• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • English Grammar
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

class-10 Assamese

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

May 29, 2025 by Souvik Leave a Comment

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাব বিষয়ক:


১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

 


২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?
উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ কালিয়দমন ‘ ৰ কি বাখ্যা দিছে ?
উত্তৰ : সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ কালিয়দমন ‘ ৰ দিয়া বাখ্যা হৈছে  আৰ্য্ই অনাৰ্য্যক সংস্কৃত কৰাৰ প্ৰতীক ধৰ্মী নৃত্য।

 


৪। কোনটো যুগত ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উত্তৰ : বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল ?
উত্তৰ : আৰ্য বেদত ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


৬। ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ মূল সম্পদ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৭। অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি?
উত্তৰ : সন্ন্যাস জীৱন আৰু সমূহীয়া জীবন।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি হব লাগে বুলি মত প্ৰকাশ কৰিছিল?
উত্তৰ : নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হব লাগে বুলি মত প্ৰকাশ কৰিছিল।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?
উত্তৰ : চিত্ৰকলাক।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


১০। হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে পঁচিছটা মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।

উত্তৰ : সাম্প্ৰতিক স্তৰৰ লেখক সকলৰ ভিতৰত হেম বৰুৱা অন্যতম। কবিতা আৰু গদ্য ৰচনা উভয় দিশতে তেওঁ বৰঙণি আগবঢ়াইছে। তেওঁৰ ‘বালিচন্দা ‘ আৰু ‘মন ময়ুৰী ‘ প্ৰখ্যাত কবিতা সংকলন। তেওঁৰ গদ্য সাহিত্য সমুহ হ ‘ ল – ‘আধুনিক সাহিত্য ‘ , ‘সাগৰ দেখিছা ‘ , সানমিহলি, ‘ৰঙা কৰবীৰ ফুল ‘ , ‘ কিউপিড আৰু চাইকি ‘ , ‘কন্নকী ‘ , ‘ এই গাঁও এই গীত ‘ , ‘ মেকং নৈ দেখিলোঁ ‘ , ‘ ইজৰাইল ‘ , স্মৃতিৰ পাপৰি ‘ । তেওঁৰ ‘ সাগৰ দেখিছা ‘ আৰু ‘ ৰঙা কৰবীৰ ফুল ‘ – ভ্ৰমণ বৃত্তান্ত মূলক গ্ৰন্থ । আধুনিক সাহিত্য আৰু সানমিহলি জটিল বিষয়ৰ আলোচনা বিষয়ক পুথি । জনতা আৰু পছোৱা কাকত সম্পাদন কৰি তেওঁ সাংবাদিকৰ ক্ষেত্ৰখনতো ভৰি দিয়ে ।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১১।  ‘ভাৰতীয় সংস্কৃতি ‘ পাঠটোৰ সাৰাংশ লিখা ।

উত্তৰ : হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে মিলনৰ সংস্কৃতি তাকে কব বিচাৰিছে। ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে আৰ্য , অনাৰ্য, মংগোলীয় , দ্ৰাবিড় আদি জনগোষ্ঠীৰ লগতে অতীজত ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক , শক , হুন আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে । আদিৰে পৰা মোগল , ৰাজপুত আদি বংশৰ শাসন কালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে। আৰ্য – অনাৰ্য দেৱ দেৱীৰ কথা কোৱাৰ লগতে , উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত প্ৰকাশ ঘটিছে । ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য, চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে , এই কথাই সংস্কৃতিৰ মিলনকে বুজায়। আধ্যাত্মিকতাবাদৰ , সাহিত্য , চিত্ৰ – শিল্প , সংগীত , ভাস্কৰ্য আদি প্ৰতিটো দিশতেই এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে।
মুঠতে ভাৰতীয় সংস্কৃতি পাঠ টোৰ সাৰাংশ হ ‘ ল এয়ে যে সংস্কৃতি এদিনতে গঢ়ি উঠা এটা বস্তু নহয়। যুগ যুগ ধৰি বিভিন্ন জাতি – জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


১২। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু ।
— এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ‘ ভাৰতীয় সংস্কৃতি ‘ পাঠ টোৰ আধাৰত বিচাৰ কৰা।
উত্তৰ : প্ৰাক ঐতিহাসিক কালৰে পৰা ভাৰতত যি সকল লোকে বাস কৰি আছিল তেওঁলোক অনাৰ্য জাতিৰ লোক । বিদেশৰ পৰা ভাৰতলৈ পোন প্ৰথমে দ্ৰাবিড় সকলে আহিছিল আৰু তেওঁলোকে পঞ্জাৱ অঞ্চলত থাকিবলৈ লয়। ড্ৰাবিড় সকল অহাৰ পিছৰে পৰা মংগোলীয় , গ্ৰীক , শক ,হুন আদি নানা জাতি উপজাতিৰ লোক ভাৰতলৈ আহি স্থায়ী ভাবে বসবাস কৰিবলৈ লৈছে। এই বিভিন্ন জাতি উপজাতিৰ লোক ইয়াত থিতাপি লোৱাৰ পাছত এই দেশৰ সংস্কৃতি গ্ৰহণ কৰিব নোৱাৰিলে ।

