• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

May 29, 2025 by Souvik Leave a Comment

Contents hide
ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
Share this:
Like this:
Related

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাব বিষয়ক:


১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

 


২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?
উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ কালিয়দমন ‘ ৰ কি বাখ্যা দিছে ?
উত্তৰ : সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ কালিয়দমন ‘ ৰ দিয়া বাখ্যা হৈছে  আৰ্য্ই অনাৰ্য্যক সংস্কৃত কৰাৰ প্ৰতীক ধৰ্মী নৃত্য।

 


৪। কোনটো যুগত ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উত্তৰ : বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল ?
উত্তৰ : আৰ্য বেদত ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


৬। ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ মূল সম্পদ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৭। অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি?
উত্তৰ : সন্ন্যাস জীৱন আৰু সমূহীয়া জীবন।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি হব লাগে বুলি মত প্ৰকাশ কৰিছিল?
উত্তৰ : নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হব লাগে বুলি মত প্ৰকাশ কৰিছিল।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰ : চিত্ৰকলাক।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


১০। হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে পঁচিছটা মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।

উত্তৰ : সাম্প্ৰতিক স্তৰৰ লেখক সকলৰ ভিতৰত হেম বৰুৱা অন্যতম। কবিতা আৰু গদ্য ৰচনা উভয় দিশতে তেওঁ বৰঙণি আগবঢ়াইছে। তেওঁৰ ‘বালিচন্দা ‘ আৰু ‘মন ময়ুৰী ‘ প্ৰখ্যাত কবিতা সংকলন। তেওঁৰ গদ্য সাহিত্য সমুহ হ ‘ ল – ‘আধুনিক সাহিত্য ‘ , ‘সাগৰ দেখিছা ‘ , সানমিহলি, ‘ৰঙা কৰবীৰ ফুল ‘ , ‘ কিউপিড আৰু চাইকি ‘ , ‘কন্নকী ‘ , ‘ এই গাঁও এই গীত ‘ , ‘ মেকং নৈ দেখিলোঁ ‘ , ‘ ইজৰাইল ‘ , স্মৃতিৰ পাপৰি ‘ । তেওঁৰ ‘ সাগৰ দেখিছা ‘ আৰু ‘ ৰঙা কৰবীৰ ফুল ‘ – ভ্ৰমণ বৃত্তান্ত মূলক গ্ৰন্থ । আধুনিক সাহিত্য আৰু সানমিহলি জটিল বিষয়ৰ আলোচনা বিষয়ক পুথি । জনতা আৰু পছোৱা কাকত সম্পাদন কৰি তেওঁ সাংবাদিকৰ ক্ষেত্ৰখনতো ভৰি দিয়ে ।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১১।  ‘ভাৰতীয় সংস্কৃতি ‘ পাঠটোৰ সাৰাংশ লিখা ।

উত্তৰ : হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে মিলনৰ সংস্কৃতি তাকে কব বিচাৰিছে। ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে আৰ্য , অনাৰ্য, মংগোলীয় , দ্ৰাবিড় আদি জনগোষ্ঠীৰ লগতে অতীজত ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক , শক , হুন আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে । আদিৰে পৰা মোগল , ৰাজপুত আদি বংশৰ শাসন কালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে। আৰ্য – অনাৰ্য দেৱ দেৱীৰ কথা কোৱাৰ লগতে , উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত প্ৰকাশ ঘটিছে । ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য, চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে , এই কথাই সংস্কৃতিৰ মিলনকে বুজায়। আধ্যাত্মিকতাবাদৰ , সাহিত্য , চিত্ৰ – শিল্প , সংগীত , ভাস্কৰ্য আদি প্ৰতিটো দিশতেই এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে।
মুঠতে ভাৰতীয় সংস্কৃতি পাঠ টোৰ সাৰাংশ হ ‘ ল এয়ে যে সংস্কৃতি এদিনতে গঢ়ি উঠা এটা বস্তু নহয়। যুগ যুগ ধৰি বিভিন্ন জাতি – জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


