আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)
আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024) প্ৰতি, মাননীয় প্ৰধান শিক্ষক মহোদয় ( বিদ্যালয়ৰ নাম ) বিষয় : বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধিৰ বাবে আবেদন মহাশয়, আমি আপোনাৰ বিদ্যালয়ৰ [শ্ৰেণী]ৰ ছাত্ৰ/ছাত্ৰী, আপোনাক জনাব বিচাৰিছোঁ যে, আমাৰ বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা তেনেই কম । খেলৰ সামগ্রী আৰু খেলাৰ উপযুক্ত স্থানো সীমিত।ছাত্ৰ-ছাত্ৰী হিচাপে খেল-ধেমালিৰ গুৰুত্ব অপৰিসীম। ই আমাৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। সেই কাৰণে আমি আশা কৰোঁ যে আপুনি আমাৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাব। আমি তলত উল্লেখ কৰা খেল-ধেমালিৰ সুবিধা সমূহ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছো: ১. খেল পথাৰখন মেৰামতি কৰা। ২. ক্ৰিকেট, ফুটবল, বেডমিণ্টন আদি খেলৰ বাবে প্রয়োজনীয় সামগ্রী যোগান ধৰা। ৩. ভলীবল খেলৰ বাবে নেট আৰু খুঁটাৰ ব্যৱস্থা কৰা। ৪. খেল-ধেমালিৰ বাবে উপযুক্ত ঠাইৰ ব্যৱস্থা কৰা। সেয়েহে আমি সকলো ছাত্ৰ-ছাত্ৰীসকলৰ পক্ষৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আমাক খেলৰ বাবে প্ৰয়োজনীয় সা সুবিধা প্ৰদান কৰিব। আপোনাৰ সহাঁৰি ৰ বাবে প্রতীক্ষা কৰি থাকিম। আপোনাৰ একান্ত বাধ্য ছাত্ৰ/ ছাত্ৰী, বিদ্যালয়ৰ নাম [তাৰিখ] আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For Competitive Exam Solutions | Click here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |










