• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

অসমীয়া ৰচনা

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

May 1, 2022 by Souvik Leave a Comment

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ –

ঈদ উল ফিতৰ   “ৰোজা ভঙাৰ উৎসৱ”, ইয়াক  বায়ৰাম (বজৰাম), আৰু ছোট ঈদ ও বোলা হয়,  ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। দ্বিতীয়টো হ’ল ঈদুল আজহা।। ৰমজান মাহ মুছলমান সকলৰ বাবে বৰ পবিত্ৰ মাহ। এই মাহৰ আৰম্ভনিৰ পৰা শেষলৈকে গোটেই মাহ তেওঁলোকে ৰোজা ৰাখে।গোটেই দিনটো তেওঁলোকে এটুপিও নাখায়, উপবাসে থাকি ব্ৰত পালন কৰে। তেওঁলোকৰ পবিত্ৰ ধৰ্ম্ম পুথি কোৰাণ শ্বৰীফ পঢ়ে আৰু আল্লাহ তালাৰ নামাজ পঢ়ে। সূৰ্য্য অস্ত যোৱাৰ পিছত পানী, ফল-মুল আদি খাই ব্ৰত ভঙ্গ কৰে। মুছলিমসকলৰ দ্বাৰা উদযাপিত এটা ধর্মীয় উৎসৱ বিশ্বব্যাপী ইয়াক ৰমজান মাহ শেষ হোৱাৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে এই উৎসৱ পালন কৰা হয়।। আকাশত চন্দ্ৰ দেখা পৱিত্ৰ দিনটোৱেই ঈদ-উল-ফিটৰ। ফিটৰ শব্দটোও আৰবী শব্দ। ঈদ-উল-ফিটৰৰ দিনা প্রত্যেক মুছলমান নৰ-নাৰীয়ে এদিনৰ আহাৰৰ সমপৰিমাণে আহাৰ দুখীয়া লোকক দান কৰিব লাগে। এই দানকে ফিটৰ বোলা হয়। ঈদ-উল-ফিটৰ শব্দৰ অৰ্থই হ’ল দান কৰি লাভ কৰা আনন্দ উৎসৱ। 

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ 

How do we celebrate Eid-al-fitr ।। ঈদ উদযাপন

দীৰ্ঘ এমাহ ৰোজা ৰখাৰ পাছত মুছলিম সকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।ধর্মীয় ঈদৰ দিনা মুসলমানসকলৰ ৰোজা ৰখাৰ নিয়ম নাই । ঈদুল ফিতৰ দুইৰ পৰা তিন দিন লৈ উদযাপন কৰা হয়, পৰিয়াল আৰু বন্ধুসকলকলৈ ভ্ৰমণ, চিৰাচৰিত মিঠাই খুৱাবস্তু, সুগন্ধি ব্যৱহাৰ, নতুন কাপোৰ-কানি পিন্ধা, উপহাৰ দিয়া, ইত্যাদি ।। ঈদুল ফিতৰ জাতীয় ছুটিৰ দিন, এই পবিত্ৰ দিনটো স্কুল, কাৰ্য্যালয় বন্ধ থাকে ।। ঈদৰ দৰে ধৰ্মীয় উৎসৱে মানুহৰ মন পৱিত্ৰ আৰু মহান কৰি তোলে।

Gk on Assam History  – click here

ঈদ মোবারক  || Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ
Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

When does Eid Celebrate ।। ঈদ পালন কৰাৰ সময়

ঈদুল ফিতৰ ইসলামিক ক্যালেন্ডাৰৰ দশম মাহৰ প্রথম দিনা উদযাপিত হয়। মুছলমানসকলে চন্দ্ৰমাহ মতে বছৰৰ গণনা কৰে, আৰু তাৰিখসমূহ চন্দ্রৰ পর্যায়সমূহৰ উপৰত ভিত্তি কৰিহে গণনা কৰা হয়। হিচাপ মতে ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুনদিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। 2022 চনৰ, মঙ্গলবাৰৰ দিনা 3 May, তাৰিখে ঈদ উদযাপন কৰা হব ।

মুছলমান সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ’ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালিলে শুভ হয় বুলি বিশ্বাস কৰে।Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

নবী মুহাম্মদ (Prophet Muhammad) ঈদ উল্ জহা উদযাপনৰ প্ৰথা আৰম্ভ কৰে বুলি লোকবিশ্বাস আছে, ই আচলতে হজৰত ইব্রাহিম (Prophet Ibrahim )-ক স্মৰণ কৰাৰ এটা উৎসৱ ; তেওঁৰ পৰীক্ষা, ধৈর্য এবং আল্লাহ ৰ প্রতি থকা অবিচল বিশ্বাস।

What is MUTUAL FUND in Assamese – click here

Eid Wishes in Assamese ।। ঈদ মোবাৰকৰ শুভেচ্ছাবাণী

সমূহ অসমবাসীলৈ

পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলাে।

 আশা কৰিছাে ঈদে সকলাে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।

লগতে বিভিন্ন জাতি – জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিবলৈ মহান আল্লাহৰ ওচৰত দোৱা কৰিলাে।

—————————————————————————————————————————————

সকলাে ভাই ভনী লৈ পৱিত্র ঈদৰ বহুত বহুত

শুভেচ্ছা আৰু মৰম জনালোঁ।

জাতি ধর্ম নির্বিশেষে এই ঈদ যেন কঢ়িয়াই আনক

শান্তি সমৃদ্ধিৰ বার্তা।

Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

——————————————–———————————————————————————————

পবিত্র ঈদে যেন

সকলােৰে মাজলৈ কঢ়িয়াই আনক

শান্তি-সমৃদ্ধি একতাৰ বার্তা।

সকলােকে ঈদ শুভেচ্ছা জনালোঁ।

List of NATIONAL PARKS in Assam – click here


Eid-al-Fitr Wishes 2022
Eid-al-Fitr Wishes 2022

  1. May your faith and love for Allah be rewarded with peace, happiness, and successes for today and always. Wishing you a joyful Eid 
  2. Wishing you a safe and blessed Eid Ul Adha with happiness and health! Eid Mubarak!
  3. May Allah grant you and your family a peaceful and prosperous life. Eid-Ul-Adha Mubarak
  4. May Allah Almighty accept all your sacrifices and reward you with a life that is full of happiness and success. A heartiest Eid Ul Adha Mubarak to you!

