৯ ডিচেম্বৰ সংগঠিত হয় ।ইয়াৰে অস্থায়ী সভাপতি আছিল ডঃ সচ্চিদানন্দ সিনহা ।

১১ ডিচেম্বৰ ১৯৪৬, সংবিধান সভাৰ স্থায়ী সভাপতি পতা হৈছিল ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু লগতে এইচ. চি. মুখাৰ্জী ক vice- chairman হিচাবে ঠিক কৰা হয় । ২২ জুলাই ১৯৪৭ ত আমাৰ জাতীয় পতাকা গৃহীত হয় । ১৯৪৭ চনৰ ২৯ আগষ্ট ডঃ ভীমৰাও ৰামজী আম্বেদকাৰক সংবিধানৰ খচৰা কমিটিৰ Chairman হিচাপে নিযুক্ত কৰা হয় ।

সংবিধানৰ সাতজন সদস্যৰ নাম বোৰ হল – ডঃ বি আৰ আম্বেদকাৰ, এন গোপালস্বামী আয়েংগাৰ, কৃষ্ণস্বামী আইয়াৰ, কে. এম. মুন্সী, চৈয়দ মহম্মদ সাহদুল্লা ( অসম ), সৰোজিনী নাইডু, বিজয় লক্ষ্মী পণ্ডিত ।


         সংবিধান গৃহীত কৰাৰ পূৰ্বে ২ বছৰ, ১১ মাহ আৰু ১৮ দিনৰ ভিতৰত সংসদৰ সদস্যসমূহ ১৬৬ দিনৰ বাবে মিলিত হয় আৰু মুঠ বৈঠক হয় ১১ বাৰ । কিছু পৰিৱৰ্তনৰ পাছত ১৯৪৯ চনৰ , ২৬ নৱেম্বৰত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংসদৰ ৩০৮ জন সদস্যই নথিখনৰ দুটা হাতে লিখা প্ৰতিলিপিত (এটা হিন্দী, এটা ইংৰাজী) স্বাক্ষৰ কৰে। দুদিন পাছত দেশজুৰি এই সংবিধান গৃহীত হয়। ভাৰতীয় সংবিধানেই হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান॥

       

       ভাৰতীয় সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিক সকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম , সমাজতান্ত্ৰিক , ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে; এই দেশৰ নাগৰিক সকলৰ বাবে ন্যায়বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃত্বভাৱ জাগ্ৰিত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে। “সমাজতান্ত্ৰিক”, “ধৰ্মনিৰপেক্ষ ” ,” সংহতি” , আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্বভাৱ ” – এই শব্দবোৰ ১৯৭৬ চনত সংবিধান সংশোধনীৰ মাধ্যমত সংবিধানৰ লগত সংযোগ কৰা হয়।
পোন প্ৰথমতে সংবিধানত অনুচ্ছেদ আছিল – ৩৯৫ টা, বৰ্তমানে অনুচ্ছেদ আছে – ৪৪৮ টা ।

গণৰাজ্য দিৱস || Republic Day || 26 January 2022
গণৰাজ্য দিৱস || Republic Day || 26 January 2022/AssamStudyhub.com

প্ৰথম উদযাপন – ১৯৫০ চনত ২৬ জানুৱাৰী পোন প্ৰথম বাৰৰ বাবে গণতন্ত্ৰ দিৱস পালন কৰা হৈছিল । সিদিনা ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ দেশৰ ৰাজধানী ন্যায়া দিল্লীৰ ৰাজপথত  ঘোঁৰাৰ গাড়ীত উঠি অংশগ্ৰহন কৰে ।


       সংবিধান প্ৰৱৰ্তনৰ স্মৃতিত ভাৰতীয় জনগণে প্ৰতি বছৰৰ ২৬ জানুৱাৰী তাৰিখটো গণতন্ত্ৰ দিৱস হিচাপে উৎযাপন কৰে। প্ৰতিবছৰৰ দৰে এইবছৰ ( ২০২২) গণতন্ত্ৰ দিৱস বুধবাৰৰ দিনা গোটেই ভাৰতজুৰি উদযাপন কৰা হব। দেশত কৰনাৰ তৃতীয়টো ঢেউ বা অমিক্ৰন্ ভাইৰসৰ প্ৰকোপ বৃদ্ধি পোৱা বাবে কিছু বাধাৰ মাজেৰে পালন কৰা হব ।।


       ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তম লিখিত সংবিধান । এই সংবিধানত মুঠ ২৪টা অংশ ৪৪৮টা ধাৰা, ১২টা তফছিল আৰু ১১৩টা সংশোধনী আছে। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯ টা। এই সংবিধানখন প্ৰৱৰ্তনৰ লগে লগে পূৰ্বপ্ৰচলিত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে। দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে, ভাৰত চৰকাৰ প্ৰৱৰ্তিত প্ৰতিখন আইনক সংবিধান- অনুসৰিহে কৰা হয়।

Assam govt issued a new SOP for Republic Day celebration in the state

A total of 1,000 people will be allowed to attend the programme at state level & 500 at the district level. Pre & post Republic Day celebration to be avoid, reads the SOP issued in view of covit-19.

