• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

SEBA Class 10 Assamese Medium & English Medium Solutions

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

May 29, 2025 by Souvik Leave a Comment

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাব বিষয়ক:


১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

 


২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?
উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ কালিয়দমন ‘ ৰ কি বাখ্যা দিছে ?
উত্তৰ : সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ কালিয়দমন ‘ ৰ দিয়া বাখ্যা হৈছে  আৰ্য্ই অনাৰ্য্যক সংস্কৃত কৰাৰ প্ৰতীক ধৰ্মী নৃত্য।

 


৪। কোনটো যুগত ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উত্তৰ : বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল ?
উত্তৰ : আৰ্য বেদত ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


৬। ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ মূল সম্পদ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৭। অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি?
উত্তৰ : সন্ন্যাস জীৱন আৰু সমূহীয়া জীবন।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি হব লাগে বুলি মত প্ৰকাশ কৰিছিল?
উত্তৰ : নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হব লাগে বুলি মত প্ৰকাশ কৰিছিল।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰ : চিত্ৰকলাক।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


১০। হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে পঁচিছটা মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।

উত্তৰ : সাম্প্ৰতিক স্তৰৰ লেখক সকলৰ ভিতৰত হেম বৰুৱা অন্যতম। কবিতা আৰু গদ্য ৰচনা উভয় দিশতে তেওঁ বৰঙণি আগবঢ়াইছে। তেওঁৰ ‘বালিচন্দা ‘ আৰু ‘মন ময়ুৰী ‘ প্ৰখ্যাত কবিতা সংকলন। তেওঁৰ গদ্য সাহিত্য সমুহ হ ‘ ল – ‘আধুনিক সাহিত্য ‘ , ‘সাগৰ দেখিছা ‘ , সানমিহলি, ‘ৰঙা কৰবীৰ ফুল ‘ , ‘ কিউপিড আৰু চাইকি ‘ , ‘কন্নকী ‘ , ‘ এই গাঁও এই গীত ‘ , ‘ মেকং নৈ দেখিলোঁ ‘ , ‘ ইজৰাইল ‘ , স্মৃতিৰ পাপৰি ‘ । তেওঁৰ ‘ সাগৰ দেখিছা ‘ আৰু ‘ ৰঙা কৰবীৰ ফুল ‘ – ভ্ৰমণ বৃত্তান্ত মূলক গ্ৰন্থ । আধুনিক সাহিত্য আৰু সানমিহলি জটিল বিষয়ৰ আলোচনা বিষয়ক পুথি । জনতা আৰু পছোৱা কাকত সম্পাদন কৰি তেওঁ সাংবাদিকৰ ক্ষেত্ৰখনতো ভৰি দিয়ে ।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১১।  ‘ভাৰতীয় সংস্কৃতি ‘ পাঠটোৰ সাৰাংশ লিখা ।

উত্তৰ : হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে মিলনৰ সংস্কৃতি তাকে কব বিচাৰিছে। ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে আৰ্য , অনাৰ্য, মংগোলীয় , দ্ৰাবিড় আদি জনগোষ্ঠীৰ লগতে অতীজত ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক , শক , হুন আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে । আদিৰে পৰা মোগল , ৰাজপুত আদি বংশৰ শাসন কালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে। আৰ্য – অনাৰ্য দেৱ দেৱীৰ কথা কোৱাৰ লগতে , উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত প্ৰকাশ ঘটিছে । ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য, চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে , এই কথাই সংস্কৃতিৰ মিলনকে বুজায়। আধ্যাত্মিকতাবাদৰ , সাহিত্য , চিত্ৰ – শিল্প , সংগীত , ভাস্কৰ্য আদি প্ৰতিটো দিশতেই এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে।
মুঠতে ভাৰতীয় সংস্কৃতি পাঠ টোৰ সাৰাংশ হ ‘ ল এয়ে যে সংস্কৃতি এদিনতে গঢ়ি উঠা এটা বস্তু নহয়। যুগ যুগ ধৰি বিভিন্ন জাতি – জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


১২। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু ।
— এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ‘ ভাৰতীয় সংস্কৃতি ‘ পাঠ টোৰ আধাৰত বিচাৰ কৰা।
উত্তৰ : প্ৰাক ঐতিহাসিক কালৰে পৰা ভাৰতত যি সকল লোকে বাস কৰি আছিল তেওঁলোক অনাৰ্য জাতিৰ লোক । বিদেশৰ পৰা ভাৰতলৈ পোন প্ৰথমে দ্ৰাবিড় সকলে আহিছিল আৰু তেওঁলোকে পঞ্জাৱ অঞ্চলত থাকিবলৈ লয়। ড্ৰাবিড় সকল অহাৰ পিছৰে পৰা মংগোলীয় , গ্ৰীক , শক ,হুন আদি নানা জাতি উপজাতিৰ লোক ভাৰতলৈ আহি স্থায়ী ভাবে বসবাস কৰিবলৈ লৈছে। এই বিভিন্ন জাতি উপজাতিৰ লোক ইয়াত থিতাপি লোৱাৰ পাছত এই দেশৰ সংস্কৃতি গ্ৰহণ কৰিব নোৱাৰিলে ।

অতীতৰ ভাৰত বুৰঞ্জী উত্থান পতনৰ বুৰঞ্জী সেইদৰে সমন্বয় ৰো বুৰঞ্জী । বিভিন্ন সময়ত অহা বহিৰাগত লোক সকলে ইয়াত বসবাস কৰিবলৈ লোৱা ফলত তেওঁলোকৰ সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিল । ফলত সাহিত্য, শিল্প ভাষা তত্ত্ব , সামাজিক , ৰাজনৈতিক আদৰ্শ , কলা , দৰ্শন আদিৰ ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হ ‘ ল।

ভাৰতীয় সংস্কৃতিৰ মূল সু সংগঠিত আৰু মজবুত তথাপিও ই অন্য সংস্কৃতিৰ ধাৰকো গ্ৰহণ নকৰাকৈ থকা নাই উদাহৰণ স্বৰূপে ৰাজপুত চিত্ৰকলাই ভাৰতীয় সংস্কৃতিত এক বিশেষ স্থান দখল কৰিছে। তেনেদৰে দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ দেৱীক ধৰি আৰম্ভ কৰি ধৰ্ম পদ্ধতি কিছুমান আৰ্য সমাজ গ্ৰহণ কৰিছিল । আনটো দেৱতা শিৱই আৰ্য ৰ বেদীত স্থান পাইছিল ।