অতীতৰ ভাৰত বুৰঞ্জী উত্থান পতনৰ বুৰঞ্জী সেইদৰে সমন্বয় ৰো বুৰঞ্জী । বিভিন্ন সময়ত অহা বহিৰাগত লোক সকলে ইয়াত বসবাস কৰিবলৈ লোৱা ফলত তেওঁলোকৰ সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিল । ফলত সাহিত্য, শিল্প ভাষা তত্ত্ব , সামাজিক , ৰাজনৈতিক আদৰ্শ , কলা , দৰ্শন আদিৰ ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হ ‘ ল।

ভাৰতীয় সংস্কৃতিৰ মূল সু সংগঠিত আৰু মজবুত তথাপিও ই অন্য সংস্কৃতিৰ ধাৰকো গ্ৰহণ নকৰাকৈ থকা নাই উদাহৰণ স্বৰূপে ৰাজপুত চিত্ৰকলাই ভাৰতীয় সংস্কৃতিত এক বিশেষ স্থান দখল কৰিছে। তেনেদৰে দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ দেৱীক ধৰি আৰম্ভ কৰি ধৰ্ম পদ্ধতি কিছুমান আৰ্য সমাজ গ্ৰহণ কৰিছিল । আনটো দেৱতা শিৱই আৰ্য ৰ বেদীত স্থান পাইছিল ।

ইছলাম সকল ভাৰতলৈ অহাৰ পিছত উত্তৰ ভাৰতীয় মঠ মন্দিৰৰ ভাস্কৰ্যত ইছলাম ধৰ্মীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিছিল ।বাবৰৰ দিশত ভাৰতীয় চিত্ৰকলাত নতুন ধাৰাৰ প্ৰৱৰ্তন হয়। ধৰ্মৰ ক্ষেত্ৰতো একে কথা। হিন্দু ধৰ্ম অতিন্দ্ৰীয় বাদ আৰু আধ্যাত্মিকতা বাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল । কিন্তু ইছলামৰ প্ৰভাৱ আধ্যাত্মিক তাৰ ধমনি কঁপাই তুলিছিল ।

ব্ৰিটিছ সকল অহাৰ পিছত ভাৰতীয় সকল সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ পৰিল।

গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


১৩। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰ:  সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যবহাৰ কৰিব নোৱাৰি । সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। সভ্যতা হৈছে এটা সমাজ পদ্ধতি । সমাজ সভ্য নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টি মূলক কাম হাতত লোৱা সম্ভৱ নহয়। আনহাতে , সংস্কৃতি হৈছে কোনো এটা জাতি বা সমাজৰ জীৱন প্ৰতিভা । এটা জাতি সুসভ্য হব পাৰে কিন্তু কোনো লেখত লবলগীয়া সাংস্কৃতিৰ স্তম্ভ নাথাকিবও পাৰে । সভ্যতাই সমাজ সু শৃংখল কৰি সংস্কৃতি সৃষ্টিত সহায় কৰে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১৪ । উত্তৰ  ভাৰতীয় , দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ।

উত্তৰ : ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলি কলে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক বুজায় । কোনো কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টিয় ছাৰমান আন ডি মাইণ্টৰ গুৰি তো বৌদ্ধ সাহিত্যৰ প্ৰভাৱ বিয়পি আছে। চুফীবাদ ৰ মূল কোৰাণ শাস্ত্ৰ বুলি ঘোষণা কৰা হয়। যদিও চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত এক অভূতপূৰ্ব মিল থকা দেখা যায়। এনেবোৰ ভাৰতীয় সংস্কৃতি যে প্ৰভাৱশালী সম্পদ তাৰ উমান পোৱা যায়। উত্তৰ ভাৰতৰ দৰে দাক্ষিণাত্যৰ ভাস্কৰ্যৰ ওপৰত বহিৰাগত প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল । গতিকে ইয়াৰ এটা নিজৰ বিচৰা পদ্ধতি দেখিবলৈ পোৱা যায়। ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ ক ৰঙীন কৰি তুলিছে। দাক্ষিণাত্য ভাস্কৰ্য ক কোণ আৰু সৰলৰেখাৰ প্ৰয়োগ সৰহ। প্ৰত্যেকটো ভংগিমাই সুকীয়া। ইয়াৰ আৰ্হিৰ পুনৰাবৃত্তিৰ ঠাই নাই । উদাহৰণ স্বৰুপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি। এই মন্দিৰটোত অন্তত এহাজাৰটা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে । উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰয়োগ বেছি ।