১২। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু ।
— এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ‘ ভাৰতীয় সংস্কৃতি ‘ পাঠ টোৰ আধাৰত বিচাৰ কৰা।
উত্তৰ : প্ৰাক ঐতিহাসিক কালৰে পৰা ভাৰতত যি সকল লোকে বাস কৰি আছিল তেওঁলোক অনাৰ্য জাতিৰ লোক । বিদেশৰ পৰা ভাৰতলৈ পোন প্ৰথমে দ্ৰাবিড় সকলে আহিছিল আৰু তেওঁলোকে পঞ্জাৱ অঞ্চলত থাকিবলৈ লয়। ড্ৰাবিড় সকল অহাৰ পিছৰে পৰা মংগোলীয় , গ্ৰীক , শক ,হুন আদি নানা জাতি উপজাতিৰ লোক ভাৰতলৈ আহি স্থায়ী ভাবে বসবাস কৰিবলৈ লৈছে। এই বিভিন্ন জাতি উপজাতিৰ লোক ইয়াত থিতাপি লোৱাৰ পাছত এই দেশৰ সংস্কৃতি গ্ৰহণ কৰিব নোৱাৰিলে ।

অতীতৰ ভাৰত বুৰঞ্জী উত্থান পতনৰ বুৰঞ্জী সেইদৰে সমন্বয় ৰো বুৰঞ্জী । বিভিন্ন সময়ত অহা বহিৰাগত লোক সকলে ইয়াত বসবাস কৰিবলৈ লোৱা ফলত তেওঁলোকৰ সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিল । ফলত সাহিত্য, শিল্প ভাষা তত্ত্ব , সামাজিক , ৰাজনৈতিক আদৰ্শ , কলা , দৰ্শন আদিৰ ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হ ‘ ল।

ভাৰতীয় সংস্কৃতিৰ মূল সু সংগঠিত আৰু মজবুত তথাপিও ই অন্য সংস্কৃতিৰ ধাৰকো গ্ৰহণ নকৰাকৈ থকা নাই উদাহৰণ স্বৰূপে ৰাজপুত চিত্ৰকলাই ভাৰতীয় সংস্কৃতিত এক বিশেষ স্থান দখল কৰিছে। তেনেদৰে দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ দেৱীক ধৰি আৰম্ভ কৰি ধৰ্ম পদ্ধতি কিছুমান আৰ্য সমাজ গ্ৰহণ কৰিছিল । আনটো দেৱতা শিৱই আৰ্য ৰ বেদীত স্থান পাইছিল ।

ইছলাম সকল ভাৰতলৈ অহাৰ পিছত উত্তৰ ভাৰতীয় মঠ মন্দিৰৰ ভাস্কৰ্যত ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিছিল ।বাবৰৰ দিশত ভাৰতীয় চিত্ৰকলাত নতুন ধাৰাৰ প্ৰৱৰ্তন হয়। ধৰ্মৰ ক্ষেত্ৰতো একে কথা। হিন্দু ধৰ্ম অতিন্দ্ৰীয় বাদ আৰু আধ্যাত্মিকতা বাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল । কিন্তু ইছলামৰ প্ৰভাৱ আধ্যাত্মিক তাৰ ধমনি কঁপাই তুলিছিল ।

ব্ৰিটিছ সকল অহাৰ পিছত ভাৰতীয় সকল সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ পৰিল।

গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


১৩। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰ:  সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যবহাৰ কৰিব নোৱাৰি । সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। সভ্যতা হৈছে এটা সমাজ পদ্ধতি । সমাজ সভ্য নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টি মূলক কাম হাতত লোৱা সম্ভৱ নহয়। আনহাতে , সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজৰ জীৱন প্ৰতিভা । এটা জাতি সুসভ্য হব পাৰে কিন্তু কোনো লেখত লবলগীয়া সাংস্কৃতিৰ স্তম্ভ নাথাকিবও পাৰে । সভ্যতাই সমাজ সু শৃংখল কৰি সংস্কৃতি সৃষ্টিত সহায় কৰে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১৪ । উত্তৰ  ভাৰতীয় , দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।

উত্তৰ : ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কলে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক বুজায় । কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টিয় ছাৰমান আন ডি মাইণ্টৰ গুৰি তো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। চুফীবাদ ৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘোষণা কৰা হয়। যদিও চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল থকা দেখা যায়। এনেবোৰ ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সম্পদ তাৰ উমান পোৱা যায়। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল । গতিকে ইয়াৰ এটা নিজৰ বিচৰা পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ক ৰঙীন কৰি তুলিছে। দাক্ষিণাত্য ভাস্কৰ্য ক কোণ আৰু সৰলৰেখাৰ প্ৰয়োগ সৰহ। প্ৰত্যেকটো ভংগিমাই সুকীয়া। ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তিৰ ঠাই নাই । উদাহৰণ স্বৰুপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্তত এহাজাৰটা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে । উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰয়োগ বেছি ।