ইছলাম সকল ভাৰতলৈ অহাৰ পিছত উত্তৰ ভাৰতীয় মঠ মন্দিৰৰ ভাস্কৰ্যত ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিছিল ।বাবৰৰ দিশত ভাৰতীয় চিত্ৰকলাত নতুন ধাৰাৰ প্ৰৱৰ্তন হয়। ধৰ্মৰ ক্ষেত্ৰতো একে কথা। হিন্দু ধৰ্ম অতিন্দ্ৰীয় বাদ আৰু আধ্যাত্মিকতা বাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল । কিন্তু ইছলামৰ প্ৰভাৱ আধ্যাত্মিক তাৰ ধমনি কঁপাই তুলিছিল ।

ব্ৰিটিছ সকল অহাৰ পিছত ভাৰতীয় সকল সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ পৰিল।

গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


১৩। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰ:  সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যবহাৰ কৰিব নোৱাৰি । সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। সভ্যতা হৈছে এটা সমাজ পদ্ধতি । সমাজ সভ্য নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টি মূলক কাম হাতত লোৱা সম্ভৱ নহয়। আনহাতে , সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজৰ জীৱন প্ৰতিভা । এটা জাতি সুসভ্য হব পাৰে কিন্তু কোনো লেখত লবলগীয়া সাংস্কৃতিৰ স্তম্ভ নাথাকিবও পাৰে । সভ্যতাই সমাজ সু শৃংখল কৰি সংস্কৃতি সৃষ্টিত সহায় কৰে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১৪ । উত্তৰ  ভাৰতীয় , দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।

উত্তৰ : ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কলে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক বুজায় । কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টিয় ছাৰমান আন ডি মাইণ্টৰ গুৰি তো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। চুফীবাদ ৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘোষণা কৰা হয়। যদিও চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল থকা দেখা যায়। এনেবোৰ ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সম্পদ তাৰ উমান পোৱা যায়। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল । গতিকে ইয়াৰ এটা নিজৰ বিচৰা পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ক ৰঙীন কৰি তুলিছে। দাক্ষিণাত্য ভাস্কৰ্য ক কোণ আৰু সৰলৰেখাৰ প্ৰয়োগ সৰহ। প্ৰত্যেকটো ভংগিমাই সুকীয়া। ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তিৰ ঠাই নাই । উদাহৰণ স্বৰুপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্তত এহাজাৰটা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে । উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰয়োগ বেছি ।


ইছলাম সকল ভাৰতত অহাৰ পিছত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ উত্তৰ ভাৰতৰ মন্দিৰ বোৰত ভালেখিনি পৰিল।  উত্তৰ ভাৰতৰ ভাস্কৰ্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শৰ সমন্বয় ঘটি এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। বাবৰৰ আমোলত বাহিৰৰ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত ধৰ্মীয় চিন্তাধাৰাৰ মিলন ঘটিছিল। ফলত এটা নতুন চিত্ৰাংকন পদ্ধতিৰ উদ্ভৱ হৈছিল । ভাৰতীয় প্ৰচলিত ধৰ্মীয় ভাৱধাৰাৰ ওপৰতো বহিৰাগত ইছলাম ধৰ্মই প্ৰভাৱ পেলাইছিল ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers



১৫। অজন্তাৰ গুহাৰ শিল্প কলাৰ এটি বিবৰণ দিয়া।

উত্তৰ : চিত্ৰকলা যদিও বিশ্বজনীন তথাপিও ইয়াৰ জৰিয়তে জাতি বিশেষৰ পৰিচয় পোৱা যায় । অজন্তাৰ গুহাৰ চিত্ৰবোৰ ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ চিত্ৰবোৰৰ দুটা ভাৱ প্ৰকাশ পাইছে। দুয়োবিধ হৈছে এটা সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন। দুয়োবিধ একেলগে অঁকা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ সময় চিত্ৰ । এইবোৰত ফুটি উঠিছে। শক্তি , খ্যাতি , প্ৰেম আৰু যৌৱন । প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱ বস্তুৰ ফালৰ পৰা দুয়োবিধ শাৰীত বৈসাদৃশ্য আছে। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। জীৱনৰ অসামজ্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে । ইয়াৰোপৰি প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ গুহাত চিত্ৰবোৰত আছে। পুৰুষ মহিলা, শিশু , বিভিন্ন ভংগিমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱন প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰচুৰ্য্যক যেন এঠাইত ধৰি ৰাখিবলৈ বিচাৰিছে। ছবিবোৰত ভাৱ বস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মিত হোৱা নাই । শিল্পীত মননশীল শিল্পজাত আৰু জীৱনৰ মাজত সুন্দৰ সময়ত সংযোগ ঘটিছে । ইয়েই অজন্তাৰ চিত্ৰ শিল্পীৰ গৌৰৱ । অজন্তাৰ গুহাত অনন্ত কালৰ বাবেই শিল্পকলা সজ্জিবীত হৈ আছে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
১৬। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন বিৰাট ধাৰাটি আছিল লিখা ।

উত্তৰ : মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰশিল্প মূলতে প্ৰচুৰ ব্যক্তিবোধ, ব্যক্তি বাদী আৰ্টত , জন জীৱনত বা সমষ্টি জীৱনত কোনো সংবাদ নাছিল ইয়াৰ লক্ষ্য আছিল ব্যাক্তিৰ জীৱন প্ৰকাশ । ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেঙ্গিজ খাঁৰ ৰাজ দৰবাৰৰ যুগত প্ৰকৃতি এই আৰ্টত ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াৰ ভাৱ প্ৰবণতা নাই , আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা । এইখিনিতে উদাহৰণ স্বৰূপে আমি উৰ্দু ৰোমান্টিক কাব্য সাহিত্যত কথা উলিয়াব পাৰোঁ । বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তি শালী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰ ধাৰাৰ মিলন ঘটিছিল।এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

 

 


১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে ?