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala

January 8, 2022 by Hubstudy Leave a Comment

      || Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala ||

 

“বিশ্ব বিজয়ী নৱ জোৱান বিশ্ব বিজয়ী নৱ জোৱান শক্তি শালী ভাৰতৰ ওলাই আহা, ওলাই আহা সন্তান তুমি বিপ্লৱৰ।” 

                                 

                                  প্ৰেৰণাদায়ক এই গীত ফাঁকি শুনিলেই যি গৰাকী ব্যক্তিৰ প্ৰতিচ্ছবি মনত ভাঁহি উঠে সেইজনেই হল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় ৰ তামোল বা ৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতি ৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী।জ্যোতি ৰ পূৰ্ব পুৰুষ ব্যৱসায়ৰ অভিপ্ৰায় ভাৰতৰ পশ্চিম দিশৰ ৰাজস্থানৰ পৰা অসমলৈ আহিছিল।পিছে উভতি নগল।ইয়াতে নিগাজী হল।অসমৰ মাটি পানীৰ লগতে ভাষা,জাতি,ধৰ্ম,সমাজ সবাক আঁকোৱালি ললে।এই পৰিয়ালৰ লোকে কেইবা পুৰুষ ধৰি সাহিত্য সংস্কৃতি ক্ষেত্ৰত যোগোৱা বৰঙণি অসমীয়া জাতিক এখোপ ওপৰলৈ তুলিলে।

                জ্যোতিপ্ৰসাদৰ ককা দেউতাক হৰিবিলাস আগৰৱালাই লুপ্তপ্ৰায় হব ধৰা সাঁচি পতীয়া কীৰ্তন,নামঘোষা, গুণমালা,বৰগীত, গুৰুচৰিত আদি ছপা কৰি সাধাৰণ পাঠকৰ হাতত সুলভ মূল্যত তুলি দিছিল।চন্দ্ৰ কুমাৰ আগৰৱালাই ‘ জোনাকী ‘ কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত নতুন ভাৱধাৰাৰ জোৱাৰ সৃষ্টি কৰিছিল।প্ৰতিমা আৰু ‘ বীণ বৰাগী ‘ নামৰ কবিতা পুথিৰ কাব্য জগতত নতুন ৰ পোহাৰ মেলিছিল।লগতে প্ৰকাশ কৰিছিল ‘ সাদিনীয়া অসমীয়া ‘ আৰু ‘ তিনিদিনীয়া অসমীয়া ‘ নামৰ দুখন কাকত।

Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala
Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala/assamstudyhub.com

                   ১৯২১ চনত হাইস্কুলীয়া শিক্ষাৰ অন্তত জ্যোতি প্ৰসাদ কলেজীয়া শিক্ষা লাভৰ বাবে কলিকতা পায়গৈ।পিছত তেওঁ বোলছবিৰ প্ৰতি আকৃষ্ট হৈ জাৰ্মান পালেগৈ ।

 

                     ভোলাগুৰি চাহ বাগিছাৰ দায়িত্ব লৈ কাম কৰি থাকোঁতেই ১৯৩৪ চনত সেই বাগিচাত ‘ চিত্ৰবন ‘ নাম দি প্ৰথম অসমীয়া ফিল্ম প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে।ইয়াতে ‘ জয়মতী ‘ বোলছবিৰ চিত্ৰ গ্ৰহণ কৰা হয়।’ ইন্দ্ৰমালতী ‘ নামৰ আন এখন বোলছবি ও তেওঁ নিৰ্মাণ কৰি বোলছবি শিল্পক আগুৱাই নিয়ে।তেওঁ অসমত অসহযোগ আন্দোলন ত যোগ দি ১৫ মাহ সশ্ৰম কাৰাদণ্ড ভুগিছিল।১৯৫১ চনত মাত্ৰ ৪৮ বছৰ বয়সত এইজনা মহান ব্যক্তি ইহ সংসাৰ ত্যাগ কৰে।

  • Why Do we celebrate – গণৰাজ্য দিৱস || Republic Day || 26 January

                     জ্যোতি প্ৰসাদ আগৰৱালাই চমু কালতে অসমীয়া ভাষা , সাহিত্য ,কলা – কৃষ্টি , ৰাজনীতি ,সংগীত , চিনেমা , সমাজনীতি , সকলো ক্ষেত্ৰতে কালে মচিব নোৱাৰা অৱদান দি গৈছে।ছাত্ৰ অৱস্থাতে জ্যোতি এ ‘ শোণিত কুঁৱৰী ‘ নাট ৰচনা কৰে।সমাজ আৰু সংস্কৃতি লৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁক ‘ ৰূপ কোঁৱৰ ‘ আখ্যা দিয়া হৈছে।

Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala
Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala/assamstudyhub.com

                     মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱে ধৰ্মৰ জাগৰণেৰে এখন সংস্কাৰ পূৰ্ণ সমাজ গঢ়াৰ মানস কৰিছিল।জ্যোতি প্ৰসাদ আগৰৱালাই ও প্ৰায় একে চিন্তাৰেই অসমীয়া জাতিক ন ৰূপত গঢ়ি , বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

