• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • English Grammar
  • Translation
  • Essay Section
  • অসমীয়া ৰচনা
  • বৈদিক গণিত
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Enrich Your knowledge
    • Universe
    • Lands and People
    • History
    • Science
    • Animals
    • Plants
    • Planet Earth
    • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11
  • Jobs Section
  • স্বাস্থ্য টিপস ।। Health Forecast

অসমীয়া ব্যাকৰণ

সমাসৰ সংজ্ঞা, বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ

August 27, 2023 by Souvik Leave a Comment

সমাসৰ সংজ্ঞা || সমাস কাক বোলে ?

পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বােলে। সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্রুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা। সমাসৰ সংজ্ঞা, বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ

যেনেঃ ঘৰত যি ওপজে = ঘৰওপজা।

সমাসৰ বৈশিষ্ট্যঃ

(ক) দুই বা তাতােকৈ অধিক পদ বা পদ থকা বাক্য লগ এক পদ হ’লেই সমাস হয়।
(খ) সমাস হােৱা পদবােৰে কেতিয়াবা প্রকৃত অর্থ।
(গ) সমাসত পদবােৰৰ বিভক্তিৰ চিন লুপ্ত সি হ’ব লগীয়া পদবিলাকৰ ব্যাক্যৰ অনেক পদ ললাপ হয়।

চন্দ্ৰয়ান-৩ বিষয়ে ৰচনা ।। Chandrayaan 3 Essay in Assamese – click here

ব্যাসবাক্যঃ

সমাসৰ অর্থ প্রকাশ কৰা বাক্য বা বাক্যাংশক ব্যাসবাক্য বােলে।
যেনেঃ পীতাম্বৰ পদটোৰ ব্যাসবাক্য হ’ল পীত বৰণীয়া অম্বৰ (কাপােৰ) পৰিধান কৰে যি-পীতাম্বৰ ।

সমস্ত পদঃ
পদবােৰৰ লগ লাগি শেষত যিটো পদ গঠিত হয়, সেই সমাসবদ্ধ পদটোক সমস্ত পদ বােলে।
যেনেঃ তিনিটা ৰং যাৰ তিনিবৰণীয়া; ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ।
ব্যস্ত পদঃ যিকেইটা পদৰ সমাস হয়, সিহঁতৰ প্রত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বােলে।
যেন হাতেকটা; সমাসবদ্ধ পদৰ হাতেৰে আৰু কটা প্ৰতিটো পদেই ব্যস্ত পদ।
সমাসৰ সংজ্ঞা বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ

সমাসৰ বিভিন্ন প্ৰকাৰ
সমাস সাধাৰণতে ছয় প্রকাৰৰ।
(ক) দ্বন্দ্ব সমাস
(খ) তৎপুৰুষ সমাস
(গ) কর্মধৰয় সমাস
(ঘ) দ্বিগু সমাস
(ঙ) বস্ত্রীহি সমাস আৰু
(চ) অব্যয়ীভাৱ সমাস।

(ক) দ্বন্দ্ব সমাসঃ

(ক) দ্বন্দ্ব সমাসঃ দুটা বা তাতােকৈ অধিক সংত ব্দ বা বিভিন্ন অর্থ বুজোৱা পদৰ মাজৰ সংযােজক অব্যয় লােপ পাই হােৱা সমাসকে সমাস বােলে। দ্বন্দ মানে হৈছে জোৰা।এই সমাসত সমস্যমান সংজ্ঞা শব্দবােৰ সংযোযক অব্যয় ‘ আৰু ৰ দ্বাৰা লগ লাগি থাকে।

যেনেঃ ভাই আৰু ককাই = ভাই ককাই

দ্বন্দ্ব সমাস তিনিবিধ হ’ল
(১) ইতৰেতৰ দ্বন্দ্ব,
(২) সমাহাৰ দ্বন্দ্ব,
(৩) একশেষ দ্বন্দ্ব

60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here

(খ) তৎ পুৰুষ সমাসঃ

তৎ পুৰুষ সমাসঃ যি সমাসত দুটা ব্যস্ত পদৰ প্রথম পদটো প্রথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে,আৰু এই বিভক্তি লােপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বােলে ৷

যেনেঃ চোৰক ধৰা = চোৰধৰা, গুক কটা = গুৱাকটা ইত্যাদি।

তৎপুৰুষ সমাস ছয় প্রকাৰৰ

(১) দ্বিতীয়া তৎপুৰুষ
(২) তৃতীয়া তৎপুৰুষ
(৩) চতুর্থী তৎপুৰুষ
(৪) পঞ্চমী তৎপুৰুষ
(৫) ষষ্ঠী তৎপুৰুষ আৰু
(৬) সপ্তমী তৎপুৰুষ।

(গ) কর্মধাৰয় সমাসঃ

কর্মধাৰয় সমাসঃ যি সমাসত ব্যস্ত পদবােৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগােৱা হয়,তাকে কর্মধাৰয় সমাস বােলে। এইসমাসত প্রথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়।

যেনেঃ পিতল বৰণৰ যি চকু-পিতলচকু,
শুক্ল যি পক্ষ-শুক্লপক্ষ, পুণ্য যি ভূমি- পূণ্যভূমি।

কর্মধাৰয় সমাস দুবিধ হ’ল
(১) মধ্যপদলােপী আৰু
(২) অত্যপদলােপী সমাস।

৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ – click here

(ঘ) দ্বিগু সমাসঃ

দ্বিগু সমাসঃ দুই বা তাতােকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।সমাসৰ সংজ্ঞা বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ

যেনেঃ সাত বিহুৰ সমাহাৰ-সাত বিহু,
নৱ ৰত্নৰ সমাহাৰ নৱৰত্ন,
ত্রি ভূৱনৰ সমাহাৰ-ত্রিভূৱন।ইত্যাদি।

(ঙ) বহুব্রীহি সমাসঃ

বহুব্রীহি সমাসঃ যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অর্থনুবুজাই আন কোনাে বিশেষ অর্থহে বুজায়, তাকে বহুব্রীহি সমাস বােলে।

যেনেঃ পদ্ম আছে নাভিত যাৰ-পদ্মনাভ,
হত হৈছে ভাগ্য যাৰ তেওঁ-হতভাগ্য,
বাঘে খাইছে যাক-বাঘেখােৱা ইত্যাদি।

বহুব্রীহি সমাস তিনি প্রকাৰৰ
(১) কর্মধায় বহুব্রীহি বা সমানাধিকৰণ বহুব্রীহি,
(২) ব্যাধিকৰণ বহুব্রীহি বা তৎপুৰুষ বহুব্রীহি আৰু
(৩) ব্যতিহাৰ বহুব্রীহি।

(চ) অব্যয়ীভাৱ সমাসঃ



(চ) অব্যয়ীভাৱ সমাসঃ সামীপ্য, অভাৱ, পৰ্য্যন্ত, সদৃশ, যােগ্য আদি অর্থ প্রকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকেই অব্যয়ীভাৱ সমাস বােলে।সমাসৰ সংজ্ঞা বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ

যেনেঃ বনৰ সমীপ = উপবন,
সুখৰ অভাৱ = অসুখ,
জীৱন পর্যন্ত = আজীৱন ইত্যাদি।

ব্যাসবাক্য লিখি বিভিন্ন শব্দৰ সমাসৰ নাম
বৃকোদৰ – বৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁ = বহুব্রীহি সমাস।

পীতাম্বৰ – পীতবৰণীয়া অম্বৰ (কাপােৰ) যাৰ =বহুব্রীহি সমাস।

কুকুৰনেজীয়া = কুকুৰৰ নেজৰ দৰে নেজ যাৰ =বহুব্রীহি সমাস।

ত্রিফলা= ত্ৰি ফলৰ সমাহাৰ = দ্বিগু সমাস।

তেলপানী = তেল আৰু পানী = দ্বন্দ্ব সমাস।

কাপুৰুষ = কু যি পুৰুষ = কর্মধৰয় সমাস।

পুণ্যভূমি = পূণ্য যি ভূমি= কর্মধৰয় সমাস।

অহিংসা=হিংসাৰ অভাৱ= অব্যয়ীভাৱ সমাস।

অস্ত্র-শস্ত্র =অস্ত্ৰ আৰু শস্ত = দ্বন্দ্ব সমাস।

সাতপুৰুষ=সাত পুৰুষৰ যি =কর্মধৰয় সমাস।

বনবাস = বনত বাস =তৎপুৰুষ সমাস।

দেশপ্রাণ=দেশৰ পলৈ প্ৰাণ= তৎপুৰুষ সমাস।

পৰােক্ষ =অক্ষৰ পাছত =অব্যয়ীভাৱ সমাস।

পাঁচৰজীয়া = পাঁছ ৰজাৰ সমাহাৰত = দ্বিগু সমাস।

হৰিহৰ= হৰি আৰু হৰ = দ্বন্দ্ব সমাস।

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

সমাসৰ সংজ্ঞা বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ

সমাসৰ সংজ্ঞা, বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: asaam study hub, অসমীয়া ব্যাকৰণ

৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ

August 22, 2023 by Souvik Leave a Comment

৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ

১) অকথিত ঃ অব্যক্ত , অনুক্ত

২) অঞ্জলি ঃ আঁজলি, বদ্ধাঞ্জলি, কৰকোষ

৩) অতপালি ঃ উদ্ভণ্ডালি

৪) অনাথ ঃ গৰাকীহীন , অভিভাৱকবিহীন

৫) অনুমতি ঃ অনুজ্ঞা , আজ্ঞা

৬) অপলক ঃ অনিমিষ, নিৰ্নিমেষ, অনিমেষ

৭) অভিহত ঃ আহত

৮) অহংকাৰী ঃগৰবী, মদগৰ্বী, মইবৰ, দাম্ভক, দম্ভী

৯) অশৌচ ঃ চুৱা

১০) অসভ্য ঃ অভদ্ৰ, অভব্য় ,অশিষ্ট, বৰ্বৰ

১১) অসহ্য় ঃ অসহনীয় , দুৰ্বিসহ , দুঃসহ

১২) অক্সিজেন ঃ অম্লজান

১৩) অঘৰী ঃ ঘৰহীন, গৃহহীন, অনিকেত

১৪) অজাতি ঃ অ-কুল, অকুলীন, অকুলীয়া , অকুলীয়ান

১৫) অধীৰ ঃ অস্থিৰ , অথিৰ , অশান্ত, চঞ্চল,চপল

60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here

১৬) অমৰত্ব ঃ অনশ্বৰতা,অবিনশ্বৰতা

১৭) অলংকাৰ ঃ আভূষণ, কঞ্চুল, ভূষণ,ভূষা, গহনা

১৮) অবিশ্বাস ঃ অপ্ৰত্যয় , অসঞ্জাত, অনাস্থা, বিশ্বাসহীনতা

১৯) অভাব ঃ অকুলন, অনাটন, অপ্ৰতুল,নাটনি

২০) অভিশাপ ঃ অকৰণি, অভিশাস্তি, শাও, শাপ

২১) অলপ ঃ ন্যূন , অল্প, যৎসামান্য,তাকৰ, কিঞ্চিৎ,ঈষৎ

২২)অমৃত ঃ সুধা , অমিয়, পীয়ুষ, অমিয়া

২৩) অধোগতি ঃ অধঃপতন , নিম্নগমন,অধোগমন, অৱনতি

২৪) অজ্ঞতা ঃ মূৰ্খতা, অজ্ঞানতা,মূঢ়তা

২৫) অস্তিত ঃ বিদ্য়ামানতা, সত্তা, অৱস্থান, স্থিতি

২৬) অশ্লীল ঃ ওভং, অশালীন, অশিষ্ট

২৭) অনুগমন ঃ অনুসৰণ, অনুকৰণ

২৮) অন্তেষপুৰ ঃ ভিতৰমহল , অন্তঃপুৰ , অন্দৰমহল

৩০) অথবা ঃ অন্যথা , নতুবা , কিংবা , বা, কিম্বা , বা

৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ



৩১) অতীত ঃ ভূত, অতীজ, গত, অতিক্ৰান্ত, বিগত

৩২) অকাম্য ঃ অবাঞ্ছনীয় , অপ্ৰত্যাশিত.

৩৩) অগ্নিদেৱতা ঃ, হব্যবাহন

৩৪) অসীম ঃ অশেষ, অনন্ত , অপৰিসীমা , সীমাশূন্য, অন্তহীন, সীমাহীন

৩৫) অৱৰোহন ঃ অৱতৰণ

৩৬) অৰ্পণ ঃ আহুতি , সমৰ্পণ , দা২ন , তৰ্পণ , নিৱেদন, উছৰ্গা

৩৮) অব্যৰ্থ ঃ ব্যৰ্থহীন, অমোঘ

৩৯) অপৰাধ ঃ দোষ, গুণাহ , জগৰ



৪০) অনুবাদ ঃ ভাষান্তৰ, তৰ্জমা , ভাঙনি

৪১) অধিকাৰ ঃ দখল, হক , দাবী

৪২) অটুট ঃ অক্ষুণ্ণ , অক্ষয়

৪৩) অচিলা ঃ চেলু , অজুহাত

৪৪)অকপট ঃ সৰল , চিধা , অকুটিল , ভলভলীয়া , অকপটীয়া

অক্ৰূৰ ।

৪৫) অসুবিধা ঃ আহুকাল , অসুচল , মুস্কিল , জঞ্জাল

৪৬) অশ্বাৰোহী ঃ ঘোঁৰাচৱৰী ,চোৱাৰ , চোৱাৰী

৪৭) অমিল ঃ বিভেদ, পাৰ্থক্য , ভেদ , অনৈক , গড়মিল, প্ৰভেদ

৪৮) অবাধ্য ঃ উদ্ধত , আবৰ

৪৯) অপেক্ষা ঃ বাটচোৱা, চবুৰ , প্ৰতীক্ষা

৫০) অনিদ্ৰা ঃ নিদ্ৰাহীনতা ৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ

৫১) অত্যাচাৰ ঃ উপদ্ৰৱ , উৎপীড়ন

৫২) অতিশয় ঃ বহুত , অতি , অধিক , অত্যধিক, খুব , অত্যন্ত, যথেষ্ট

৫৩) অগ্নিহোত্ৰী ঃ অগ্ন্যাহিত , অগ্নীধ

৫৪) অখ্যাত ঃ খ্যাতিহীন, অপ্ৰসিদ্ধ

৫৫) অসম্ভাব্য ঃ অসম্ভাৱিত , অসম্ভাৱনীয়

200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese – click here

৫৬) অশ্ৰু ঃ লো, নেত্ৰজল , অক্ষিজল , চকুলো , লোতক , চকুপাণী , নেত্ৰাম্বু, নয়নজল

৫৭)অমৰ ঃ মূত্যুঞ্জয় , চিৰঞ্জীৱ , চিৰায়ু, চিৰজীৱী, চিৰজীৱী

৫৮) অন্ধতা ঃ দৃষ্টিহীনতা , অন্ধত্ব

৫৯)অন্তিমকাল ঃ ইন্তাকাল , মৰণকাল , মৃত্যুক্ষণ , ইন্তেকাল

৬০) অদহনীয় ঃ অদাহ্য

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ – click here



৬১) অতিথিশাল ঃ যাত্ৰীনিৱাস , অতিথিগৃহ

৬২) অজলা ঃ অঁকৰা , আজলা,ভেদেঙা , হাৱাং, আব্ৰা , হোজা

৬৩) অংশীদাৰ ঃ ভাগী, চৰিক , ভগিয়াৰ, ভাগীদাৰ

৬৪) অহংকাৰী ঃ দম্ভী, গৰ্বী , দাম্ভিক , অবিনীত , মইবৰ , গৰবী

৬৫) অসন্ত্তষ্ট ঃ বিতুষ্ট , অতুষ্ট , অপ্ৰসন্ন

৬৬) অভ্যাস ঃ সাধনা, অনুশীলন , অধ্যৱসায় , চেষ্টা, পৰিশীলন , চেষ্টা

৬৭) অবতৰ ঃ আবতৰ

৬৮) অপ্সৰা ঃসুৰসুন্দৰী , অপেচৰা, দিব্যনাৰী , সুৰকন্যা, অপেস্বৰী , সুৰধৰ , দিব্যাংগনা , সুৰবালা , ত্ৰিদশবনিতা , অপেস্বৰা

৬৯) অনুতাপ ঃ অনুশোচনা , খেদ , পৰিতাপ

৭০) অনবৰত ঃ একেৰাহে, অবিৰাম , নিৰন্তৰ , অবিশান্তৰূপে , ধাৰাসাৰে

৭১) অচিনাকী ঃ অপৰিচিত , অচিন , অচিনা

৭২) অখণ্ড ঃ অখণ্ডনীয় , অভগ্ন , অবিভক্ত , অখণ্ডিত

৭৩) অসাৰুৱা ঃ কটুৰ , অনুৰ্বৰ , ঊষৰ , অনুৰ্বৰা

৭৪) অলৌকিকঃ লোকাতীত , অপাৰ্থিৱ

৭৫) অমংগল ঃ অহিত , অকল্যাণ, অশুভ, অথন্তৰ , অনৰ্থ

৭৬) অভিজাত ঃ সম্ভ্ৰমযুক্ত, সম্ভ্ৰান্ত

৭৭) অবিহনে ঃঅনুপস্থিতিৰে, অবৰ্তমানে , অবিদ্য়মানে

৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ
৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ



৭৮) অপ্ৰকাশিত ঃ অব্যক্ত, অপ্ৰকট

৭৯) অনুমাণ ঃ আইদিয়া কৰা , আন্দাজ , ধাৰণা

৮০) অধোবদন ঃ অধোমুখ ; ৯০+ সমাৰ্থক শব্দ ।। Synonyms in Assamese || অসমীয়া ব্যাকৰণ