ইছলাম সকল ভাৰতত অহাৰ পিছত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ উত্তৰ ভাৰতৰ মন্দিৰ বোৰত ভালেখিনি পৰিল।  উত্তৰ ভাৰতৰ ভাস্কৰ্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শৰ সমন্বয় ঘটি এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। বাবৰৰ আমোলত বাহিৰৰ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত ধৰ্মীয় চিন্তাধাৰাৰ মিলন ঘটিছিল। ফলত এটা নতুন চিত্ৰাংকন পদ্ধতিৰ উদ্ভৱ হৈছিল । ভাৰতীয় প্ৰচলিত ধৰ্মীয় ভাৱধাৰাৰ ওপৰতো বহিৰাগত ইছলাম ধৰ্মই প্ৰভাৱ পেলাইছিল ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers



১৫। অজন্তাৰ গুহাৰ শিল্প কলাৰ এটি বিবৰণ দিয়া।

উত্তৰ : চিত্ৰকলা যদিও বিশ্বজনীন তথাপিও ইয়াৰ জৰিয়তে জাতি বিশেষৰ পৰিচয় পোৱা যায় । অজন্তাৰ গুহাৰ চিত্ৰবোৰ ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ চিত্ৰবোৰৰ দুটা ভাৱ প্ৰকাশ পাইছে। দুয়োবিধ হৈছে এটা সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন। দুয়োবিধ একেলগে অঁকা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ সময় চিত্ৰ । এইবোৰত ফুটি উঠিছে। শক্তি , খ্যাতি , প্ৰেম আৰু যৌৱন । প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱ বস্তুৰ ফালৰ পৰা দুয়োবিধ শাৰীত বৈসাদৃশ্য আছে। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। জীৱনৰ অসামজ্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে । ইয়াৰোপৰি প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ গুহাত চিত্ৰবোৰত আছে। পুৰুষ মহিলা, শিশু , বিভিন্ন ভংগিমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱন প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰচুৰ্য্যক যেন এঠাইত ধৰি ৰাখিবলৈ বিচাৰিছে। ছবিবোৰত ভাৱ বস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মিত হোৱা নাই । শিল্পীত মননশীল শিল্পজাত আৰু জীৱনৰ মাজত সুন্দৰ সময়ত সংযোগ ঘটিছে । ইয়েই অজন্তাৰ চিত্ৰ শিল্পীৰ গৌৰৱ । অজন্তাৰ গুহাত অনন্ত কালৰ বাবেই শিল্পকলা সজ্জিবীত হৈ আছে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
১৬। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন বিৰাট ধাৰাটি আছিল লিখা ।

উত্তৰ : মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰশিল্প মূলতে প্ৰচুৰ ব্যক্তিবোধ, ব্যক্তি বাদী আৰ্টত , জন জীৱনত বা সমষ্টি জীৱনত কোনো সংবাদ নাছিল ইয়াৰ লক্ষ্য আছিল ব্যাক্তিৰ জীৱন প্ৰকাশ । ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেঙ্গিজ খাঁৰ ৰাজ দৰবাৰৰ যুগত প্ৰকৃতি এই আৰ্টত ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াৰ ভাৱ প্ৰবণতা নাই , আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা । এইখিনিতে উদাহৰণ স্বৰূপে আমি উৰ্দু ৰোমান্টিক কাব্য সাহিত্যত কথা উলিয়াব পাৰোঁ । বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তি শালী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰ ধাৰাৰ মিলন ঘটিছিল।এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

 

 


১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে ?

উত্তৰ : উত্তৰ ভাৰতৰ সংগীত হৈছে ভাৰতীয় উচ্চাঙ্গ সঙ্গীত । ই দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ । উত্তৰ ভাৰতীয় সঙ্গীতৰ এটা নতুন বস্তু আমাৰ চকুত পেলায় গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সঙ্গীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাও।  ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব পাৰি।

 



১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টোকা যুগুত কৰা।

উত্তৰ : ভাৰতীয় সংস্কৃতিত ইছলামৰ প্ৰভাৱ মন কৰিবলগীয়া । মধ্য এছিয়া বা পশ্চিম এছিয়াৰ পৰা চামে চামে অভিযানকাৰীয়ে ভাৰত অভিযান কৰিবলৈ আহি ভাৰতত খোপনি পুতি ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে তেওঁলোকৰ নিজস্ব সংস্কৃতি বিকশিত হ ‘ল আৰু সেই সংস্কৃতিৰ কিছু কিছু প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ভাষা – সাহিত্য , ধৰ্ম , চিত্ৰ, ভাস্কৰ্য আদি সকলো ক্ষেত্ৰতে ইছলামৰ প্ৰভাৱ পৰিল।


উত্তৰ ভাৰতৰ মন্দিৰ বোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিল। উত্তৰ ভাৰতৰ ভাস্কৰ্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে । ইছলামীয় ভাস্কৰ্য হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে ।