                    প্ৰতি বছৰে ১৭ জানুৱাৰীৰ জ্যোতি স্মৃতি দিৱস শিল্পী দিৱসৰূপে উৎযাপন কৰা কালত জ্যোতি প্ৰসাদৰ অমৰ বাণী বোৰ সঠিক ভাবে বাস্তৱত ৰূপায়ন কৰাৰ কথা প্ৰতিজন অসম প্ৰেমী যে চিন্তা কৰা উচিত।

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Dr Birendra Kumar Bhattacharya || মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

January 3, 2022 by Hubstudy Leave a Comment

Dr Birendra Kumar Bhattacharya || মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

 

আৰম্ভণি : যিসকল সাহিত্যিকৰ লিখা মই পঢ়িছোঁ , সেইসকলৰ কোনো জনেই মোৰ অপ্ৰিয় নহয়। তথাপিও মোৰ প্ৰিয় সাহিত্যিক জনৰ বিষয়ে লিখিবলৈ দিয়াত মই জ্ঞানপীঠ বঁটা বিজয়ী বিশিষ্ট অসমীয়া সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱ ডাঙৰীয়া কে বাছি ললো ।

Dr Birendra Kumar Bhattacharya || মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
Dr Birendra Kumar Bhattacharya || মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য/ASSAMSTUDYHUB.COM

সাহিত্যিক জনৰ চমু জীৱনী: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য একেধাৰে ঔপন্যাসিক,কবি,গল্পকাৰ,সাংবাদিক আৰু ৰাজনীতিবিদ।কুমলীয়া বয়স ৰে পৰা নিষ্ঠাৰে সাহিত্য সেৱাত লাগি থকা প্ৰচাৰ বিমুখ স্বল্প ভাষী, প্ৰতিভাৰ এই সাহিত্যিক গৰাকীৰ অধ্যয়ন বিস্তৃত, জ্ঞান বোধ গভীৰ, পৰ্যবেক্ষণ ক্ষমতা অতি সূক্ষ্ম। চাৰিও পিনৰ জগতখনক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰে,দৃষ্টিয়ে যিমান দূৰলৈ চাব পাৰি সিমান দূৰলৈকে মানুহৰ অন্তৰ জগতখন চাবলৈ তেওঁ যত্ন কৰে।

 

            ঘাইকৈ ঔপন্যাসিক ৰূপে পৰিচিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ ১৯২৪ চনত জন্ম হয়। ভট্টাচাৰ্য দেৱে ১৯৫৫ চনত ‘ ৰাজপথে ৰিঙিয়াই ‘ নামৰ উপন্যাসে ৰে এইবিধ সাহিত্য ৰচনাৰ পাতনি মেলি বৰ্তমান সময়লৈকে প্ৰায় দেৰকুৰি মান উপন্যাস লিখি উলিয়াইছে। তেঁও সহজ সৰল ভাষাত সহজ সৰল মানুহৰ কাহিনী সৃষ্টি কৰে। কিছুমান ঐতিহাসিক ঘটনাই মানুহৰ দৈনন্দিন জীৱন যাত্ৰা , চিন্তা চেতনা ,মূল্যবোধ কিদৰে উলট পালট কৰি দিয়ে , তেনে বোৰ ঘটনাকে তেওঁ সাধাৰণতে উপন্যাসৰ বিষয় বস্তু লয় । দ্বিতীয় মহা যুদ্ধই খুন্দি থৈ যোৱা নগা ৰাজ্যক পটভূমি হিচাপে লৈ ৰচনা কৰা ‘ ই য়া ৰুঙ্গম ‘ নামৰ উপন্যাসখনৰ বাবে তেওঁ ১৯৬১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। চীনা আক্ৰমণৰ পটভূমিত লিখা ‘ শ তঘ্নী ‘ , ডিগবৈ তেল কোম্পানী ৰ শ্ৰমিক আন্দোলনৰ আধাৰত লিখা ‘ প্ৰতিপদ ‘ , বাংলাদেশৰ মুক্তি সংগ্ৰামৰ ভেটিত লিখা ‘ কবৰ আৰু ফুল ‘ তেওঁৰ আনকেইখন মান সাৰ্থক উপন্যাস । ভাৰতত চলা ‘৪২ ৰ গণ আন্দোলনৰ পটভূমিত লিখা ‘ মৃত্যুঞ্জয় ‘ উপন্যাসখনৰ বাবে ১৯৭৯ চনত তেওঁক ৰাষ্ট্ৰৰ সৰ্বোচ্চ সাহিত্যিক সন্মান ‘ জ্ঞানপীঠ বঁটা ‘ ৰে সন্মানিত কৰা হয়।সেই জনজাগৰণৰ প্ৰত্যক্ষ অভিজ্ঞতা থকা ঔপন্যাসিক গৰাকীয়ে বাস্তব আৰু কল্পনাৰ সমন্বয়ত বিপ্লৱৰ ঢৌৱে ঢৌৱাই যোৱা নগাওঁ জিলাৰ মায়ং অঞ্চলৰ গ্ৰাম্য জীৱনৰ ছবি উপন্যাস খনিত হুবহু অংকিত কৰিছে। গাওঁৰ মানুহখিনি এ ষ ৰযন্ত্ৰ কৰি ৰেলগাড়ী বগৰোৱাৰ কাহিনী এটিক কেন্দ্ৰ কৰি হিংসা আৰু অহিংসাৰ সংঘাত আৰু তাৰ পৰা সৃষ্টি হোৱা মানসিক দ্বন্দ উপন্যাস খনিত নিখুঁত ভাৱে ফুটাই তোলা হৈছে।

