জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Question Answer Class 10 Assamese
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
১) চমু উত্তৰ দিয়া :
ক) জিকিৰৰ ৰচক কোন ?
উত্তৰ : জিকিৰৰ ৰচক আজান ফকিৰ ।
খ) জিকিৰ বোৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ : জিকিৰ বোৰক হিন্দু ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি ।
গ) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰ : জিকিৰ শব্দটো আৰবী “জিকৰ” শব্দৰ পৰা ওলাইছে ।
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
২) তলৰ শব্দ বোৰৰ অৰ্থ লিখা :
ৰসুল – দেৱদুত
মোমিন – বিশ্বাসী মুচলমান ।
ৰহম – দয়া
কুটুব – ধ্ৰুৱ নক্ষত্ৰ
বান্দা –
প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers – click here
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
৩) ‘ মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শলৰ লগত দৰিকাৰ টপালি ।
– উল্লেখিত কবিতাফাকি ৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ।
উত্তৰ : উক্ত কবিতা ফাকিৰ মাজেৰে কবিয়ে কবলৈ বিচাৰিছে যে জীয়াই থকাৰ কালছোৱাত মানুহে আল্লা বা ভগবানৰ কথা মনত নকৰি শেষত নিজৰ ভুল বুজি অনুতপ্ত হয় ।
মৃত্যুৰ পিছত জীৱ দেহ এৰি আত্মা ওলাই যায় আৰু মুক্তিৰ বাট বিচাৰি হাবা থুৰি খায় । যেনে দৰে শাল আৰু শল মাছৰ লগত দৰিকনা মাছে টপালী মাৰি একো ফল নাপায় ।
কাৰণ শাল আৰু শ্ ল মাছৰ তুলনাত দৰি কণা মাছ নিচেই সৰু । এই সৰু মাছটোৱে যেতিয়া ডাঙৰ মাছক খুন্দিয়া বলৈ যায় তেতিয়া দৰিকনাই শাৰীৰিক কষ্ট পোৱাৰ উপৰিও মৃত্যু মুখত পৰিব পাৰে ।
ঠিক সেই দৰে আল্লাহ বিমুখী লোকৰ বাবে মুক্তিৰ দুৱাৰ বন্ধ হৈ থাকে । জীৱন্ত কালত আল্লাৰ কথা চিন্তা নকৰি মোহ ময়াত আবদ্ধ হৈ থাকে , আৰু মৃত্যুৰ সময়ত কোনো পথ বিচাৰি নাপায় ।
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
৪) বাখ্যা কৰা:
ক ) পানী মৰে পিয়াহ, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ।।
উত্তৰ : উক্ত জিকিৰৰ পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত “জিকিৰ” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
পদ ফাঁকিৰ মাজেৰে কবিয়ে মানুহৰ ভিতৰতেই যে আল্লাহ লুকাই আছে সেই কথা কবলৈ বিচাৰিছে ।
পানী খালে যেনে পীয়াহ নিবাৰণ হয়, কিন্তু পানীয়ে নাজানে যে তাৰ গুনতহে মানুহৰ পিয়াহঃ নিবাৰণ হয় । পানী নহলে যে মানুহৰ কিমান বিপত্তি হয় সেই কথা বুজাৰ সামৰ্থ্য পানীৰ নাই ।
অগ্নিৰ ক্ষেত্ৰতো কথা একটাই, অগ্নিৰ ইমান ক্ষমতা থকাৰ উপৰি সি নিজৰ সেই গুণৰ কথা অজ্ঞ। মানুহে ঈশ্বৰক বিচাৰি হাবাথুৰি খায়, কিন্তু ঈশ্বৰ মন্দিৰ মছজিদ বিচাৰিলে পোৱা নাযায় । ঈশ্বৰ মানুহৰ মাজতে থাকে, মানুহক সেৱা কৰিলে ঈশ্বৰ সন্তুষ্ট হয় ।