ভাৰতীয় চিত্ৰশিল্পৰ ওপৰতো ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিল। অজন্তাৰ গুহাৰ চিত্ৰবোৰে প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ নিজ স্বৰূপ প্ৰকাশ কৰিছে। কিন্তু বাবৰৰ আমোলত চিত্ৰ শিল্পৰ এটি নতুন ধাৰা প্ৰৱেশ কৰে, বাবৰৰ আমোলত সুস্থ ব্যক্তিবাদী চিত্ৰ কলাৰ লগত প্ৰচলিত চিত্ৰবোৰৰ মিলন ঘটিছিল। ফলত দুয়োৰে সংমিশ্ৰণত এটি নতুন পদ্ধতিৰ সৃষ্টি হৈছিল । ইছলাম সকল অহাৰ পিছত ভাৰতৰ  আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন্তু ইছলামৰ প্ৰভাৱ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল।

ইছলামসকল অহাৰ পিছত ভাৰতীয় ভাষা সাহিত্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিল ।মোগল সম্ৰাটসকলৰ দৰবাৰত যি সাহিত্য সৃষ্টি হৈছিল আৰু প্ৰভাৱ ভাৰতীয় সাহিত্যত পৰিলক্ষিত হোৱা দেখা যায়। ইছলাম সকলৰ বহুতো শব্দ ভাৰতীয় ভাষা সমূহত সোমাই পৰিছে।গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১৯। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্প কলাৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰ : প্ৰাক মুছলিম যুগত ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাই অনাৰ্য আৰু আৰ্য ৰীতিকে বহন কৰি আহিছিল। ইছলামৰ পৰা আঁতৰত থকা বাবে দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ পাদুৰ্ভাব সৰল গঠনৰ বিশালতা ইয়াৰ অন্যতম প্ৰধান বৈশিষ্ট্য। প্ৰত্যেকটো ভংগিমাই সুকীয়া । উদাহৰণ স্বৰূপে কাঞ্জিভিৰাম মন্দিৰৰ কথা কব পাৰি। এই মন্দিৰটোত অন্তত এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ পাদুৰ্ভাব সৰহ । এই অঞ্চলৰ মন্দিৰ বোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়।

গঠনৰ সফলতা আৰু সুক্ষমতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু । ইয়াক কোনো প্রকাৰেই ইছলামীয় বুলিব পাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে।

প্ৰাক মুছলিম যুগত ভাৰতীয় চিত্ৰ কলাৰ নিদৰ্শন পোৱা যায়। অজন্তাৰ গুহাবোৰত জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰি জীৱন প্ৰচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰ সমূহত আছে ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


২০। বাখ্যা কৰা ।

(ক) সংস্কৃতিৰ অবিছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ?

উত্তৰ :

উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি থকা হেম বৰুৱাৰ ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।

ভাৰতীয় সংস্কৃতি কিদৰে গঢ় লৈ উঠিছে। তদুপৰি চিৰ প্ৰবাহমান সংস্কৃতিয়ে যেন ভাৰতীয়ৰ জীৱনৰ মূল সম্পদ উক্ত কথাষাৰৰ মাজেৰে লেখকে তাকেই বুজাবলৈ বিচাৰিছে।

ভাৰতীয় সংস্কৃতি হৈছে বাৰে বৰণীয়া ফুলেৰে গঁথা এডাল মালাৰ নিচিনা এটা জাতি সু সভ্য হলেও সেই জাতিৰ সাংস্কৃতিক স্তম্ভ ওখ নহবও পাৰে ভাষা , সাহিত্য ,সুকুমাৰ কলা ,দৰ্শন আদিৰ মাজেৰে এটা সুকীয়া সংস্কৃতি ফুটি উঠে । সভ্যতাই নবৰূপ পোৱাৰ লগে লগে সংস্কৃতিয়েও নতুনত্বৰ ফালে ধাৱমান হয় । ভাৰতীয় সংস্কৃতিৰ অবিচিন্ন মত উপমত লগলাগি ভাৰতীয় সংস্কৃতিৰ মহাসাগৰ ৰচিত হৈছে। সেইবাবে ই নিৰবিচ্ছিন্ন ভাৱ হৈ আছে। ভাৰতীয় ভৌগোলিক বিচিত্ৰতা জীৱনৰ গঢ় দিছে। অতি প্ৰাচীন কালৰে পৰা ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন মানৱ গোষ্ঠী আহি ভৰতীয় সাংস্কৃতিক নিতে এই নিৰবিচ্ছিন্ন ধাৰাই ভাৰতীয় জাতীয় জীৱনৰ মূল সম্পদ হৈ পৰিছে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