Filed Under: Assamese Section, অসমীয়া ৰচনা Tagged With: Assamese Festival, অসমীয়া ৰচনা

শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese

April 9, 2022 by Souvik Leave a Comment

মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese;  অসমৰ ধৰ্ম,সমাজ,সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শঙ্কৰদেৱে যি দান দি গল তাৰ তুলনা পাবলৈ বিৰল।তেখেত একেধাৰে কবি,সমাজ সংস্কাৰক,ধৰ্ম প্ৰৱৰ্তক,নাট্যকাৰ অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত।মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ ||

  • জন্মস্থান – নগাঁও জিলাৰ বৰদোৱাত
  • পিতৃ মাতৃৰ নাম- ক্ৰমে কুসুম্বৰ ভূঞা আৰু সত্যসন্ধ্যা
  • বংশ – শিৰোমণি বাৰ ভূঞা
  • বুঢ়ী মাকৰ নাম – খেৰসূতী
  • অধ্যাপক – মহেন্দ্ৰ কন্দলি

Assam TET Section – click here

মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese

  • শিক্ষা – বাৰ বছৰ বয়সত টোলত পঢ়িবলৈ যায়
  • প্ৰথম পত্নী – সূৰ্যৱতী
  • দ্বিতীয় পত্নী – কালিন্দী
  • মিলন – মাজুলীত হয় ১৫২২ খৃঃ (শংকৰ মাধৱৰ মিলন ক মনিকাঞ্চনৰ সংযোগ বুলি জনা যায়)
  • প্ৰবৰ্তিত ধৰ্ম – এক শৰণ নাম ধৰ্ম
  • ৰচনৰাজি ৰ ভাগ – ৬ টা কাব্য,ভক্তি তত্ত্ব,অনুবাদ মূলক,নাট,গীত,নাম প্ৰসংগ
  • কাব্য – হৰিশ্চন্দ্ৰ উপখ্যান , ৰুক্মিণী হৰণ কাব্য ( কাহিনীভাগ হৰিবংশৰ পৰা লোৱা), অজামিল উপাখ্যান , গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ , অমৃত মন্থন , বলি ছলন , কুৰুক্ষেত্ৰ
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese
মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese
  • ভক্তিতত্ব প্ৰকাশক সংগ্ৰহ – ভক্তি প্ৰদীপ,ভক্তি ৰত্নাকৰ,নিমি নৱ সিদ্ধ সংবাদ,অনাদি পাতন
  • অনুবাদমূলক – দশম খনেই সৰ্বশ্ৰেষ্ঠ।ইয়াৰ উপৰিও ভাগৱতৰ প্ৰথম,দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধ অনুবাদ কৰে।মাধৱ কন্দলীৰ আধৰুৱা হৈ থকা ৰামায়ণৰ উত্তৰা কাণ্ড তেওঁ অনুবাদ কৰে।
  • অঙ্কীয়া নাট – পত্নী প্ৰসাদ, কালিয় দমন,কেলিগোপাল,ৰুক্মিণী হৰণ,পাৰিজাত হৰণ,ৰাম বিজয়
  • গীত ভটিমা – বৰগীত(২৪০ টা ) ,ভটিমা, টোটোয় আৰু চপয়
  • নাম প্ৰসংগ – কীৰ্তন,গুণমালা

মহাপুৰুষ শ্ৰী মন্ত শঙ্কৰদেৱ || About Mahapurush Srimanta Sankardev in Assamese

Financial Education in Assamese – click here

  • একমাত্ৰ সংস্কৃত ভক্তিপ্রকাশক – ” ভক্তি ৰত্নাকৰ “
  • সাহিত্যিক জীৱনৰ কৃৰ্টি চিহ্ন – কীৰ্ত্তন ঘোষা
  • প্ৰথম ৰচনা – হৰিশ্চন্দ্ৰ উপাখ্যান
  • শেষ ৰচনা – ৰামবিজয়
  • নাট ভাওনা – চিহ্ন যাত্ৰা ( ১৪৬০ খৃঃ )
  • মনোৰম পুথি – ” গুণমালা ” ( ছয় আখৰীয়া কুসুম মালা ছন্দত ৰচনা কৰা ৩৩৭ টা পদ যুক্ত )
  • জীৱন ভিত্তিক উপন্যাস – যাকেৰি নাহিকে উপাম
  • নাটকৰ ভাষা – ব্ৰজাৱলী ভাষাত ৰচিত
  • মহাপুৰুষ জনাৰ ৰচিত ভটিমা – তিনি প্ৰকাৰৰ ( নাট ভটিমা,দেৱ ভটিমা,ৰাজ ভটিমা)
  • বৰগীত ৰ নামকৰণ – বাণীকান্ত কাকতি য়ে “Noble Number” আৰু কালিৰাম মেধি য়ে” Songs Celestial” আখ্যা দিয়ে।
  • প্ৰথমবাৰ ভ্ৰমণত ৰচিত বৰগীত – মন মেৰি ৰাম চৰণেহি লাগু(১৪৯০ খৃঃ)
  • মৃত্যু – ১৫৬৮ খৃঃ ( ১২০ বছৰ বয়সত)

 

 

Join us in WhatsApp Group  click here

Filed Under: অসম টেট ।। Assam TET Section, Assamese Section Tagged With: asaam study hub, Assam TET, অসমীয়া ৰচনা

