• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese

August 17, 2023 by Souvik Leave a Comment

200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese

(১) ধান থোৱা ঘৰ = ভঁৰাল


(২) দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি


(৩) বিহুৰ আগ দিনা = উৰুকা


(৪) গৰু বন্ধা ঘৰ = গোহালি


(৫) শিং নথকা গৰু = লাওমূৰা


(৬) পনীয়া গাখীৰ দিয়া গাই = জলাহী


(৭) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী


(৮) হাল বোৱা গৰু = বলধ


(৯) গৰু চৰোৱা লোক = গৰখীয়া


(১০) গৰুৰ পোৱালি = দামুৰি


(১১) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল


(১২) হাতী চৰোৱা লোক = মাউত


(১৩) দাঁত ওলোৱা হাতী = দঁতাল


(১৪) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা/ পৰশ্ৰীকাতৰ


(১৫) যাৰ মূৰত চুলি নাই = তপা


(১৬) গোটেই জীৱন জুৰি = আজীৱন


(১৭) ভৰিৰপৰা মূৰলৈকে = আপাদমস্তক


(১৮) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত


(১৯) যি ৰাতি চৰে = নিশাচৰ


(২০) ধান ৰোৱা তিৰোতা = ৰোৱনী


(২১) ধান দোৱা তিৰোতা = দাৱনী


(২২) যি কথা কব নোৱাৰে = বোবা


(২৩) যি এটা চকুৰে নেদেখে = কণা


(২৪) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ


(২৫) যি দিনত নেদেখে = দিনকণা


(২৬) যি ৰাতি নেদেখে = কুকুৰীকণা


(২৭) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ


(২৮) যি অলপতে শুনে = শহাকণীয়া


(২৯) খাবলৈ অনা সৰু কলপুলি = পচলা


(৩০) কঁঠালৰ সৰু সৰু কলি = মুচি


(৩১) যি জলত বাস কৰে = জলচৰ


(৩২) যি স্থলত চৰে = স্থলচৰ


(৩৩) মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী = স্তন্যপায়ী


(৩৪) বোকাত যাৰ জন্ম = পংকজ


(৩৫) পানী আৰু মাটিত চলে যি = উভচৰ


(৩৬) কাঁহৰ বাচন গঢ়োঁতা = কঁহাৰ


(৩৭) মাটিৰ বাচন সাজোঁতা = কুমাৰ


(৩৮) যি বাহ বেতৰ কাম কৰে = বাঢ়ৈ


(৩৯) চিঠি বিলাই ফুৰা লোক = পিয়ন


(৪০) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ/ সোণাৰী
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(৪১) সোণেৰে নিৰ্মিত বা সোণ চৰোৱা = সোণোৱালী


(৪২) ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা = ৰূপোৱালী


(৪৩) একে মাকৰপৰা জন্ম যাৰ = সহোদৰ


(৪৪) যাৰ পিছত জন্ম = অনুজ


(৪৫) একেলগে ওপজা দুটা সন্তান = যমজ


(৪৬) যি ঈশ্বৰক বিশ্বাস নকৰে = নাস্তিক


(৪৭) যি ঈশ্বৰক বিশ্বাসী কৰে = আস্তিক


(৪৮) যাৰ ঘৰ নাই = অঘৰী


(৪৯) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি


(৫০) যি বনত ওপজে = বনজ


(৫১) দেশৰ কাৰণে মৃত্যু বৰণ কৰা লোক = শ্বহীদ


(৫২) দেশক ভাল পোৱা মানুহ = দেশভক্ত


(৫৩) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী


(৫৪) মাটিৰে নিৰ্মিত = মৃন্ময়


(৫৫) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প


(৫৬) যি আগতে কেতিয়াও হোৱা নাই = অভূতপূৰ্ব


(৫৭) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব


(৫৮) য’ত যাব নোৱাৰি = দুৰ্গম


(৫৯) য’ত যাব পাৰি = সুগম


(৬০) বাটেদি যোৱা লোক = বাটৰুৱা


(৬১) যি ঠাইত মানুহ নাই = জনশূন্য


(৬২) যিয়ে গৰু গাড়ী চলায় = গাড়ােৱান


(৬৩) যাক দেখা নাযায় = অদৃশ্য


(৬৪) আনৰ দোষ দেখা স্বভাৱ = অসূয়া


(৬৫) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা


(৬৬) দৰমহা নোলোৱাকৈ কাম কৰা মানুহ = অবৈতনিক


(৬৭) যি নাৰীৰ স্বামী মৃত্যু হৈছে = বিধৱা


(৬৮) যি পুৰুষৰ পত্নীৰ মৃত্যু হৈছে = বৰলা


(৬৯) যাৰ কোনো সন্তান নাই = নিঃসন্তান


(৭০) যাৰ অন্ত নাই = অনন্ত


(৭১) পৰৰ অধীন = পৰাধীন


(৭২) দেউতাকৰ সখিয়েক = তাৱৈ


(৭৩) তাৱৈৰ পত্নী = আমৈ


(৭৪) ককাৰ দেউতাক = আজোককা


(৭৫) মাৰ ভনীয়েক = মাহী


(৭৬) দেউতাৰ ভনীয়েক = পেহী

List of national Parks in Assam – click here


(৭৭) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ


(৭৮) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে = অকৃতজ্ঞ


(৭৯) যাৰ দুই হাত সমানে চলে = সব্যসাচী


(৮০) যাক গণনা কৰিব নোৱাৰি = অগণন


(৮১) শৰৎ কালত হোৱা = শাৰদীয়
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(৮২) যাৰ সীমা নাই = অসীম
(৮৩) যি নিশা চৰে = নিশাচৰ


(৮৪) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী


(৮৫) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ


(৮৬) একে সময়তে হোৱা = সমসাময়িক


(৮৭) যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী


(৮৮) যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু


(৮৯) কৰিবলগীয়া কাম = কর্তব্য


(৯০) যি গোচৰ তৰে = গুচৰীয়া


(৯১) যি বিধিসন্মত = বৈধ


(৯২) কাৰো নাম নধৰাকৈ পৰা গালি = গুৱাল-গালি


(৯৩) যাক সহজে লাভ কৰা যায় = সুলভ


(৯৪) যাক সহজে পাবলৈ টান = দুর্লভ, দুষ্প্রাপ্য


(৯৫) যাৰ পূৰ্ব জন্মৰ কথা মনত আছে = জাতিস্মৰ


(৯৬) আনৰ ভাল দেখিব নোৱাৰা = পৰশ্ৰীকাতৰ


(৯৭) নিজে নিজে হোৱা = স্বয়ম্ভু


(৯৮) সন্তান নোহোৱা তিৰোতা = বাঁজী


(৯৯) এই সন্তান থকা তিৰোতা = কাকবন্ধ্যা


(১০০) পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ = পৰমুখাপেক্ষী


(১০১) একে গুৰুৰ শিষ্য = সতীৰ্থ


(১০২) যি কম কথা কয় = মিতভাষী


(১০৩) এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় = ওষধি


(১০৪) পথৰপৰা যি বিচলিত হৈছে = পথভ্রষ্ট

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev – click here


(১০৫) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী


(১০৬) যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় = নাতিশীতোষ্ণ


(১০৭) পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয়


(১০৮) দীর্ঘকাল জীয়াই থকা = দীর্ঘজীবী


(১০৯) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ


(১১০) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া


(১১১) একে সময়তে হোৱা = সমসাময়িক


(১১২) যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত


(১১৩) যি কথা জনা নাযায় = অজ্ঞাত


(১১৪) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য


(১১৫) চোবাই খোৱা বস্তু = চৰ্ব্য


(১১৬) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য


(১১৭) চেলেকি খোৱা বস্তু = লেস্য


(১১৮) যি কথা লগাই ফুৰে = খলুৱা


(১১৯) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী


(১২০) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(১২১) যি বিদেশত থাকে = প্ৰবাসী


(১২২) যি কণীৰপৰা জন্মে = অণ্ডজ


(১২৩) ছবি অঁকা লোক = চিত্ৰকাৰ


(১২৪) নাও বােৱা লোক = নাৱৰীয়া


(১২৫) যি কথা কোৱা উচিত নহয় = অনুচিত


(১২৬) যি শুনাও নাপায় আৰু কথাও ক’ব নোৱাৰে = মুকবধিৰ


(১২৭) ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী


(১২৮) মাছৰ পোৱালি = পোনা


(১২৯) কাৱৈ মাছৰ সৰু পোৱালি = কাৱৈটিলা

60 অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || ASSAM GK IN ASSAMESE LANGUAGE – click here


(১৩০) গৰৈ মাছৰ সৰু সৰু পোৱালি = গৰৈচিৰিকা


(১৩১) মাগুৰ মাছৰ সৰু = মাগুৰজালি


(১৩২) শ’ল মাছৰ সৰু = শ’লঠাৰি


(১৩৩) বৰষুণ নোহোৱা বতৰ = খৰাং


(১৩৪) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ


(১৩৫) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ


(১৩৬) যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু


(১৩৭) যাৰ শত্ৰু নাই = অজাতশত্ৰু


(১৩৮) যি ঠাইত মানুহ নাই = জনশূন্য


(১৩৯) যি অতি দীঘল নহয় = নাতিদীর্ঘ


(১৪০) যাৰ বিবেচনা শক্তি নাই = অবিবেচক


(১৪১) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰ


(১৪২) বিদেশৰপৰা অহা লোক = বিদেশী


(১৪৩) বীণা আছে পাণিত (হাতত) যাৰ = বীণাপাণি


(১৪৪) যাৰ নাম নাই = অনামী


(১৪৫) হতভাগ্য যাৰ = হতভাগা


(১৪৬) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ


(১৪৭) যি বিষ্ণুক পূজা কৰে = বৈষ্ণৱ


(১৪৮) যি শিৱক পূজা কৰে = শৈৱ


(১৪৯) যি শক্তিক পূজা কৰে = শাক্ত


(১৫০) যিজনে আইন জানে = আইনজ্ঞ


(১৫১) যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য


(১৫২) জন্তুৰ নিচিনা = জান্তৱ


(১৫৩) নিজে নিজে হোৱা = স্বয়ম্ভূ


(১৫৪) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয়


(১৫৫) যাক বুজিব পাৰি = বোধগম্য


(১৫৬) লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ


(১৫৭) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ


(১৫৮) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু


(১৫৯) মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ


(১৬০) যি একো নাজানে = অজ্ঞ
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(১৬১) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী


(১৬২) যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে = দূৰদৰ্শী


(১৬৩) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী


(১৪৪) পুৰুষৰ উত্তম = পুৰুষোত্তম


(১৬৫) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয়


(১৬৬) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয়


(১৬৭) যি ইন্দ্রিয় জয় কৰে = জিতেন্দ্রিয়


(১৬৮) কৰিবলগীয়া কাম = কর্তব্য


(১৬৯) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ়


(১৭০) ততালিকে বুদ্ধি উলিয়াব পৰা লোক = প্রত্যুৎপন্নমতি


(১৭১) সঁচা কথা কোৱা মানুহ = সত্যবাদী


(১৭২) মিছা কথা কোৱা লোক = মিছলীয়া


(১৭৩) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য


(১৭৪) যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য


(১৭৫) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়


(১৭৬) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী


(১৭৭) যি ফল কেঁচাও নহয় পকাও নহয় = ডহেচীয়া


(১৭৮) যাৰ পুত্র নাই = অপুত্রক


(১৭৯) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য


(১৮০) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা


(১৮১) সকলোকে সমানভাৱে দেখা = সমদৰ্শী


(১৮২) সৈন্য থকা ঠাই = ছাউনী


(১৮৩) যি নগৰত থাকে = নগৰীয়া


(১৮৪) যি গাঁৱত থাকে = গাঁৱলীয়া


(১৮৫) গান গোৱা লোক = গায়ক


(১৮৬) নাটক লিখা লোক = নাট্যকাৰ


(১৮৭) কবিতা লিখা লোক = কবি


(১৮৮) ছবি অঁকা লোক = চিত্ৰকাৰ


(১৮৯) মাছ মৰা লোক = মাছুৱৈ/মাছমৰীয়া


(১৯০) যাক সকলোৱে জানে = বিখ্যাত


(১৯১) যাক কোনেও নাজানে = অখ্যাত


(১৯২) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়


(১৯৩) যি বহুত কথা কয় = বহুবল্কী


(১৯৪) যি সংকল্প কৰিছে = কৃতসংকল্প


(১৯৫) যি শত্ৰুক বধ কৰে = শত্ৰুঘ্ন


(১৯৬) ধানৰ বাকলি = তুঁহ


(১৯৭) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ


(১৯৮) সহজে যি জীণ যায় = লঘুপাকী


(১৯৯) যি মাটি ফুটি ওলায় = উদ্ভিদ


(২০০) যি এই লোকৰ নহয় = অলৌকিক
200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese


(২০১) যাক শুনিব নোৱাৰি = অশ্ৰাব্য


(২০২) যি কথা কোৱা উচিত নহয় = অকথ্য


(২০৩) যি পুৰি নাযায় = অদাহ্য


(২০৪) বিয়া নকৰোৱা মানুহ = অবিবাহিত


(২০৫) যাৰ বিয়া হৈছে = বিবাহিত


(২০৬) যি কোনো পক্ষ নলয় = নিৰপেক্ষ


(২০৭) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত


(২০৮) যি ভয় নকৰে = নিৰ্ভীক


(২০৯) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ


(২১০) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ


(২১১) বহুত মানুহ একেলগে যোৱা = সমদল


(২১২) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য


(২১৩) যি নিজৰ কেৱল কথা চিন্তা কৰে = স্বাৰ্থপৰ


(২১৪) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা


(২১৫) খাৰেৰে সনা সৰিহৰ গুৰি = খাৰলি


(২১৬) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া


(২১৭) যি ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী


(২১৮) যি খুজি মাগি খায় = খোজনীয়া/ মগনিয়া


(২১৯) যাৰ ধাৰ আছে = ধাৰুৱা


(২২০) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী


(২২১) যাৰ ধন আছে = ধনী


(২২২) যাৰ মান আছে = মানী


(২২৩) যাৰ ঋণ আছে = ঋণী


(২২৪) যাৰ একোৱেই নাই = নিঃস্ব


(২২৫) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক


(২২৬) য’ত ল’ৰা – ছোৱালীয়ে পঢ়ে = পঢ়াশালী


(২২৭) প্ৰাণক পণ কৰি = প্ৰাণপণে

অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰশ্ন উত্তৰ || Class 9 Assamese || Chapter 6 – click here

 

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: অসমীয়া ব্যাকৰণ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d