উত্তৰ : উত্তৰ ভাৰতৰ সংগীত হৈছে ভাৰতীয় উচ্চাঙ্গ সঙ্গীত । ই দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ । উত্তৰ ভাৰতীয় সঙ্গীতৰ এটা নতুন বস্তু আমাৰ চকুত পেলায় গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সঙ্গীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাও।  ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব পাৰি।

 



১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টোকা যুগুত কৰা।

উত্তৰ : ভাৰতীয় সংস্কৃতিত ইছলামৰ প্ৰভাৱ মন কৰিবলগীয়া । মধ্য এছিয়া বা পশ্চিম এছিয়াৰ পৰা চামে চামে অভিযানকাৰীয়ে ভাৰত অভিযান কৰিবলৈ আহি ভাৰতত খোপনি পুতি ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে তেওঁলোকৰ নিজস্ব সংস্কৃতি বিকশিত হ ‘ল আৰু সেই সংস্কৃতিৰ কিছু কিছু প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ভাষা – সাহিত্য , ধৰ্ম , চিত্ৰ, ভাস্কৰ্য আদি সকলো ক্ষেত্ৰতে ইছলামৰ প্ৰভাৱ পৰিল।


উত্তৰ ভাৰতৰ মন্দিৰ বোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিল। উত্তৰ ভাৰতৰ ভাস্কৰ্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে । ইছলামীয় ভাস্কৰ্য হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে ।


ভাৰতীয় চিত্ৰশিল্পৰ ওপৰতো ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিল। অজন্তাৰ গুহাৰ চিত্ৰবোৰে প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ নিজ স্বৰূপ প্ৰকাশ কৰিছে। কিন্তু বাবৰৰ আমোলত চিত্ৰ শিল্পৰ এটি নতুন ধাৰা প্ৰৱেশ কৰে, বাবৰৰ আমোলত সুস্থ ব্যক্তিবাদী চিত্ৰ কলাৰ লগত প্ৰচলিত চিত্ৰবোৰৰ মিলন ঘটিছিল। ফলত দুয়োৰে সংমিশ্ৰণত এটি নতুন পদ্ধতিৰ সৃষ্টি হৈছিল । ইছলাম সকল অহাৰ পিছত ভাৰতৰ  আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন্তু ইছলামৰ প্ৰভাৱ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল।

ইছলামসকল অহাৰ পিছত ভাৰতীয় ভাষা সাহিত্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিল ।মোগল সম্ৰাটসকলৰ দৰবাৰত যি সাহিত্য সৃষ্টি হৈছিল আৰু প্ৰভাৱ ভাৰতীয় সাহিত্যত পৰিলক্ষিত হোৱা দেখা যায়। ইছলাম সকলৰ বহুতো শব্দ ভাৰতীয় ভাষা সমূহত সোমাই পৰিছে।গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১৯। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্প কলাৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰ : প্ৰাক মুছলিম যুগত ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাই অনাৰ্য আৰু আৰ্য ৰীতিকে বহন কৰি আহিছিল। ইছলামৰ পৰা আঁতৰত থকা বাবে দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ পাদুৰ্ভাব সৰল গঠনৰ বিশালতা ইয়াৰ অন্যতম প্ৰধান বৈশিষ্ট্য। প্ৰত্যেকটো ভংগিমাই সুকীয়া । উদাহৰণ স্বৰূপে কাঞ্জিভিৰাম মন্দিৰৰ কথা কব পাৰি। এই মন্দিৰটোত অন্তত এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ পাদুৰ্ভাব সৰহ । এই অঞ্চলৰ মন্দিৰ বোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়।

গঠনৰ সফলতা আৰু সুক্ষমতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু । ইয়াক কোনো প্রকাৰেই ইছলামীয় বুলিব পাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে।

প্ৰাক মুছলিম যুগত ভাৰতীয় চিত্ৰ কলাৰ নিদৰ্শন পোৱা যায়। অজন্তাৰ গুহাবোৰত জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰি জীৱন প্ৰচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰ সমূহত আছে ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


২০। বাখ্যা কৰা ।

(ক) সংস্কৃতিৰ অবিছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ?

উত্তৰ :

উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি থকা হেম বৰুৱাৰ ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।

ভাৰতীয় সংস্কৃতি কিদৰে গঢ় লৈ উঠিছে। তদুপৰি চিৰ প্ৰবাহমান সংস্কৃতিয়ে যেন ভাৰতীয়ৰ জীৱনৰ মূল সম্পদ উক্ত কথাষাৰৰ মাজেৰে লেখকে তাকেই বুজাবলৈ বিচাৰিছে।

ভাৰতীয় সংস্কৃতি হৈছে বাৰে বৰণীয়া ফুলেৰে গঁথা এডাল মালাৰ নিচিনা এটা জাতি সু সভ্য হলেও সেই জাতিৰ সাংস্কৃতিক স্তম্ভ ওখ নহবও পাৰে ভাষা , সাহিত্য ,সুকুমাৰ কলা ,দৰ্শন আদিৰ মাজেৰে এটা সুকীয়া সংস্কৃতি ফুটি উঠে । সভ্যতাই নবৰূপ পোৱাৰ লগে লগে সংস্কৃতিয়েও নতুনত্বৰ ফালে ধাৱমান হয় । ভাৰতীয় সংস্কৃতিৰ অবিচিন্ন মত উপমত লগলাগি ভাৰতীয় সংস্কৃতিৰ মহাসাগৰ ৰচিত হৈছে। সেইবাবে ই নিৰবিচ্ছিন্ন ভাৱ হৈ আছে। ভাৰতীয় ভৌগোলিক বিচিত্ৰতা জীৱনৰ গঢ় দিছে। অতি প্ৰাচীন কালৰে পৰা ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন মানৱ গোষ্ঠী আহি ভৰতীয় সাংস্কৃতিক নিতে এই নিৰবিচ্ছিন্ন ধাৰাই ভাৰতীয় জাতীয় জীৱনৰ মূল সম্পদ হৈ পৰিছে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

(খ) ভাৰতীয় বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান ,পতন ,ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী ।

উত্তৰ:

উদ্ধৃত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে।


ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি কিদৰে ক্ৰমবৰ্ধমান সোতেৰে বৈ আছে সেই কথা কবলৈ যোৱাৰ প্ৰসংগত উক্ত কথা ফাকিৰ অৱতাৰণা কৰিছে।

ভাৰতীয় বুৰঞ্জী ভৰা গঢ়াৰ বুৰঞ্জী ইটোৰ পাছত সিটো মানৱ গোষ্ঠী আক্ৰমণ বা অভিযান ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ কৰাৰ ঘটনাৰ ভাৰত বুৰঞ্জী ভাৰাক্ৰন্ত তথাপি ভাৰতীয় মূল সুঁতি ক্ৰমৰ্ধমান সোঁতেৰে বৈ যোৱা নাছিল । এটা পৰিয়ালৰ বা বংশৰ পিছত আন এটা পৰিয়ালে বা বংশই শাসন ভাৰ গ্ৰহণ কৰাৰ বিবৰণেৰে ভাৰত বুৰঞ্জীৰ পাত ভৰি আছে । ইমান বোৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতো বহিৰাগত জাতি উপজাতিৰ পৰা সাৰ ভাগ বুটলি লৈ ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটো ক্ৰমৰ্ধমান সোঁতেৰে বৈ আছিল।
গতিকে সম্যক দৃষ্টি ৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন,ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী।
ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


(গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম দেখা যায়।

উত্তৰ :

উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠ টিৰ পৰা তুলি লোৱা হৈছে।

ইয়াত লেখকে ভাস্কৰ্য শিল্পই যে কেৱল সমূহীয়া সামজিক ভাৱধাৰাৰ ওপৰত বিশেষ ভাৱে নিৰ্ভৰশীল সেই প্ৰসংগত উক্ত পদ্যাংশৰ অৱতাৰণা কৰিছে।

সকলো আৰ্ট বা কলাৰ দুটা দিশ দেখা যায় । এটা দিশ হল কলাত আৰু কাৰ্য আৰু জাক জমকতাৰ সৃষ্টি কৰা আৰু আনটো দিশ হল কলাত সংযম আৰু আড়ম্বৰ হীনতা প্ৰয়োগ কৰা। ইয়াৰ প্ৰথমটো পন্থাই বাহ্যিক আৰু দ্বিতীয় পন্থাটোৱে আমাৰ আত্মৰক্ষা স্পৰ্শ কৰি প্ৰতিভূত কৰে। এবিধ আনন্দপ্লুত ৰস চঞ্চল , আনটো ধীৰ,স্থিৰ মন্থৰ প্ৰাণ । এইখিনিতে আমি আনুলিয়াব পাৰোঁ । ভাৰতৰ উচ্চাঙ্গ সঙ্গীতত আমি এক উৰণীয়া ভাৱৰ সংকোচন দেখা পাও।

 

 

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাষা বিষয়ক :

 

 

১। সন্ধি ভাঙা :

সংস্কৃতি , সমন্বয় , সম্বন্ধ , ভাৰক্ৰান্ত, সন্মত

সংস্কৃতি: সম্ + কৃতি

সমন্বয়: সম + অন্বয়

সম্বন্ধ : সম + বন্ধ

ভাৰাক্ৰান্ত: ভাৰ + আক্ৰান্ত

সন্মত : সম + মত

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

২। বিশেষ্য বা বিশেষণ লৈ নিয়া ।

বৈচিত্ৰ , ভৌগোলিক , বিস্তৃতি , নৈৰাশ্য, বিপ্লৱ

উত্তৰ :

বৈচিত্ৰ : বিচিত্ৰ

ভৌগোলিক : ভূগোল

বিস্তৃতি: বিস্তৃত

নৈৰশ্য: নিৰাশ

বিপ্লৱ: বৈপ্লবিক

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

 

Filed Under: Class-10; Assameses, SEBA Class 10 Assamese Medium & English Medium Solutions Tagged With: Class - 10 ( HSLC ), class-10 Assamese

প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers

April 25, 2025 by Pubali Patgiri Leave a Comment

১।  চমু উত্তৰ দিয়া || প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers

(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?

উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায় ।

(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আদি।

(গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?

উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতে সা আনিলে বুলি কবিয়ে কৈছে।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল,স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰঃ মহমহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।

প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers

Class – 10 Science Solution for SEBA HSLC 2025 – click here

২। কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।


উত্তৰ: এই কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। ইয়াত সূৰ্য্যৰ পোহৰে পৃথিৱীত পোহৰাই তুলিছে । ন কুঁহিপাতে প্ৰকৃতিক সাদৰি আনিছে। চৌদিশে ফুলি থকা ফুল বোৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যাচিছে। চৰাই চিৰিকটিৰ সুমধুৰ গীতে জল , স্থল , অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ হে সন্ধান পাইছে। এইদৰে কবিয়ে প্রকৃতিৰ বিভিন্ন উপাদান টানি আনি ৰাতিপুৱাৰ এটি সুন্দৰ বৰ্ণনা ডাঙি ধৰিছে।


৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে ?


উত্তৰ : প্ৰকৃতি কবি ৰঘুনাথ চৌধাৰী সুন্দৰৰ পূজাৰী। কবিয়ে প্ৰকৃতিৰ  বিভিন্ন সমলৰ মাজত অফুৰন্ত সৌন্দৰ্য্য দেখিবলৈ পায়। প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্য্যৰ আধাৰত সুন্দৰক আৰাধনা কৰিছে। ৰাতিপুৱাৰ ৰাঙলী আভাই পোহৰাই তোলা পৃথিৱীখনক ন কুঁহিপাত ন সাজেৰে সজাই পৰাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দেৰে উদ্ভাসিত হৈ উঠিছে। মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰৱাব ফুলে ও প্ৰেম পৰিমল যাচিছে । সুমধুৰ কণ্ঠেৰে গোৱা চৰাই চিৰিকতি গীতেও যেন সকলোতে দেৱতাৰ হে সন্ধান কৰিছে। কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেনুয়ে বতাহত সৃষ্টি কৰ্তাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ মোহ মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলোকে এই ঈশ্বৰ ৰ প্ৰশস্তি কৰিবলৈ আহ্বান জনাইছে।

প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers || Class 10 Assamese Lesson 3 Answer (SEBA) | প্ৰশস্তি

প্ৰশস্তি দশম শ্ৰেণীৰ অসমীয়া অধ্যায় ৩ প্ৰশ্নৰ উত্তৰ

৪। কবিতা টোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।


উত্তৰ : বিহগী কবি ৰঘুনাথ চৌধাৰী য়ে প্ৰকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্য্যৰ সুন্দৰৰ আৰাধনা কৰিছে। কবি চৌধাৰী দেৱ সুন্দৰৰ উপাসক আৰু প্ৰকৃতি প্ৰেমী। গতিকে , প্ৰকৃতিৰ প্ৰতিটো বিষয়ত কবিয়ে সুন্দৰৰ অফুৰন্ত সমল বিচাৰি পায়। ৰাতিপুৱা সূৰ্যৰ ৰাঙলী আঁভাই চৌদিশে উদ্ভাসিত কৰি তোলা পৃথিৱীত গছ গছনি  ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰৰ প্ৰাণ আনন্দেৰে ভৰি পৰিছে। আনকি, মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফূলেও যেন প্ৰেম পৰিমল যাচিছে। ৰাতিপুৱাৰ চৰাই চিৰিকটি বোৰেও যেন সুমধুৰ কন্ঠৰে গীত গাই জল,স্থল, অন্তৰীক্ষ সকলোতে দেৱতাৰ হে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰি ৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কীচক বেনুৱে বতাহত মহামহিমৰ গান গাইছে। কবিয়ে ভক্ত সকলক তন্ত্ৰাৰ মোহ ত্যাগ কৰি উঠিবলৈ কৈছে আৰু সুন্দৰ ক ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কবিয়ে প্ৰকৃতিৰ মাজত বাৰে বাৰে সুন্দৰৰ অস্তিত্ব অনুভৱ কৰিছে। এই প্ৰকৃতিৰ ৰূপ বা সুন্দৰৰ আৰাধনা ৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে।