চিপকো আন্দোলন ।। Chipko movement 26 March

March 22, 2022 by Souvik Leave a Comment

চিপকো মভমেণ্ট বা চিপকো আন্দোলন আছিল ভাৰতৰ এটা বন সংৰক্ষণ আন্দোলন।চিপকো আন্দোলন 1973 চনত উত্তৰাখণ্ডৰ হিমালয় অঞ্চলৰ পৰা আৰম্ভ হৈছিল আৰু গোটেই বিশ্বৰ বাবে ভবিষ্যতৰ পৰিবেশ সচেতন আন্দোলনৰ এটা সমাবেশ পয়েন্টত পৰিণত হৈছিল। সুন্দৰলাল বহুগুনা, একজন গান্ধীবাদী কর্মী আছিল, সুন্দৰলালে চিপকো আন্দোলনৰ গুৰি ধৰোতা আছিল, আৰু আন্দোলনক সঠিক দিকনির্দেশনা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আৰু এই আন্দোলনৰ উদ্দেশ্য হিচাপে – দ্রুত বন উজাৰ কৰা, স্বার্থ প্রকাশ কৰা, সামাজিক সচেতনতা বৃদ্ধি আৰু গছ সংৰক্ষণৰ প্রয়োজনীয়তা, পরিবেশগত সচেতনতা বৃদ্ধি এবং জনশক্তিৰ কার্যকাৰিতা প্রদর্শন কৰা আছিল । তেওঁ অৰণ্য আৰু হিমালয় পৰ্বতমালা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ হিমালয় অঞ্চলত ৫০০০ কিলোমিটাৰ জোৰা  পদযাত্ৰা কৰি চিপকো আন্দোলনৰ বাৰ্তা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ মূল শ্লোগান “পৰিস্থিতিবিজ্ঞান হৈছে বহনক্ষম অৰ্থনীতি”ৰ উদ্ভাৱন আৰু প্ৰচাৰ কৰিছিল।। সৰ্বপৰি, এই আন্দোলনে সমগ্ৰ ভাৰতৰ বিদ্যমান সুশীল সমাজক পোহৰ কৰিছিল, যি উপজাতীয় আৰু প্রান্তিক জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিব আৰম্ভ কৰে । এই আন্দোলনৰ গুৰুত্বপূৰ্ণ বিষয় আছিল নাৰী, এই আন্দোলনৰ উৎস হিচাপে মূলতঃ আছিল নাৰীসকলে । চিপকো আন্দোলন সত্যাগ্রহৰ পদ্ধতিত অনুশীলন কৰা হৈছিল, যঁত উত্তৰাখণ্ডৰ পুৰুষ আৰু মহিলা উভয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল, তাৰে কিছুমানৰ নাম হল – মধ্যে গৌৰা দেবী, সুৰক্ষা দেবী, সুদেশা দেবী, বাচনি দেবী আৰু চণ্ডী ভট্ট, বিৰুষ্কা দেবী ।।চিপকো আন্দোলন ।। Chipko movement 26 March 

1987 চনত, চিপকো আন্দোলনক ভাৰতৰ প্রাকৃতিক সম্পদৰ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু পৰিবেশগতভাৱে সঠিক ব্যবহাৰৰ বাবে “ৰাইট লাইভলিহুড এওঁৱাৰ্ড” প্রদান কৰা হয় ।।

  • History of Chipko Movement in English – click here

ঘটনাৰ সবিশেষ ।। How this was event occurred

চিপকো আন্দোলন মূলতঃ বহিৰাগত কোম্পানীয়ে বন ধ্বংস কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা এক বন সংৰক্ষণ আন্দোলন আছিল। কিছুমান কোম্পানীৰ দ্বাৰা গছ কটাৰ পৰিণতি হিচাপে সেই ঠাইত শীঘ্রই জালানী হিচাপে কাঠৰ অভাৱ , বৰষুণ নোহোৱাৰ সমস্যা, খেতিবাতীৰ সমস্যা সমূহ দেখা পোৱা যাব ধৰিলে, সেই বাবে গাঁওৰ বাসিন্দা সকলে আৰু মহিলাসকলে কেইটামান সৰু সৰু গ্ৰুপৰ বিভক্ত হৈ কেইটামান দল গঠন কৰি লয়, কর্তৃপক্ষৰ লগত স্থানীয় সমস্যা সমূহ গ্রহণ কৰে আৰু বাণিজ্যিক অপাৰেচনৰ বিৰোধ কৰিব ধৰে, কিন্তু ই তেওঁলোকৰ জীবিকাত লাহে লাহে প্ৰভাৱ পেলাব ধৰে । 1971 চনৰ অক্টোবৰত, বন বিভাগৰ নীতিৰ বিৰোধৰ প্রতিবাদ জনাই সংঘৰ কৰ্মীসকল গোপেশ্বৰত এক বিক্ষোভ কৰিছিল । 1972 চনৰ শেষৰ ফালে আকৌ মিছিল আৰু মিটিং অনুষ্ঠিত হয় । 1973 চনৰ মার্চ মাহত,এলাহাবাদৰ এটা ক্ৰিয়া সামগ্ৰী ‘ৰেকেট’ বনোৱা কোম্পানী 300 গছৰ বাবে এটা চুক্তি হয়, কোম্পানী কাঠমিস্ত্রিবোৰ গোপেশ্বৰত আহি উপস্থিত হয় আৰু কয়েক সপ্তাহমান পিছত, 24 এপ্রিল 1973 চনত গাঁওৰ মন্ডল তেওঁলোকৰ সন্মুখীন হয়, তাতে প্ৰায় ১০০ মান মানুহে ঢোল পিটায় স্লোগান দি ঠিকাদাৰ আৰু মালিক সকলক উভতি যাব বাধ্য কৰিছিল ।।

কিন্তু ঘটনা ইয়াতেই শেষ হোৱা নাছিল, কাৰণ সেই একে কোম্পানীক গোপেশ্বৰৰ পঢ়ক ৮০ কিলোমিটাৰ (৫০ মাইল) দূৰত জঙ্গলত আকৌ গছ কাটিবলৈ যায়। তাতেই স্থানীয় লোকৰ বিৰোধীতাৰ সন্মুখীন হবলগীয়া হয় কোম্পানীৰ ঠিকাদাৰ আৰু মালিকক, 20 জুন 1974 ৰ পৰা , মালিক সকলে পিছৰ পাঁচ দিনলৈকে বিৰোধীতাৰ সংঘৰ্ষ কৰি পিছলৈ উভতিব বাধ্য হয় । তাৰ পিছত গাঁওৰ মানুহে গছত প্ৰতি বেছিকৈ চকু ৰাখিব আৰম্ভ কৰে ।।

  • Financial Education in Assamese – click here

কেইমাহ মান পিছত, চূড়ান্ত ফ্ল্যাশপয়েন্ট আৰম্ভ হয় যেতিয়া চৰকাৰ 1974 চনত জানুয়াৰিত অলকানন্দা নদীক উপেক্ষা কৰি ৰেনি গাঁওৰ কাষত 2,500 খন গছ এটা নিলামৰ বাবে ঘোষণা কৰিছিল । ভাটে ৰেনি এলাকাৰ গাঁওৰ উদ্দেশ্যেত যাত্রা কৰে আৰু গাঁওৰ মানুহক গছৰ নিলামৰ বিৰোধীতাৰ বাবে সাজু কৰে, ফলস্বৰূপে তাৰে মানুহ বোৰ গছক আৱৰি (Hug) ধৰি গছ কটাৰ বিৰোধিতা কৰিছিল ।