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট ।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰ : উক্ত জিকিৰৰ পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
ইয়াত কবিয়ে আল্লাহ বিমুখী লোকসকলে শেষত নিজৰ ভুল বুজিব পাৰি মৃত্যুৰ সময়ত উদ্ধাৰ পাবলৈ কিদৰে ব্যৰ্থ চেষ্টা কৰে, সেই প্ৰসঙ্গত উক্ত পদত অৱতাৰণা কৰিছে ।
পৃথিৱীত জন্ম গ্ৰহণ কৰি মানুহে জ্ঞতে অজ্ঞতে নানা পাপ কামত লিপ্ত হয় । মৃত্যুৰ সময়ত সেই কৃত কৰ্মৰ বাবে জিবাত্মাই নানান কষ্ট ভোগ কৰিব লগীয়া হয়। যি সময়ত আল্লাৰ কথা চিন্তা কৰিব লাগিছিল , সেই সময়ত আল্লক স্মৰণ নকৰি বিষয় বাচনাত মত্ব হৈ আছিল । মৃত্যুৰ পিছত দেহ ত্যাগ কৰি আত্মা ওলাই গৈ মুক্তিৰ পথ বিচাৰি হাবাথুৰি খায় ।
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
বৰগীত || Lesson – 1 || Class 10 Question Answers – click here
গ ) সজাৰ মইনাতীৰ অনেক যুগুতি ।
দেও মাৰি পাৰ হলে এৰিলে পীৰিতি।।
উত্তৰ : উক্ত জিকিৰৰ পদফাকী আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
মৃত্যুৰ পিছত জীৱ দেহ এৰি যেতিয়া আত্মা ওলাই যায় তেতিয়া দেহ টোৰ কি দুৰ্দশাৰ হয় সেই কথা কবলৈ যোৱাৰ প্ৰসঙ্গত উক্ত কবিতা ফকীৰ অৱতাৰণা কৰিছে।।
প্ৰতিজন মানুহে আল্লাৰ সৃষ্টি । বিষয় বাসনা ত আবদ্ধ হৈ থাকি মানুহে মুক্তিৰ কথা চিন্তা নকৰে । সজাগ থকা মইনাৰ দৰে সোজৰূপি দেহটৰ ভিতৰত আত্মা ৰূপী মইনাটো সোমাই আছে। সজাৰ দুৱাৰ খুলিলে ময়নাটো উৰি যোৱাৰ দৰে দেহৰ পৰা আত্মা উৰি যোৱাৰ দৰে দেহৰ পৰা আত্মা টো ওলাই গলে দেহটো এক নিৰ্জিব পদাৰ্থ লৈ ৰূপান্তৰ হব। আত্মাটো থকা লৈকে দেহটোৰ প্ৰতি মৰম থাকে । কিন্তু আত্মাহীন দেহ টোৰ প্ৰতি কাকো মায়া মমতা নাথাকে ।। জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions

অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰশ্ন উত্তৰ || Class 9 Assamese || Chapter 6 – click here
অতিৰিক্ত প্ৰশ্ন উত্তৰ।। Additional Questions and Answers of Class 10 Assamese Chapter 2 জিকিৰ
১) জিকিৰ সমূহৰ ৰচক কোন? তেওঁৰ প্ৰকৃত নাম কি ?
উত্তৰ : জিকিৰ সমূহৰ ৰচক আজান ফকীৰৰ, তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন ।।
২) কোনে প্ৰথমতে মুচলমান সকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল ?
উত্তৰ : হজৰত শ্বাহ মিলন মুচলমান সকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল ।
৩) আজান ফকীৰ কৰ পৰা অসমলৈ আহিছিল ?
উত্তৰ : কিছুমানৰ মতে আজান ফকীৰ আৰব দেশৰ পৰা আহিছিল আৰু আন কিছুমানৰ মতে তেওঁ আজমীৰৰ পৰা অসমলৈ আহিছিল।
৪) কোনজন আহোম ৰজাৰ ৰাজত্ব কালত আজান ফকীৰ অসমলৈ আহিছিল ?