৫ । প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা ।


উত্তৰ :  বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱে প্ৰশস্তি কবিতাটোৰ দ্বাৰা সুন্দৰৰ আৰাধনা আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰীতি সুন্দৰকৈ ফুটাই তুলিছে। ন কুহিপাতে চোৱৰেৰে বিচি প্ৰকৃতিক যেন আদৰি আদি সেই সুন্দৰ প্ৰকৃতিক দেখি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দত মতলীয়া হৈছে। আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও তাত প্ৰেম পৰিমল যাচিছে। সুললিত কণ্ঠে গীত গাই চৰাই চিৰীকতি বোৰে সকলোতে যেন দেৱতাৰ হে সন্ধান কৰিছে। কালৰাত্ৰিৰ শেষত কবিয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেণুৱে অনাহত ছন্দেৰে গীত গাই ঈশ্বৰৰ বন্দনা কৰিছে আৰু ভক্ত সকলক তন্ত্রাৰ মোহ এৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। এইদৰে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব দেখা পাইছে।

প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers


৬। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

উঠা যত মুক্তি পথযাত্ৰী।”

– কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা


উত্তৰ : উক্ত কবিতা শাৰীত কবিয়ে ভক্ত সকলক সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। কবিয়ে ৰাতিপুৱাৰ সুন্দৰ ক্ষণত মানুহৰ মনত থকা সকলো বেয়া কথা ত্যাগ কৰি সকলোকে মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। মহা কালৰাত্ৰিৰ শেষত অৰ্থাৎ মানুহৰ সকলো কু কথা , কু  আচাৰ, কু ভাৱ ত্যাগ কৰি মুক্তিৰ পথ বিচাৰিব লাগে। মানুহে নিজৰ মাজত থকা অজ্ঞানতা আঁতৰ কৰি জ্ঞান লাভ কৰাৰ সময় আহি পৰিছে। সেয়েহে সকলোৱে এক ধ্যানে সুন্দৰৰ আৰাধনা কৰিব লাগে বুলি কবিয়ে ভক্তবৃন্দক আহ্বান জনাইছে।

প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers || Class 10 Assamese Lesson 3 Answer (SEBA) | প্ৰশস্তি

প্ৰশস্তি দশম শ্ৰেণীৰ অসমীয়া অধ্যায় ৩ প্ৰশ্নৰ উত্তৰ
প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers



৭ । সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।


উত্তৰ : বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে এই কবিতাটোৰ দ্বাৰা ভক্তসকলৰ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। চৌধাৰী দেৱে প্ৰকৃতিৰ সৌন্দৰ্য সমূহৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। পুৱাৰ সুৰুজৰ ৰাঙলী আভাই দিশোদিশ উদ্ভসিত কৰি তোলে। গছ বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছিল। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰ আনন্দত মতলীয়া হৈ পৰিছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যাচিছে। সুলোলিত কণ্ঠৰে গীত গাই চৰাই চিৰিকটি বোৰেও দিশোদিশ যেন দেৱতাৰ হে সন্ধান কৰিছে। মোহন কীচক বেণুয়ে মহামহিমাৰ গান গাইছে। সেয়েহে কবিয়ে ভক্ত সকলক তন্ত্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers

৮। বাখ্যা কৰা প্ৰশস্তি : 



(ক)  উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ

                 ছন্দভৰা সুমধুৰ তান,

জল, স্থল ,অন্তৰীক্ষ সকলোতে যেন

        দেৱতাৰ মহা অভিযান।।


উত্তৰ : উক্ত কবিতফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱৰ ৰচিত প্ৰশস্তি কবিতাটোৰ পৰা তুলি লোৱা হৈছে।

কবিতাফাকিৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ গছ লতাবোৰে কিদৰে নিজক সজাই তুলি দেৱতাৰ অভিযানৰ সন্ধান কৰিছে তাকে কবলৈ বিচাৰিছে।

কবিয়ে কৈছে যে ৰাতিপুৱা সুৰজৰ  ৰাঙলী আভাই গোটেই পৃথিৱী পোহৰাই তুলিছে। ন কুঁহিপাতে চোৱৰেৰে বিচি প্ৰকৃতিক যেন আদৰ সাদৰেৰে আগবঢ়াই আনিছে। ফুলবোৰেও যেন আনন্দত নাচি উঠে । আনকি মন্দিৰত উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যাচিছে। এনে এটা ধুনীয়া পৰিৱেশত চৰাই চিৰিকতিয়ে সুমধুৰ সুৰেৰে গীত গাই জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ হে সন্ধান কৰিছে। এইদৰে কবিয়ে প্ৰকৃতিৰ প্ৰতিটো বস্তুত নেদেখাজনৰ ৰূপ ধ্যান কৰিছে।


প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers


(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ

             শেষ হ’ল মহা কালৰাত্ৰি,

উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

            উঠা যত মুক্তি পথযাত্ৰী।



উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত “প্ৰশস্তি” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

         প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি, সেইকথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

        জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত মত্ত হৈ থাকি যে শেষত মুক্তি বিচাৰি হাবাথুৰি খায়। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু তেওঁলোকে বহুতো পৱিত্ৰ তীৰ্থস্থানলৈ যায়, ভগৱানক লাভ কৰি মুক্তি পাবৰ বাবে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ পথ প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধান হে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। ক্লেদযুজ পৰিৱেশ আতৰাই প্ৰকৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰিছে। মহা কালৰাত্ৰিৰ শেষ হৈ পৃথিৱীত নতুন ৰূপ উজ্বলি উঠিছে। কবিয়ে এই প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে প্ৰকৃতিপ্ৰেমী কবিয়ে ক’বলৈ বিচাৰিছে যে ভগৱানক পাবলৈ বেলেগে ধ্যান সাধনা কৰাৰ প্ৰয়োজন নাই। একান্ত চিত্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথ যাত্ৰী সকলো মানৱক প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে।
প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers

(গ) মোহন কীচক বেণু অনাহত ছন্দে
      গায় মহামহিমৰ গান,
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !
   সুন্দৰৰ কৰা ৰূপধ্যান।


উত্তৰ : উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত “প্ৰশস্তি” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        সকলোকে এলাহ ভাৱ ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যক উপভোগ কৰাৰ প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

         প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই হৈছে সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। পুঁৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে যেন আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধানহে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এইদৰেই কবিয়ে সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে কবিয়ে ভগৱানক বিচাৰি ফুৰা ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে।

প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answers

ভাষা বিষয়ক :



১।অৰ্থ লিখা
কিশলয়, চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।

উত্তৰঃ কিলশয় – কোঁহ, কুঁহিপাত।
চিত্ৰহাৰী – মন-প্ৰাণ হৰি নিয়া।
অন্তৰীক্ষ – আকাশ।
তন্ত্ৰালস – ক্লান্ত, টোপনি যোৱা অৱস্থা।



২।বাক্য ৰচনা কৰা :

দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।


উত্তৰঃ দশোদিশ- কুলি কেতেকীৰ মাতে দিশোদিশে বসন্তৰ বতৰা বিলাই দিলে।
উপেক্ষিত – আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
জৰাজীৰ্ণ – ৰশ্মিয়ে জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।
অমৃত – ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত তুল্য।
মোহ- মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।

৩। সমাৰ্থক শব্দ লিখা:

তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।

উত্তৰঃ তৰু – বৃক্ষ, গছ, উদ্ভিদ।
মুক্তি – মোক্ষ, নিৰ্বাণ, মুকলি,ৰেহাই।
সুমধুৰ – মধুৰত্ব, সুমিষ্ট, মৌ – সনা।
অভিমান – পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।
ধ্যানী – মনস্বী, ধ্যাতা, কৃতধী।

Join us on WhatsApp & Get All HSLC  Notes – Solution – click here

 

 

Filed Under: Class - 10 ( HSLC ), Class-10; Assameses, SEBA Class 10 Assamese Medium & English Medium Solutions Tagged With: asaam study hub, Class - 10 ( HSLC ), অসমীয়া ৰচনা

Class – 10 Science Solution for SEBA HSLC 2025

April 23, 2025 by Souvik Leave a Comment

Science is the accumulation of knowledge. To acquire this scientific idealism, we should be inquisitive and interested. Interest and importance for the work is very essential to make it successful. | To gain knowledge of science, we are to stress on three principle factors namely what, why and how. To sight an example ‘REFLECTION’ is a science related topic. To gather knowledge on this topic, first we | are to have the general idea on Reflection; secondly why this phenomenon happens and thirdly how this | phenomenon concludes. Class – 10 Science Solution for SEBA HSLC 2025

বিজ্ঞান হৈছে জ্ঞান সঞ্চয়।  এই বৈজ্ঞানিক আদৰ্শবাদ অৰ্জন কৰিবলৈ আমি অনুসন্ধিৎসু আৰু আগ্ৰহী হোৱা উচিত।  কামটো সফল কৰিবলৈ হ’লে কামটোৰ প্ৰতি আগ্ৰহ আৰু গুৰুত্ব অতি প্ৰয়োজনীয়।  |  বিজ্ঞানৰ জ্ঞান আহৰণৰ বাবে আমি তিনিটা নীতিগত কাৰকৰ ওপৰত গুৰুত্ব দিব লাগে যেনে কি, কিয় আৰু কেনেকৈ।  এটা উদাহৰণ চাবলৈ ‘REFLECTION’ এটা বিজ্ঞান সম্পৰ্কীয় বিষয়।  এই বিষয়ত জ্ঞান সংগ্ৰহ কৰিবলৈ প্ৰথমে আমি |  প্ৰতিফলনৰ ওপৰত সাধাৰণ ধাৰণাটো থাকিব লাগে;  দ্বিতীয়তে এই পৰিঘটনা কিয় ঘটে আৰু তৃতীয়তে এই |  পৰিঘটনাটো শেষ হয়।

If a science teacher or anyone dealing with scientific guidance discusses the chapter or topic in! this light, students will be more benefitted and initially cultivate in their the scientific temperment and attitude, modify his behaviourial pattern and as such purposefully would his personality.

Class – 10 Science Solution for SEBA HSLC 2025

Class – 10 English Solution for English – click here


যদি কোনো বিজ্ঞান শিক্ষক বা বৈজ্ঞানিক নিৰ্দেশনাৰ সৈতে জড়িত কোনোবাই অধ্যায় বা বিষয়টোৰ বিষয়ে আলোচনা কৰে!  এই পোহৰত ছাত্ৰ-ছাত্ৰীসকলে অধিক উপকৃত হ’ব আৰু প্ৰথম অৱস্থাত তেওঁলোকৰ বৈজ্ঞানিক স্বভাৱ আৰু মনোভাৱ গঢ়ি তুলিব, তেওঁৰ আচৰণৰ ধৰণ সলনি কৰিব আৰু সেইবাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ ব্যক্তিত্বক পৰিৱৰ্তন কৰিব। Class – 10 Science Solution for SEBA HSLC 2025

He high school leaving certificate examination determines the qualitative standard that is mental | ability and intelligence of an individual student. Based on the certified marks they walk in the path of choosing a career in their future life. So the H.S.L.C. examination approves to be the most important examination. To cross out successfully and with flying colours it becomes necessary that the students | should lay an aim in front of there and then prepare themselves accordingly. To achieve their aim, the students should plan stratagies and be very emphasasive, meditative and indulgent. The planing can be in two ways. Firstly the examinee is to think out how he will prepare or where from to begin. In this regard, this book published by us can be very useful and students friendly.



To acquire knowledge on any subject, the students should have a clear cut conception about the | particular ‘topic’ idea about the questions that arises or any more probable questions, idea about how to | give a meaningful and quality answer systematically arranged the materials of the answer excellant writting practice and skill are very essential if the student has no through conception on a particular subject matter, it is simply waste of time and energy by making castles in the air. That so why first to conceive the conception in its correct form is the foundation stone of learning and then should be followed by preparing and solving the questions. Class – 10 Science Solution for SEBA HSLC 2025

SEBA HSLC Class – 10 Voice Change of Last 23 year’s Solved
– click here

Generally in the Assam H.S.L.C examinations three sets of questions are asked objectives or very short type, short type and long type. This book will give a detailed knowledge on question pattern. The I student should understand what the question wants for an answer and release accordingly. Answers should always be to the point, clear and legible. To prevent the answer script in their mind, students should tie! I it up as their binding rule to write the answers repeatedly for memorising. Class – 10 Science Solution for SEBA HSLC 2025

