🔹What is a sentence? ( বাক্য কি )
Ans:- বাক্য হৈছে বক্তাৰ ইচ্ছা বা উদ্দেশ্য প্ৰকাশৰ বাহন । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় ; এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence বুলি কোৱা হয় ।
🔹How many types of sentences are there? ( বাক্য কেই প্ৰকাৰৰ আৰু কি কি? )
Ans:- বক্তাৰ ইচ্ছা, উদ্দেশ্য অনুসৰি বাক্যবোৰক সাধাৰণতে পাঁচ ধৰণে ভাগ কৰিব পাৰি । সেইবোৰ হল – 1. Assertive Sentence 2. Interrogative Sentence. 3. Imperative Sentence. 4. Optative Sentence 5. Exclamatory Sentence
🔹What is Assertive Sentence? ( বৰ্ণনাত্মক বাক্য কাক বোলা হয় ?)
Ans’- যিবোৰ বাক্যই কোনো এক ঘটনা বিশেষৰ বৰ্ণনা দাঙি ধৰে সেইবোৰক Assertive Sentence বোলা হয় । Assertive Sentence ক Declarative Sentence বুলিও কব পাৰি । এইবোৰ বাক্যৰ শেষত সম্পূৰ্ণ বিৰাম চিন (.) Full stop বহে ।. এই Sentence বিধে ব্যাক্তি , বস্তু , ঠাই, অবস্থা, কাৰ্য, ইত্যাদি বৰ্ণনা কৰে । যেনে- She is beautiful. This is a book. Blood is red.
🔹 What is Interrogative Sentence? ( প্ৰশ্নবোধক বাক্য )
Ans:- এই বিধ sentence এ প্ৰশ্ন সোধে । ইহঁতক সেইবাবে Question ও বোলে । Interrogative sentences ত subject বোৰ Verb ৰ পিছত বহে । Sentence ৰ শেষত Question Mark ব্যাবহাৰ কৰা হয় ।। যেনে- What is your name? Is he a good boy?
🔹What is Imperative Sentence? ( আদেশ, অনুৰোধ, উপদেশমূলক বাক্য )
Ans:- যিবোৰ বাক্যৰ দ্বাৰা আদেশ (order) অনুৰোধ (request) উপদেশ (advice) দিয়া বুজায় সেইবোৰক Imperative Sentence বোলে ।.
যেনে- Go there ( order);. Do not tell a lie( advice). please come here. (Request)
🔹 What is Optative Sentence ? ( ইচ্ছা বা আশীৰ্বাদ )
Ans:- যিবোৰ বাক্যৰ দ্বাৰা মনৰ ইচ্ছা, অভিলাশা , প্রার্থনা, আশীৰ্বাদ, আদি প্ৰকাশ কৰে সেই ধৰণৰ বাক্যক Optative Sentence বোলা হয় । এই ধৰণৰ বাক্য সাধাৰণতে May ৰে আৰম্ভ হয় । যেনে- May he live ling. May God help you.
🔹What is Exclamatory Sentence ? ( আবেগ বা বিস্ময়সূচক বাক্য )
Ans:- এইবিধ sentence এ আমাৰ মনৰ আনন্দ, দূঃখ, আবেগ, উত্তেজনা আদি প্রকাশ কৰে । যেনে- Hurrah! we have won the game. Alas! He is no more. How lovely the girl is?
Voice Change in Assamese click here
Translation In Assamese click here
Our Whatsapp Group Link | click here |