ইছলাম সকল ভাৰতত অহাৰ পিছত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ উত্তৰ ভাৰতৰ মন্দিৰ বোৰত ভালেখিনি পৰিল।  উত্তৰ ভাৰতৰ ভাস্কৰ্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শৰ সমন্বয় ঘটি এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। বাবৰৰ আমোলত বাহিৰৰ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত ধৰ্মীয় চিন্তাধাৰাৰ মিলন ঘটিছিল। ফলত এটা নতুন চিত্ৰাংকন পদ্ধতিৰ উদ্ভৱ হৈছিল । ভাৰতীয় প্ৰচলিত ধৰ্মীয় ভাৱধাৰাৰ ওপৰতো বহিৰাগত ইছলাম ধৰ্মই প্ৰভাৱ পেলাইছিল ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers



১৫। অজন্তাৰ গুহাৰ শিল্প কলাৰ এটি বিবৰণ দিয়া।

উত্তৰ : চিত্ৰকলা যদিও বিশ্বজনীন তথাপিও ইয়াৰ জৰিয়তে জাতি বিশেষৰ পৰিচয় পোৱা যায় । অজন্তাৰ গুহাৰ চিত্ৰবোৰ ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ চিত্ৰবোৰৰ দুটা ভাৱ প্ৰকাশ পাইছে। দুয়োবিধ হৈছে এটা সন্ন্যাস জীৱন আৰু আনটো সমূহীয়া জীৱন। দুয়োবিধ একেলগে অঁকা হৈছে। দ্বিতীয় পৰ্যায়ৰ ছবিবোৰ হৈছে জীৱন আনন্দৰ সময় চিত্ৰ । এইবোৰত ফুটি উঠিছে। শক্তি , খ্যাতি , প্ৰেম আৰু যৌৱন । প্ৰথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাৱ বস্তুৰ ফালৰ পৰা দুয়োবিধ শাৰীত বৈসাদৃশ্য আছে। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। জীৱনৰ অসামজ্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে । ইয়াৰোপৰি প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ গুহাত চিত্ৰবোৰত আছে। পুৰুষ মহিলা, শিশু , বিভিন্ন ভংগিমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে। জীৱন প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে। এই জীৱন প্ৰচুৰ্য্যক যেন এঠাইত ধৰি ৰাখিবলৈ বিচাৰিছে। ছবিবোৰত ভাৱ বস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্মিত হোৱা নাই । শিল্পীত মননশীল শিল্পজাত আৰু জীৱনৰ মাজত সুন্দৰ সময়ত সংযোগ ঘটিছে । ইয়েই অজন্তাৰ চিত্ৰ শিল্পীৰ গৌৰৱ । অজন্তাৰ গুহাত অনন্ত কালৰ বাবেই শিল্পকলা সজ্জিবীত হৈ আছে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers
১৬। মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন বিৰাট ধাৰাটি আছিল লিখা ।

উত্তৰ : মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্ৰশিল্প মূলতে প্ৰচুৰ ব্যক্তিবোধ, ব্যক্তি বাদী আৰ্টত , জন জীৱনত বা সমষ্টি জীৱনত কোনো সংবাদ নাছিল ইয়াৰ লক্ষ্য আছিল ব্যাক্তিৰ জীৱন প্ৰকাশ । ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু ছেঙ্গিজ খাঁৰ ৰাজ দৰবাৰৰ যুগত প্ৰকৃতি এই আৰ্টত ব্যক্তিবাদী আৰু কঠোৰ হবলৈ বাধ্য হৈছিল। ইয়াৰ ভাৱ প্ৰবণতা নাই , আছে বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা । এইখিনিতে উদাহৰণ স্বৰূপে আমি উৰ্দু ৰোমান্টিক কাব্য সাহিত্যত কথা উলিয়াব পাৰোঁ । বাবৰৰ আমোলত বাহিৰৰ সুস্থ ব্যক্তি শালী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰ ধাৰাৰ মিলন ঘটিছিল।এই দুয়োটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

 

 


১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে ?

