• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

August 19, 2023 by Souvik Leave a Comment

১) অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ খনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ:- ‘A Grammar of the Assamese Language’, উইলিয়াম ৰবিন্সন।

২) কিমান চনত অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ ৰচিত হয়?
উত্তৰ:- ১৮৩৯ চনত।

৩) অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ কোনে, কিমান চনত ৰচনা কৰিছিল? ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ড০ নাথান ব্ৰাউনে, ১৮৪৮ চনত, ‘Grammatical Notes on the Assamese Language’.

৪) অসমীয়া ভাষাত ৰচিত প্রথম ব্যাকৰণখনৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ:- ‘অসমীয়া ভাষাৰ ব্যাকৰণ’, ১৮৫৯ চন, হেমচন্দ্ৰ বৰুৱা।

৫) ‘ব্যাকৰণ কৌমুদী’ কাৰ ৰচন?
উত্তৰ:- ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ।

৬) কালিৰাম মেধিৰ ভাষাতত্ব বিষয়ক গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- ‘অসমীয়া ভাষাতত্ব আৰু ব্যাকৰণ’, ১৯৩৬ চন।

৭) সত্যনাথ বৰাৰ ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ‘বহল ব্যাকৰণ’।

৮) ‘বহল ব্যাকৰণ’ কিমান চনত প্ৰকাশ হয়?
উত্তৰ:- ১৯২৫ চনত।

৯) ‘Assamese: Its Formation and Development’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ:- ড০ বাণীকান্ত কাকতি।

১০) অসমীয়া ভাষাৰ বিষয়ে কৰা প্ৰথম গবেষণা গ্ৰন্থখনৰ নাম কি? ইয়াৰ লেখক কোন?
উত্তৰ:- ‘Assamese, Its Formation and Development’, ১৯৪১ চন, ড০ বাণীকান্ত কাকতি।

১১) অসমীয়া ভাষাত ভাষাবৈজ্ঞানিক ভিত্তিত ৰচিত প্রথম ব্যাকৰণখনৰ নাম কি? ইয়াৰ ৰচক কোন?
উত্তৰ:- ‘অসমীয়া গোলোক ব্যাকৰণ’, ১৯৭২ চন, গোলোকচন্দ্ৰ গোস্বামী।

১২) ‘ব্যাকৰণ আৰু প্রাকৃতি বিজ্ঞান’ কাৰ ৰচনা?
উত্তৰ:- ড০ ৰমেশ পাঠক।

১৩) ‘অসমীয়া ব্যাকৰণৰ ৰূপৰেখা’ কাৰ ৰচনা?
উত্তৰ:- বাপচন্দ্র মহন্তৰ, ১৯৮৯ চন।

১৪) ব্যাকৰণ শব্দৰ প্রথম উল্লেখ ক’ত পোৱা যায়?
উত্তৰ:- অথর্ববেদৰ গোপঠ ব্রামণ গ্রন্থত।

১৫) ‘অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- গোলোকচন্দ্ৰ গোস্বামী।

১৬) পাণিনি ৰচিত ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ‘অষ্টাধ্যায়ী’।

১৭) ‘ব্যাকৰণ মাত্রৰে তলিখন ফুটা’ (All grammars leak) বুলি কোনে কৈছে?
উত্তৰ:- এডৱাৰ্ড ছেপিৰে।

১৮) অসমীয়াত পুৰুষ কেইটা?
উত্তৰ:- চাৰিটা।

১৯) ভাষাৰ নিম্নতম স্তৰৰ মৌলিক আৰু বাস্তৱ সামগ্ৰী কি?
উত্তৰ:- ধ্বনি বা বাগধ্বনি।

২০) অসমীয়া ভাষাত কিমানটা স্বৰবৰ্ণ আছে?
উত্তৰ:- ৮ টা।১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

২১) অসমীয়া ভাষাত কিমানটা ব্যঞ্জন বর্ণ আছে?
উত্তৰ:- ২১ টা।

২২) বর্ণতাত্বিক আলোচনাৰ মৌলিক একক কি?
উত্তৰ:- বৰ্ণ।

২৩) ‘অসমীয়া ভাষাৰ ইতিহাস’ গ্রন্থখনৰ ৰচক কোন?
উত্তৰ:- ড০ ৰমেশ পাঠক।

২৪) ‘An introduction to Assamese phonology’ গ্রন্থৰ ৰচক কোন?
উত্তৰ:- গোলোকচন্দ্ৰ গোস্বামী।

২৫) অপভ্ৰংশ ভাষাৰ স্তৰ কেইটা?
উত্তৰ:- দুটা।

60 Assam Gk Question Answers || অসমৰ সাধাৰণ জ্ঞান – click here



২৬) পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়ালটোৰ নাম কি?
উত্তৰ:- ইণ্ডো-ইউৰোপীয়।

২৭) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালটোৰ প্ৰধান ভাগ কেইটা?
উত্তৰ:- দুটা।

২৮) হোমাৰৰ ‘ইলিয়াড’ আৰু ‘ওডিছি’ মহাকাব্য দুখন কোনটো উপভাষাত ৰচিত?
উত্তৰ:- আয়োনিক।

২৯) ইণ্ডো-ইউৰোপীয় নামটো কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- থমাছ য়ঙে।

৩০) অসমীয়া ভাষাৰ মুখ্য উপভাষা কেইটা?
উত্তৰ:- দুটা।

৩১) এটা বা ততোধিক ধ্বনিৰ সমাহৰণেৰে নির্ণিত বিশিষ্ট ধ্বনিগোটক কি বোলে?
উত্তৰ:- বর্ণ।

৩২) অসমীয়া ভাষাত কোনটো কাৰকৰ বিভক্তি নাই?
উত্তৰ:- অপাদান কাৰক।

৩৩) ৰূপতাত্বিক আলোচনাৰ মৌলিক একক কি?
উত্তৰ:- প্রাকৃতি।

৩৪) উষ্ম ধ্বনি কেইটা?
উত্তৰ:- ৪ টা।

৩৫) নাসিক্য ধ্বনি কেইটা?
উত্তৰ:- ৩ টা।

৩৬) অসমীয়া স্ত্ৰী প্রত্যয় কেইটা?
উত্তৰ:- ৪ টা।

৩৭) অসমীয়াত কাৰক কেই প্রকাৰ?
উত্তৰ:- ছয়।

৩৮) অসমীয়াত শব্দ বিভক্তি কেই প্ৰকাৰ?
উত্তৰ:- ছয়।

৩৯) ভাষাৰ ন্যূনতম একক কি?
উত্তৰ:- ধ্বনি।

৪০) ভাষাৰ বৃহত্তম একক কি?
উত্তৰ:- বাক্য।

১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar



৪১) An Introduction to Descriptive Linguistic গ্রন্থখনৰ লেখক কোন?
উত্তৰ:- H. A. Gleason.

৪২) বৰ্ণ বা বর্ণসমষ্টিৰ অর্থবহ ক্ষুদ্ৰতম গোটক কি নামেৰে জনা যায়?
উত্তৰ:- ৰূপ।

৪৩) অসমীয়া ভাষাত শ্রুতি ধ্বনিৰ সংখ্যা কিমান?
উত্তৰ:- দুটা।

৪৪) Course in General Linguistic গ্রন্থখনৰ প্রণেতা কোন?
উত্তৰ:- ফার্ডিনান্ড ডি. ছছ্যুৰ।

৪৫) A Course in Modern Linguistics গ্রন্থখনৰ প্রণেতা কোন?
উত্তৰ:- C. F. Hockett.

৪৬) গ্রীক ভাষাৰ কি শব্দৰ পৰা ইংৰাজী Syntax শব্দটো সৃষ্টি হৈছে?
উত্তৰ:- Syntaxis.

৪৭) A Study of Kamrupi: A Dialect of Assamese নামৰ গ্ৰন্থখনৰ প্রণেতা কোন?
উত্তৰ:- উপেন্দ্ৰনাথ গোস্বামী।

৪৮) ‘ধ্বনিবিজ্ঞানৰ ভূমিকা’ শীর্ষক গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ:- ড০ গোলোকচন্দ্ৰ গোস্বামী।

৪৯) Elements of the Science of Language গ্রন্থৰ লেখক কোন?
উত্তৰ:- Taraporewala.

৫০) “ভাষাবিজ্ঞানৰ ছাত্ৰই ভাষাক অভিধানেৰে সৈতে সাঙোৰাৰ ভুল যাতে নকৰে।” উক্তিটো কাৰ?
উত্তৰ:- এডোৱার্ড ছাপিৰৰ।

200+ এটা শব্দত প্ৰকাশ অসমীয়াত || One word Substitution in Assamese – click here

৫১) Original and development of Bengali Language নামৰ গৱেষণা-গ্ৰন্থখনৰ গ্রন্থকাৰজন কোন?
উত্তৰ:- সুনীতি কুমাৰ চট্টোপাধ্যায়।

৫২) Linguistic Survey of India নামৰ গ্ৰন্থখনৰ প্রণেতা কোন?
উত্তৰ:- গ্রিয়ার্চন।

৫৩) দ্রাবিড়ীয় ভাষা পৰিয়ালৰ আটাইতকৈ প্ৰাচীন আৰু সমৃদ্ধিশালী ভাষাটো কি?
উত্তৰ:- তামিল।

৫৪) এছপিৰেণ্টো ভাষাটো কিমান চনত আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৮৮৭ চনত।

৫৫) ‘সুৰপ্রধানতা’ পৃথিৱীৰ কোন ভাষাৰ প্রধান বৈশিষ্ট্য?
উত্তৰ:- চীনা ভাষাৰ।

৫৬) এছপিৰেণ্টো নামৰ কৃত্ৰিম ভাষাটোত মুঠতে কেইটা মৌলিক সূত্ৰ আছে?
উত্তৰ:- ১৬ টা।
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