Dr Birendra Kumar Bhattacharya || মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
Dr Birendra Kumar Bhattacharya || মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য/ASSAMSTUDYHUB.COM

          উপন্যাসৰ ক্ষেত্ৰতে নহয়,গল্প আৰু কবিতাৰ ক্ষেত্ৰতো ভট্টাচাৰ্য দেৱে অসমীয়া সাহিত্যত নতুন যুগৰ সন্ধান দিছে।তেখেতৰ ৰচিত অমৰ কবিতা ‘ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি ‘ কবিতাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি। ‘ ৰামধেনু ‘ আৰু ‘ নৱ যুগ ‘ আধুনিক কবিতাৰ থৰক বৰক খোজ সুদৃঢ় কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত কিছুকাল অধ্যাপনা কৰা ভট্টাচাৰ্য লৈ শেহতীয়া সৰ্বভাৰতীয় সন্মান হ ‘ ল সাহিত্য একাডেমীৰ সভাপতি পদ।এনে দুৰ্লভ সন্মানেৰে বিভূষিত হৈ তেওঁ অকল নিজলৈকে নহয়, অসমীয়া জাতীয় জীৱন লৈকো গৌৰৱ কঢ়িয়াই আনিছে।

 

সামৰণি: ভট্টাচাৰ্য দেৱৰ অনুপম লিখনিয়ে সাহিত্যৰ সকলো শাখাৰ পাঠকক সুখ পাঠ্যৰ আনন্দ দিয়ে।তেওঁৰ নৈতিক শিক্ষা যুক্ত লিখনিয়ে মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছে।যাৰ বাবে মোৰ প্ৰিয় সাহিত্যিক সকলৰ ভিতৰত ভট্টাচাৰ্য দেৱক মই সৰ্বোচ্চ আসন ত আৰোহীত কৰিছোঁ।

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

December 1, 2021 by Hubstudy Leave a Comment

 

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

 

                 বৰ্তমান যুগত মানুহক বৰকৈ আতংকিত কৰা যি কেইটা ৰোগ আছে তাৰ ভিতৰত এটা হৈছে এইডছ ৰোগ। ইংৰাজীত মূল Acquired Immune Deficiency Syndrome ৰ সংক্ষিপ্ত ৰূপ AIDS । এই ৰোগত আক্ৰান্ত হলে মৃত্যু অনিবাৰ্য।কাৰণ এই ৰোগ নিৰাময় কৰা ফলপ্ৰসূ ঔষধৰ এতিয়াও অভাৱ। ৰোগে দেখা দিয়াৰ পিছত এজন মানুহৰ দেহে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰতে ৰোগীৰ জীৱনকাল নিৰ্ভৰ কৰে।

 

মাৰাত্মক এই ৰোগৰ উৎপত্তি হয় এবিধ বীজাণুৰ পৰা।এই বীজাণু বা ভাইৰাছৰ নাম হল Human Immuno Deficiency Virus চমুকৈ কোৱা হয় HIV বুলি ।এইবোৰ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনলৈ বিয়পিব পাৰে।এই বীজাণু য়ে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাবলৈ ধৰে।সেই অৱস্থাত আন কেত বোৰ ৰোগে শৰীৰত দেখা দিব পাৰে।তেতিয়াই ভগ্নষ্টোপত পৰিণত হয় মানুহৰ দেহা।

বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ || World Aids Day
বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

এই ৰোগ ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰে।অস্বাভাৱিক যৌন জীৱন যাপন কৰা কিছুমান লোকৰ গাঢ় তেজত।১৯৮৩ চনত পেৰিছৰ হম এণ্ড ড্ৰাগ পেষ্টিওৰ ইনষ্টিটিউট ৰ ডাক্তৰ লক মানটেগাৰে এই ৰোগৰ বীজাণু আৱিষ্কাৰ কৰি চিকিৎসা জগতত আলোৰণ সৃষ্টি কৰে। ব্যভিচাৰী জীৱন,পৰীক্ষা নকৰা তেজ গ্ৰহণ,ড্ৰাগছ আসক্ত সকলে বেজীৰে নিচাযুক্ত ঔষধ গ্ৰহণ এইবোৰ সাধাৰণতে এই ৰোগ সংক্ৰমিত হোৱাৰ পথ পশস্ত কৰে।

 

এইডছ ত আক্ৰান্ত লোকৰ গাত কিছুমান চিন পৰিস্ফুত হয়।যেনে – দেহৰ ওজন কমি যোৱা,পনীয়া শৌচ বা গ্ৰহণী হোৱা, অস্বাভাৱিক জ্বৰ হোৱা ,ছালৰ খজুৱতি হোৱা,বেছিদিন কাহত ভুগি থকা, শৰীৰৰ কিছুমান গ্ৰন্থী ফুলি উঠা,খাদ্যনলী ত ঘা হোৱা,গা ৰ বিষ হোৱা ইত্যাদি।

Assamese Essay Section – click here

এইডছ ৰোগৰ পোনপটীয়া চিকিৎসা পদ্ধতি এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই যদিও এই ৰোগৰ বাবে দেহত দেখা দিয়া আন ৰোগবোৰৰ নিৰাময়ৰ ব্যৱস্থা আছে।এই ৰোগৰ প্ৰধান ঔষধ হৈছে প্ৰতিৰোধ । অবাঞ্চনীয় কৰ্মৰ বাবে যাতে ৰোগৰ ভাইৰাছ দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে।

 

ভয়াবহ এইডছ ৰোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১৯৮৮ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰায়বোৰ দেশৰ স্বাস্থ্য মন্ত্ৰী সকলক মিলিত হৈ কেতবৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰে এটা হৈছে – ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস ৰূপে পালন।এই দিৱসৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ মাজত এইডছ ৰোগ সম্বন্ধে সজাগতা বৃদ্ধি কৰা।

বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ || World Aids Day
বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

 

প্ৰতিবছৰে একোটা নতুন ধ্বনিৰে এই ৰোগৰ বিষয়ে মানুহৰ মন আকৰ্ষণৰ ব্যৱস্থা কৰা হয়।২০২১বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ ধ্বনি হৈছে – ” অসমতা সমাপ্ত কৰক, এইডছ সমাপ্ত কৰক। ” (End inequalities. End AIDS) ৰঙা ফিটা হৈছে এইডছ ৰোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক।

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

অসমীয়া ৰচনা

November 30, 2021 by Hubstudy Leave a Comment

অসমীয়া ৰচনা || Assamese Essay Section

অসমীয়া ৰচনা /Assamstudyhub.com
অসমীয়া ৰচনা /Assamstudyhub.com

 

1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book

2. অসমৰ প্ৰাকৃতিক সম্পদ ।। Natural Resources of Assam

3. স্বাধীনতা দিৱস ।। Independence Day

4. চুকাফা দিৱস || Sukafa Divas || Asom Divas|| অসম দিৱস

5. মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

6. গণৰাজ্য দিৱস || Republic Day || 26 January 2022

7. Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

8. নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose

9. চিপকো আন্দোলন ।। Chipko movement 26 March 

10.Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

 

Filed Under: অসমীয়া ৰচনা Tagged With: অসমীয়া ৰচনা

চুকাফা দিৱস || Sukapha Divas || Asom Divas (২ ডিচেম্বৰ)

November 28, 2021 by Hubstudy Leave a Comment

চুকাফা দিৱস || Sukafa Divas || Asom Divas||অসম দিৱস

 

               ভূগোলৰ মানচিত্ৰত অসম নামৰ যিখন ৰাজ্য আমি দেখিবলৈ পায় ইয়াৰ জন্ম হৈছিল চুকাফাৰ পাহাৰ ভৈয়ামে আগুৰা ব্ৰহ্মপুত্ৰ উপত্যকা লৈ আগমন হোৱাৰ পিছত।তাৰ আগতে এই ভূখণ্ড প্ৰাচীন কালৰে পৰা কছাৰী,ৰাভা,বড়ো,মৰাণ,তিৱা,বৰাহী, কোঁচ মেছ, ডিমাছা,কাৰ্বি,দেউৰী, চুতীয়া, মিছিং আদি জনগোষ্ঠী বোৰৰ অধীনত আছিল।তেওঁলোকৰ মাজত ঐক্য সংহতি নাছিল। চুকাফাই প্ৰথমে বীজ ৰোপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে।

চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas
চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas /Assamstudyhub.com