উত্তৰ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আজান ফকীৰ অসমলৈ আহিছিল।
৫) জিকিৰ সমূহৰ কোনবোৰ গীতৰ প্ৰতিধনি শুনা যায় ?
উত্তৰ : জিকিৰ সমূহত অসমীয়া লোক গীতৰ প্রতিধনি শুনা যায়।
৬) জিকিৰ কাক বোলে ?
উত্তৰ : যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি অনুগত প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতি সমূহ প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে ।
৭) আদম বুলিলে কাক বুজায় ?
উত্তৰ : আদম বুলিলে আল্লাৰ সৃষ্ট প্ৰথম মানুহক বুজায় ।
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ – click here
HSLC পৰীক্ষাৰ পূৰ্ববৰ্ষৰ প্ৰশ্নোত্তৰ (২০১৫-২০২৫)
চমু প্ৰশ্ন:
- আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল? (HSLC 2016)
উত্তৰ: আজান ফকিৰৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন। - ‘জিকিৰ’ শব্দটোৰ অৰ্থ কি?(HSLC 2017)
উত্তৰ: ‘জিকিৰ’ শব্দটোৰ অৰ্থ হ’ল ‘বাৰে বাৰে উচ্চাৰণ কৰা’। - ‘মোমিন’ শব্দৰ অৰ্থ কি? (HSLC 2018)
উত্তৰ: ‘মোমিন’ শব্দৰ অৰ্থ হ’ল বিশ্বাসী মুছলমান। - আজান ফকিৰে ক‘ত ধৰ্ম চৰ্চা কৰিছিল? (HSLC 2019)
উত্তৰ: আজান ফকিৰে দিখৌমুখৰ সৰাগুৰি চাপৰিত ধৰ্ম চৰ্চা কৰিছিল। - ‘কুটুব’ মানে কি? (HSLC 2020)
উত্তৰ: ‘কুটুব’ মানে ধ্ৰুৱ নক্ষত্ৰ। - জিকিৰবোৰত কাৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে? (HSLC 2022)
উত্তৰ: জিকিৰবোৰত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে।
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
দীঘল প্ৰশ্ন:
- “পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।” — ব্যাখ্যা কৰা। (HSLC 2017, 2020)
উত্তৰ: উদ্ধৃত কবিতাফাঁকি ‘অসমীয়া সাহিত্য চয়নিকা’ৰঅন্তৰ্গত আজান ফকিৰে ৰচনা কৰা ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ঈশ্বৰৰ অস্তিত্ব বিৰাজমান যে প্রত্যেক মানুহৰ অন্তৰতে সেয়া উক্ত কবিতাফাঁকিৰ দ্বাৰা বুজোৱা হৈছে। মানুহ বৰ নির্বোধ। সেয়ে ঈশ্বৰ যে প্রত্যেকজন ঈশ্বৰ বিশ্বাসী ব্যক্তিৰ হৃদয়তে বিৰাজমান সেই কথা উপলব্ধি কৰিব নোৱাৰে। পানীয়ে তৃষ্ণা নিবাৰণ কৰাৰ আৰু জুইৰ প্ৰচণ্ড দহন শক্তি আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ নিজৰ ক্ষমতা বা গুণাগুণৰ বিষয়ে অৱগত নহয়। ঠিক তেনেদৰে মুৰ্খমতি মানুহে নিজৰ অন্তৰতে যে ঈশ্বৰ বিৰাজ কৰি আছে সেই কথা উপলব্ধি কৰিব নোৱাৰি হাবাথুৰি খায়। - জিকিৰৰ মূলভাৱ তোমাৰ ভাষাৰে লিখা।(HSLC 2018)
উত্তৰ: আজান ফকিৰৰ ‘জিকিৰ’ত আল্লাহৰ মহিমা আৰু মানৱ জীৱনৰ আধ্যাত্মিক দিশটো প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে ঈশ্বৰক বাহিৰত বিচাৰি ফুৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ বিশ্বাসীজনৰ হৃদয়তে বিৰাজ কৰে। মানুহৰ শৰীৰটোক ‘সজা’ আৰু আত্মাক ‘মইনা’ৰ লগত তুলনা কৰি আত্মাৰ মুক্তিৰ আকাংক্ষাৰ কথা কোৱা হৈছে। জিকিৰটিত হিন্দু আৰু ইছলাম ধৰ্মৰ ভাৱধাৰাৰ এক সুন্দৰ সমন্বয় ঘটিছে, যি অসমীয়া সমাজৰ সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন। - আজান ফকিৰৰ চমু পৰিচয় দিয়া।(HSLC 2019)
