অসমীয়া ৰচনা

নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose Essay in Assamese

নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose in Assamese

নেতাজী সুভাষ চন্দ্ৰ বসু ১৮৯৭ চনৰ ২৩ জানুৱাৰী উৰিষ‍্যা ৰাজ্যেৰ কটক চহৰত জন্মগ্ৰহণ কৰিছিল । তেওঁৰ দেউতাকৰ নাম আছিল জানকী নাথ বসু, তেওঁ এগৰাকী চৰকাৰী উকীল আৰু মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী । নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose Essay in Assamese

 

নেতাজী এ কটক চহৰৰ মিছনেৰী স্কুলত প্ৰাইমেৰী শিক্ষা লাভ কৰাৰ পিছত ৰেভান্স কলেজৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কলকাতাৰ প্ৰেচিডেন্সী কলেজত নাম লগায় । সৰুৰে পৰা সুভাষচন্দ্ৰ অতি তীক্ষ্ণ বুদ্ধিৰ শিশু আছিল । প্ৰসিডেন্সি কলেজত ভৰ্তি হোৱাৰ সময়তে তেওঁ সংসাৰৰ মায়া – মোহ ত্যাগ কৰি সন্ন্যাসী হোৱাৰ মানসেৰে হিমালায়ত গৈ সাধনা কৰিছিল । কিন্তু তেওঁৰ গুৰুৰ দিয়া নিৰ্দেশ অনুযায়ী তেওঁ আকৌ প্ৰেচিডেন্সি কলেজলৈ উভতি আহে । গুৰুৱে তাক কৈছিল যে “সন্ন্যাসী হৈ নহয় , সাহসী বিপ্লৱী হৈ দেশ ৰক্ষা কৰাৰ বাবেহে তেওঁৰ জন্ম হৈছে ” ।

প্ৰেচিডেঞ্চি কলেজ অধ্যয়ন কৰি থকা সময়ত এদিন এগৰাকী ইংৰাজ অধ্যাপক এ ভাৰতীয় লোকৰ সন্দৰ্ভত বেয়া মন্তম্ব দিয়াত তেওঁ অধ্যাপক গৰাকীক অপদস্ত কৰে; ফলত তেওঁক প্ৰেচিডেঞ্চি কলেজৰ পৰা বহিষ্কৃত কৰা হয় ।

এই ঘটনাৰ পিছত তেওঁ স্কৰটিছ চাৰ্চ কলেজত ভৰ্তি হয় আৰু তাৰে পৰা সুখ্যাতিৰে বি . এ . ডিগ্ৰী লাভ কৰে ।

নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose/AssamStudyHub.Com

১৯১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায় , তাতে তেওঁ ১৯২০ চনত সমগ্ৰ ইংলেণ্ডৰ ভিতৰত আই ছি এস পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰে , কিন্তু সুভাষ এ আই ছি এস বিষয়া হৈ ব্ৰিটিছৰ গোলামী কৰাতকৈ স্বাধীনতা সংগ্ৰামত যোগ দিয়াটো পছন্দ কৰিছিল ।

নেতাজিয়ে ১৯২১ চনত অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে পোন প্ৰথমবাৰৰ বাবে কাৰাগাৰত যায় । ১৯২৩ চনত তেওঁ জাতীয়তাবাদী আলোচনী ‘ফৰৱাৰ্ড’ সহকাৰী সম্পাদক ৰূপে নিযুক্ত হয়, আৰু পিছৰ বছৰ তেওঁ কলকাতা চহৰৰ মেয়ৰ ৰূপে নিৰ্বাচিত হয় কিন্তু দুৰ্ভাগ্য ইংৰাজ চৰকাৰে তেওঁক আকৌ তিনি বছৰৰ বাবে কাৰাদণ্ড দিয়ে । ইংৰাজ চৰকাৰে তেওঁক লৈ ম্যানমাৰ কাৰাগাৰত ৰাখিছিল ।

নেতাজী সুভাষ ১৯৩৬ আৰু ১৯৪০ চনত দুবাৰকৈ কংগ্ৰেজৰ সভাপতি ৰূপে নিৰ্বাচিত হয় কিন্তু মহাত্মা গান্ধীৰ মনোমালিন্য ঘটে ফলস্বৰূপে সুভাষ চন্দ্ৰ কংগ্ৰেজ দল ত্যাগ কৰি ‘ফৰৱাৰ্ড ব্লক’ দল গঠন কৰিছিল ।

সুভাষ এ অস্ত্ৰৰ সহায় লৈ ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াব বিচাৰিছিল, ব্ৰিটিছে তেওঁৰ বীৰত্ব আৰু সহসিকতাক ভয় কৰিছিল বাবে তেওঁক আকৌ কাৰাৰুদ্ধ কৰি থলে । কিন্তু এইবাৰ তেওঁ সকলোৰে ধূলি দি জাৰ্মানীলৈ পলাই গল । জাৰ্মানীৰ পৰা তেওঁ জাপান পালেগৈ । তাতে তেওঁ গঠন কৰিলে আজাদ হিন্দ ফৌজ আৰু সকলোৰে পৰা নেজাজী উপাধি পালে । আজাদ হিন্দ ফৌজ গঠন কৰি তেওঁ ভাৰতীয় সকলক আঃব্বান জনালে “মোক তোমালোকে তেজ দিয়া ; মই তোমালোকক স্বাধীনতা দিম ” ।

নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose/AssamStudyHub.Com

তেওঁ জাপানৰ সহায় লৈ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে । তেওঁ জাপানত স্বাধীন ভাৰতৰ চৰকাৰ গঠন কৰিছিল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল । তাৰ পিছত আজাদ হিন্দ ফৌজ এ মণিপুৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ সাক্ষ্মম হৈছিল । তেওঁ আঃব্বান দিছিল – ‘দিল্লীলৈ বলা’

ভাৰতীয় জাতীয়তাবাদী নেতা সুভাষ চন্দ্র বসু 1945 চনৰ 18 আগস্ট জাপানৰ তাইহোকু (বর্তমান তাইপেই), জাপানৰ তাইওয়ানত বিধ্বস্ত জাপানির দ্বারা ওভারলোডেড বোমাৰু বিমানৰ পোৰাৰ কাৰণে মৃত্যু হয় বুলিয়ে ভাৰতৰ লোকে মানি লব বাধ্য হৈছে ।

 

Souvik

Recent Posts

Dibrugarh Restaurant Job Vacancy 2026 – Receptionist & Waiter Jobs | HS Pass Apply

Dibrugarh Restaurant Job Vacancy 2026 – Receptionist & Waiter Jobs | HS Pass Apply ডিব্ৰুগড় চাকৰি ২০২৬ – Receptionist আৰু…

25 minutes ago

Kamrup District Court Recruitment 2026 – Driver Vacancy || 8th Pass Job Assam

Kamrup District Court Recruitment 2026 – Driver Vacancy || 8th Pass Job Assam কামৰূপ আদালত নিযুক্তি ২০২৬ – Driver পদ…

4 hours ago

Barak Valley Job Vacancy 2026 – Junior Sales Officer (JSO) Recruitment | HS Pass Apply

Barak Valley Job Vacancy 2026 – Junior Sales Officer (JSO) Recruitment | HS Pass Apply বৰাক ভেলী চাকৰি ২০২৬ –…

7 hours ago

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…

3 days ago

NVS Shillong Recruitment 2026 – PGT TGT Nurse Counselor & Hostel Superintendent | Salary ₹44,900

NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…

5 days ago

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…

1 week ago