1974 চনত 26 মার্চ, যিদিনা কাঠমিস্ত্রিসকল গছ কাটিব গৈছিল, সেই দিনা ৰেনি গাঁওৰ পুৰুষসকলে আৰু ডিজিএসএস (উত্তৰাখণ্ডৰ গোপেশ্বৰ চহৰত গান্ধীবাদী সমাজকৰ্মী  চান্দি প্ৰসাদ ভট্টৰ নেতৃত্বত ১৯৬৪ চনত “দাচোলি গ্ৰাম্য স্বৰাজ্য সংঘ”(ডিজিএছএছ) নামৰ এটা সৰু সমবায় সংগঠন স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল কাষৰীয়া পাহাৰৰ অৰণ্য অঞ্চলৰ সম্পদৰ প্ৰয়োগ কৰি স্থানীয় লোকসকলৰ মাজত সৰু সৰু উদ্যোগৰ সৃষ্টি কৰা . )কর্মীসকলে চামোলিত আছিল, ৰাজ্য চৰকাৰ আৰু ঠিকাদাৰ ৰেনি গাওঁত উপস্থিয় হোৱা চাই এজনী স্থানীয় ছোৱালী ৰেনি গগাঁওৰ মহিলা মঙ্গল দলৰ প্রধান গৌৰা দেবীক খবৰ দিব যায় । গৌৰব দেবীয়ে গাঁওৰ ২৭ জন মহিলাক ঘটনাস্থলত লৈ যায় আৰু ঠিকাদাৰ সকলৰ সন্মুখীন হয় । কিন্তু সমস্ত কথা বতৰা ব্যর্থ হয়, আৰু ঠিকাদৰ আৰু মালিকবোৰ চিঞৰা চিঞঁৰী আৰম্ভ কৰে লগতে মহিলাবোৰক গালাগালি কৰিব আৰম্ভ কৰে , ইমানতেই স্থগিত হৈ থকা নাই তেওঁলোকে বন্দুক লৈ হুমকি দিয়ে, কিন্তু মহিলাসকলে ভয় নকৰি সহসিকতাৰে তেওঁলোকৰ গছ কটা বন্ধ কৰিবৰ বাবে গছবোৰক আৱৰি (hug) ধৰি থাকে । গাঁওৰ মহিলাসকলে ঠিকাৰ্ডচকল নোযোৱালৈকে গছক আৱৰি ধৰি থিয় হৈ আছিল । পিছদিনা কাষৰ গাঁওৰ মানুহ আৰু নেতাসমূহ আহি যোগ দিবলৈ ধৰে, অৱশেষত, চাৰিদিনৰ পিছত, ঠিকাদাৰসকল উভতি যায় ।।

  • Assam Gk – click here
চিপকো আন্দোলন ।। Chipko movement 26 March
চিপকো আন্দোলন ।। Chipko movement 26 March

আন্দোলনৰ প্রভাব ।। Effect of Chipko Movement

পৰিস্থিতিৰ খবৰ অতি শিগ্ৰেই ৰাজধানীত গৈ পায়, তেতিয়া ৰাজ্যেৰ মুখ্যমন্ত্রী, হেমবতী নন্দন বহুগুনা সমস্ত বিষয়টো চোৱাৰ বাবে এটা কমিটি গঠন কৰি দিয়ে, যি অবশেষত গাঁওৰ বাসিন্দাৰ পক্ষত ৰায় দিয়ে ।

চিপকো আন্দোলনত নাৰীৰ অংশগ্রহণ আছিল আন্দোলনের আটাইতকৈ গুৰুত্বপূৰ্ণ । মহিলাসকলে মদ্যপানৰ অভ্যাসৰ বিৰোধীতাত অবিৰাম আন্দোলন চলাইছিল আৰু অন্যান্য সামাজিক সমস্যা বোৰক কভাৰ কৰাৰ বাবে আন্দোলনৰ এজেন্ডাক প্ৰচাৰিত কৰিছিল । আন্দোলনে তেতিয়া বিজয়ী হয় যেতিয়া 1980 চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী হিমালয় অঞ্চলত 15 বছৰৰ বাবে গছ কটাৰ উপৰত নিষেধাজ্ঞা জাৰি কৰি দিয়ে ।।

  • What is MUTUAL FUND in Assamese – click here

চিপকো আন্দোলনৰ পৰা পোৱা শিক্ষা ।। Lesson from Chipko Movement

চিপকো আন্দোলন হৈছে উত্তৰাখণ্ড গড়ৱাল অঞ্চলৰ গাঁওবাসীৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক পদক্ষেপ। তেওঁলোকে গছ কটা ঠিকাদাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ এক অহিংসা পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁলোকে পৰিৱেশৰ বাবে এক পৰিৱেশ-অনুকূল আন্দোলন হিচাপে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। মণ্ডল গাঁৱত আৰম্ভ হোৱা আন্দোলনটোৱে ভাৰতত এনে ধৰণৰ বিভিন্ন পৰিৱেশগত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল। চিপকো আন্দোলন কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই এই আন্দোলনক মনত ৰাখিব। চিপকো আন্দোলনেই আমাক পথ দেখুৱাই থৈ গ’ল যে কেনেকৈ আমি অৰণ্য ৰক্ষা কৰিব লাগে।

  • History of Chipko Andolan in Hindi – Click here

চিপকো আন্দোলন ।। Chipko movement 26 March

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala

January 8, 2022 by Souvik Leave a Comment

      || Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala ||

 

“বিশ্ব বিজয়ী নৱ জোৱান বিশ্ব বিজয়ী নৱ জোৱান শক্তি শালী ভাৰতৰ ওলাই আহা, ওলাই আহা সন্তান তুমি বিপ্লৱৰ।” Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala

                                 

                                  প্ৰেৰণাদায়ক এই গীত ফাঁকি শুনিলেই যি গৰাকী ব্যক্তিৰ প্ৰতিচ্ছবি মনত ভাঁহি উঠে সেইজনেই হল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় ৰ তামোল বা ৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতি ৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী।জ্যোতি ৰ পূৰ্ব পুৰুষ ব্যৱসায়ৰ অভিপ্ৰায় ভাৰতৰ পশ্চিম দিশৰ ৰাজস্থানৰ পৰা অসমলৈ আহিছিল।পিছে উভতি নগল।ইয়াতে নিগাজী হল।অসমৰ মাটি পানীৰ লগতে ভাষা,জাতি,ধৰ্ম,সমাজ সবাক আঁকোৱালি ললে।এই পৰিয়ালৰ লোকে কেইবা পুৰুষ ধৰি সাহিত্য সংস্কৃতি ক্ষেত্ৰত যোগোৱা বৰঙণি অসমীয়া জাতিক এখোপ ওপৰলৈ তুলিলে। 

 