উত্তৰ: আজান ফকিৰ সপ্তদশ শতিকাত অসমলৈ অহা এজন ইছলাম ধৰ্মগুৰু আছিল। তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন। জনশ্ৰুতি মতে, তেওঁৱেই প্ৰথমে অসমত ‘আজান’ দি নামাজ পঢ়িবলৈ শিকাইছিল বাবে তেওঁক ‘আজান ফকিৰ’ বুলি জনা যায়। আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিছিল, য’ত তেওঁ ধৰ্ম চৰ্চা কৰিছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছিল। তেওঁ অসমীয়া ভাষাত ‘জিকিৰ’ আৰু ‘জাৰী’ গীত ৰচনা কৰিছিল। - “সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।” — তাৎপৰ্য ব্যাখ্যা কৰা।(HSLC 2022)
উত্তৰ: উদ্ধৃত কবিতাফাঁকি ‘অসমীয়া সাহিত্য চয়নিকা ‘ৰঅন্তৰ্গত আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। মানৱ জীৱন যে অস্থায়ী সেয়া উদ্ধৃত কবিতা ফাঁকিৰ দ্বাৰা বুজোৱা হৈছে। মানব জীবন অনিত্য অর্থাৎ ক্ষণস্থায়ী। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ সেয়া কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দ্বিতীয়বাৰ সেয়া উভতি নাহে। ঠিক সজাত বন্ধী কৰি বখা মইনা চৰাই এটিৰ দৰে। সজাৰ মইনা চৰাই এটি যদি কোনে প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি আৰু দুনাই ঘূৰি নাহে। সেয়ে কবিয়ে বুজাব বিচাৰিছে যে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া- মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত আত্মনিয়োগ কৰা উচিত। -
‘দেও মাৰি পাৰ হৈ জীবই আছে চাই। চোৱা চোৱা জীৱসকল ভেলৰে বিলাই”।। HSLC ’20
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আজান ফকিৰৰ দ্বাৰা ৰচিত ‘জিকিৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। অস্থায়ী মানর জীবন যে দুঃখ-যন্ত্রণাৰে, মায়া- মোহেৰে ভৰপুৰ তাকেই উক্ত কবিতাফাকিৰ দ্বাৰা বুজোৱা হৈছে। মানৱ জীৱন অনিত্য অর্থাৎ ক্ষণস্থায়ী। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ সেয়া কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দ্বিতীয়বাৰ সেয়া উভতি নাহে। ঠিক সজাত বন্ধী কৰি ৰখা মইনা চৰাই এটিৰ দৰে। সজাৰ মইনা চৰাই এটি যদি কোনে প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি আৰু দুনাই ঘূৰি নাহে। সেয়ে কবিয়ে বুজাব বিচাৰিছে যে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া- মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত আত্মনিয়োগ কৰা উচিত।
-
চমু টোকা লিখাঃ আজান ফকিৰ HSLC ’16, 22, 23
উত্তৰঃ আজান ফকিৰ বা শ্বাহ মিলান হৈছে এজন ইছমলাম ধর্মী সাধু লোক। তেওঁ সপ্তাদশ শতিকাৰ আদি ভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আৰব দেশৰ পৰা আৰু কোনো কোনোৰ মতে ভাৰতৰ আজমীৰৰ পৰা অসমলৈ আহিছিল। বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ মতে ৰূপাইদা- ধৰা নামেৰে এজন লোকৰ চক্ৰান্তত সেই সময়ৰ আহোম ৰজা গদাধৰ সিংহই আজান ফকিৰৰ চকু উভালি পেলায়। পিছলৈ তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি ৰজাইদিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বৃত্তি দি তেওঁক থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰে ধৰ্ম প্ৰচাৰ কৰি ইহলীলা সম্বৰণ কৰে। তেওঁ বহুতো ‘জিকিৰ আৰু জাৰি’ ৰচনা কৰিছিল। জিকিৰ আৰু জাৰি গীতসমূহত বিশ্ব সংসাৰৰ অনিত্যতা আৰু পৰম আল্লাহ আৰু ৰছুলৰ গুণানুকীৰ্তন আছে।
