• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese

February 4, 2025 by Souvik Leave a Comment

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese

 



১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত?
উ÷নীলাচল পাহাৰত ।

২) কিমান চনত অসমৰ ৰাজধানী শ্বিলং ৰ পৰা দিশপুৰলৈ স্থানান্তৰ কৰা হয়?
উ÷১৯৭৩ চনত ।

৩) কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল?
উ÷১৯১৭ চনত ।

৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল?
উ÷শিৱসাগৰত ।

৫) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
উ÷পদ্মনাথ গোহাঞি বৰুৱা ।

৬)প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূলনায়িকা গৰাকী কোন আছিল ?
উওৰ=আইদেউ সন্দিকৈ ৷

৭) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুয়ে কোন দুখন ঠাইক সংলগ্ন কৰিছে?
উ÷পঞ্চৰত্ন আৰু যোগীঘোপা ।

৮) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উ÷লোকপ্ৰিয় গোপীনাথ বৰদলৈ ।

৯) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?
উ÷১৪৪৯ চনত ।

১০) মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল?
উ÷১৪৮৯ চনত ।

১১) প্ৰথম অসমীয়া বোলছবি”জয়মতী” কেতিয়া মুক্তি লাভ কৰিছিল?
উ÷১৯৩৫ চনৰ ১০ মাৰ্চ ।

১২) প্ৰথম অসমীয়া বোলছবি জয়মতী ৰ পৰিচালক কোন আছিল?
উ÷ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ।

১৩)অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়?
উ÷৩ চেপ্তেম্বৰ ।

১৪)অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয়?
উ÷ভোগেশ্বৰ বৰুৱা ।

১৫)ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল?
উ÷ ১৯৬৬ চনত ।

১৬) আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল?
উ÷পুৰন্দৰ সিংহ ।

১৭) কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল?
উ÷১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ।

১৮) অসমৰ জাতীয় সংগীত”অ মোৰ আপোনাৰ দেশ’ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল?
উ÷বাহী ।

১৯) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন?
উ÷বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য  ।

২০)  সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন?
উ÷যতীন্দ্ৰ নাথ দুৱৰা ।

২১)কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউয়েন চাং অসম (কামৰূপ)লৈ আহিছিল?
উ÷ভাস্কৰ বৰ্মন ।

২২) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উ÷স্বৰ্গদেউ চাওলুং চুকাফা(১২২৮ খ্ৰীষ্টাব্দ) ।

100 General Knowledge Question Answer in Assamese

২৩) কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল?
উ÷১২৫৩ চনত ।

২৪) শৰাই ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উ÷আহোম আৰু মোগলৰ মাজত (১৬৭১ চন) ।

২৫) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?
উ÷উদয়াদিত্য সিংহ ।

২৬) শৰাই ঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল?
উ÷লাচিত বৰফুকন ।

২৭) শৰাই ঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?
উ÷ৰামসিংহ ।

২৮) মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল?
উ÷১৯২১ চনত ।

২৯) প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি?
উ÷বনফুল(যতীন্দ্ৰ নাথ দুৱৰা) ।

৩০) প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি?
উ÷মৃতুঞ্জয়(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য) ।

৩১) প্ৰথম অসমীয়া স্নাতক কোন?
উ÷আনন্দৰাম বৰুৱা।

৩২) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ জিলা খন কি?
উ÷কাৰ্বি আংলং ।

৩৩) ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলা খন কি?
উ÷দক্ষিণ শালমৰা আৰু মানকাচৰ ।

৩৪) বৰ্তমান অসমত মুঠ কেইখন জিলা আছে?
উ÷৩৪ খন ।

৩৫) ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল?
উ÷২০০৭ চনত ।

৩৬)গৰম পানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷কাৰ্বি আংলং ।

৩৭)গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷যোৰহাট ।

৩৮) সোনালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি?
উ÷চক্ৰশিলা ।

৩৯) গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উ÷১৯৭০ চনত ।

৪০) অসমৰ কোনখন চহৰক Manchester of Assam বুলি কোৱা হয়?
উ÷শুৱালকুছি ।

৪১) এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক’ত অৱস্থিত?
উ÷জাগীৰোড ।

৪২) গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল?
উ÷১৯৪৮ চনত ।

৪৩) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?
উ÷কৃষ্ণকান্ত সন্দিকৈ ।

৪৪) অসমৰ লোকসভাৰ সদস্য সংখ্যা কিমান?
উ÷১৪   ।

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese
১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese



৪৫) অসমৰ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান?
উ÷৭     ।

৪৬) লক্ষ্মীনাথ বেজবৰুৱাক কোনে “ৰসৰাজ” উপাধি প্ৰদান কৰিছিল?
উ÷অসম সাহিত্য সভা(১৯৩১) ।

৪৭) অসমীয়া চলচ্চিত্ৰ”হালধীয়া চৰায়ে বাওধান খায়”কোনে পৰিচালনা কৰিছিল?
উ÷জাহ্নু বৰুৱা ।

৪৮) ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?
উ÷২.৩৯%  ।

৪৯) শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীত সমূহ কি ভাষাত লিখা হৈছিল?
উ÷ব্ৰজাৱলী  ।

৫০) পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল?
উ÷১৮৯৪ চনৰ ২৮ জানুৱাৰীত ।