                জ্যোতিপ্ৰসাদৰ ককা দেউতাক হৰিবিলাস আগৰৱালাই লুপ্তপ্ৰায় হব ধৰা সাঁচি পতীয়া কীৰ্তন,নামঘোষা, গুণমালা,বৰগীত, গুৰুচৰিত আদি ছপা কৰি সাধাৰণ পাঠকৰ হাতত সুলভ মূল্যত তুলি দিছিল।চন্দ্ৰ কুমাৰ আগৰৱালাই ‘ জোনাকী ‘ কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত নতুন ভাৱধাৰাৰ জোৱাৰ সৃষ্টি কৰিছিল।প্ৰতিমা আৰু ‘ বীণ বৰাগী ‘ নামৰ কবিতা পুথিৰ কাব্য জগতত নতুন ৰ পোহাৰ মেলিছিল।লগতে প্ৰকাশ কৰিছিল ‘ সাদিনীয়া অসমীয়া ‘ আৰু ‘ তিনিদিনীয়া অসমীয়া ‘ নামৰ দুখন কাকত।

Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala
Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala/assamstudyhub.com

                   ১৯২১ চনত হাইস্কুলীয়া শিক্ষাৰ অন্তত জ্যোতি প্ৰসাদ কলেজীয়া শিক্ষা লাভৰ বাবে কলিকতা পায়গৈ।পিছত তেওঁ বোলছবিৰ প্ৰতি আকৃষ্ট হৈ জাৰ্মান পালেগৈ ।

 

                     ভোলাগুৰি চাহ বাগিছাৰ দায়িত্ব লৈ কাম কৰি থাকোঁতেই ১৯৩৪ চনত সেই বাগিচাত ‘ চিত্ৰবন ‘ নাম দি প্ৰথম অসমীয়া ফিল্ম প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰে।ইয়াতে ‘ জয়মতী ‘ বোলছবিৰ চিত্ৰ গ্ৰহণ কৰা হয়।’ ইন্দ্ৰমালতী ‘ নামৰ আন এখন বোলছবি ও তেওঁ নিৰ্মাণ কৰি বোলছবি শিল্পক আগুৱাই নিয়ে।তেওঁ অসমত অসহযোগ আন্দোলন ত যোগ দি ১৫ মাহ সশ্ৰম কাৰাদণ্ড ভুগিছিল।১৯৫১ চনত মাত্ৰ ৪৮ বছৰ বয়সত এইজনা মহান ব্যক্তি ইহ সংসাৰ ত্যাগ কৰে।

  • Why Do we celebrate – গণৰাজ্য দিৱস || Republic Day || 26 January

                     জ্যোতি প্ৰসাদ আগৰৱালাই চমু কালতে অসমীয়া ভাষা , সাহিত্য ,কলা – কৃষ্টি , ৰাজনীতি ,সংগীত , চিনেমা , সমাজনীতি , সকলো ক্ষেত্ৰতে কালে মচিব নোৱাৰা অৱদান দি গৈছে।ছাত্ৰ অৱস্থাতে জ্যোতি এ ‘ শোণিত কুঁৱৰী ‘ নাট ৰচনা কৰে।সমাজ আৰু সংস্কৃতি লৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁক ‘ ৰূপ কোঁৱৰ ‘ আখ্যা দিয়া হৈছে।

Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala
Shilpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala/assamstudyhub.com

                     মহাপুৰুষ শ্ৰী মন্ত শংকৰ দেৱে ধৰ্মৰ জাগৰণেৰে এখন সংস্কাৰ পূৰ্ণ সমাজ গঢ়াৰ মানস কৰিছিল।জ্যোতি প্ৰসাদ আগৰৱালাই ও প্ৰায় একে চিন্তাৰেই অসমীয়া জাতিক ন ৰূপত গঢ়ি , বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

                    প্ৰতি বছৰে ১৭ জানুৱাৰীৰ জ্যোতি স্মৃতি দিৱস শিল্পী দিৱসৰূপে উৎযাপন কৰা কালত জ্যোতি প্ৰসাদৰ অমৰ বাণী বোৰ সঠিক ভাবে বাস্তৱত ৰূপায়ন কৰাৰ কথা প্ৰতিজন অসম প্ৰেমী যে চিন্তা কৰা উচিত।

Finacial Education in Assamese – click here

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা || Jyoti Prasad Agarwala



Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

December 1, 2021 by Souvik Leave a Comment

 

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

 

                 বৰ্তমান যুগত মানুহক বৰকৈ আতংকিত কৰা যি কেইটা ৰোগ আছে তাৰ ভিতৰত এটা হৈছে এইডছ ৰোগ। ইংৰাজীত মূল Acquired Immune Deficiency Syndrome ৰ সংক্ষিপ্ত ৰূপ AIDS । এই ৰোগত আক্ৰান্ত হলে মৃত্যু অনিবাৰ্য।কাৰণ এই ৰোগ নিৰাময় কৰা ফলপ্ৰসূ ঔষধৰ এতিয়াও অভাৱ। ৰোগে দেখা দিয়াৰ পিছত এজন মানুহৰ দেহে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰতে ৰোগীৰ জীৱনকাল নিৰ্ভৰ কৰে।

 

মাৰাত্মক এই ৰোগৰ উৎপত্তি হয় এবিধ বীজাণুৰ পৰা।এই বীজাণু বা ভাইৰাছৰ নাম হল Human Immuno Deficiency Virus চমুকৈ কোৱা হয় HIV বুলি ।এইবোৰ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনলৈ বিয়পিব পাৰে।এই বীজাণু য়ে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাবলৈ ধৰে।সেই অৱস্থাত আন কেত বোৰ ৰোগে শৰীৰত দেখা দিব পাৰে।তেতিয়াই ভগ্নষ্টোপত পৰিণত হয় মানুহৰ দেহা।

বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ || World Aids Day
বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

এই ৰোগ ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰে।অস্বাভাৱিক যৌন জীৱন যাপন কৰা কিছুমান লোকৰ গাঢ় তেজত।১৯৮৩ চনত পেৰিছৰ হম এণ্ড ড্ৰাগ পেষ্টিওৰ ইনষ্টিটিউট ৰ ডাক্তৰ লক মানটেগাৰে এই ৰোগৰ বীজাণু আৱিষ্কাৰ কৰি চিকিৎসা জগতত আলোৰণ সৃষ্টি কৰে। ব্যভিচাৰী জীৱন,পৰীক্ষা নকৰা তেজ গ্ৰহণ,ড্ৰাগছ আসক্ত সকলে বেজীৰে নিচাযুক্ত ঔষধ গ্ৰহণ এইবোৰ সাধাৰণতে এই ৰোগ সংক্ৰমিত হোৱাৰ পথ পশস্ত কৰে।

 