(খ) ভাৰতীয় বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান ,পতন ,ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী ।

উত্তৰ:

উদ্ধৃত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে।


ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি কিদৰে ক্ৰমবৰ্ধমান সোতেৰে বৈ আছে সেই কথা কবলৈ যোৱাৰ প্ৰসংগত উক্ত কথা ফাকিৰ অৱতাৰণা কৰিছে।

ভাৰতীয় বুৰঞ্জী ভৰা গঢ়াৰ বুৰঞ্জী ইটোৰ পাছত সিটো মানৱ গোষ্ঠী আক্ৰমণ বা অভিযান ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ কৰাৰ ঘটনাৰ ভাৰত বুৰঞ্জী ভাৰাক্ৰন্ত তথাপি ভাৰতীয় মূল সুঁতি ক্ৰমৰ্ধমান সোঁতেৰে বৈ যোৱা নাছিল । এটা পৰিয়ালৰ বা বংশৰ পিছত আন এটা পৰিয়ালে বা বংশই শাসন ভাৰ গ্ৰহণ কৰাৰ বিবৰণেৰে ভাৰত বুৰঞ্জীৰ পাত ভৰি আছে । ইমান বোৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতো বহিৰাগত জাতি উপজাতিৰ পৰা সাৰ ভাগ বুটলি লৈ ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটো ক্ৰমৰ্ধমান সোঁতেৰে বৈ আছিল।
গতিকে সম্যক দৃষ্টি ৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন,ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী।
ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


(গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম দেখা যায়।

উত্তৰ :

উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠ টিৰ পৰা তুলি লোৱা হৈছে।

ইয়াত লেখকে ভাস্কৰ্য শিল্পই যে কেৱল সমূহীয়া সামজিক ভাৱধাৰাৰ ওপৰত বিশেষ ভাৱে নিৰ্ভৰশীল সেই প্ৰসংগত উক্ত পদ্যাংশৰ অৱতাৰণা কৰিছে।

সকলো আৰ্ট বা কলাৰ দুটা দিশ দেখা যায় । এটা দিশ হল কলাত আৰু কাৰ্য আৰু জাক জমকতাৰ সৃষ্টি কৰা আৰু আনটো দিশ হল কলাত সংযম আৰু আড়ম্বৰ হীনতা প্ৰয়োগ কৰা। ইয়াৰ প্ৰথমটো পন্থাই বাহ্যিক আৰু দ্বিতীয় পন্থাটোৱে আমাৰ আত্মৰক্ষা স্পৰ্শ কৰি প্ৰতিভূত কৰে। এবিধ আনন্দপ্লুত ৰস চঞ্চল , আনটো ধীৰ,স্থিৰ মন্থৰ প্ৰাণ । এইখিনিতে আমি আনুলিয়াব পাৰোঁ । ভাৰতৰ উচ্চাঙ্গ সঙ্গীতত আমি এক উৰণীয়া ভাৱৰ সংকোচন দেখা পাও।

 

 

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাষা বিষয়ক :

 

 

১। সন্ধি ভাঙা :

সংস্কৃতি , সমন্বয় , সম্বন্ধ , ভাৰক্ৰান্ত, সন্মত

সংস্কৃতি: সম্ + কৃতি

সমন্বয়: সম + অন্বয়

সম্বন্ধ : সম + বন্ধ

ভাৰাক্ৰান্ত: ভাৰ + আক্ৰান্ত

সন্মত : সম + মত

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

২। বিশেষ্য বা বিশেষণ লৈ নিয়া ।

বৈচিত্ৰ , ভৌগোলিক , বিস্তৃতি , নৈৰাশ্য, বিপ্লৱ

উত্তৰ :

বৈচিত্ৰ : বিচিত্ৰ

ভৌগোলিক : ভূগোল

বিস্তৃতি: বিস্তৃত

নৈৰশ্য: নিৰাশ

বিপ্লৱ: বৈপ্লবিক

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: Class-10; Assameses, SEBA Class 10 Assamese Medium & English Medium Solutions Tagged With: Class - 10 ( HSLC ), class-10 Assamese

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025
  • আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15] September 8, 2025
  • আবেদন পত্ৰ || তুমি পঢ়ি থকা প্ৰাথমিক বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভা। এই সভাত উপস্থিত থাকিবলৈ ৪ ঘণ্টাৰ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষ/প্ৰধান শিক্ষককলে এখন আবেদন লিখা। (আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা) [HSLC 16] September 8, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d