-
জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্রকাশ পাইছে? HSLC ’23
উত্তৰঃ জিকিৰসমূহত ঈশ্বৰ, ৰছুল, ইহকাল, পৰকাল, মানৱ জীৱনৰ অনিত্যতা আৰু পার্থিব জীৱনৰ বহুতো কৰণীয় দিশবোৰৰ কথা প্রকাশ পাইছে।
-
মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।’ ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।HSLC ’18, 20
উত্তৰঃ মক্কা হৈছে ইছলাম ধর্মালম্বীসকলৰ পবিত্র ধর্মস্থান। প্রতি বছৰ বহুতো লোক সেই ঠাইলৈ তীর্থ কৰিবলৈ যায়। কিন্তু সেই স্থান দর্শন কৰিলেই ধর্ম নহয় বা মুক্তি লাভ নহয়। মোক্ষ বা মুক্তি লাভ কৰিবলৈ মানুহ মুমিন অর্থাৎ ঈশ্বৰ বিশ্বাসী হ’ব লাগিব। যদিহে মানুহ মুমিন (ঈশ্বৰ বিশ্বাসী) নহয় আৰু ভাল-বেয়া বিচাৰ কৰি নচলে তেন্তে তীর্থলৈ গ’লেও মোক্ষ লাভ কৰিব নোৱাৰে। মন আৰু আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকনা মাছে শাল আৰু শ’লৰ লগত যুঁজিবলৈ যোৱাৰ দৰেই মূর্খামি। এনেদৰে উক্ত কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ মুর্খামিৰ কথাকেই সূচাইছে।
-
“খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ। স্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ।” HSLC ’18
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আজান ফকিৰৰ দ্বাৰা ৰচনা কৰা ‘জিকিৰ’ নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে। এই সংসাৰত মানুহ যে মায়া-মোহত আবদ্ধ হৈ ঈশ্বৰ বিমুখ হৈ থাকে সেয়া বুজাবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। ভাৰতবৰ্ষৰ প্ৰয়াগ নামে ঠাইত গংগা, যমুনা আৰু সৰস্বতী নামৰ তিনিখন নদী মিলিত হৈছে। নদী নিতনিখন মিলিত হোৱা স্থানখনক ‘ত্রিবেণী ঘাট’ বুলি কোৱা হয়। হিন্দু সকলে ত্রিবেণী ঘাটক তীর্থস্থান বুলি ভাবি প্রতি বছৰ তালৈ তীর্থ কৰিবলৈ যায়। ঠিক তেনেদৰে মক্কা হৈছে মুছলমানসকলৰ ত্রিবেণী ঘাট অর্থাৎ পুণ্য স্থান। তালৈ প্রতি বছৰ লাখ লাখ মানুহ তীর্থ কৰিবলৈ যায়। তীৰ্থ কৰিলে মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয় অর্থাৎ মানুহে মোক্ষ লাভ কৰিব পাৰে। পুণ্য সঞ্চয় মাত্র সেইসকল লোকৰ বাবেহে সম্ভব হয় যিসকলে সংসাৰৰ মায়া-মোহৰ পৰা মুক্ত। কিন্তু মানুহ বৰ নিৰ্বেঅধ সিহঁতে বিষয়-ভাৱনাত লিপ্ত থকা বাবে তীর্থ কৰিও পুণ্য সঞ্চয় বা মোক্ষ লাভ কৰিব নোৱাৰে।
Read Also:
- অৰণ্য যাত্ৰা প্রশ্ন উত্তৰ – click here
- উদ্যোগী হওঁ আহাঁ প্রশ্ন উত্তৰ – click here
- বৰগীত প্রশ্ন উত্তৰ – click here
- প্রশস্তি প্রশ্ন উত্তৰ – click here
- মই অসমীয়া প্রশ্ন উত্তৰ
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Chapter 2 FAQ
১) জিকিৰ কোনে ৰচনা কৰিছিল?
