• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

April 12, 2025 by Souvik Leave a Comment

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ


প্ৰশ্ন: সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ৷
উত্তৰ: কোনো এটা শব্দৰ শেষৰ বৰ্ণ আৰু আন এটাৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয় ৷

সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?
সন্ধি তিনি বিধ –
১. স্বৰ সন্ধি ৷
২. ব্যঞ্জন সন্ধি ৷
৩. বিসৰ্গ সন্ধি ৷ বহুতে বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ অন্তৰ্গত বুলিও কয় ৷

60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here

প্ৰশ্ন:
স্বৰ সন্ধি কাক বোলে ? স্বৰ সন্ধিৰ উদাহৰণ দিয়া ?
স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হৈ যি সন্ধিৰ গঠন হয় তেনে সন্ধিক স্বৰ সন্ধি বোলা হয় ৷

ক) অ + অ = আ জল + অধিপতি= জলাধিপতি নৰ + অধম= নৰাধম সেইদৰে, দেবাসুৰ, শোকানল, দেশান্তৰ , দাবানল, বকাসুৰ

খ) অ + আ = আ হিম + আলয় = হিমালয় যম + আলয়= যমালয় সেইদৰে, ভয়াতুৰ , মেঘালয়, শৈচাগাৰ , নৰকাসুৰ,

গ) আ + আ= আ বিদ্যা + আলয় = বিদ্যালয় মহা +আশয়= মহাশয় সেইদৰে, মহালয়, মহানন্দ, কাৰাগাৰ,ৰমানন্দ

ঘ) আ+ অ= আ মহা+ অৰ্ঘ= মহাৰ্ঘ যথা+ অৰ্থ= যথাৰ্থ সেইদৰে, আশাতীত, কথামৃত , সীমান্ত, আশানুৰূপ,

ঙ) ই+ ই= ঈ মুনি+ ইন্দ্ৰ= মুনীন্দ্ৰ গিৰি+ ইন্দ্ৰ= গিৰীন্দ্ৰ সেইদৰে, ৰবীন্দ্ৰ, অতীত, প্ৰতীতি

চ) ই+ ঈ= ঈ পৰি + ঈক্ষা = পৰীক্ষা, ক্ষিতি+ ঈশ= ক্ষিতীশ সেইদৰে, গিৰীশ, প্ৰতীক্ষা

ছ) ঈ+ ঈ= ঈ মহী+ ঈশ= মহীশ গৌৰী+ ঈশ্বৰ = গৌৰীশ্বৰ সেইদৰে, শচীশ, পৃথিৱীশ্বৰ

জ) ঈ+ ই= ঈ সতী+ ইন্দ্ৰ= সতীন্দ্ৰ বলী+ইন্দ্ৰ= বলীন্দ্ৰ সেইদৰে, সুধীন্দ্ৰ

ঝ) উ+উ = ঊ মৰু + উদ্যান= মৰূদ্যান গুৰু+ উপদেশ= গুৰূপদেশ সেইদৰে, কটুক্তি, সুক্ত

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ক) অ + অ  = আ

জল + অধিপতি জলাধিপতি
শস্য + অধিপতিশস্যাধিপতি
নৰক + অসুৰনৰকাসুৰ
দেৱ + অসুৰদেৱাসুৰ
নৰ + অধমনৰাধম
নীল + অচলনীলাচল
হস্ত + অক্ষৰহস্তাক্ষৰ
দেশ + অন্তৰদেশান্তৰ
ৰূপ + অন্তৰ ৰূপান্তৰ
দেৱ + অসুৰদেবাসুৰ
পৰ  + অধীন পৰাধীন
লাভ  + অলাভলাভালাভ
কৃষ্ণ + অৰ্জুন =কৃষ্ণাৰ্জুন

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ

  • আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)August 6, 2025
    আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009,… Read more: আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024)
  • আবেদন পত্র ।। অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন ( HSLC – 2008, 2013 )August 6, 2025
     অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন (HSLC ’08,… Read more: আবেদন পত্র ।। অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন ( HSLC – 2008, 2013 )
  • Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025August 1, 2025
    Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 Here are the… Read more: Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025
  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26July 28, 2025
    How Many B.Ed Colleges Are in Assam? Best B.Ed Colleges in… Read more: Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English GrammarJuly 27, 2025
    Introduction: Understanding the Use of Correct Tense Forms in HSLC English… Read more: Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar

(খ) অ + আ = আ

হিম + আলয়হিমালয়
ভোক + আতুৰভোকাতুৰ
ভয় + আতুৰভয়াতুৰ
বিবেক + আনন্দবিবেকানন্দ
পৰম + আনন্দপৰমানন্দ
শুভ + আগমনশুভাগমন
বৰ্ণ + আশ্ৰমবৰ্ণাশ্ৰম
শৃংখল + আবদ্ধশৃংখলাবদ্ধ
শোক + আকুলশোকাকুল
ছাত্ৰ + আবাসছাত্ৰাবাস
পূৰ্ণ + আনন্দ পূৰ্ণানন্দ
শিল্প + আলয়শিল্পালয়
ৰত্ন    + আকৰৰত্নাকৰ
ভাৰ + আক্ৰান্তভাৰাক্ৰান্ত
পুনৰ + আবৃতিপুনৰাবৃত্তি
হত + আশাহতাশা
বৃত্ত + আকাৰবৃত্তাকাৰ

(গ) আ + আ = আ

বিদ্যা + আলয় বিদ্যালয়
উমা + আনন্দউমানন্দ
মহা + আশয়মহাশয়
মহা + আলয় মহালয়
তৃষ্ণা + আতুৰতৃষ্ণাতুৰ
বিদ্যা + আৰম্ভবিদ্যাৰম্ভ
কাৰা + আগাৰকাৰাগাৰ
সদা  + আনন্দসদানন্দ
মন্ত্ৰণা  + আলয় মন্ত্ৰণালয়
গৱেষণা + আগাৰগৱেষণাগাৰ
শ্ৰদ্ধা + আস্পদশ্ৰদ্ধাস্পদ
অনা + আৰ্যঅনাৰ্য

(ঘ) আ + অ = আ

সীমা + অন্তসীমান্ত
আশা + অতীতআশাতীত
ধাৰণা + অতীতধাৰণাতীত
যথা + অৰ্থযথাৰ্থ
ক্ষমতা + অধীনক্ষমতাধীন
মহা + অৰ্ঘমহাৰ্ঘ
বিদ্যা + অৰ্ণৱবিদ্যাৰ্ণৱ
আশা + অনুৰূপআশানুৰূপ

(ঙ) ই + ই = ঈ

অতি + ইন্দ্ৰিয়অতীন্দ্ৰিয়
অভি + ইষ্ট অভীষ্ট
প্ৰতি + ইতিপ্ৰতীতি
অতি + ইতঅতীত
অতি + ইবঅতীব
ৰবি + ইন্দ্ৰৰবীন্দ্ৰ
গিৰি + ইন্দ্ৰগিৰীন্দ্ৰ

(চ) ই + ঈ = ঈ

পৰি + ঈক্ষা পৰিক্ষা
ক্ষিতি + ঈশক্ষিতীশ
গিৰি  + ঈশ গিৰীশ
প্ৰতি + ঈক্ষাপ্ৰতীক্ষা 

(ছ) ঈ + ঈ = ঈ

সতী + ঈশসতীশ
মহী + ঈশমহীশ
পানী + ঈয়াপনীয়া
গৌৰী + ঈশ্বৰ গৌৰীশ্বৰ

(জ) ঈ + ই = ঈ

শচী + ইন্দ্ৰশচীন্দ্ৰ
মহতী + ইচ্ছামহতীচ্ছা
বলী + ইন্দ্ৰবলীন্দ্ৰ
সতী + ইন্দ্ৰসতীন্দ্ৰ

(ঝ) উ + উ = ঊ

গুৰু + উপদেশগুৰূপদেশ
মৰু + উদ্যানমৰূদ্যান
কটু + উক্তিকটূক্তি

(ঞ) উ+ ঊ = ঊ

লঘু + ঊমিলঘূৰ্মি
বায়ু + ঊমিবায়ূৰ্মি
00
00

(ট) অ + ই = এ  আৰু  অ + ঈ = এ

নৰ + ইন্দ্ৰ নৰেন্দ্ৰ
দেৱ + ইন্দ্ৰদেৱেন্দ্ৰ 
পৰম + ঈশ্বৰপৰমেশ্বৰ
নৰ + ঈশ নৰেশ
দেৱ + ঈশ্বৰদেবেশ্বৰ

(ঠ) আ + ই = এ আৰু আ + ঈ = এ

যথা + ইষ্টযথেষ্ট
মহা + ইন্দ্ৰমহেন্দ্ৰ
মহা + ঈশ্বৰমহেশ্বৰ
ৰমা + ঈশ ৰমেশ

(ড) অ + উ = ও আৰু অ + ঊ = ও

সম + উচিত সময়োচিত
বোধ + উদয় বোধোদয়
প্ৰশ্ন + উত্তৰপ্ৰশ্নোত্তৰ
স্নাতক + উত্তৰস্নাতকোত্তৰ
হিত + উপদেশহিতোপদেশ
সম + উচিতসমুচিত
শীত + উষ্ণশীতোষ্ণ
গৃহ + ঊৰ্ধ্ব গৃহোৰ্ধ্ব