উত্তৰ : উত্তৰ ভাৰতৰ সংগীত হৈছে ভাৰতীয় উচ্চাঙ্গ সঙ্গীত । ই দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীৰ্যপূৰ্ণ আৰু বিচিত্ৰ । উত্তৰ ভাৰতীয় সঙ্গীতৰ এটা নতুন বস্তু আমাৰ চকুত পেলায় গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এই সঙ্গীতত আমি এক উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পাও।  ইয়াকে সুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিব পাৰি।

 



১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা এটি টোকা যুগুত কৰা।

উত্তৰ : ভাৰতীয় সংস্কৃতিত ইছলামৰ প্ৰভাৱ মন কৰিবলগীয়া । মধ্য এছিয়া বা পশ্চিম এছিয়াৰ পৰা চামে চামে অভিযানকাৰীয়ে ভাৰত অভিযান কৰিবলৈ আহি ভাৰতত খোপনি পুতি ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে তেওঁলোকৰ নিজস্ব সংস্কৃতি বিকশিত হ ‘ল আৰু সেই সংস্কৃতিৰ কিছু কিছু প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ভাষা – সাহিত্য , ধৰ্ম , চিত্ৰ, ভাস্কৰ্য আদি সকলো ক্ষেত্ৰতে ইছলামৰ প্ৰভাৱ পৰিল।


উত্তৰ ভাৰতৰ মন্দিৰ বোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ পৰিল। উত্তৰ ভাৰতৰ ভাস্কৰ্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে । ইছলামীয় ভাস্কৰ্য হিন্দু ভাস্কৰ্যক কাৰুকাৰ্য প্ৰদান কৰিছে ।


ভাৰতীয় চিত্ৰশিল্পৰ ওপৰতো ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিল। অজন্তাৰ গুহাৰ চিত্ৰবোৰে প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ নিজ স্বৰূপ প্ৰকাশ কৰিছে। কিন্তু বাবৰৰ আমোলত চিত্ৰ শিল্পৰ এটি নতুন ধাৰা প্ৰৱেশ কৰে, বাবৰৰ আমোলত সুস্থ ব্যক্তিবাদী চিত্ৰ কলাৰ লগত প্ৰচলিত চিত্ৰবোৰৰ মিলন ঘটিছিল। ফলত দুয়োৰে সংমিশ্ৰণত এটি নতুন পদ্ধতিৰ সৃষ্টি হৈছিল । ইছলাম সকল অহাৰ পিছত ভাৰতৰ  আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন্তু ইছলামৰ প্ৰভাৱ আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল।

ইছলামসকল অহাৰ পিছত ভাৰতীয় ভাষা সাহিত্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিল ।মোগল সম্ৰাটসকলৰ দৰবাৰত যি সাহিত্য সৃষ্টি হৈছিল আৰু প্ৰভাৱ ভাৰতীয় সাহিত্যত পৰিলক্ষিত হোৱা দেখা যায়। ইছলাম সকলৰ বহুতো শব্দ ভাৰতীয় ভাষা সমূহত সোমাই পৰিছে।গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

১৯। প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্প কলাৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰ : প্ৰাক মুছলিম যুগত ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাই অনাৰ্য আৰু আৰ্য ৰীতিকে বহন কৰি আহিছিল। ইছলামৰ পৰা আঁতৰত থকা বাবে দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ পাদুৰ্ভাব সৰল গঠনৰ বিশালতা ইয়াৰ অন্যতম প্ৰধান বৈশিষ্ট্য। প্ৰত্যেকটো ভংগিমাই সুকীয়া । উদাহৰণ স্বৰূপে কাঞ্জিভিৰাম মন্দিৰৰ কথা কব পাৰি। এই মন্দিৰটোত অন্তত এহেজাৰটা স্তম্ভ আছে। ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ পাদুৰ্ভাব সৰহ । এই অঞ্চলৰ মন্দিৰ বোৰত ইছলামীয় ভাস্কৰ্যৰ ভালেখিনি প্ৰভাৱ পৰা দেখা যায়।

গঠনৰ সফলতা আৰু সুক্ষমতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। উত্তৰ ভাৰতীয় ভাস্কৰ্য সমন্বয়ৰ বস্তু । ইয়াক কোনো প্রকাৰেই ইছলামীয় বুলিব পাৰি। এইবোৰৰ জৰিয়তে প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শ সন্নিবিষ্ট হৈ এক ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে।

প্ৰাক মুছলিম যুগত ভাৰতীয় চিত্ৰ কলাৰ নিদৰ্শন পোৱা যায়। অজন্তাৰ গুহাবোৰত জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰি জীৱন প্ৰচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰ সমূহত আছে ।

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers


২০। বাখ্যা কৰা ।

(ক) সংস্কৃতিৰ অবিছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ?

উত্তৰ :

উদ্ধৃত কথাফাঁকি আমাৰ পাঠ্যপুথি থকা হেম বৰুৱাৰ ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে।

ভাৰতীয় সংস্কৃতি কিদৰে গঢ় লৈ উঠিছে। তদুপৰি চিৰ প্ৰবাহমান সংস্কৃতিয়ে যেন ভাৰতীয়ৰ জীৱনৰ মূল সম্পদ উক্ত কথাষাৰৰ মাজেৰে লেখকে তাকেই বুজাবলৈ বিচাৰিছে।

ভাৰতীয় সংস্কৃতি হৈছে বাৰে বৰণীয়া ফুলেৰে গঁথা এডাল মালাৰ নিচিনা এটা জাতি সু সভ্য হলেও সেই জাতিৰ সাংস্কৃতিক স্তম্ভ ওখ নহবও পাৰে ভাষা , সাহিত্য ,সুকুমাৰ কলা ,দৰ্শন আদিৰ মাজেৰে এটা সুকীয়া সংস্কৃতি ফুটি উঠে । সভ্যতাই নবৰূপ পোৱাৰ লগে লগে সংস্কৃতিয়েও নতুনত্বৰ ফালে ধাৱমান হয় । ভাৰতীয় সংস্কৃতিৰ অবিচিন্ন মত উপমত লগলাগি ভাৰতীয় সংস্কৃতিৰ মহাসাগৰ ৰচিত হৈছে। সেইবাবে ই নিৰবিচ্ছিন্ন ভাৱ হৈ আছে। ভাৰতীয় ভৌগোলিক বিচিত্ৰতা জীৱনৰ গঢ় দিছে। অতি প্ৰাচীন কালৰে পৰা ভাৰতলৈ বিভিন্ন সময়ত বিভিন্ন মানৱ গোষ্ঠী আহি ভৰতীয় সাংস্কৃতিক নিতে এই নিৰবিচ্ছিন্ন ধাৰাই ভাৰতীয় জাতীয় জীৱনৰ মূল সম্পদ হৈ পৰিছে।

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

(খ) ভাৰতীয় বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান ,পতন ,ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী ।

উত্তৰ:

উদ্ধৃত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে।


ভাৰতীয় সংস্কৃতিৰ মূল সুঁতি কিদৰে ক্ৰমবৰ্ধমান সোতেৰে বৈ আছে সেই কথা কবলৈ যোৱাৰ প্ৰসংগত উক্ত কথা ফাকিৰ অৱতাৰণা কৰিছে।

ভাৰতীয় বুৰঞ্জী ভৰা গঢ়াৰ বুৰঞ্জী ইটোৰ পাছত সিটো মানৱ গোষ্ঠী আক্ৰমণ বা অভিযান ইটো পৰিয়ালৰ পিছত সিটো পৰিয়ালৰ শাসন ভাৰ গ্ৰহণ কৰাৰ ঘটনাৰ ভাৰত বুৰঞ্জী ভাৰাক্ৰন্ত তথাপি ভাৰতীয় মূল সুঁতি ক্ৰমৰ্ধমান সোঁতেৰে বৈ যোৱা নাছিল । এটা পৰিয়ালৰ বা বংশৰ পিছত আন এটা পৰিয়ালে বা বংশই শাসন ভাৰ গ্ৰহণ কৰাৰ বিবৰণেৰে ভাৰত বুৰঞ্জীৰ পাত ভৰি আছে । ইমান বোৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতো বহিৰাগত জাতি উপজাতিৰ পৰা সাৰ ভাগ বুটলি লৈ ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটো ক্ৰমৰ্ধমান সোঁতেৰে বৈ আছিল।
গতিকে সম্যক দৃষ্টি ৰে চালে দেখা যায় ভাৰত বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন,ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী।
ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 


(গ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম দেখা যায়।

উত্তৰ :

উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেম বৰুৱাৰ ৰচিত ‘ ভাৰতীয় সংস্কৃতি ‘ নামৰ পাঠ টিৰ পৰা তুলি লোৱা হৈছে।

ইয়াত লেখকে ভাস্কৰ্য শিল্পই যে কেৱল সমূহীয়া সামজিক ভাৱধাৰাৰ ওপৰত বিশেষ ভাৱে নিৰ্ভৰশীল সেই প্ৰসংগত উক্ত পদ্যাংশৰ অৱতাৰণা কৰিছে।

সকলো আৰ্ট বা কলাৰ দুটা দিশ দেখা যায় । এটা দিশ হল কলাত আৰু কাৰ্য আৰু জাক জমকতাৰ সৃষ্টি কৰা আৰু আনটো দিশ হল কলাত সংযম আৰু আড়ম্বৰ হীনতা প্ৰয়োগ কৰা। ইয়াৰ প্ৰথমটো পন্থাই বাহ্যিক আৰু দ্বিতীয় পন্থাটোৱে আমাৰ আত্মৰক্ষা স্পৰ্শ কৰি প্ৰতিভূত কৰে। এবিধ আনন্দপ্লুত ৰস চঞ্চল , আনটো ধীৰ,স্থিৰ মন্থৰ প্ৰাণ । এইখিনিতে আমি আনুলিয়াব পাৰোঁ । ভাৰতৰ উচ্চাঙ্গ সঙ্গীতত আমি এক উৰণীয়া ভাৱৰ সংকোচন দেখা পাও।

 

 

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাষা বিষয়ক :

 

 

১। সন্ধি ভাঙা :

সংস্কৃতি , সমন্বয় , সম্বন্ধ , ভাৰক্ৰান্ত, সন্মত

সংস্কৃতি: সম্ + কৃতি

সমন্বয়: সম + অন্বয়

সম্বন্ধ : সম + বন্ধ

ভাৰাক্ৰান্ত: ভাৰ + আক্ৰান্ত

সন্মত : সম + মত

 

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

২। বিশেষ্য বা বিশেষণ লৈ নিয়া ।

বৈচিত্ৰ , ভৌগোলিক , বিস্তৃতি , নৈৰাশ্য, বিপ্লৱ

উত্তৰ :

বৈচিত্ৰ : বিচিত্ৰ

ভৌগোলিক : ভূগোল

বিস্তৃতি: বিস্তৃত

নৈৰশ্য: নিৰাশ

বিপ্লৱ: বৈপ্লবিক

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

 

 

Filed Under: Class-10; Assameses, SEBA Class 10 Assamese Medium & English Medium Solutions Tagged With: Class - 10 ( HSLC ), class-10 Assamese

বৰগীত || Lesson – 1 || Class 10 Question Answers

June 17, 2023 by Souvik Leave a Comment

বৰগীত || Lesson – 1 || Class 10 Question Answers কবি পৰিচয় :

শ্ৰী শ্ৰী মাধৱদেৱ : নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দ গিৰী ভূঞা আৰু মাতৃ মনোৰমা । শঙ্কৰদেৱৰ প্ৰীয় শিষ্য মাধৱদেৱ গুৰুক পদাংককে অনুসৰণ কৰে । তেওঁ গণককুছি , সুন্দৰী দিয়া ভেলা দংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ হল ‘ নামঘোষা ‘ , এহেজাৰটা ঘোষা থকা বাবে এইজনাক হেজাৰী বুলি কোৱা হয় । তেওঁৰ আন আন ৰচনা সমুহ হল –
*আখ্যান মূলক ৰচনা* – ৰাজ সুয় কাব্য, আদিকাণ্ড ৰামায়ণ ।
*তত্ত্ব মূলক ৰচনা* – জন্ম ৰহস্য, ভক্তি – ৰত্নাবলী, নাম মালিকা
*নাট* – অৰ্জুন ভঞ্জন বা দধিমথন

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱ তেওঁৰ ৰচনা ৰাজিত ঘৰুৱা ভাৱ – ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণব ধৰ্মৰ তত্ত্ব সমূহ সহজে বুজি পোৱাত সহায় কৰিছিল । এই গীতটি মাধৱদেৱৰ ভক্তিৰ উৎকৃষ্ট নিদৰ্শন ।

বৰগীতৰ লক্ষণ সমূহ :

১) বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত ।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী ।
৩) বৰগীত সমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহত্ব প্ৰকাশক ।
৪) শংকৰ মাধৱ লিখা গীতসমূহক বৰগীত বোলা হয় । নামধৰ্ম প্ৰচাৰৰ উ্দেশ্যে বৰগীত সমূহ ৰচিত ।
৫) বৰগীত সমূহ মূলত ভক্তি ৰস প্ৰধান যদিও তাত দশ্যো শান্ত বাৎসল্লো আদি ৰসৰে সমাবেশ ঘটিছে ।
৬) মাধৱদেৱৰ বৰগীত সমূহ ঘাইকৈ শ্ৰী কৃষ্ণৰ লীলা বিষয়ক ।

SEBA HSLC Examination Previous Year’s Question & Answers – click here


ব্ৰজাৱলী ভাষা :

ব্ৰজাৱলী ভাষা একপ্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা , শঙ্কৰদেৱৰ সময়ত অসম , বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰী কৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল, এই সাহিত্যিক ভাষাক ব্ৰজবুলি , ব্ৰজবলে আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয় ।
পশ্চিম হিন্দীৰ অপভংশ্ৰ ভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী । তাৰ লগত ভোজপুৰী নেয়াৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণে ই ঠাই বিশেষ একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে । ব্ৰজাৱলী ভাষা এহাতে শক্তিশালী আৰু স্বৰধ্বনি অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ ।
বৰগীত || Lesson – 1 || Class 10 Question Answers

ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ :

১) চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া :

ক) ” ….. নেৰিব বান্ধব মোক জীৱনে মৰণে । “
– কবিয়ে জীৱনে মৰনে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?