চুকাফা আছিল মংগোলীয় শ্বান টাই গোষ্ঠীৰ লোক।নিজ ৰাজ্য মাওলুং এৰি অহাৰ সময়ত তেওঁ লগত আনিছিল ৯ হাজাৰ মানুহে ৰে গঠিত এদল লোক।ইয়াত সেনাৰ লগতে উচ্চ বংশীয় লোকো আছিল।হাতী আৰু ঘোঁৰা ও আছিল প্ৰায় তিনিশ ।১৩ বছৰ কাল পাটকাই পৰ্বতৰ আশে পাশে ঘূৰি ফুৰি ১২২৮ খ্ৰীষ্টাব্দত চুকাফা খামজাং নামৰ ঠাইত উপস্থিত হয়।ইয়াত তেওঁ কেতবোৰ নগা লোকৰ লগত যুদ্ধত লিপ্ত হৈ নগা সকলক পৰাস্ত কৰে।ভৈয়ামৰ ফালে আগুৱাই আহি নামৰূপ অঞ্চলত উপস্থিত হয়।ইয়াৰ পাছত উপযুক্ত ৰাজধানীৰ স্থান বিচাৰি বিভিন্ন ঠাইত থাকি,পাহাৰৰ দাঁতিৰ চৰাইদেও নামৰ ঠাইত উপস্থিত হয়। এই ঠাই নিৰাপদ বুলি ভাবি তাতে ৰাজধানী স্থাপন কৰিলে।তেওঁ আশে পাশে থকা মৰাণ আৰু বৰাহী সকলক সম্প্ৰীতিৰ যোগেদি বশ কৰে।পৰাভূত লোক সকলেও নৱাগত টাই বংশীয় লোকসকলৰ প্ৰতি বেয়া ভাৱ পোষণ নকৰিছিল।এই নৱাগত লোকসকল অসম মানুহ।ইয়াৰ পৰাই কালক্ৰমত অসম,অহো ম শব্দৰ উৎপত্তি হয়।পিছত আহোমে অধিকাৰ কৰি লোৱা দেশখনৰ নাম অসম হৈ পৰে।

English Grammar MCQ Test Series – click here

 

পদ্মনাথ গোহাঞিবৰুৱা দেৱে অসমৰ বুৰঞ্জী নাম গ্ৰন্থত লিখিছে — ” চুকাফা এজন বিচক্ষণ ৰাজনীতিজ্ঞ ৰজা আছিল ” দেশ জয় কৰাত তেওঁ যেনে পাৰ্গত,শাসন কাৰ্যতো তেওঁ এজন পৈণত ৰজা আছিল।প্ৰজা শাসনৰ সুচলাৰ্থে তেওঁ অসাধাৰণ ভাৱে স্বাৰ্থ ত্যাগ কৰিব পাৰিছিল।আনকি ৰাজকাৰ্য্য ৰ সুচলার্থে তেওঁ নিজৰ ভাষাকো এৰিবলৈ কাতৰ নহৈছিল।অসম দেশৰ বাহিৰে আন দেশৰ লগত আহোম ৰাজ ভাষাৰে সৈতে বা – বাতৰি চলাবলৈ সুচল নহৈছিল।সেইকাৰণে স্বৰ্গদেউ চুকাফাই নিজৰ চৰ্চা ঢিলাই দি ৰাজকীয় কাৰ্য্যত প্ৰজাৰ ভাষা চলাবলৈ নিয়ম কৰিলে।তেওঁ ৩৯ বছৰ কালত ইয়াত ৰাজত্ব কৰি, নিজৰ অসম ক্ষ মতাৰ অক্ষয় কীৰ্তি ৰাখি অতি বৃদ্ধ বয়সত ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গীয় হয়।

চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas
চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas /Assamstudyhub.com

চুকাফাই অসমত বুৰঞ্জী লিখা প্ৰথা প্ৰবৰ্তন কৰে।চুকাফাৰ কৰ্মৰাজীয়ে লুইপৰীয়া মানুহক বহুতো কথা শিকাই গৈছে।এই বিষয়ত তেওঁ কথাৰেই নহয় কামেৰেও নিদৰ্শন দেখুৱাইছিল।থলুৱা লোকক ভাতৃত্ববোধেৰে আঁকোৱালি লৈ গঢ় দিলে নতুন জাতিসত্তা।চুকাফা ক অসমীয়া জাতিৰ পিতৃ স্বৰূপ বুলি গণ্য কৰা হয়।

এইজনা মহান উদাৰ পুৰুষৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে পালন কৰা হয়।এই দিৱস টো অসম দিৱস বুলিও কোৱা হয়।

 

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

মই ভালপোৱা এখন গ্ৰন্থ || My Favorite Book

November 25, 2021 by Hubstudy Leave a Comment

মই ভালপোৱা এখন গ্ৰন্থ || My Favorite Book

 

আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা কাম বনৰ উপৰিও বাহিৰা কিতাপ পঢ়ি বৰ ভাল পাওঁ। সৰুতে আইতাৰ মুখত সাধু কথা,পুৰণি পুথিৰ কাহিনীবোৰ শুনি কিমান যে আমোদ পাই ছিলো। এই বোৰ শুনিয়েই সৰুৰে পৰাই পুথি পঢ়াৰ প্ৰতি ধাউতি উপজিছিল। লিখিব পঢ়িব শিকিব ৰ পৰাই বহুতো পুথি মোৰ প্ৰিয়। কিন্তু ভালপোৱা পুথি খনৰ বিষয়ে লিখিব কোৱাত মই মোৰ ভাল লগা পুথিবোৰ ৰ পৰাই এখন বাছি লৈছোঁ। সেইখনৰ নাম ‘উপলা নদীৰ দৰে।’ লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ একালৰ নিজ প্রতিভাৰে পৰিচিত অধ্যাপক ড° মহেন্দ্ৰ বৰা। পুথিখনি জীৱনৰ পথ পৰিক্ৰমা আৰু এখন স্বয়ংসম্পূর্ণ বিদেশ ভ্ৰমণৰ কাহিনীৰে পৰিপূৰ্ণ গ্ৰন্থ । মই কিতাপখন দশমমান শ্ৰেণীত পঢ়িছিলো। কিতাপখন প্ৰথম বাৰ পঢ়ি ইমান আকৰ্ষিত হৈছিলো যে পাছত পুনৰ এবাৰ পঢ়িলো। কিতাপখনৰ নামটোৰ যেনেদৰে এটা আকৰ্ষণ আছে বেটুপাতত থকা লেখকৰ ছবিখনেও নিজস্ব গাম্ভীৰ্য আৰু ব্যক্তিত্ব প্ৰকাশ কৰিছে।