৮১) অতুলনীয় ঃ নিৰুপম , অতুল , অপূৰ্ব , অন্যন , নিৰুপম , অতুল্য , অনুপম , অভিন্ন

৮১) অগণন ঃ শ শ , লাখ লাখ ,অলেখ, লক্ষকোটি , শতকোটী, অসংখ্য , অজস্ৰ , ইত্যাদি

৮২) অকথ্য ঃ অবাচ্য , অকথনীয়

৮৩) অস্ত্ৰ ঃ হাথিয়াৰ , শস্ত্ৰ, হাতিয়াৰ , আহিলা

৮৪) অৱনত ঃ অৱনতমস্তক , আনত , নতশিৰ , নত

৮৫) অলংকাৰ ঃ অৱতংস , আভূষণ, ভূষণ, আকল্প , ভূষণ, ভূষা , বিভূষণ , গহনা

৮৬) অবাধ ঃ মুকলি, অপ্ৰতিহত , বাধাশূন্য , আবতৰীয়া , মুক্ত, বাধাহীন , অপ্ৰতিহত , নিৰস্কুশ

৮৭) অফিচ ঃ দফতৰ , কাৰ্যালয় , দোপদৰ , দপ্তৰ

৮৮) অনায়াসে ঃ সহজে , হেলাৰঙে , বিনাকষ্টে

৮৯) অথবা ঃ বা , অন্যথা , কিম্বা , নতুবা , কিংবা , নাইবা

৯০) অৰ্জুন ঃ সব্যসাচী , কৃষ্ণসখ , কপিধ্বজ , বিজয় , ধনঞ্জয় , শ্বেতবাহ , পাৰ্থ , কপিকেতন , ইত্যাদি

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: asaam study hub, অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

August 20, 2023 by Souvik Leave a Comment

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ


প্ৰশ্ন: সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ৷
উত্তৰ: কোনো এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয় ৷

সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?
সন্ধি তিনি বিধ –
১. স্বৰ সন্ধি ৷
২. ব্যঞ্জন সন্ধি ৷
৩. বিসৰ্গ সন্ধি ৷ বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয় ৷

60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here

প্ৰশ্ন:
স্বৰ সন্ধি কাক বোলে ? স্বৰ সন্ধিৰ উদাহৰণ দিয়া ?
স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় ৷

ক) অ + অ = আ জল + অধিপতি= জলাধিপতি নৰ + অধম= নৰাধম সেইদৰে, দেবাসুৰ, শোকানল, দেশান্তৰ , দাবানল, বকাসুৰ

খ) অ + আ = আ হিম + আলয় = হিমালয় যম + আলয়= যমালয় সেইদৰে, ভয়াতুৰ , মেঘালয়, শৈচাগাৰ , নৰকাসুৰ,

গ) আ + আ= আ বিদ্যা + আলয় = বিদ্যালয় মহা +আশয়= মহাশয় সেইদৰে, মহালয়, মহানন্দ, কাৰাগাৰ,ৰমানন্দ

ঘ) আ+ অ= আ মহা+ অৰ্ঘ= মহাৰ্ঘ যথা+ অৰ্থ= যথাৰ্থ সেইদৰে, আশাতীত, কথামৃত , সীমান্ত, আশানুৰূপ,

ঙ) ই+ ই= ঈ মুনি+ ইন্দ্ৰ= মুনীন্দ্ৰ গিৰি+ ইন্দ্ৰ= গিৰীন্দ্ৰ সেইদৰে, ৰবীন্দ্ৰ, অতীত, প্ৰতীতি

চ) ই+ ঈ= ঈ পৰি + ঈক্ষা = পৰীক্ষা, ক্ষিতি+ ঈশ= ক্ষিতীশ সেইদৰে, গিৰীশ, প্ৰতীক্ষা

ছ) ঈ+ ঈ= ঈ মহী+ ঈশ= মহীশ গৌৰী+ ঈশ্বৰ = গৌৰীশ্বৰ সেইদৰে, শচীশ, পৃথিৱীশ্বৰ

জ) ঈ+ ই= ঈ সতী+ ইন্দ্ৰ= সতীন্দ্ৰ বলী+ইন্দ্ৰ= বলীন্দ্ৰ সেইদৰে, সুধীন্দ্ৰ

ঝ) উ+উ = ঊ মৰু + উদ্যান= মৰূদ্যান গুৰু+ উপদেশ= গুৰূপদেশ সেইদৰে, কটুক্তি, সুক্ত

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ক) অ + অ  = আ

জল + অধিপতি জলাধিপতি
শস্য + অধিপতিশস্যাধিপতি
নৰক + অসুৰনৰকাসুৰ
দেৱ + অসুৰদেৱাসুৰ
নৰ + অধমনৰাধম
নীল + অচলনীলাচল
হস্ত + অক্ষৰহস্তাক্ষৰ
দেশ + অন্তৰদেশান্তৰ
ৰূপ + অন্তৰ ৰূপান্তৰ
দেৱ + অসুৰদেবাসুৰ
পৰ  + অধীন পৰাধীন
লাভ  + অলাভলাভালাভ
কৃষ্ণ + অৰ্জুন =কৃষ্ণাৰ্জুন

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(খ) অ + আ = আ

হিম + আলয়হিমালয়
ভোক + আতুৰভোকাতুৰ
ভয় + আতুৰভয়াতুৰ
বিবেক + আনন্দবিবেকানন্দ
পৰম + আনন্দপৰমানন্দ
শুভ + আগমনশুভাগমন
বৰ্ণ + আশ্ৰমবৰ্ণাশ্ৰম
শৃংখল + আবদ্ধশৃংখলাবদ্ধ
শোক + আকুলশোকাকুল
ছাত্ৰ + আবাসছাত্ৰাবাস
পূৰ্ণ + আনন্দ পূৰ্ণানন্দ
শিল্প + আলয়শিল্পালয়
ৰত্ন    + আকৰৰত্নাকৰ
ভাৰ + আক্ৰান্তভাৰাক্ৰান্ত
পুনৰ + আবৃতিপুনৰাবৃত্তি
হত + আশাহতাশা
বৃত্ত + আকাৰবৃত্তাকাৰ

(গ) আ + আ = আ

বিদ্যা + আলয় বিদ্যালয়
উমা + আনন্দউমানন্দ
মহা + আশয়মহাশয়
মহা + আলয় মহালয়
তৃষ্ণা + আতুৰতৃষ্ণাতুৰ
বিদ্যা + আৰম্ভবিদ্যাৰম্ভ
কাৰা + আগাৰকাৰাগাৰ
সদা  + আনন্দসদানন্দ
মন্ত্ৰণা  + আলয় মন্ত্ৰণালয়
গৱেষণা + আগাৰগৱেষণাগাৰ
শ্ৰদ্ধা + আস্পদশ্ৰদ্ধাস্পদ
অনা + আৰ্যঅনাৰ্য

(ঘ) আ + অ = আ

সীমা + অন্তসীমান্ত
আশা + অতীতআশাতীত
ধাৰণা + অতীতধাৰণাতীত
যথা + অৰ্থযথাৰ্থ
ক্ষমতা + অধীনক্ষমতাধীন
মহা + অৰ্ঘমহাৰ্ঘ
বিদ্যা + অৰ্ণৱবিদ্যাৰ্ণৱ
আশা + অনুৰূপআশানুৰূপ

(ঙ) ই + ই = ঈ

অতি + ইন্দ্ৰিয়অতীন্দ্ৰিয়
অভি + ইষ্ট অভীষ্ট
প্ৰতি + ইতিপ্ৰতীতি
অতি + ইতঅতীত
অতি + ইবঅতীব
ৰবি + ইন্দ্ৰৰবীন্দ্ৰ
গিৰি + ইন্দ্ৰগিৰীন্দ্ৰ

(চ) ই + ঈ = ঈ

পৰি + ঈক্ষা পৰিক্ষা
ক্ষিতি + ঈশক্ষিতীশ
গিৰি  + ঈশ গিৰীশ
প্ৰতি + ঈক্ষাপ্ৰতীক্ষা 

(ছ) ঈ + ঈ = ঈ

সতী + ঈশসতীশ
মহী + ঈশমহীশ
পানী + ঈয়াপনীয়া
গৌৰী + ঈশ্বৰ গৌৰীশ্বৰ

(জ) ঈ + ই = ঈ

শচী + ইন্দ্ৰশচীন্দ্ৰ
মহতী + ইচ্ছামহতীচ্ছা
বলী + ইন্দ্ৰবলীন্দ্ৰ
সতী + ইন্দ্ৰসতীন্দ্ৰ

(ঝ) উ + উ = ঊ

গুৰু + উপদেশগুৰূপদেশ
মৰু + উদ্যানমৰূদ্যান
কটু + উক্তিকটূক্তি

(ঞ) উ+ ঊ = ঊ

লঘু + ঊমিলঘূৰ্মি
বায়ু + ঊমিবায়ূৰ্মি
00
00

(ট) অ + ই = এ  আৰু  অ + ঈ = এ

নৰ + ইন্দ্ৰ নৰেন্দ্ৰ
দেৱ + ইন্দ্ৰদেৱেন্দ্ৰ 
পৰম + ঈশ্বৰপৰমেশ্বৰ
নৰ + ঈশ নৰেশ
দেৱ + ঈশ্বৰদেবেশ্বৰ