জিকিৰসমূহ আজান ফকিৰে ৰচনা কৰিছিল। তেওঁ অসমৰ হিন্দু-মুছলমান সম্প্ৰীতি স্থাপন কৰাৰ উদ্দেশ্যে এই জিকিৰসমূহ লিখিছিল।
২) জিকিৰ পাঠৰ মূলভাৱ কি?
জিকিৰ পাঠৰ মূলভাৱ হৈছে মানুহৰ মাজত ভাতৃত্ববোধ, সম্প্ৰীতি, নৈতিক শিক্ষা আৰু ঈশ্বৰ ভক্তিৰ বাণী প্ৰচাৰ কৰা।
৩) আজান ফকিৰ কোন আছিল?
আজান ফকিৰ অসমৰ এজন বিখ্যাত সুফী সাধক, কবি আৰু সমাজ সংস্কাৰক আছিল। তেওঁ অসমীয়া ভাষাত বহু জিকিৰ ৰচনা কৰিছিল।
৪) HSLC পৰীক্ষাত জিকিৰৰ পৰা কেনেধৰণৰ প্রশ্ন আহে?
HSLC পৰীক্ষাত জিকিৰ পাঠৰ পৰা চমু প্রশ্ন, দীঘলীয়া প্রশ্ন, ব্যাখ্যা, মূলভাৱ, লেখকৰ পৰিচয় আৰু অতিৰিক্ত প্রশ্ন অহাৰ সম্ভাৱনা থাকে।
৫) জিকিৰ কোন শ্ৰেণীৰ কোন অধ্যায়?
জিকিৰ হৈছে SEBA Class 10 Assamese Subject ৰ Chapter 2।
৬) জিকিৰ Question Answer কিয় গুৰুত্বপূর্ণ?
জিকিৰ Question Answer HSLC পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ কাৰণ ইয়াৰ পৰা প্ৰতি বছৰে বিভিন্ন ধৰণৰ প্রশ্ন অহাৰ সম্ভাৱনা থাকে।
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2026 – click here
প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved General SCIENCE Grammar – click here
HSLC Previous Year’s Question in PDF – click here
SEBA Class – 10 All Solutions – click here
আবেদন || শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুত কটনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্র লিখা। (আবেদন / প্ৰতিবেদনত নাম-ঠিকনা নিলিখিবা) [HSLC ’12, ’14 ] – click here
General SCIENCE Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] – click here
CLASS 10 : General SCIENCE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution – click here
প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] – click here
CLASS 10 : General SCIENCE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION
আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]
ASSEB Class -10 English | Lesson 1: A Letter to God | MCQ Test Series – click here
| IMPORTANT WEB-LINKS | |
|---|---|
| Click Here | |
| Click here | |
| Click Here | |
| Click Here | |
| click here | |
| click here | |
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions
SEBA Class 10 জিকিৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ
জিকিৰ Chapter 2 Question Answer Class 10 Assamese | HSLC with PYQ Important Solutions

Moi ear joria te bohut hikibo parilu
Moi pohi bohut hikibo parilu
ধন্যবাদ 🙏🙏