৫১)স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?
উ÷তৰুণৰাম ফুকন ।

৫২) আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উ÷১২২৮ খ্ৰীষ্টাব্দত ।

৫৩) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উ÷স্বৰ্গদেউ চাওলুং চুকাফা ।

৫৪) অসমৰ প্ৰথম ক’ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল?
উ÷যোৰহাট ।

৫৫) স্বাধীনতা আন্দোলনৰ সময়ত কোনে “মৃত্যু বাহিনী” গঠন কৰিছিল?
উ÷পুষ্পলতা দাস ।

৫৬)কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?
উ÷প্ৰমত্ত সিংহ ।

৫৭)”অসমীয়া সাহিত্যৰ বুৰঞ্জী” ৰ লেখক কোন?
উ÷দেৱেন্দ্ৰনাথ বেজবৰুৱা ।

৫৮)কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল?
উ÷গোমধৰ কোঁৱৰ ।

৫৯)”India against Itself”গ্ৰন্থখনৰ লেখক কোন?
উ÷ড’সঞ্জীৱ বৰুৱা ।

৬০)কোন খন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান( বৰ্তমান বাংলাদেশ)ৰ লগত চামিল কৰা হৈছিল?
উ÷ছিলেট ।

৬১) কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল?
উ÷ভাৰত ত্যাগ আন্দোলন ।

৬২) পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত?
উ÷ভাৰত আৰু ম্যানমাৰ ।

৬৩) অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?
উ÷ পঞ্চতীৰ্থ হাজো ।

৬৪) আহোম সকলে প্ৰথমতে ক’ত ৰাজধানী স্থাপন কৰিছিল?
উ÷চৰাইদেউ ।

৬৫) আহোম সকলৰ শেষ ৰাজধানী ক’ত অৱস্থিত?
উ÷যোৰহাট ।

৬৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ÷৪৩০ বৰ্গকিলোমিটাৰ ।

৬৭) অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে?
উ÷কাৰ্বি আংলং ।

৬৮) পানী দিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷শিৱসাগৰ ।

৬৯)ড’ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?
উ÷১৯৯২ চনত

৭০)মে-ডাম-মে-ফী কেতিয়া পালন কৰা হয়?
উ÷৩১ জানুৱাৰী ।

৭১) অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?
উ÷১ অক্টোবৰ ।

৭২)বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
উ÷১৯৫২ চনত ।

100 General Knowledge Question Answer in Assamese

৭৩) অসমীয়া বোলছবি”শুকুন্তলা” কোনে পৰিচালনা কৰিছিল?
উ÷ড°ভূপেন হাজৰিকা ।

৭৪) জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি?
উ÷ইন্দ্ৰমালতী ।

৭৫)”ইন্দ্ৰমালতী” কিমান চনত মুক্তি লাভ কৰিছিল?
উ÷১৯৩৯ চনত ।

৭৬) লাচিত দিৱস কেতিয়া পালন কৰা হয়?
উ÷২৪ নৱেম্বৰ ।

৭৭)অসম দিৱস কেতিয়া পালন কৰা হয়?
উ÷২ ডিচেম্বৰ ।

৭৮) অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে?
উ÷বৰপেটা, নলবাৰী আৰু কামৰূপ ।

৭৯)পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?
উ÷মাধৱ কন্দলী ।

৮০) পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?
উ÷ৰাম সৰস্বতী ।

৮১) ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি?
উ÷মিৰি-জিয়ৰী ।

৮২) ভক্তি-ৰত্নাৱলী কোনে ৰচনা কৰিছিল?
উ÷শ্ৰী শ্ৰীমাধৱদেৱ ।

৮৩) শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উ÷কীৰ্তনঘোষা ।

৮৪) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উ÷নামঘোষা ।

৮৫) অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত?
উ÷ গোৱালপাৰা জিলাৰ মৰনৈ ।

৮৬) অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?
উ÷যোৰহাট ।

৮৭) অসমৰ”College of Fisheries Science” ক’ত অৱস্থিত?
উ÷ৰহা ।

৮৮)ঢলা-শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে?
উ÷লোহিত ।

৮৯) “বিহু সম্ৰাট” বুলি কোনজন ব্যক্তিক জনা যায়?
উ÷খগেন মহন্ত ।

৯০) অসমৰ কোনখন ঠাইক সত্ৰ-নগৰী হিচাপে জনা যায়?
উ÷বৰপেটা ।

৯১) c
উ÷হাফলং ।

৯২) অসমৰ কোনখন চহৰক”The Cultural Capital of Assam” বুলি কোৱা হয়?
উ÷ যোৰহাট ।

৯৩) অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয় খনৰ নাম কি?
উ÷জগন্নাথ বৰুৱা কলেজ, যোৰহাট ।

৯৪) কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে?
উ÷২০১৬ চনৰ ৮ ছেপ্টেম্বৰ ।

৯৫) অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে?
উ÷মাজুলী ।

৯৬)UNESCO ৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ (World Heritage Site) হিচাপে স্বীকৃতি দিয়া হৈছে?
উ÷১৯৮৫ চনত ।

৯৭) কিমান চনত BTC গঠন হৈছিল?
উ÷২০০৩ চনত ।

৯৮) নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷ কাৰ্বি আংলং ।

৯৯) শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল?
উ÷১৫৬৮ চনত ।

১০০)শ্ৰী শ্ৰীমাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল?
উ÷ ১৫৯৬ চনত

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: সাধাৰণ জ্ঞান Tagged With: সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d