মই ভালপোৱা এখন গ্ৰন্থ || My Favorite  Book
মই ভালপোৱা এখন গ্ৰন্থ || My Favorite Book/assamstudyhub.com

 

পুথিখন মোৰ কিয় প্ৰিয় গ্ৰন্থ হ’ল : ভ্ৰমণ কাহিনী অধ্যয়ন কৰিলে ঘৰতে বহি অন্য দেশৰ মানুহৰ জীৱন যাত্ৰাৰ কথা, উন্নতিৰ জখলাত আগবঢ়াৰ প্ৰকৃত কাৰণ কিছুমান জানিব পাৰি। সত্যনাথ বৰাৰ ভাষাত ক’বলৈ গ’লে দূৰৰ মাণিক হাততে পায়। ‘উপলা নদীৰ দৰে’ পুথিখনি জীৱনী আৰু ভ্ৰমণ কাহিনীৰ এখন মধুমিশ্রিত গ্রন্থ। সেয়েহে পুথিখন পঢ়িবৰ বাবে মোৰ মন আকৰ্ষিত হৈ মোৰ প্ৰিয় গ্ৰন্থ এখন ৰূপে হৃদয়, মন আৰু মগজুত স্থান পাইছে।

 

বিষয়বস্তুৰ চমু আভাসঃ  পুথিখনৰ পাতনিত লেখকে উল্লেখ কৰিছে পুথিখন এখন মূলতঃ ‘আত্মজীৱনী’। পুথিখনত আছে জীৱন নামৰ নেলেখা কবিতাটো বুজা নুবুজাকৈ পঢ়ি যোৱাৰ এক ধাউতি। ক’ব নোৱাৰাকৈয়ে সিবোৰৰ লগতে যোগ হৈ গ’লহি এক বিদেশ ভ্রমণ কাহিনী। ড° মহেন্দ্ৰ বৰাৰ আচল ঘৰ শিৱসাগৰৰ ৰংঘৰৰ কাষৰ ঢুলীয়া পাৰত। কিন্তু জন্ম হৈছিল মাতৃপক্ষৰ ককাদেউতাকৰ ঘৰ টিংখাঙত ১৯২৯ চনৰ ২২ আগষ্ট তাৰিখে। দেউতাক টেলিগ্রাফ প্রশিক্ষণযুক্ত পোষ্ট মাষ্টৰ আছিল। শিশুকালত দেউতাকৰ লগত নুমলীগড়, ছৈখোৱা ঘাট, চাবুৱা আদি ঠাইত থাকোতে সেই ঠাইবোৰৰ স্মৃতি পুথিখনৰ প্ৰথম অংশতে প্ৰকাশ কৰিছে।

জীৱনীমূলক গ্ৰন্থখনত লেখকে জীৱনত লগ পোৱা ডাঙৰ সৰু মানুহৰ সান্নিধ্য অনেক বন্ধুৰ জীৱনৰ মধুৰ স্পৰ্শ অতি আকর্ষণীয় কৰি লিখিছে। পুথিখনত আছে ‘জীৱন নামৰ নেলেখা কবিতাটোৰ মধুৰস্মৃতি, কক্ষটি শিলত গঢ়া জীৱনৰ তিতা, কেহা, জ্বলা মিঠা এক সুন্দৰ মিশ্ৰণ।” পুথিখনত লেখকৰ শৈশৱৰ মধুৰ সোঁৱৰণী, ছাত্ৰ জীৱন, কটনৰ মধুৰ স্মৃতি, চাকৰী জীৱনৰ মিঠা-তিতা-কেহা সকলো কথা সুন্দৰভাৱে প্ৰকাশ পাইছে।

উপলা নদীৰ দৰে আত্মজীৱনীমূলক গ্ৰন্থখনত লেখকৰ ভ্ৰমণ কাহিনীৰ অভিজ্ঞতা অতি আকর্ষণীয় ৰূপত প্ৰকাশ কৰিছে। পুথিখনত লণ্ডন, স্কটলেণ্ডৰ ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে লিখা বিৱৰণীৰ পৰা সেই দেশৰ বহুত কথা জানিব পাৰি।

পুথিখনৰ প্ৰতিটো পাঠৰ আৰম্ভণিত পৃথিৱীৰ বিভিন্নজন কবিৰ কবিতাৰ পংক্তি উদ্ধৃতিৰে আৰম্ভ কৰিছে। লেখক বৰাদেৱ নিজেও এজন কবি কাৰণে কবিতাৰ সোৱাদ পাঠক সমাজলৈও আগবঢ়াইছে।