(ঠ) আ + ই = এ আৰু আ + ঈ = এ

যথা + ইষ্টযথেষ্ট
মহা + ইন্দ্ৰমহেন্দ্ৰ
মহা + ঈশ্বৰমহেশ্বৰ
ৰমা + ঈশ ৰমেশ

(ড) অ + উ = ও আৰু অ + ঊ = ও

সম + উচিত সময়োচিত
বোধ + উদয় বোধোদয়
প্ৰশ্ন + উত্তৰপ্ৰশ্নোত্তৰ
স্নাতক + উত্তৰস্নাতকোত্তৰ
হিত + উপদেশহিতোপদেশ
সম + উচিতসমুচিত
শীত + উষ্ণশীতোষ্ণ
গৃহ + ঊৰ্ধ্ব গৃহোৰ্ধ্ব

(ঢ) আ + উ = ও আৰু আ + ঊ = ও

যথা + উপযুক্তযথোপযুক্ত
যথা + উচিত যথোচিত
মহা + উদয়মহোদয়
কথা + উপকথনকথোপকথন
গংগা + ঊৰ্মি গংগোৰ্মি

(ণ) অ + ঋ = ৰেফ  আৰু আ + ঋ = ৰেফ

দেৱ + ঋষিদেৱৰ্ষি
সপ্ত + ঋষিসপ্তৰ্ষি
মহা + ঋষি মহৰ্ষি
ৰাজা + ঋষিৰাজৰ্ষি

(ত) অ + এ = ঐ আৰু আ + এ = ঐ

হিত + এষীহিতৈষী
জন + এক জনৈক
তথা +  এবচতথৈবচ
তথা + এবতথৈব

(থ) অ + ঐ = ঐ আৰু আ + ঐ = ঐ

মত + ঐক্যমতৈক্য
ৰাজ + ঐশ্বৰ্যৰাজৈশ্বৰ্য
মহা + ঐৰাৱতমহৈৰাৱত
মহা + ঐশ্বৰ্যমহৈশ্বৰ্য

(দ) অ + ও = ঔ আৰু অ + ঔ = ঔ 

জল + ওঘজলৌঘ
জল + ওকাজলৌকা
পৰম + ঔষধপৰমৌষধ
বন + ঔষধি বনৌষধি

(ধ) ই + অ =  ্য ,   ই + আ =  ্য  আৰুঈ + অ =  ্য

অতি + অধিকঅত্যধিক
অতি + অন্তঅত্যন্ত
ইতি + আদিইত্যাদি
অতি + আচাৰঅত্যাচাৰ
নদী+ অম্বুনদ্যম্বু
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ন)  ই + উ =  ্য,  আৰু  ই + এ =  ্য

প্ৰতি + উত্তৰপ্ৰত্যুত্তৰ
উপৰি +  উপৰিউপৰ্যুপৰি
অভি + উদয়অভ্যুদয়
প্ৰতি + একপ্ৰত্যেক

(প) এ + অ = অয়, আৰু  ঐ + অ = আয়

নে + অন নয়ন
শে + অনশয়ন
গৈ + অকগায়ক
নৈ + অক নায়ক

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ


প্ৰশ্ন: ব্যঞ্জন সন্ধি কাক বোলে ? ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া ?

ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ অথবা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয় ৷

ব্যঞ্জন সন্ধিৰ উদাহৰণ –

অনু + ছেদ = অনুচ্ছেদ ৷
দিক্ + অন্ত = দিগন্ত ৷
উৎ + ভিদ = উদ্ভিদ ৷
উৎ + লেখ = উল্লেখ ৷

  • ডাক্ + গাড়ী = ডাকগাড়ী
  • পাক + ঘৰ = পাকঘৰ
  • বুধ + বাৰ = বুধবাৰ
  • এক +টা = এটা
  • দুই +টা = দুটা
  • এক +খন = এখন
  • পাঁচ +টা = পাঁচোটা
  • কৰ + ইলোঁ = কৰিলোঁ
  • থল + উৱা = থলুৱা
  • ডাল + উৱা = দলুৱা
  • মানুহ + এ = মানুহে
  • ধাৰ + উৱা = ধৰুৱা
  • তল্ + উৱা = তলুৱা
  • জাপৰ + ই = জাপৰি

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar – click here

প্ৰশ্ন: বিসৰ্গ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?
স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত বিসৰ্গৰ মিলন হ’লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় ৷ বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় ৷

বিসৰ্গ সন্ধিৰ উদাহৰণ –

নি: + চয় = নিশ্চয় ৷
নি: + ঠুৰ = নিষ্ঠুৰ ৷
পুৰ: + কাৰ = পুৰস্কাৰ ৷
নম: + কাৰ = নমস্কাৰ ৷

সন্ধি ভাঙা:

উৎ +নতি = উন্নতি
দুঃ + চিন্তা = দুশ্চিন্তা
লাভ + অলাভ = লাভালাভ
গােন্ধ + ঈশ্বৰ = গােন্ধেশ্বৰ
গুণ + অভিৰাম = গুণাভিৰাম
বহিৰ +আগত = বহিৰাগত
ইতি +আদি = ইত্যাদি
সত্য +সত্য = সত্যাসত্য
সম + অন্বয় = সমন্বয়
অৰুণ +আচল = অৰুণাচল
সীমা +অন্ত = সীমান্ত
লােক +অৰণ্য = লােকাৰণ্য
পৰম + ঈশ্বৰ = পৰমেশ্বৰ
নৱ +উদয় = নবােদয়
দেশ +আচাৰ = দেশাচাৰ
সূর্য + উদয় = সূর্যোদয়
যােগ +ঈশ্বৰ = যােগেশ্বৰ

তত্ত্ব +অৱধান = তত্ত্বাৱধান
ৰূপ +অন্তৰ = ৰূপান্তৰ
অৰুণ +উদয় = অৰুণােদয়
মহান + আত্মা = মহাত্মা
ভোক + ইন্দ্র = ভােকেন্দ্র
ৰবি +ইন্দ্র = ৰবীন্দ্র
অতি +ইত = অতীত
যজ +ন = যজ্ঞ
এক +অধিক = একাধিক
জীৱন +আনন্দ = জীৱনানন্দ
সংগ্রহ +আলয় = সংগ্রহালয়
দ্বীপ + অন্তৰ = দ্বীপান্তৰ
ফল +অফল = ফলাফল
গােল +আকাৰ = গােলাকাৰ
বিদ্যা +আৰম্ভ = বিদ্যাৰম্ভ
মত +অন্তৰ = মতান্তৰ
শােক + আকুল = শােকাকুল
অন্য +অন্য = অন্যান্য

শিষ্ট + আচাৰ = শিষ্টাচাৰ
অতি +ইন্দ্রিয় = অতীন্দ্রিয়
অভি + ইষ্ট = অভীষ্ট
গিৰি + ঈশ = গিৰীশ
সপ্ত + ঋষি = সপ্তর্ষি
ক্ষুধা + আর্ত = ক্ষুধার্ত
জন +এক = – জনৈক
প্রতি +এক = প্রত্যেক
অনু +এষণ = অন্বেষণ
শে + অন = শয়ন
নৈ + অক = নায়ক।
গাে +অক্ষ = গােবাক্ষ
সম্ +হাৰ = সংহাৰ
সম্ +চয় = সঞ্চয়
যাচ্ +না = যাজ্ঞা
সম + ট = সম্রাট
নিঃ +ৰৱ = নীৰৱ
নিঃ + আভৰণ = নিৰাভৰণ।
বৃহৎ+পতি = বৃহস্পতি
ভো +অন = ভৱন
ন +মার্জিত = অমার্জিত
ভৌ +উক =ভাবুক
দুঃ + ঘােৰ = দুৰ্ঘোৰ
স্ব +ইৰিণী = স্বাৰিণী

ৰূপ + অন্তৰ = ৰূপান্তৰ
প্রতি +ইতি = প্রতীতি
পৰি + ঈক্ষা = পৰীক্ষা
মৰু +উদ্যান = মৰুদ্যান।
হিম +আর্ত = হিমার্ত
শীত +আর্ত = শীতার্ত
মত +ঐক্য = মতৈক্য
সু +আগত = স্বাগত
নে +অন = নয়ন
গৈ +অক = গায়ক
পাে +ই = পবিত্র
সম্ +কাৰ = সংস্কাৰ
সম্ + লগ্ন = সংলগ্ন
সৎ+জন = সজ্জন
উৎ +জ্বল = উজ্জ্বল
মনঃ +থ = মনস্থ।
মানুহ +এ = মানুহে
মাহ +এক = মাহেক
নভ +মণ্ডল = নভােমণ্ডল
শােক +আতুৰ = শােকাতুৰ
সৎ +ইচ্ছা = সদিচ্ছা
দিব্য + লােক = দিব্যলােক
পুৰঃ +হিত = পুৰােহিত

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: asaam study hub, অসমীয়া ব্যাকৰণ

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

August 19, 2023 by Souvik Leave a Comment

১) অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ খনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ:- ‘A Grammar of the Assamese Language’, উইলিয়াম ৰবিন্সন।

২) কিমান চনত অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ ৰচিত হয়?
উত্তৰ:- ১৮৩৯ চনত।

৩) অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ কোনে, কিমান চনত ৰচনা কৰিছিল? ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ড০ নাথান ব্ৰাউনে, ১৮৪৮ চনত, ‘Grammatical Notes on the Assamese Language’.