Class – 10 Science Solution for SEBA HSLC 2025

Class - 10 Science Solution for SEBA HSLC 2025

যদি কোনো বিজ্ঞান শিক্ষক বা বৈজ্ঞানিক নিৰ্দেশনাৰ সৈতে জড়িত কোনোবাই অধ্যায় বা বিষয়টোৰ বিষয়ে আলোচনা কৰে!  এই পোহৰত ছাত্ৰ-ছাত্ৰীসকলে অধিক উপকৃত হ’ব আৰু প্ৰথম অৱস্থাত তেওঁলোকৰ বৈজ্ঞানিক স্বভাৱ আৰু মনোভাৱ গঢ়ি তুলিব, তেওঁৰ আচৰণৰ ধৰণ সলনি কৰিব আৰু সেইবাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ ব্যক্তিত্বক পৰিৱৰ্তন কৰিব। Class – 10 Science Solution for SEBA HSLC 2025

হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুণগত মান নিৰ্ধাৰণ কৰা হয় যিটো মানসিক |  ব্যক্তিগত ছাত্ৰৰ ক্ষমতা আৰু বুদ্ধিমত্তা।  প্ৰমাণিত নম্বৰৰ ভিত্তিত তেওঁলোকে ভৱিষ্যত জীৱনত কেৰিয়াৰ বাছি লোৱাৰ পথত খোজ কাঢ়ে।  গতিকে এইচ.এছ.এল.চি.  পৰীক্ষাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা বুলি অনুমোদন জনায়।  সফলতাৰে আৰু উৰন্ত ৰঙৰ সৈতে ক্ৰছ আউট কৰিবলৈ প্ৰয়োজনীয় হৈ পৰে যে ছাত্ৰ-ছাত্ৰীসকলে |  তাৰ সন্মুখত এটা লক্ষ্য ৰাখিব লাগে আৰু তাৰ পিছত সেই অনুসৰি নিজকে প্ৰস্তুত কৰিব লাগে।  নিজৰ লক্ষ্যত উপনীত হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলে কৌশল পৰিকল্পনা কৰিব লাগে আৰু অতি জোৰদাৰ, ধ্যানশীল আৰু ভোগবাদী হ’ব লাগে।  প্লেনিং হ’ব পাৰে দুটা ধৰণেৰে।  প্ৰথমতে পৰীক্ষাৰ্থীয়ে কেনেকৈ প্ৰস্তুতি চলাব বা ক’ৰ পৰা আৰম্ভ কৰিব সেইটো চিন্তা কৰিব লাগে।  এই ক্ষেত্ৰত আমাৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন অতি উপযোগী আৰু ছাত্ৰ-ছাত্ৰীৰ অনুকূল হ’ব পাৰে।  Class – 10 Science Solution for SEBA HSLC 2025

Class – 10 Science Solution for SEBA HSLC 2025


যিকোনো বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ |  উত্থাপিত প্ৰশ্ন বা অধিক সম্ভাৱ্য প্ৰশ্নৰ বিষয়ে বিশেষ ‘বিষয়’ ধাৰণা, কেনেকৈ |  ছাত্ৰজনে যদি কোনো বিশেষ বিষয়ৰ ওপৰত কোনো থ্ৰু কনচেপচন নাথাকে, তেন্তে ই কেৱল বতাহত দুৰ্গ নিৰ্মাণ কৰি সময় আৰু শক্তিৰ অপচয়।  সেইবাবেই কিয় প্ৰথমে ধাৰণাটোক ইয়াৰ সঠিক ৰূপত কল্পনা কৰাটোৱেই হৈছে শিক্ষণৰ আধাৰশিলা আৰু তাৰ পিছত প্ৰশ্নবোৰ প্ৰস্তুত আৰু সমাধান কৰা উচিত। Class – 10 Science Solution for SEBA HSLC 2025

Assamese Essay Section – click here

সাধাৰণতে অসম H.S.L.C পৰীক্ষাত তিনিটা গোটৰ প্ৰশ্ন উদ্দেশ্য বা অতি চুটি ধৰণৰ, চুটি ধৰণৰ আৰু দীঘলীয়া ধৰণৰ প্ৰশ্ন কৰা হয়।  এই গ্ৰন্থখনত প্ৰশ্নৰ আৰ্হিৰ ওপৰত বিশদ জ্ঞান দিয়া হ’ব।  I ছাত্ৰজনে প্ৰশ্নটোৱে উত্তৰৰ বাবে কি বিচাৰে সেইটো বুজিব লাগে আৰু সেই অনুসৰি মুকলি কৰি দিব লাগে।  উত্তৰবোৰ সদায় মূল কথা, স্পষ্ট আৰু পাঠ্য হ’ব লাগে।  উত্তৰ লিপিখন মনৰ ভিতৰত ৰোধ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে বান্ধিব লাগে! 

Class – 10 Science Solution for SEBA HSLC 2025

SCIENCE CONTENT

LessonsLinks
1. Chemical reaction and Equationsclick here
2. Acids , Bases and Saltsclick here
3. Metals and Non- Metalclick here
4. Carbon and its Compounds click here
5. Periodic Classification of Element click here
6. Life Processclick here
Life Process Extra Questions click here
7. Control and Coordinationclick here
8. How do Organism Reproduce ?click here
9. Heredity and Evolution click here
10. Light – Reflection and Refractionclick here
11. Human Eye and Colourful Worldclick here
Human Eye and Colourful World Additional Questionsclick here
12. Electricityclick here
13. Magnetic Effects of Electric Currentclick here
14. Source of Energyclick here
15. Our Environment click here
16. Management of Natural Resourcesclick here

Class – 10 Science Solution for SEBA HSLC 2025

IMPORTANT WEB-LINKS
✅ Official WebsiteClick Here
✅ WhatsApp Group For All HSLC SolutionsClick Here
✅ For Jobs Update Government job opportunitiesClick Here
✅ Telegram Groupclick here

Filed Under: Class - 10 ( HSLC ), SEBA Class 10 Assamese Medium & English Medium Solutions Tagged With: asaam study hub, Class - 10 ( HSLC ), Class - 10 Science

Class 10 English Solution for SEBA – 2025 / 2026

April 22, 2025 by Souvik Leave a Comment

Class 10 English Solution for SEBA – 2025 / 2026

SEBA Class 10 ENGLISH Question Answer, Class 10 ENGLISH Solutions, অসমীয়া প্ৰতিটো অধ্যায়ৰ দশম শ্ৰেণীৰ উত্তৰ তালিকাত দিয়া হৈছে যাতে আপুনি সহজে বিভিন্ন অধ্যায়ৰ মাজেৰে ব্ৰাউজ কৰিব পাৰে Class 10 ENGLISH Notes আৰু প্ৰয়োজন এটা নিৰ্বাচন কৰিব পাৰে। লগতে, SCERT Book guidelines অনুসৰি এই শিতানসমূহত বিশেষজ্ঞ শিক্ষকৰ সমাধানসমূহ SCERT কিতাপখন অনলাইনত পঢ়িব পাৰিব। ইয়াত আমি SEBA Class 10 ENGLISH Book সকলো বিষয়ৰ বাবে প্ৰশ্নৰ উত্তৰ দিছো Class 10 English Solution for SEBA – 2025 / 2026

                           Though English is a foreign language, it is easier than the other subjects you study. Therefore, I it is easy to get good marks if a student becomes careful. The preparation technique will help you in this respect. Mainly two things should be decided first- why you study and how you study.