উত্তৰ : শ্ৰী কৃষ্ণক

খ) ‘ সনক – সনন্দ যোগী যাহাকু বিধায়।’
– সনক – সনন্দ যোগী সকলে কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰ : সনক – সনন্দ যোগী সকলে শ্ৰী কৃষ্ণৰ ধ্যান কৰে বুলি কৈছে ।

গ) কবি কিহঁত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ : বিষয় বাসনাত।

ঘ) বৰগীত টো কোনে ৰচনা কৰা ?
উত্তৰ : শ্ৰী শ্ৰী মাধৱদেৱৰ।

ঙ ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰ : বসন্ত

চ ) কবিয়ে বান্ধব বুলি কাক কাক সম্বোধন কৰিছে ?
উত্তৰ : শ্ৰী কৃষ্ণক

ছ) ‘ মোহ পাশ ‘ মানে কি ?
উত্তৰ : মায়াৰ বান্ধোন ।

Assamese Essay Section – click here

২) বৰগীতৰ মূলভাৱ লিখা :

উত্তৰ : পাঠত উল্লেখিত শ্ৰী শ্ৰী মাধৱ দেৱ বিৰচিত বসন্ত ৰাগত বন্ধাবৰ গীতটিত মাধৱদেৱৰ ভক্তিৰ উৎকৃষ্ট নিদৰ্শন দেখিবলৈ পোৱা যায়।

কবিয়ে উল্লেখ কৰিছে যে শ্ৰী কৃষ্ণ হল সকলোৰে পিতৃ স্বৰূপ, জীৱনে মৰণে তেওঁক যেন কেতিয়াও নেৰে তাৰ বাবে তেওঁ ভগবানৰ চৰণত শৰণ লৈছে । সনক সনন্দ যোগী সকলে যাক ধ্যান কৰে, সহস্ৰ বাৰ জন্ম গ্ৰহণ কৰি ও যাৰ অস্তিত্বৰ সীমা বিচাৰি পোৱা নাযায়, সেই জন পৰম ব্ৰহ্মাক তেওঁ নিছিনা সাধাৰণ মানুহে কি বুজিব, হৰিৰ মহিমা অপাৰ । বিষয় বাস নাত মত্ত হৈ থাকি তেওঁক বুজিব নোৱাৰি, সেয়েহে এই মায়াময় সংসাৰৰ পৰা শ্ৰী কৃষ্ণই অৰ্থাৎ হৰিয়ে উদ্ধাৰ নকৰিলে কোনেও উদ্ধাৰ কৰিব নোৱাৰে ।

গতিকে শ্ৰী কৃষ্ণৰ চৰণেই হৈছে মহাধন তেৱেঁই হৈছে ভক্ত সকলৰ জীৱন, ভক্ত সকল নিজৰ অজ্ঞতে নানা ভুল ভ্ৰান্তি কৰে, কৃপাৰ সাগৰ স্বৰূপে কৃষ্ণই দয়া নকৰিলে আন কোনেও মুক্তি দিব নোৱাৰে । সেইকাৰণে শ্ৰী কৃষ্ণৰ চৰণত শৰণ লোৱাৰ বাহিৰে অইন উপায় নাই । শেষত মাধৱদেৱে কাতৰ ভাবে প্ৰাৰ্থনা জনাইছে শ্ৰী কৃষ্ণই যাতে এই মায়া মোহৰ বান্ধোনৰ পৰা তেওঁক মুক্ত কৰে আৰু তাৰ বাবে তেওঁ দাসৰ দাস হৈ শ্ৰী কৃষ্ণৰ চৰণত নিজকে সমৰ্পণ কৰিছে ।
বৰগীত || Lesson – 1 || Class 10 Question Answers

৪) বাখ্যা কৰা :

ক) সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা
অধমে জানিব কেনে তোমাৰ মহিমা ।

উত্তৰ : উদ্ধৃত পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত মাধৱদেৱ ৰ বিৰচিত বৰগীত ৰ পৰা তুলি দিয়া হৈছে ।

ইয়াত শ্ৰী কৃষ্ণৰ মহিমা সাধাৰণ মানুহে যে বুজা টান সেই বিষয়ে কবলৈ যোৱাৰ প্ৰসঙ্গত উক্ত পদ ফাকিৰ অৱতাৰণা কৰিছে ।

শ্ৰী কৃষ্ণৰ মহিমা অপাৰ, এই বিশ্বৰ প্ৰতিটো বস্তুতে তেওঁৰ স্থিতি বৰ্তমান, তেওঁক বাদ দি পৃথিৱীৰ কল্পনা কৰিব নোৱাৰি । সনক – সনন্দ আদি যোগীসকলেও যাক প্ৰানত ধ্যনত লাভ কৰিব পৰা নাই তেনে স্তৰত কবিৰ দৰে সাধাৰণ মানৱে তেওঁৰ মহিমা কি বুজি পাব , ভগৱানক লাভ কৰিবলৈ হলে একান্ত সাধনাৰ প্ৰয়োজন । এই জগতখন হৈছে মায়াময়, এই সংসাৰৰ পৰা পৰিত্ৰাণ পোৱা সাধাৰণ মানুহৰ পক্ষে সম্ভৱ নহয়, সেয়েহে কবিয়ে কৈছে যে একমাত্ৰ ভগবানৰ শৰণাপন্ন হলেহে মায়াৰ সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ।