৪) অসমীয়া ভাষাত ৰচিত প্রথম ব্যাকৰণখনৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ:- ‘অসমীয়া ভাষাৰ ব্যাকৰণ’, ১৮৫৯ চন, হেমচন্দ্ৰ বৰুৱা।

৫) ‘ব্যাকৰণ কৌমুদী’ কাৰ ৰচন?
উত্তৰ:- ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ।

৬) কালিৰাম মেধিৰ ভাষাতত্ব বিষয়ক গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- ‘অসমীয়া ভাষাতত্ব আৰু ব্যাকৰণ’, ১৯৩৬ চন।

৭) সত্যনাথ বৰাৰ ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ‘বহল ব্যাকৰণ’।

৮) ‘বহল ব্যাকৰণ’ কিমান চনত প্ৰকাশ হয়?
উত্তৰ:- ১৯২৫ চনত।

৯) ‘Assamese: Its Formation and Development’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ:- ড০ বাণীকান্ত কাকতি।

১০) অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গবেষণা গ্ৰন্থখনৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ:- ‘Assamese, Its Formation and Development’, ১৯৪১ চন, ড০ বাণীকান্ত কাকতি।

১১) অসমীয়া ভাষাত ভাষাবৈজ্ঞানিক ভিত্তিত ৰচিত প্রথম ব্যাকৰণখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ:- ‘অসমীয়া গোলোক ব্যাকৰণ’, ১৯৭২ চন, গোলোকচন্দ্ৰ গোস্বামী।

১২) ‘ব্যাকৰণ আৰু প্রাকৃতি বিজ্ঞান’ কাৰ ৰচনা?
উত্তৰ:- ড০ ৰমেশ পাঠক।

১৩) ‘অসমীয়া ব্যাকৰণৰ ৰূপৰেখা’ কাৰ ৰচনা?
উত্তৰ:- বাপচন্দ্র মহন্তৰ, ১৯৮৯ চন।

১৪) ব্যাকৰণ শব্দৰ প্রথম উল্লেখ ক’ত পোৱা যায়?
উত্তৰ:- অথর্ববেদৰ গোপঠ ব্রামণ গ্রন্থত।

১৫) ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- গোলোকচন্দ্ৰ গোস্বামী।

১৬) পাণিনি ৰচিত ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ‘অষ্টাধ্যায়ী’।

১৭) ‘ব্যাকৰণ মাত্রৰে তলিখন ফুটা’ (All grammars leak) বুলি কোনে কৈছে?
উত্তৰ:- এডৱাৰ্ড ছেপিৰে।

১৮) অসমীয়াত পুৰুষ কেইটা?
উত্তৰ:- চাৰিটা।

১৯) ভাষাৰ নিম্নতম স্তৰৰ মৌলিক আৰু বাস্তৱ সামগ্ৰী কি?
উত্তৰ:- ধ্বনি বা বাগধ্বনি।

২০) অসমীয়া ভাষাত কিমানটা স্বৰবৰ্ণ আছে?
উত্তৰ:- ৮ টা।১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

২১) অসমীয়া ভাষাত কিমানটা ব্যঞ্জন বর্ণ আছে?
উত্তৰ:- ২১ টা।

২২) বর্ণতাত্বিক আলোচনাৰ মৌলিক একক কি?
উত্তৰ:- বৰ্ণ।

২৩) ‘অসমীয়া ভাষাৰ ইতিহাস’ গ্রন্থখনৰ ৰচক কোন?
উত্তৰ:- ড০ ৰমেশ পাঠক।

২৪) ‘An introduction to Assamese phonology’ গ্রন্থৰ ৰচক কোন?
উত্তৰ:- গোলোকচন্দ্ৰ গোস্বামী।

২৫) অপভ্ৰংশ ভাষাৰ স্তৰ কেইটা?
উত্তৰ:- দুটা।

60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here



২৬) পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়ালটোৰ নাম কি?
উত্তৰ:- ইণ্ডো-ইউৰোপীয়।

২৭) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালটোৰ প্ৰধান ভাগ কেইটা?
উত্তৰ:- দুটা।

২৮) হোমাৰৰ ‘ইলিয়াড’ আৰু ‘ওডিছি’ মহাকাব্য দুখন কোনটো উপভাষাত ৰচিত?
উত্তৰ:- আয়োনিক।

২৯) ইণ্ডো-ইউৰোপীয় নামটো কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- থমাছ য়ঙে।

৩০) অসমীয়া ভাষাৰ মুখ্য উপভাষা কেইটা?
উত্তৰ:- দুটা।

৩১) এটা বা ততোধিক ধ্বনিৰ সমাহৰণেৰে নির্ণিত বিশিষ্ট ধ্বনিগোটক কি বোলে?
উত্তৰ:- বর্ণ।

৩২) অসমীয়া ভাষাত কোনটো কাৰকৰ বিভক্তি নাই?
উত্তৰ:- অপাদান কাৰক।

৩৩) ৰূপতাত্বিক আলোচনাৰ মৌলিক একক কি?
উত্তৰ:- প্রাকৃতি।

৩৪) উষ্ম ধ্বনি কেইটা?
উত্তৰ:- ৪ টা।

৩৫) নাসিক্য ধ্বনি কেইটা?
উত্তৰ:- ৩ টা।

৩৬) অসমীয়া স্ত্ৰী প্রত্যয় কেইটা?
উত্তৰ:- ৪ টা।

৩৭) অসমীয়াত কাৰক কেই প্রকাৰ?
উত্তৰ:- ছয়।

৩৮) অসমীয়াত শব্দ বিভক্তি কেই প্ৰকাৰ?
উত্তৰ:- ছয়।

৩৯) ভাষাৰ ন্যূনতম একক কি?
উত্তৰ:- ধ্বনি।

৪০) ভাষাৰ বৃহত্তম একক কি?
উত্তৰ:- বাক্য।

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar



৪১) An Introduction to Descriptive Linguistic গ্রন্থখনৰ লেখক কোন?
উত্তৰ:- H. A. Gleason.

৪২) বৰ্ণ বা বর্ণসমষ্টিৰ অর্থবহ ক্ষুদ্ৰতম গোটক কি নামেৰে জনা যায়?
উত্তৰ:- ৰূপ।

৪৩) অসমীয়া ভাষাত শ্রুতি ধ্বনিৰ সংখ্যা কিমান?
উত্তৰ:- দুটা।

৪৪) Course in General Linguistic গ্রন্থখনৰ প্রণেতা কোন?
উত্তৰ:- ফার্ডিনান্ড ডি. ছছ্যুৰ।

৪৫) A Course in Modern Linguistics গ্রন্থখনৰ প্রণেতা কোন?
উত্তৰ:- C. F. Hockett.

৪৬) গ্রীক ভাষাৰ কি শব্দৰ পৰা ইংৰাজী Syntax শব্দটো সৃষ্টি হৈছে?
উত্তৰ:- Syntaxis.

৪৭) A Study of Kamrupi: A Dialect of Assamese নামৰ গ্ৰন্থখনৰ প্রণেতা কোন?
উত্তৰ:- উপেন্দ্ৰনাথ গোস্বামী।

৪৮) ‘ধ্বনিবিজ্ঞানৰ ভূমিকা’ শীর্ষক গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ:- ড০ গোলোকচন্দ্ৰ গোস্বামী।

৪৯) Elements of the Science of Language গ্রন্থৰ লেখক কোন?
উত্তৰ:- Taraporewala.