এইডছ ত আক্ৰান্ত লোকৰ গাত কিছুমান চিন পৰিস্ফুত হয়।যেনে – দেহৰ ওজন কমি যোৱা,পনীয়া শৌচ বা গ্ৰহণী হোৱা, অস্বাভাৱিক জ্বৰ হোৱা ,ছালৰ খজুৱতি হোৱা,বেছিদিন কাহত ভুগি থকা, শৰীৰৰ কিছুমান গ্ৰন্থী ফুলি উঠা,খাদ্যনলী ত ঘা হোৱা,গা ৰ বিষ হোৱা ইত্যাদি।

Assamese Essay Section – click here

এইডছ ৰোগৰ পোনপটীয়া চিকিৎসা পদ্ধতি এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই যদিও এই ৰোগৰ বাবে দেহত দেখা দিয়া আন ৰোগবোৰৰ নিৰাময়ৰ ব্যৱস্থা আছে।এই ৰোগৰ প্ৰধান ঔষধ হৈছে প্ৰতিৰোধ । অবাঞ্চনীয় কৰ্মৰ বাবে যাতে ৰোগৰ ভাইৰাছ দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে।

 

ভয়াবহ এইডছ ৰোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১৯৮৮ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰায়বোৰ দেশৰ স্বাস্থ্য মন্ত্ৰী সকলক মিলিত হৈ কেতবৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰে এটা হৈছে – ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস ৰূপে পালন।এই দিৱসৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ মাজত এইডছ ৰোগ সম্বন্ধে সজাগতা বৃদ্ধি কৰা।

বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ || World Aids Day
বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

 

প্ৰতিবছৰে একোটা নতুন ধ্বনিৰে এই ৰোগৰ বিষয়ে মানুহৰ মন আকৰ্ষণৰ ব্যৱস্থা কৰা হয়।২০২১বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ ধ্বনি হৈছে – ” অসমতা সমাপ্ত কৰক, এইডছ সমাপ্ত কৰক। ” (End inequalities. End AIDS) ৰঙা ফিটা হৈছে এইডছ ৰোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক।

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি ( ASACS ) ৰ অনুমান অনুসৰি অসমৰ ২৫,০৭৩ জন লোক এইচ আই ভি পজিটিভ ৷ প্ৰতিবেদন অনুসৰি ২৫,০৭৩ জন পিএলএইচআইভিৰ ভিতৰত তিনি শতাংশ শিশু আৰু ৪৫ % পি এল এইচআইভি মহিলা। বিশ্ব এইডছ দিৱসৰ সন্মানত বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আছাক্সে MACO HIY Estimation Report 2021 ৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে অসমৰ এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.০৯ শতাংশ , যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.২১ শতাংশতকৈ কম ৷

ৰাজ্যখনৰ ১০,৭৬৫ জন ব্যক্তিয়ে এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী ( এ আৰ টি ) গ্ৰহণ কৰাৰ বাবে বৰ্তমান জীয়াই আছে ৷ লগতে অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে অসমৰ ভিতৰতে গুৱাহাটীত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা সৰ্বাধিক বুলি প্ৰকাশ কৰিছে ৷ কামৰূপ ( মহানগৰ ) জিলাত ৭৬১০টা , কাছাৰত ৫২০০টা , নগাঁৱত ১৬০২টা আৰু ডিব্ৰুগড়ত ১৪০২টা ঘটনা সংঘটিত হৈছে ৷ প্ৰতিবেদন অনুসৰি , অসমত এইচ আই ভি সংক্ৰমণৰ ৮১.৬৩ শতাংশ বিষমযৌন সম্পৰ্কৰ , তাৰ পিছতে সমকামী সম্পৰ্ক ( ৪.৬১ শতাংশ ) আৰু পিতৃ – মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ ( ৪.৭৬ শতাংশ ) লগতে এইচ আই ভি সংক্ৰমিত চিৰিঞ্জ আৰু বেজী ( ৫.৫৪ শতাংশ ) , তেজ সঞ্চালন (০.৮৫ শতাংশ), আৰু নিৰ্দিষ্ট পৰিমাণে (২.৬১ শতাংশ)।

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

অসমীয়া ৰচনা Assamese Essay 2025

November 30, 2021 by Souvik Leave a Comment

অসমীয়া ৰচনা || Assamese Essay Section || অসমীয়া ৰচনা Assamese Essay 2025

অসমীয়া ভাষা আৰু সংস্কৃতি – এটি দৃষ্টিপাত

অসমীয়া, যাক স্থানীয় ভাষাত “অসমীয়া” বুলি কোৱা হয়, অসমৰ চৰকাৰী ভাষা। এই ভাষাটো ভাৰতবৰ্ষৰ পূব-উত্তৰ কোণত অৱস্থিত এখন সমৃদ্ধ সাংস্কৃতিক ৰাজ্য অসমৰ অন্যতম গৌৰৱ। অসমীয়া ভাষা ইণ্ড’-আৰ্য শাখাৰ অন্তৰ্গত আৰু ইয়াৰ সাহিত্যিক ইতিহাস ১৩শ শতিকাৰ পৰা আৰম্ভ হৈছে। এই ভাষা কেৱল সংযোগৰ উপায় নহয়, ই অসমৰ মানুহৰ মূল্যবোধ, পৰম্পৰা আৰু পৰিচয় বহন কৰা এক মাধ্যম।

অসমীয়া লিপি পূব নগৰী লিপিৰ পৰা উদ্ভৱ হোৱা, যিটো বঙালী লিপিৰ দৰে লাগিলেও তাৰ নিজৰ বৈশিষ্ট্য আছে। অসমীয়া সাহিত্য বিভিন্ন যুগত বিকাশ পাইছে। শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঞিৰ দৰে মহান সাহিত্যিকসকলে অসমীয়া ভাষাক সমৃদ্ধ কৰি গৈছে। শঙ্কৰদেৱৰ বৰগীত, অংকীয়া নাট, আৰু ধৰ্মীয় গ্ৰন্থসমূহে অসমীয়া সাহিত্য আৰু সংস্কৃতিক দিশ দেখুৱাইছে।

অসমীয়া সংস্কৃতি উৎসৱ, সংগীত, নৃত্য আৰু সমাজিক জীৱনত গভীৰভাৱে গাঁঠি ধৰিছে। বিহু, অসমৰ সৰ্বাধিক জনপ্ৰিয় উৎসৱ, জীৱনৰ আনন্দ আৰু প্ৰকৃতিৰ সংগতি প্ৰতিফলিত কৰে। বছৰত তিনি বাৰ উদযাপন হোৱা বিহু – ৰঙালী, ভোগালী আৰু কঙালী বিহু – প্ৰতিটো উৎসৱে এক বিশেষ সাংস্কৃতিক অৰ্থ বহন কৰে। বিহু নৃত্য আৰু সংগীত ভাৰতজুৰি জনপ্ৰিয়।