Your job is half-done if you study for the purpose of getting good marks only. Collect as much questions as you can and get the answers prepared under the guidance of an experienced person. Then commit and practice them repeatedly and no doubt you will get good marks.

But if you study to earn knowledge, to learn the subject, it is something else. The process is al little longer and tougher. But remember, the real man is he who wants to do always the tough job. | | something different from the others. To do that you should be very careful from an early age, especially | in the section of grammar. You should be very much interested in learning new words and their usage. You should try to prepare the answers yourself. For that purpose you should have to understand the 1 lessons very well, and for that purpose you should have a regular study of grammar and dictionary.

Financial Education in Assamese – click here

Class 10 English Solution for SEBA – 2025 / 2026

ইংৰাজী যদিও বিদেশী ভাষা, তথাপিও আপুনি পঢ়া আন বিষয়বোৰতকৈ ই সহজ। গতিকে মই এজন ছাত্ৰ সাৱধান হ’লে ভাল নম্বৰ পোৱাটো সহজ। প্ৰস্তুতিৰ কৌশলে এই ক্ষেত্ৰত আপোনাক সহায় কৰিব। মূলতঃ দুটা কথা প্ৰথমে সিদ্ধান্ত ল’ব লাগে- আপুনি কিয় পঢ়ে আৰু কেনেকৈ পঢ়ে।

কেৱল ভাল নম্বৰ পোৱাৰ উদ্দেশ্যে পঢ়া-শুনা কৰিলে আপোনাৰ কাম আধা হৈ যায়। যিমান পাৰে প্ৰশ্ন সংগ্ৰহ কৰক আৰু অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত উত্তৰ প্ৰস্তুত কৰক। তাৰ পিছত বাৰে বাৰে বাৰে বাৰে বাৰে বাৰে বাৰে বাৰে অনুশীলন কৰক আৰু নিঃসন্দেহে ভাল নম্বৰ পাব।

কিন্তু জ্ঞান অৰ্জন কৰিবলৈ, বিষয়টো শিকিবলৈ যদি পঢ়ে তেন্তে সেয়া বেলেগ কথা। প্ৰক্ৰিয়াটো অলপ দীঘলীয়া আৰু কঠিন। কিন্তু মনত ৰাখিব, আচল মানুহজনেই হ’ল সেইজন যিয়ে সদায় কঠিন কামটো কৰিব বিচাৰে। , , আনবোৰতকৈ বেলেগ কিবা এটা। তেনে কৰিবলৈ আপুনি সৰুৰে পৰা অতি সাৱধান হ’ব লাগে, বিশেষকৈ | ব্যাকৰণৰ অংশত। নতুন শব্দ আৰু ইয়াৰ ব্যৱহাৰ শিকিবলৈ আপুনি অতি আগ্ৰহী হোৱা উচিত। আপুনি নিজেই উত্তৰবোৰ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা উচিত। সেই উদ্দেশ্যে আপুনি ১টা পাঠটো ভালদৰে বুজিব লাগিব, আৰু তাৰ বাবে আপুনি ব্যাকৰণ আৰু অভিধানৰ নিয়মীয়া অধ্যয়ন কৰিব লাগিব।

Class 10 English Solution for SEBA - 2025 / 2026
Class 10 English Solution for SEBA – 2025 / 2026

However, it must be said that the target of teaching one subject is to teach the practical use of the subject in our daily lives, not to teach the techniques of getting good marks. So, it is very much clear | that one who gets good marks, but does not have good knowledge of the subject, he is not properly | educated. And the target of giving one education also fails there. Class 10 English Solution for SEBA – 2025 / 2026

অৱশ্যে ক’ব লাগিব যে এটা বিষয়ৰ পাঠদানৰ লক্ষ্য হৈছে আমাৰ দৈনন্দিন জীৱনত বিষয়টোৰ ব্যৱহাৰিক ব্যৱহাৰ শিকোৱা, ভাল নম্বৰ পোৱাৰ কৌশল শিকোৱা নহয়। গতিকে, ই অতি স্পষ্ট | যে যিয়ে ভাল নম্বৰ পায়, কিন্তু বিষয়টোৰ ভাল জ্ঞান নাথাকে, তেওঁ সঠিকভাৱে নহয়। শিক্ষিত। আৰু এটা শিক্ষা দিয়াৰ লক্ষ্যও তাতেই বিফল হয়।

     So, be interested in earning knowledge of the subject, namely English, love the subject, and in return it will help you in every walk of your life. It will help you the develop your personality and make you Ia complete man fit for the modern world. It must be remembered that the necessity of English is everywhere I and it will increase day by day. Class 10 English Solution for SEBA – 2025 / 2026

First Flight

Lessons || PROSE Links
A Letter to God click here
Nelson Mendela : Long Walk to Freedom click here
Glimpses of India ( COORG ) click here
Glimpses of India ( Tea From Assam ) click here
Lessons || POETRY Links
A Tiger in the Zoo click here
Amanda click here
Animals click here
The Ball Poem click here
The Tale of Custard Dragon click here

Supplementary Reader : Footprints without Feet

Lessons  Links
The Midnight Visitor click here
A Question of Trust click here
Footprints without Feet click here
The Hack Driver click here

 

English Grammar Section – click here

English Essay Section – click here

Assamese Essay Section – click here

Class 10 English Solution for SEBA – 2025 / 2026

✅ WhatsApp Group
Click Here
✅ More Jobs Update Government job opportunities
Click Here
✅ Telegram Group
click here

 

 

Filed Under: Class - 10 ( HSLC ), SEBA Class 10 Assamese Medium & English Medium Solutions Tagged With: asaam study hub, Class - 10 ( HSLC ), SEBA Class 10 Assamese Medium & English Medium Solutions

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...