৫০) “ভাষাবিজ্ঞানৰ ছাত্ৰই ভাষাক অভিধানেৰে সৈতে সাঙোৰাৰ ভুল যাতে নকৰে।” উক্তিটো কাৰ?
উত্তৰ:- এডোৱার্ড ছাপিৰৰ।

200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese – click here

৫১) Original and development of Bengali Language নামৰ গৱেষণা-গ্ৰন্থখনৰ গ্রন্থকাৰজন কোন?
উত্তৰ:- সুনীতি কুমাৰ চট্টোপাধ্যায়।

৫২) Linguistic Survey of India নামৰ গ্ৰন্থখনৰ প্রণেতা কোন?
উত্তৰ:- গ্রিয়ার্চন।

৫৩) দ্রাবিড়ীয় ভাষা পৰিয়ালৰ আটাইতকৈ প্ৰাচীন আৰু সমৃদ্ধিশালী ভাষাটো কি?
উত্তৰ:- তামিল।

৫৪) এছপিৰেণ্টো ভাষাটো কিমান চনত আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৮৮৭ চনত।

৫৫) ‘সুৰপ্রধানতা’ পৃথিৱীৰ কোন ভাষাৰ প্রধান বৈশিষ্ট্য?
উত্তৰ:- চীনা ভাষাৰ।

৫৬) এছপিৰেণ্টো নামৰ কৃত্ৰিম ভাষাটোত মুঠতে কেইটা মৌলিক সূত্ৰ আছে?
উত্তৰ:- ১৬ টা।
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

৫৭) গ্রীক আৰু লেটিনৰ লগত সংস্কৃতৰ ঘনিষ্ঠ সম্পৰ্ক থকা বুলি কোন গৰাকী ভাষাবিদে প্রথমে মন্তব্য কৰিছিল?
উত্তৰ:- ছাৰ উইলিয়াম জোনছে।

৫৮) অসমীয়া ভাষাৰ মহাপ্ৰাণ ধ্বনি কেইটা?
উত্তৰ:- ৬ টা।

৫৯) অসমীয়া ভাষাৰ অল্পপ্রাণ ধ্বনি কেইটা?
উত্তৰ:- ৬ টা।

৬০) ‘মহাভাষ্য’ কোনে ৰচনা কৰিছিল?
উত্তৰ:- পতঞ্জলিয়ে।

list of National Parks in Assam – click here

৬১) ‘ৰূপান্তৰ স্ফোট ব্যাকৰণ তত্ব’ (T.G) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- নোওম চমস্কীয়ে।

৬২) পশ্চতালব্য উষ্ম ব্যঞ্জনধ্বনি কোনটো?
উত্তৰ:- ‘ষ’।

৬৩) অসমীয়া ভাষাত অর্ধস্বৰ কেইটা?
উত্তৰ:- দুটা।

৬৪) ‘ভাষার্থ বিজ্ঞান’ কাৰ ৰচনা?
উত্তৰ:- ভগৱান মৰল।

৬৫) ‘ভাষাতত্ব’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- দীপ্তি ফুকন পাটগিৰি।

৬৬) ‘ভাষা-বিজ্ঞান প্ৰৱেশ’ কাৰ ৰচনা?
উত্তৰ:- বসন্ত কুমাৰ ভট্টাচাৰ্যৰ।

৬৭) Structure of Assamese শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- গোলোকচন্দ্ৰ গোস্বামী।

৬৮) Assamese Language: Origin and Development শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- বিশ্বেশ্বৰ হাজৰিকা।

৬৯) ‘উপভাষা বিজ্ঞান’ কাৰ ৰচনা?
উত্তৰ:- দীপাংকৰ মৰল।

৭০) ‘বড়ো’, কাৰ্বি, মণিপুৰী কোনটো ভাষাগোষ্ঠীৰ অন্তর্গত ভাষা?
উত্তৰ:- চীন তিব্বতীয়।

৭১) নাগালেণ্ডৰ সংযোগী ভাষাটোৰ নাম কি?
উত্তৰ:- নাগামিজ।

৭২) শ্যাম চীনীয় গোষ্ঠীৰ প্রধান ভাষা কি?
উত্তৰ:- টাই ভাষা।

৭৩) কোন পৰিয়ালৰ ভাষা গোটেই পৃথিৱীতে বিয়পি আছে?
উত্তৰ:- ইণ্ডো ইউৰোপীয়।

৭৪) ভাৰতবৰ্ষত কোনটো ভাষাগোষ্ঠীৰ ভাষা সৰ্বাধিক প্ৰচলিত?
উত্তৰ:- ইণ্ডো ইউৰোপীয়।

৭৫) মেক্সমূলাৰে ‘ভাৰত ইউৰোপীয়’ ভাষাগোষ্ঠীক কি বুলি নামকৰণ কৰিছিল?
উত্তৰ:- আৰ্য।

৭৬) ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ ভাষাবোৰক ‘কেণ্টুম’ আৰু ‘সতম’ শাখাত বিভক্ত কৰা ভাষাতাত্বিক গৰাকীৰ নাম কি?
উত্তৰ:- এছকোলি।

৭৭) ইণ্ডো ইউৰোপীয় ভাষাসমূহৰ ভিতৰত কোনটো শাখাৰ ভাষাত সর্বপ্রাচীন সাহিত্যিক নিদৰ্শন পোৱা যায়?
উত্তৰ:- ইণ্ডো ইৰাণীয় বা আর্য শাখাৰ ভাষাত।

৭৮) সাহিত্যিক প্রাকৃতসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্রাকৃত ভাষাটোৰ নাম কি?
উত্তৰ:- ‘মহাৰাষ্ট্রী’।

৭৯) প্রাকৃত ভাষাৰ ক্ৰমবিকাশৰ স্তৰ কেইটা?
উত্তৰ:- তিনিটা।

৮০) সাহিত্যিক প্রাকৃতবোৰক কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰ:- ৫ টা।
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

১০০-অসমীয়া-ভাষা-আৰু-ব্যাকৰণৰ-বিষয়ে-প্ৰশ্ন-উত্তৰ-।।-100-Questions-about-Assamese-Language-and-Grammar.
১০০-অসমীয়া-ভাষা-আৰু-ব্যাকৰণৰ-বিষয়ে-প্ৰশ্ন-উত্তৰ-।।-100-Questions-about-Assamese-Language-and-Grammar.



৮১) ‘ধম্মপদ’ ত্রিপিটকৰ কোনটো পিটকৰ অন্তর্গত?
উত্তৰ:- সুত্ত পিটকৰ।

৮২) ‘সন্দেশ ৰাসক’ৰ ৰচকজনৰ নাম কি?
উত্তৰ:- আব্দুল ৰহমান।

৮৩) কাৰ ৰচনাত প্ৰাকৃত ভাষাৰ প্ৰথম প্রয়োগ ঘটিছিল?
উত্তৰ:- অশ্বঘোষৰ।

৮৪) প্রাকৃত ভাষাত ৰচিত শ্ৰেষ্ঠ মহাকাব্যখনৰ নাম কি?
উত্তৰ:- ‘সেতুবন্ধ’ বা ‘ৰাৱণৱহো’।

৮৫) প্রাকৃত ভাষাত ৰচিত প্রথম নাটকখনৰ নাম কি?
উত্তৰ:- ‘কৰ্পূৰ মঞ্জৰী’।

৮৬) মাগধী প্রাকৃতৰ সর্ব প্রাচীন নিদৰ্শন ক’ত পোৱা যায়?
উত্তৰ:- ‘শুতনুকা’ প্রত্নলিপিত।

৮৭) ‘সুত্ত পিটক’ৰ শেষ গ্রন্থখনৰ নাম কি?
উত্তৰ:- খুদ্দক নিকায়।

৮৮) কেতিয়াৰ পৰা অপভ্ৰংশ ভাষাই ‘সাহিত্যৰ ভাষা’ ৰূপে মর্যাদা লাভ কৰে বুলি অনুমান কৰিব পাৰি?
উত্তৰ:- খ্রীষ্টিয় তৃতীয় শতাব্দীৰ পাছৰ পৰা।

৮৯) পালি ভাষাত ৰচিত মূল বৌদ্ধশাস্ত্রখনৰ নাম কি?
উত্তৰ:- ত্রিপিটক।

৯০) প্রাকৃত গীতিকবিতা ‘বজ্জালগ্গ’ৰ সংগ্ৰহকজনৰ নাম কি?
উত্তৰ:- জয়বল্লভ।

৯১) সাহিত্যিক প্রাকৃতবোৰৰ ভিতৰত কোনটোক আদর্শ প্রাকৃত ৰূপে গণ্য কৰা হয়?
উত্তৰ:- ‘মহাৰাষ্ট্রী’ক।

৯১) প্রাকৃত ভাষাত ৰচিত প্রথম ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ‘প্রাকৃত প্রকাশ’।

৯২) ‘পালি’ শব্দৰ প্রথম উল্লেখ পোৱা গ্রন্থখনৰ নাম কি?
উত্তৰ:- ‘অত্থকথা’।

৯৩) ‘হর্ষচৰিত’ গ্রন্থৰ ৰচকজনৰ নাম কি?
উত্তৰ:- বাণভট্ট।

৯৪) কোনখন গ্ৰন্থত প্রাকৃত ভাষাক সাহিত্যিক ভাষাৰূপে স্বতন্ত্ৰ মৰ্যাদা প্ৰদান কৰিছিল?
উত্তৰ:- ‘কাব্যাদর্শ’ত।

৯৫) ‘সন্দেশ ৰাসক’ কাব্য কিমানটা গাথাৰ সমষ্টি?
উত্তৰ:- ২২৩ টা।

৯৬) প্রথম বৌদ্ধ মহাসংগীতি ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ৰাজগৃহত।

৯৭) ‘সাৰিপুত্র প্রকৰণ’ কাৰ ৰচনা?
উত্তৰ:- অশ্বঘোষৰ।

৯৮) ‘পউমচৰিয়’ৰ ৰচয়িতা কবি গৰাকীৰ নাম কি?
উত্তৰ:- বিমল সুৰি।

৯৯) বুদ্ধদেৱৰ মহাপৰিনির্বাণ কেতিয়া হৈছিল?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ৪৮৪-ত।

১০০) কোনখন গ্ৰন্থত পোন প্ৰথমে প্রাকৃত ভাষাৰ শিষ্ট ৰূপত প্ৰয়োগ ঘটে?
উত্তৰ:- ‘সাৰিপুত্র প্রকৰণ’ নাটকত।

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev – click here

১০১) পালি ভাষাৰ লিখিত ৰূপে কোন সময়ত আত্মপ্ৰকাশ কৰে?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ২৫৬-ত।

১০২) ‘পালি-প্রাকৃত-অপভ্রংশ ভাষা আৰু সাহিত্য’ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- ড০ নগেন ঠাকুৰ।

১০৩) ‘কর্পূৰ মঞ্জৰী’ কাৰ ৰচনা?
উত্তৰ:- ৰাজশেখৰৰ।

১০৪) ‘বুদ্ধ চৰিত’ গ্রন্থৰ ৰচক কোন?
উত্তৰ:- অশ্বঘোষ।

১০৫) Introduction to Prakrit কাৰ ৰচনা?
উত্তৰ:- A. C. Woolner.