(ঢ) আ + উ = ও আৰু আ + ঊ = ও

যথা + উপযুক্তযথোপযুক্ত
যথা + উচিত যথোচিত
মহা + উদয়মহোদয়
কথা + উপকথনকথোপকথন
গংগা + ঊৰ্মি গংগোৰ্মি

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ণ) অ + ঋ = ৰেফ  আৰু আ + ঋ = ৰেফ

দেৱ + ঋষিদেৱৰ্ষি
সপ্ত + ঋষিসপ্তৰ্ষি
মহা + ঋষি মহৰ্ষি
ৰাজা + ঋষিৰাজৰ্ষি

(ত) অ + এ = ঐ আৰু আ + এ = ঐ

হিত + এষীহিতৈষী
জন + এক জনৈক
তথা +  এবচতথৈবচ
তথা + এবতথৈব

(থ) অ + ঐ = ঐ আৰু আ + ঐ = ঐ

মত + ঐক্যমতৈক্য
ৰাজ + ঐশ্বৰ্যৰাজৈশ্বৰ্য
মহা + ঐৰাৱতমহৈৰাৱত
মহা + ঐশ্বৰ্যমহৈশ্বৰ্য

(দ) অ + ও = ঔ আৰু অ + ঔ = ঔ 

জল + ওঘজলৌঘ
জল + ওকাজলৌকা
পৰম + ঔষধপৰমৌষধ
বন + ঔষধি বনৌষধি

(ধ) ই + অ =  ্য ,   ই + আ =  ্য  আৰুঈ + অ =  ্য

অতি + অধিকঅত্যধিক
অতি + অন্তঅত্যন্ত
ইতি + আদিইত্যাদি
অতি + আচাৰঅত্যাচাৰ
নদী+ অম্বুনদ্যম্বু
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

(ন)  ই + উ =  ্য,  আৰু  ই + এ =  ্য

প্ৰতি + উত্তৰপ্ৰত্যুত্তৰ
উপৰি +  উপৰিউপৰ্যুপৰি
অভি + উদয়অভ্যুদয়
প্ৰতি + একপ্ৰত্যেক

(প) এ + অ = অয়, আৰু  ঐ + অ = আয়

নে + অন নয়ন
শে + অনশয়ন
গৈ + অকগায়ক
নৈ + অক নায়ক
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ


প্ৰশ্ন: ব্যঞ্জন সন্ধি কাক বোলে ? ব্যঞ্জন সন্ধিৰ উদাহৰণ দিয়া ?

ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ অথবা ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ মিলি যি সন্ধি গঠন হয় তেনে সন্ধিক ব্যঞ্জন সন্ধি বুলি কোৱা হয় ৷

ব্যঞ্জন সন্ধিৰ উদাহৰণ –

অনু + ছেদ = অনুচ্ছেদ ৷
দিক্ + অন্ত = দিগন্ত ৷
উৎ + ভিদ = উদ্ভিদ ৷
উৎ + লেখ = উল্লেখ ৷

  • ডাক্ + গাড়ী = ডাকগাড়ী
  • পাক + ঘৰ = পাকঘৰ
  • বুধ + বাৰ = বুধবাৰ
  • এক +টা = এটা
  • দুই +টা = দুটা
  • এক +খন = এখন
  • পাঁচ +টা = পাঁচোটা
  • কৰ + ইলোঁ = কৰিলোঁ
  • থল + উৱা = থলুৱা
  • ডাল + উৱা = দলুৱা
  • মানুহ + এ = মানুহে
  • ধাৰ + উৱা = ধৰুৱা
  • তল্ + উৱা = তলুৱা
  • জাপৰ + ই = জাপৰি

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar – click here

প্ৰশ্ন: বিসৰ্গ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?
স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত বিসৰ্গৰ মিলন হ’লে তেনে সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয় ৷ বিসৰ্গ সন্ধিক ব্যঞ্জন সন্ধিৰ ভিতৰতে ধৰা হয় ৷

বিসৰ্গ সন্ধিৰ উদাহৰণ –

নি: + চয় = নিশ্চয় ৷
নি: + ঠুৰ = নিষ্ঠুৰ ৷
পুৰ: + কাৰ = পুৰস্কাৰ ৷
নম: + কাৰ = নমস্কাৰ ৷

সন্ধি ভাঙা:

উৎ +নতি = উন্নতি
দুঃ + চিন্তা = দুশ্চিন্তা
লাভ + অলাভ = লাভালাভ
গােন্ধ + ঈশ্বৰ = গােন্ধেশ্বৰ
গুণ + অভিৰাম = গুণাভিৰাম
বহিৰ +আগত = বহিৰাগত
ইতি +আদি = ইত্যাদি
সত্য +সত্য = সত্যাসত্য
সম + অন্বয় = সমন্বয়
অৰুণ +আচল = অৰুণাচল
সীমা +অন্ত = সীমান্ত
লােক +অৰণ্য = লােকাৰণ্য
পৰম + ঈশ্বৰ = পৰমেশ্বৰ
নৱ +উদয় = নবােদয়
দেশ +আচাৰ = দেশাচাৰ
সূর্য + উদয় = সূর্যোদয়
যােগ +ঈশ্বৰ = যােগেশ্বৰ

তত্ত্ব +অৱধান = তত্ত্বাৱধান
ৰূপ +অন্তৰ = ৰূপান্তৰ
অৰুণ +উদয় = অৰুণােদয়
মহান + আত্মা = মহাত্মা
ভোক + ইন্দ্র = ভােকেন্দ্র
ৰবি +ইন্দ্র = ৰবীন্দ্র
অতি +ইত = অতীত
যজ +ন = যজ্ঞ
এক +অধিক = একাধিক
জীৱন +আনন্দ = জীৱনানন্দ
সংগ্রহ +আলয় = সংগ্রহালয়
দ্বীপ + অন্তৰ = দ্বীপান্তৰ
ফল +অফল = ফলাফল
গােল +আকাৰ = গােলাকাৰ
বিদ্যা +আৰম্ভ = বিদ্যাৰম্ভ
মত +অন্তৰ = মতান্তৰ
শােক + আকুল = শােকাকুল
অন্য +অন্য = অন্যান্য

শিষ্ট + আচাৰ = শিষ্টাচাৰ
অতি +ইন্দ্রিয় = অতীন্দ্রিয়
অভি + ইষ্ট = অভীষ্ট
গিৰি + ঈশ = গিৰীশ
সপ্ত + ঋষি = সপ্তর্ষি
ক্ষুধা + আর্ত = ক্ষুধার্ত
জন +এক = – জনৈক
প্রতি +এক = প্রত্যেক
অনু +এষণ = অন্বেষণ
শে + অন = শয়ন
নৈ + অক = নায়ক।
গাে +অক্ষ = গােবাক্ষ
সম্ +হাৰ = সংহাৰ
সম্ +চয় = সঞ্চয়
যাচ্ +না = যাজ্ঞা
সম + ট = সম্রাট
নিঃ +ৰৱ = নীৰৱ
নিঃ + আভৰণ = নিৰাভৰণ।
বৃহৎ+পতি = বৃহস্পতি
ভো +অন = ভৱন
ন +মার্জিত = অমার্জিত
ভৌ +উক =ভাবুক
দুঃ + ঘােৰ = দুৰ্ঘোৰ
স্ব +ইৰিণী = স্বাৰিণী

ৰূপ + অন্তৰ = ৰূপান্তৰ
প্রতি +ইতি = প্রতীতি
পৰি + ঈক্ষা = পৰীক্ষা
মৰু +উদ্যান = মৰুদ্যান।
হিম +আর্ত = হিমার্ত
শীত +আর্ত = শীতার্ত
মত +ঐক্য = মতৈক্য
সু +আগত = স্বাগত
নে +অন = নয়ন
গৈ +অক = গায়ক
পাে +ই = পবিত্র
সম্ +কাৰ = সংস্কাৰ
সম্ + লগ্ন = সংলগ্ন
সৎ+জন = সজ্জন
উৎ +জ্বল = উজ্জ্বল
মনঃ +থ = মনস্থ।
মানুহ +এ = মানুহে
মাহ +এক = মাহেক
নভ +মণ্ডল = নভােমণ্ডল
শােক +আতুৰ = শােকাতুৰ
সৎ +ইচ্ছা = সদিচ্ছা
দিব্য + লােক = দিব্যলােক
পুৰঃ +হিত = পুৰােহিত

IMPORTANT WEB-LINKS
✅ Official WebsiteClick Here
✅ WhatsApp Group For Competitive Exam Solutions Click here
✅ WhatsApp Group For All HSLC SolutionsClick Here
✅ For Jobs Update Government job opportunitiesClick Here
✅ Telegram Groupclick here
✅ FaceBook Page click here

সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: asaam study hub, অসমীয়া ব্যাকৰণ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • আবেদন পত্র ।। বিদ্যালয়ত খেল-ধেমালিৰ সুবিধা বৃদ্ধি বিচাৰি আবেদন (HSLC -2009, 2024) August 6, 2025
  • আবেদন পত্র ।। অসুস্থতাৰ বাবে দুদিন বিদ্যালয়লৈ অহা নোৱাৰিলে ছুটি বিচাৰি আবেদন ( HSLC – 2008, 2013 ) August 6, 2025
  • Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 August 1, 2025
  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d