অসমীয়া পৰম্পৰাগত খাদ্যভ্যাস প্ৰাকৃতিকতা আৰু সাধাৰণতাৰ সৈতে সমন্বিত। ভাত, মাছ, আৰু সেউজীয়া শাক-পাচলি ইয়াৰ মূল উপাদান। অসমীয়াতে মচলা কম ব্যৱহাৰ কৰি খাবাৰৰ আসল সোৱাদ বজাই ৰখা হয়।

আধুনিক যুগত অসমীয়া ভাষাই আধুনিক শব্দ-ভাণ্ডাৰ গ্ৰহণ কৰিছে, কিন্তু ইয়াৰ মূল বৈশিষ্ট্য অটুট ৰখা হৈছে। শিক্ষাব্যৱস্থা, সংবাদ মাধ্যম, সাহিত্য, সংগীত আৰু ডিজিটেল প্লাটফৰ্মৰ জৰিয়তে এই ভাষাক আগবঢ়াবলৈ বহুত চেষ্টা চলি আছে। অসমীয়া চিনেমা, সংগীত আৰু অনলাইন বিষয়বস্তুৰ জনপ্রিয়তা বৃদ্ধি পাইছে। অসমীয়া ৰচনা Assamese Essay 2025

 

English Essay Section – click here

 

HSLC (দশম শ্ৰেণী) পৰীক্ষাত ৰচনাৰ গুৰুত্ব

HSLC পৰীক্ষাত ৰচনা লিখা এটা অতি গুৰুত্বপূর্ণ অংশ। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ চিন্তাভাবনা, ভাষা ব্যৱহাৰ, আৰু গঠনক্ষমতা প্ৰকাশ কৰাৰ সুযোগ পায়। এটা ভাল ৰচনাই মাত্ৰ নম্বৰেই নিদিয়ে, ই ছাত্ৰ-ছাত্ৰীৰ ভাষাগত দক্ষতা, সৃষ্টিশীলতা আৰু তথ্য উপস্থাপন কৰাৰ ক্ষমতাকো প্ৰদৰ্শন কৰে। সেয়া হেতু, HSLC পৰীক্ষাৰ বাবে ৰচনা লিখাৰ অভ্যাস, শব্দভাণ্ডাৰ আৰু গঠন-পদ্ধতি শিকি থকাটো অত্যন্ত আৱশ্যক।

সাৰাংশস্বৰূপে, অসমীয়া কেৱল এটা ভাষা নহয়, ই অসমৰ ইতিহাস, ধৰ্মবিশ্বাস আৰু সৃষ্টিশীলতাৰ প্ৰতিফলন। ইয়াক সংৰক্ষণ আৰু উন্নয়ন কৰাটো অসমৰ লগতে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা কৰিবলৈ অত্যন্ত প্ৰয়োজন। অসমীয়া ৰচনা Assamese Essay 2025

 

Importance of Essay Writing in HSLC Class 10 Examination (Assam Board)

 

Essay writing plays a vital role in the HSLC (Class 10) Assam Board examination. It is a key component of the language paper, testing a student’s ability to express thoughts clearly and logically. A well-written essay reflects the student’s command over grammar, vocabulary, and structure. It also helps in developing critical thinking, creativity, and the ability to present ideas in an organized way. Since essay topics are often related to current affairs, culture, or social issues, preparing for essays also improves general knowledge. Scoring well in the essay section can significantly boost overall marks in the language subject. Therefore, regular practice and a strong understanding of common topics are essential for success in the HSLC exam.

অসমীয়া ৰচনা Assamese Essay 2025

 

 

অসমীয়া ৰচনা Assamese Essay 2025
অসমীয়া ৰচনা Assamese Essay 2025

 

1. মই ভালপোৱা এখন গ্ৰন্থ ৷ ৷ My Favorite Book

2. অসমৰ প্ৰাকৃতিক সম্পদ ।। Natural Resources of Assam

3. স্বাধীনতা দিৱস ।। Independence Day

4. চুকাফা দিৱস || Sukafa Divas || Asom Divas|| অসম দিৱস

5. মোৰ প্ৰিয় সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

6. গণৰাজ্য দিৱস || Republic Day || 26 January 2022

7. Silpi Divas || ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

অসমীয়া ৰচনা Assamese Essay 2025

8. নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose

9. চিপকো আন্দোলন ।। Chipko movement 26 March 

10.Why do we celebrated Eid-al-Fitr 2022 || ঈদ উল ফিতৰ

11. লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

12. বিশ্ব শিশু দিৱস ।। শিশু দিৱস কিয় পালন কৰা হয়

13. পুথিভঁৰাল | | অসমীয়া ৰচনা

14. ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

অসমীয়া ৰচনা Assamese Essay 2025

15. ভূপেন হাজৰিকা ৰচনা | | Bhupen Hazarika Essay in Assamese

16. ড°এ.পি.জে.আব্দুল কালামৰ বিষয়ে ৰচনা || Essay on Dr. A.P.J Abdul kalam in Assamese

17. মহৎ লোকৰ বাণী || 55 Best Quotes By Great People in Assamese    

18. অসমৰ বানপানী, ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ || Flood in Assam, Causes and Remedies Essay in Assamese

19. লক্ষ্মীনাথ বেজবৰুৱা || Lakshminath Bezbaroa Essay in Assamese

20. অসমৰ জাতীয় উৎসৱ বিহু 

21. Mother Teresa Essay in Assamese || মাদাৰ টেৰেছা

22. ১৫০ মহৎ লোকৰ বাণী || Famous Quotes by Great People

23. মোৰ প্ৰিয় খেল || My Favorite Game Essay in Assamese

24. বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে ৰচনা || Essay on Bishnu Prasad Rabha

25. অসমৰ নিবনুৱা সমস্যা || Unemployment Problem in Assam essay in Assamese – click here

 

 

Join Us in WhatsApp Group Click here
 

26. Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা – click here

27. স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assamese – click here

28. চন্দ্ৰয়ান-৩ বিষয়ে ৰচনা ।। Chandrayaan 3 Essay in Assamese – click here

29.পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ – click here

30. ৰামানুজনৰ ওপৰত ৫০০+ শব্দৰ ৰচনা – click here

অসমীয়া ৰচনা Assamese Essay 2025

31. দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here

32. কনকলতা বৰুৱা || Essay on Kanaklata Barua in Assamese – click here

33. নৱকান্ত বৰুৱা || Nabakanta Barua Essay in Assamese – click here

34. মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ প্ৰভাৱ || Alcohol and it’s Impact of on Society – click here