‘জীৱন জীয়াই থাকে। তথাপি জীয়াই থাকে।

আৰু থাকে জীৱিকাৰ গলিৰ সাঁথৰ

অমৃতৰ পুত্ৰ আমি

মৃত্যুস্নাতা হে মহানগৰ।

পুথিখনত অসমৰ হেম বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, বীৰেন ভট্টাচার্য্য, চন্দ্ৰপ্ৰসাদ শইকীয়া আদি বিভিন্নজন বৰণ্যে ব্যক্তিৰ কথাও প্ৰসংগক্রমে উল্লেখ কৰিছে। বৰাদেৱে পুথিখনত চাকী জীৱন আৰু বিভিন্ন অভিজ্ঞতাৰ কথা নিয়াৰিকৈ লিখিছে। ১৯৫৪ চনত দৰং কলেজত ইংৰাজী বিভাগৰ অধ্যাপকৰূপে যোগ দিয়াৰ এবছৰ পাছতে ১৯৫৫ চনৰ

১ জুলাইত কটন কলেজ কটন কলেজত যোগদান কৰে। ১৯৬১ চনৰ জানুৱাৰীৰ ১০ তাৰিখে গোৱালপাৰা  কলেজত অধ্যক্ষৰূপে যোগদান কৰি গোৱালপাৰাত তেৰটা বছৰ কটালে। তাত তেখেতে বৰ 12 বেছি সামাজিক কামত ব্যস্ত হৈ পৰিব লগা হৈছিল।

১৯৭৬ চনৰ মে’ মাহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্রাধ্যাপক হিচাপে নিযুক্তি গ্ৰহণ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ আসন গ্ৰহণ কৰে। জীৱনৰ বিয়লি বেলাত চিকিৎসাৰ কাৰণে বিলাতলৈ যাব লগা হৈছিল। পুথিখন এখন আত্মজীৱনীৰ লগতে এখন অনুপম ভ্রমণ কাহিনী।

 

Physical Exercise English Essay – click here

 

সামৰণিঃ ‘ভাল পালো পৃথিৱীক, ভালপালে মোকো পৃথিৱীয়ে’ পুথিখনত লিখা কবিৰ নিজৰ কবিতা ফাঁকিৰ পৰাই বুজিব পাৰি, লেখকে পৃথিৱীখনক আপোন কৰি ল’ব জানিছিল। পৃথিৱীৰ মানুহক ভাল পাবলৈ শিকিছিল। এজন উচ্চ শিক্ষিত লোক হিচাপে আজীৱন নিজে পুথি অধ্যয়নৰ সোৱাদ লোৱাৰ উপৰিও জীৱনৰ অভিজ্ঞতা খিনি লিখনিৰ জৰিয়তে আনকো ভাগ ল’বলৈ সুবিধা দিয়াতো লেখকৰ মহানুভবতা। আত্ম জীৱনীমূলক গ্রন্থ হিচাপে ড° মহেন্দ্ৰ বৰাদেৱৰ ‘উপলা নদীৰ দৰে’ পুথিখনি প্ৰতিজন পাঠকৰ বাবে আদৰণীয়। নৱ প্ৰজন্মৰ বাবেও এইখন পুথিৰ মূল্য অধিক।

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub

  • Go to page 1
  • Go to page 2
  • Go to Next Page »

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • অৰুন্ধতী আঁচনি কি || What is Arundhati Gold Scheme ? August 7, 2022
  • Assam CM Launches ‘Mission Bhumiputra’ || Caste Certificate Applications Online August 2, 2022
  • অৰুনোদই আঁচনি কী || What is Arunodoi Scheme in Assamese July 31, 2022
  • SEBA HSLC COMPUTER SCIENCE QUESTION PAPER 2021/22 June 28, 2022
  • SEBA HSLC GENERAL MATH QUESTION PAPER 2021/22 June 28, 2022

Jobs Section

Assam Grade III & Grade IV Vacancy details Direct Recruitment 2022

State Level Recruitment Commissions of Govt. of Assam has released two employment notifications for the recruitment of 26441 Grade III & Grade IV Vacancy under the various departments of Govt. These vacancies will be filled up by the rules governed by newly constituted Assam Direct Recruitment Commission for Analogous Posts in Class III and Class IV Act 2021 and Assam […]

Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy

Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy

Navodaya Vidyalaya Samiti Recruitment 2022 – Non-Teaching Vacancy Navodaya Vidyalaya Samiti (NVS).Last Date: 10/02/2022. Navodaya Vidyalaya Samiti (NVS) has released an employment notification for the recruitment of 1925 Non-Teaching Vacancy  Interested and eligible candidates may apply online here.  1. Assistant Commissioner (Group-A)No of posts: 5 [UR:3, EWS:1, SC:1] Age Limit ( বয়স সীমা ): 45 years.Pay: Level-12 (Rs.78800- 209200) in the Pay […]

More Posts from this Category

Assamstudyhub.com_

View on Instagram
Live Cricket Scores

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2022 AssamStudyHub.Com