১০৬) Studies in the Literature of Assam শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- সূৰ্যকুমাৰ ভূঞা।

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: asaam study hub, অসমীয়া ব্যাকৰণ

200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese

August 17, 2023 by Souvik Leave a Comment

200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese

(১) ধান থোৱা ঘৰ = ভঁৰাল


(২) দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি


(৩) বিহুৰ আগ দিনা = উৰুকা


(৪) গৰু বন্ধা ঘৰ = গোহালি


(৫) শিং নথকা গৰু = লাওমূৰা


(৬) পনীয়া গাখীৰ দিয়া গাই = জলাহী


(৭) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী


(৮) হাল বোৱা গৰু = বলধ


(৯) গৰু চৰোৱা লোক = গৰখীয়া


(১০) গৰুৰ পোৱালি = দামুৰি


(১১) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল


(১২) হাতী চৰোৱা লোক = মাউত


(১৩) দাঁত ওলোৱা হাতী = দঁতাল


(১৪) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা/ পৰশ্ৰীকাতৰ


(১৫) যাৰ মূৰত চুলি নাই = তপা


(১৬) গোটেই জীৱন জুৰি = আজীৱন


(১৭) ভৰিৰপৰা মূৰলৈকে = আপাদমস্তক


(১৮) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত


(১৯) যি ৰাতি চৰে = নিশাচৰ


(২০) ধান ৰোৱা তিৰোতা = ৰোৱনী


(২১) ধান দোৱা তিৰোতা = দাৱনী


(২২) যি কথা কব নোৱাৰে = বোবা


(২৩) যি এটা চকুৰে নেদেখে = কণা


(২৪) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ


(২৫) যি দিনত নেদেখে = দিনকণা


(২৬) যি ৰাতি নেদেখে = কুকুৰীকণা


(২৭) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ


(২৮) যি অলপতে শুনে = শহাকণীয়া


(২৯) খাবলৈ অনা সৰু কলপুলি = পচলা


(৩০) কঁঠালৰ সৰু সৰু কলি = মুচি


(৩১) যি জলত বাস কৰে = জলচৰ


(৩২) যি স্থলত চৰে = স্থলচৰ


(৩৩) মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী = স্তন্যপায়ী


(৩৪) বোকাত যাৰ জন্ম = পংকজ


(৩৫) পানী আৰু মাটিত চলে যি = উভচৰ


(৩৬) কাঁহৰ বাচন গঢ়োঁতা = কঁহাৰ


(৩৭) মাটিৰ বাচন সাজোঁতা = কুমাৰ


(৩৮) যি বাহ বেতৰ কাম কৰে = বাঢ়ৈ


(৩৯) চিঠি বিলাই ফুৰা লোক = পিয়ন


(৪০) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ/ সোণাৰী
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(৪১) সোণেৰে নিৰ্মিত বা সোণ চৰোৱা = সোণোৱালী


(৪২) ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা = ৰূপোৱালী


(৪৩) একে মাকৰপৰা জন্ম যাৰ = সহোদৰ


(৪৪) যাৰ পিছত জন্ম = অনুজ


(৪৫) একেলগে ওপজা দুটা সন্তান = যমজ


(৪৬) যি ঈশ্বৰক বিশ্বাস নকৰে = নাস্তিক


(৪৭) যি ঈশ্বৰক বিশ্বাসী কৰে = আস্তিক


(৪৮) যাৰ ঘৰ নাই = অঘৰী


(৪৯) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি


(৫০) যি বনত ওপজে = বনজ


(৫১) দেশৰ কাৰণে মৃত্যু বৰণ কৰা লোক = শ্বহীদ


(৫২) দেশক ভাল পোৱা মানুহ = দেশভক্ত


(৫৩) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী


(৫৪) মাটিৰে নিৰ্মিত = মৃন্ময়


(৫৫) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প


(৫৬) যি আগতে কেতিয়াও হোৱা নাই = অভূতপূৰ্ব


(৫৭) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব


(৫৮) য’ত যাব নোৱাৰি = দুৰ্গম


(৫৯) য’ত যাব পাৰি = সুগম


(৬০) বাটেদি যোৱা লোক = বাটৰুৱা


(৬১) যি ঠাইত মানুহ নাই = জনশূন্য


(৬২) যিয়ে গৰু গাড়ী চলায় = গাড়ােৱান


(৬৩) যাক দেখা নাযায় = অদৃশ্য


(৬৪) আনৰ দোষ দেখা স্বভাৱ = অসূয়া


(৬৫) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা


(৬৬) দৰমহা নোলোৱাকৈ কাম কৰা মানুহ = অবৈতনিক


(৬৭) যি নাৰীৰ স্বামী মৃত্যু হৈছে = বিধৱা


(৬৮) যি পুৰুষৰ পত্নীৰ মৃত্যু হৈছে = বৰলা


(৬৯) যাৰ কোনো সন্তান নাই = নিঃসন্তান


(৭০) যাৰ অন্ত নাই = অনন্ত


(৭১) পৰৰ অধীন = পৰাধীন


(৭২) দেউতাকৰ সখিয়েক = তাৱৈ


(৭৩) তাৱৈৰ পত্নী = আমৈ


(৭৪) ককাৰ দেউতাক = আজোককা


(৭৫) মাৰ ভনীয়েক = মাহী


(৭৬) দেউতাৰ ভনীয়েক = পেহী

List of national Parks in Assam – click here


(৭৭) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ


(৭৮) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে = অকৃতজ্ঞ


(৭৯) যাৰ দুই হাত সমানে চলে = সব্যসাচী


(৮০) যাক গণনা কৰিব নোৱাৰি = অগণন


(৮১) শৰৎ কালত হোৱা = শাৰদীয়
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(৮২) যাৰ সীমা নাই = অসীম
(৮৩) যি নিশা চৰে = নিশাচৰ


(৮৪) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী


(৮৫) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ


(৮৬) একে সময়তে হোৱা = সমসাময়িক


(৮৭) যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী


(৮৮) যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু


(৮৯) কৰিবলগীয়া কাম = কর্তব্য


(৯০) যি গোচৰ তৰে = গুচৰীয়া


(৯১) যি বিধিসন্মত = বৈধ


(৯২) কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি


(৯৩) যাক সহজে লাভ কৰা যায় = সুলভ


(৯৪) যাক সহজে পাবলৈ টান = দুর্লভ, দুষ্প্রাপ্য


(৯৫) যাৰ পূৰ্ব জন্মৰ কথা মনত আছে = জাতিস্মৰ


(৯৬) আনৰ ভাল দেখিব নোৱাৰা = পৰশ্ৰীকাতৰ


(৯৭) নিজে নিজে হোৱা = স্বয়ম্ভু


(৯৮) সন্তান নোহোৱা তিৰোতা = বাঁজী


(৯৯) এই সন্তান থকা তিৰোতা = কাকবন্ধ্যা


(১০০) পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ = পৰমুখাপেক্ষী


(১০১) একে গুৰুৰ শিষ্য = সতীৰ্থ


(১০২) যি কম কথা কয় = মিতভাষী


(১০৩) এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় = ওষধি


(১০৪) পথৰপৰা যি বিচলিত হৈছে = পথভ্রষ্ট

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev – click here


(১০৫) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী


(১০৬) যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় = নাতিশীতোষ্ণ


(১০৭) পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয়


(১০৮) দীর্ঘকাল জীয়াই থকা = দীর্ঘজীবী


(১০৯) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ


(১১০) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া


(১১১) একে সময়তে হোৱা = সমসাময়িক


(১১২) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত


(১১৩) যি কথা জনা নাযায় = অজ্ঞাত


(১১৪) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য


(১১৫) চোবাই খোৱা বস্তু = চৰ্ব্য


(১১৬) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য


(১১৭) চেলেকি খোৱা বস্তু = লেস্য


(১১৮) যি কথা লগাই ফুৰে = খলুৱা


(১১৯) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী


(১২০) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(১২১) যি বিদেশত থাকে = প্ৰবাসী