খ ) আতুৰ ভৈলাহো হৰি বিষয় কিকলে
কৰিয় উদ্ধাৰ মোক চৰণ কমলে ।


উত্তৰ : উদ্ধৃত পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত মাধৱদেৱ ৰ বিৰচিত বৰগীত ৰ পৰা তুলি দিয়া হৈছে ।

ইয়াৰ জৰিয়তে কবিয়ে বিষয় বাসনাৰ ব্ৰতী হৈ তাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে শ্ৰী কৃষ্ণৰ শৰণাপন্ন হোৱাৰ কথা বৰ্ণনা কৰিছে ।

মানুহে এই সংসাৰত মায়াত আবদ্ধ হৈ আছে, মায়াত আবদ্ধ হৈ থাকি মানুহে ঈশ্বৰৰ কথা নাভাবে, বিষয় বাসনাৰ আত্ম বিভোৰ হৈ মানুহে ভগৱানক বিচাৰি নাপায় । শেষত যেতিয়া মুক্তিৰ পথ বিচাৰি নাপায় তেতিয়াহে শেষ আশ্ৰয় হিচাপে শ্ৰী কৃষ্ণক বিচাৰে । সেয়েহে কবিয়ে বিষয় বাসনাৰ পৰা নিজকে মুক্ত কৰিবলৈ ভগবানৰ শৰণাপন্ন হবলৈ বিচাৰিছে, যাতে তেওঁ এই সংসাৰৰ পৰা উদ্ধাৰ পায় ।

গ) তোমাৰ চৰণ দুই মোৰ মহা ধন
ভকত জনেৰ নিজ তুমিছে জীৱন

উত্তৰ : উদ্ধৃত পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত মাধৱদেৱ ৰ বিৰচিত বৰগীত ৰ পৰা তুলি দিয়া হৈছে ।

ইয়াৰ জৰিয়তে কবিয়ে ভক্ত সকলৰ জীৱন স্বৰূপ যে শ্ৰী কৃষ্ণ সেই কথা কব বিচাৰিছে ।

কবিয়ে কৈছে যে মানুহে সংসাৰত জন্ম লাভ কৰি বিষয় বাসনাৰ আবদ্ধ হয়, বিষয় বাসনাৰ আতুৰ হৈ থকা লোকে কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে । হৰিৰ মহিমা আমাৰ নিচিনা সাধাৰণ মানুহে বুজাটো টান । কবিৰ মতে কৃষ্ণৰ চৰনেই পৰম ধন, ভকত সকলৰো তেৱেঁই জীৱন । অন্তৰত ভগৱানৰ প্ৰতি একান্ত ভক্তি থাকিলে তেওঁক পাব পাৰি, গতিকে মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ কৃষ্ণৰ চৰণ সেৱা কৰিলেহে মানৱে মুক্তিৰ পথ লাভ কৰিব পাৰে।

Financial Education in Assamese – click here


ঘ) সনক – সনন্দ যোগী যাহাকু বিধায়।’
সকল নিগমে যাক বিচাৰি নাপায় ।


উত্তৰ : উদ্ধৃত পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত মাধৱদেৱ ৰ বিৰচিত বৰগীত ৰ পৰা তুলি দিয়া হৈছে ।

এই সংসাৰত মানুহে ময়াত আবদ্ধ হৈ থাকি ঈশ্বৰৰ কথা চিন্তা নকৰে কিন্তু তেওঁৰ কৃপা অবিহনে জীৱৰ মোক্ষ প্ৰাপ্তি নহয় । সনক – সনন্দ আদি যোগীসকলে পাৰ্থিৱ সুখ বিসৰ্জন দি শ্ৰী কৃষ্ণক ধ্যানত বিচাৰিছিল, কিন্তু তথাপিও কৃষ্ণক পোৱা নাছিল সেয়েহে কবিয়ে নিজকে অধম বুলি কৈ তেওঁৰ মহিমা ৰ কথা একো নাজানে বুলি কৈছে, কৃষ্ণৰ মহিমা অপাৰ, একমাত্ৰ ভক্তিৰেহে আৰাধনা কৰি তেওঁৰ মহিমা বুজিব পাৰি । ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে তেওঁ নানা লীলা খেলা কৰে । কবিয়ে কৈছে যে ভকত সকলৰ আত্মা স্বৰূপে কৃষ্ণই বিৰাজ কৰি থাকে, তেওঁৰ কৃপাত হে জীৱৰ মোক্ষ প্ৰাপ্তি হয়।
বৰগীত || Lesson – 1 || Class 10 Question Answers

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Filed Under: Class-10 Tagged With: asaam study hub, class-10, class-10 Assamese

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025
  • Bankim Chandra Chattopadhyay Essay in Hindi || बंकिम चंद्र चट्टोपाध्याय June 17, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...