Filed Under: অসমীয়া ৰচনা Tagged With: অসমীয়া ৰচনা

চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

November 28, 2021 by Souvik Leave a Comment

চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

 

               ভূগোলৰ মানচিত্ৰত অসম নামৰ যিখন ৰাজ্য আমি দেখিবলৈ পায় ইয়াৰ জন্ম হৈছিল চুকাফাৰ পাহাৰ ভৈয়ামে আগুৰা ব্ৰহ্মপুত্ৰ উপত্যকা লৈ আগমন হোৱাৰ পিছত।তাৰ আগতে এই ভূখণ্ড প্ৰাচীন কালৰে পৰা কছাৰী,ৰাভা,বড়ো,মৰাণ,তিৱা,বৰাহী, কোঁচ মেছ, ডিমাছা,কাৰ্বি,দেউৰী, চুতীয়া, মিছিং আদি জনগোষ্ঠী বোৰৰ অধীনত আছিল।তেওঁলোকৰ মাজত ঐক্য সংহতি নাছিল। চুকাফাই প্ৰথমে বীজ ৰোপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে।

লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese – click here

চুকাফা দিৱস  || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ
চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas /Assamstudyhub.com

                          চুকাফা আছিল মংগোলীয় শ্বান টাই গোষ্ঠীৰ লোক।নিজ ৰাজ্য মাওলুং এৰি অহাৰ সময়ত তেওঁ লগত আনিছিল ৯ হাজাৰ মানুহে ৰে গঠিত এদল লোক।ইয়াত সেনাৰ লগতে উচ্চ বংশীয় লোকো আছিল।হাতী আৰু ঘোঁৰা ও আছিল প্ৰায় তিনিশ ।১৩ বছৰ কাল পাটকাই পৰ্বতৰ আশে পাশে ঘূৰি ফুৰি ১২২৮ খ্ৰীষ্টাব্দত চুকাফা খামজাং নামৰ ঠাইত উপস্থিত হয়।ইয়াত তেওঁ কেতবোৰ নগা লোকৰ লগত যুদ্ধত লিপ্ত হৈ নগা সকলক পৰাস্ত কৰে।ভৈয়ামৰ ফালে আগুৱাই আহি নামৰূপ অঞ্চলত উপস্থিত হয়।ইয়াৰ পাছত উপযুক্ত ৰাজধানীৰ স্থান বিচাৰি বিভিন্ন ঠাইত থাকি,পাহাৰৰ দাঁতিৰ চৰাইদেও নামৰ ঠাইত উপস্থিত হয়। এই ঠাই নিৰাপদ বুলি ভাবি তাতে ৰাজধানী স্থাপন কৰিলে।তেওঁ আশে পাশে থকা মৰাণ আৰু বৰাহী সকলক সম্প্ৰীতিৰ যোগেদি বশ কৰে।পৰাভূত লোক সকলেও নৱাগত টাই বংশীয় লোকসকলৰ প্ৰতি বেয়া ভাৱ পোষণ নকৰিছিল।এই নৱাগত লোকসকল অসম মানুহ।ইয়াৰ পৰাই কালক্ৰমত অসম,অহো ম শব্দৰ উৎপত্তি হয়।পিছত আহোমে অধিকাৰ কৰি লোৱা দেশখনৰ নাম অসম হৈ পৰে। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

English Grammar MCQ Test Series – click here

 

পদ্মনাথ গোহাঞিবৰুৱা দেৱে অসমৰ বুৰঞ্জী নাম গ্ৰন্থত লিখিছে — ” চুকাফা এজন বিচক্ষণ ৰাজনীতিজ্ঞ ৰজা আছিল “ দেশ জয় কৰাত তেওঁ যেনে পাৰ্গত,শাসন কাৰ্যতো তেওঁ এজন পৈণত ৰজা আছিল।প্ৰজা শাসনৰ সুচলাৰ্থে তেওঁ অসাধাৰণ ভাৱে স্বাৰ্থ ত্যাগ কৰিব পাৰিছিল।আনকি ৰাজকাৰ্য্য ৰ সুচলার্থে তেওঁ নিজৰ ভাষাকো এৰিবলৈ কাতৰ নহৈছিল।অসম দেশৰ বাহিৰে আন দেশৰ লগত আহোম ৰাজ ভাষাৰে সৈতে বা – বাতৰি চলাবলৈ সুচল নহৈছিল।সেইকাৰণে স্বৰ্গদেউ চুকাফাই নিজৰ চৰ্চা ঢিলাই দি ৰাজকীয় কাৰ্য্যত প্ৰজাৰ ভাষা চলাবলৈ নিয়ম কৰিলে।তেওঁ ৩৯ বছৰ কালত ইয়াত ৰাজত্ব কৰি, নিজৰ অসম ক্ষ মতাৰ অক্ষয় কীৰ্তি ৰাখি অতি বৃদ্ধ বয়সত ১২৬৮ খ্ৰীষ্টাব্দত স্বৰ্গীয় হয়। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas
চুকাফা দিৱস (২ ডিচেম্বৰ) || Sukapha Divas || Asom Divas /Assamstudyhub.com

                            চুকাফাই অসমত বুৰঞ্জী লিখা প্ৰথা প্ৰবৰ্তন কৰে।চুকাফাৰ কৰ্মৰাজীয়ে লুইপৰীয়া মানুহক বহুতো কথা শিকাই গৈছে।এই বিষয়ত তেওঁ কথাৰেই নহয় কামেৰেও নিদৰ্শন দেখুৱাইছিল।থলুৱা লোকক ভাতৃত্ববোধেৰে আঁকোৱালি লৈ গঢ় দিলে নতুন জাতিসত্তা।চুকাফা ক অসমীয়া জাতিৰ পিতৃ স্বৰূপ বুলি গণ্য কৰা হয়।

এইজনা মহান উদাৰ পুৰুষৰ স্মৃতিত প্ৰতিবছৰে ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে পালন কৰা হয়।এই দিৱস টো অসম দিৱস বুলিও কোৱা হয়। চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

60 Most important Political Questions – click here

চুকাফা দিৱস || Sukapha Divas || Asom Divas || ২ ডিচেম্বৰ

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

  • « Go to Previous Page
  • Page 1
  • Interim pages omitted …
  • Page 4
  • Page 5
  • Page 6

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ December 25, 2025
  • Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December December 22, 2025
  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...