(১২২) যি কণীৰপৰা জন্মে = অণ্ডজ


(১২৩) ছবি অঁকা লোক = চিত্ৰকাৰ


(১২৪) নাও বােৱা লোক = নাৱৰীয়া


(১২৫) যি কথা কোৱা উচিত নহয় = অনুচিত


(১২৬) যি শুনাও নাপায় আৰু কথাও ক’ব নোৱাৰে = মুকবধিৰ


(১২৭) ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী


(১২৮) মাছৰ পোৱালি = পোনা


(১২৯) কাৱৈ মাছৰ সৰু পোৱালি = কাৱৈটিলা

60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here


(১৩০) গৰৈ মাছৰ সৰু সৰু পোৱালি = গৰৈচিৰিকা


(১৩১) মাগুৰ মাছৰ সৰু = মাগুৰজালি


(১৩২) শ’ল মাছৰ সৰু = শ’লঠাৰি


(১৩৩) বৰষুণ নোহোৱা বতৰ = খৰাং


(১৩৪) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ


(১৩৫) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ


(১৩৬) যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু


(১৩৭) যাৰ শত্ৰু নাই = অজাতশত্ৰু


(১৩৮) যি ঠাইত মানুহ নাই = জনশূন্য


(১৩৯) যি অতি দীঘল নহয় = নাতিদীর্ঘ


(১৪০) যাৰ বিবেচনা শক্তি নাই = অবিবেচক


(১৪১) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰ


(১৪২) বিদেশৰপৰা অহা লোক = বিদেশী


(১৪৩) বীণা আছে পাণিত (হাতত) যাৰ = বীণাপাণি


(১৪৪) যাৰ নাম নাই = অনামী


(১৪৫) হতভাগ্য যাৰ = হতভাগা


(১৪৬) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ


(১৪৭) যি বিষ্ণুক পূজা কৰে = বৈষ্ণৱ


(১৪৮) যি শিৱক পূজা কৰে = শৈৱ


(১৪৯) যি শক্তিক পূজা কৰে = শাক্ত


(১৫০) যিজনে আইন জানে = আইনজ্ঞ


(১৫১) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য


(১৫২) জন্তুৰ নিচিনা = জান্তৱ


(১৫৩) নিজে নিজে হোৱা = স্বয়ম্ভূ


(১৫৪) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয়


(১৫৫) যাক বুজিব পাৰি = বোধগম্য


(১৫৬) লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ


(১৫৭) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ


(১৫৮) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু


(১৫৯) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ


(১৬০) যি একো নাজানে = অজ্ঞ
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(১৬১) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী


(১৬২) যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে = দূৰদৰ্শী


(১৬৩) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী


(১৪৪) পুৰুষৰ উত্তম = পুৰুষোত্তম


(১৬৫) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয়


(১৬৬) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয়


(১৬৭) যি ইন্দ্রিয় জয় কৰে = জিতেন্দ্রিয়


(১৬৮) কৰিবলগীয়া কাম = কর্তব্য


(১৬৯) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ়


(১৭০) ততালিকে বুদ্ধি উলিয়াব পৰা লোক = প্রত্যুৎপন্নমতি


(১৭১) সঁচা কথা কোৱা মানুহ = সত্যবাদী


(১৭২) মিছা কথা কোৱা লোক = মিছলীয়া


(১৭৩) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য


(১৭৪) যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য


(১৭৫) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়


(১৭৬) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী


(১৭৭) যি ফল কেঁচাও নহয় পকাও নহয় = ডহেচীয়া


(১৭৮) যাৰ পুত্র নাই = অপুত্রক


(১৭৯) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য


(১৮০) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা


(১৮১) সকলোকে সমানভাৱে দেখা = সমদৰ্শী


(১৮২) সৈন্য থকা ঠাই = ছাউনী


(১৮৩) যি নগৰত থাকে = নগৰীয়া


(১৮৪) যি গাঁৱত থাকে = গাঁৱলীয়া


(১৮৫) গান গোৱা লোক = গায়ক


(১৮৬) নাটক লিখা লোক = নাট্যকাৰ


(১৮৭) কবিতা লিখা লোক = কবি


(১৮৮) ছবি অঁকা লোক = চিত্ৰকাৰ


(১৮৯) মাছ মৰা লোক = মাছুৱৈ/মাছমৰীয়া


(১৯০) যাক সকলোৱে জানে = বিখ্যাত


(১৯১) যাক কোনেও নাজানে = অখ্যাত


(১৯২) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়


(১৯৩) যি বহুত কথা কয় = বহুবল্কী


(১৯৪) যি সংকল্প কৰিছে = কৃতসংকল্প


(১৯৫) যি শত্ৰুক বধ কৰে = শত্ৰুঘ্ন


(১৯৬) ধানৰ বাকলি = তুঁহ


(১৯৭) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ


(১৯৮) সহজে যি জীণ যায় = লঘুপাকী


(১৯৯) যি মাটি ফুটি ওলায় = উদ্ভিদ


(২০০) যি এই লোকৰ নহয় = অলৌকিক
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(২০১) যাক শুনিব নোৱাৰি = অশ্ৰাব্য


(২০২) যি কথা কোৱা উচিত নহয় = অকথ্য


(২০৩) যি পুৰি নাযায় = অদাহ্য


(২০৪) বিয়া নকৰোৱা মানুহ = অবিবাহিত


(২০৫) যাৰ বিয়া হৈছে = বিবাহিত


(২০৬) যি কোনো পক্ষ নলয় = নিৰপেক্ষ


(২০৭) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত


(২০৮) যি ভয় নকৰে = নিৰ্ভীক


(২০৯) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ


(২১০) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ


(২১১) বহুত মানুহ একেলগে যোৱা = সমদল


(২১২) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য


(২১৩) যি নিজৰ কেৱল কথা চিন্তা কৰে = স্বাৰ্থপৰ


(২১৪) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা


(২১৫) খাৰেৰে সনা সৰিহৰ গুৰি = খাৰলি


(২১৬) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া


(২১৭) যি ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী


(২১৮) যি খুজি মাগি খায় = খোজনীয়া/ মগনিয়া


(২১৯) যাৰ ধাৰ আছে = ধাৰুৱা


(২২০) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী


(২২১) যাৰ ধন আছে = ধনী


(২২২) যাৰ মান আছে = মানী


(২২৩) যাৰ ঋণ আছে = ঋণী


(২২৪) যাৰ একোৱেই নাই = নিঃস্ব


(২২৫) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক


(২২৬) য’ত ল’ৰা – ছোৱালীয়ে পঢ়ে = পঢ়াশালী


(২২৭) প্ৰাণক পণ কৰি = প্ৰাণপণে

অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰশ্ন উত্তৰ || Class 9 Assamese || Chapter 6 – click here

 

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: অসমীয়া ব্যাকৰণ

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • জন্মদিনৰ শুভেচ্ছা অসমীয়াত || Birthday Wishes in Assamese For Girlfriend Boyfriend WIFE Mother Father September 24, 2023
  • জিকিৰ || Chapter-2 || Class-10 মূলভাৱ প্ৰশ্ন উত্তৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ September 22, 2023
  • What is G-20 Summit in Assamese ? || জি-২০ শীৰ্ষ সন্মিলন September 10, 2023
  • জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ৰচনা অসমীয়াত || Jyoti Prasad Agarwala Essay in Assamese September 3, 2023
  • সমাসৰ সংজ্ঞা, বৈশিষ্ট্য আৰু ইয়াৰ প্ৰকাৰ || Assamese Grammar || অসমীয়া ব্যাকৰণ August 27, 2023

Jobs Section

PNRD Recruitment 2023

SIPRD Recruitment 2023 – 454 Block Coordinator, Accountant & Faculty Vacancy

  State Institute of Panchayat & Rural Development (SIPRD), Assam has released job advertisement for the recruitment of 454 posts of Block Coordinator and Block MIS Assistant cum Accountant and Faculty Member vacancy. Eligible candidates can apply online at SIPRD recruitment portal (https://siprdassam-recruitment.in). ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছআইপিআৰডি), অসমৰ অন্তৰ্গত ব্লক সমন্বয়ক, ব্লক এমআইএছ সহকাৰী […]

Assam Grade III & Grade IV Vacancy details Direct Recruitment 2022

State Level Recruitment Commissions of Govt. of Assam has released two employment notifications for the recruitment of 26441 Grade III & Grade IV Vacancy under the various departments of Govt. These vacancies will be filled up by the rules governed by newly constituted Assam Direct Recruitment Commission for Analogous Posts in Class III and Class IV Act 2021 and Assam […]

More Posts from this Category

Live Cricket Scores

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2023 AssamStudyHub.Com

 

Loading Comments...