৫৭) গ্রীক আৰু লেটিনৰ লগত সংস্কৃতৰ ঘনিষ্ঠ সম্পৰ্ক থকা বুলি কোন গৰাকী ভাষাবিদে প্রথমে মন্তব্য কৰিছিল?
উত্তৰ:- ছাৰ উইলিয়াম জোনছে।

৫৮) অসমীয়া ভাষাৰ মহাপ্ৰাণ ধ্বনি কেইটা?
উত্তৰ:- ৬ টা।

৫৯) অসমীয়া ভাষাৰ অল্পপ্রাণ ধ্বনি কেইটা?
উত্তৰ:- ৬ টা।

৬০) ‘মহাভাষ্য’ কোনে ৰচনা কৰিছিল?
উত্তৰ:- পতঞ্জলিয়ে।

list of National Parks in Assam – click here

৬১) ‘ৰূপান্তৰ স্ফোট ব্যাকৰণ তত্ব’ (T.G) কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- নোওম চমস্কীয়ে।

৬২) পশ্চতালব্য উষ্ম ব্যঞ্জনধ্বনি কোনটো?
উত্তৰ:- ‘ষ’।

৬৩) অসমীয়া ভাষাত অর্ধস্বৰ কেইটা?
উত্তৰ:- দুটা।

৬৪) ‘ভাষার্থ বিজ্ঞান’ কাৰ ৰচনা?
উত্তৰ:- ভগৱান মৰল।

৬৫) ‘ভাষাতত্ব’ শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- দীপ্তি ফুকন পাটগিৰি।

৬৬) ‘ভাষা-বিজ্ঞান প্ৰৱেশ’ কাৰ ৰচনা?
উত্তৰ:- বসন্ত কুমাৰ ভট্টাচাৰ্যৰ।

৬৭) Structure of Assamese শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- গোলোকচন্দ্ৰ গোস্বামী।

৬৮) Assamese Language: Origin and Development শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- বিশ্বেশ্বৰ হাজৰিকা।

৬৯) ‘উপভাষা বিজ্ঞান’ কাৰ ৰচনা?
উত্তৰ:- দীপাংকৰ মৰল।

৭০) ‘বড়ো’, কাৰ্বি, মণিপুৰী কোনটো ভাষাগোষ্ঠীৰ অন্তর্গত ভাষা?
উত্তৰ:- চীন তিব্বতীয়।

৭১) নাগালেণ্ডৰ সংযোগী ভাষাটোৰ নাম কি?
উত্তৰ:- নাগামিজ।

৭২) শ্যাম চীনীয় গোষ্ঠীৰ প্রধান ভাষা কি?
উত্তৰ:- টাই ভাষা।

৭৩) কোন পৰিয়ালৰ ভাষা গোটেই পৃথিৱীতে বিয়পি আছে?
উত্তৰ:- ইণ্ডো ইউৰোপীয়।

৭৪) ভাৰতবৰ্ষত কোনটো ভাষাগোষ্ঠীৰ ভাষা সৰ্বাধিক প্ৰচলিত?
উত্তৰ:- ইণ্ডো ইউৰোপীয়।

৭৫) মেক্সমূলাৰে ‘ভাৰত ইউৰোপীয়’ ভাষাগোষ্ঠীক কি বুলি নামকৰণ কৰিছিল?
উত্তৰ:- আৰ্য।

৭৬) ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ ভাষাবোৰক ‘কেণ্টুম’ আৰু ‘সতম’ শাখাত বিভক্ত কৰা ভাষাতাত্বিক গৰাকীৰ নাম কি?
উত্তৰ:- এছকোলি।

৭৭) ইণ্ডো ইউৰোপীয় ভাষাসমূহৰ ভিতৰত কোনটো শাখাৰ ভাষাত সর্বপ্রাচীন সাহিত্যিক নিদৰ্শন পোৱা যায়?
উত্তৰ:- ইণ্ডো ইৰাণীয় বা আর্য শাখাৰ ভাষাত।

৭৮) সাহিত্যিক প্রাকৃতসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্রাকৃত ভাষাটোৰ নাম কি?
উত্তৰ:- ‘মহাৰাষ্ট্রী’।

৭৯) প্রাকৃত ভাষাৰ ক্ৰমবিকাশৰ স্তৰ কেইটা?
উত্তৰ:- তিনিটা।

৮০) সাহিত্যিক প্রাকৃতবোৰক কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰ:- ৫ টা।
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

১০০-অসমীয়া-ভাষা-আৰু-ব্যাকৰণৰ-বিষয়ে-প্ৰশ্ন-উত্তৰ-।।-100-Questions-about-Assamese-Language-and-Grammar.
১০০-অসমীয়া-ভাষা-আৰু-ব্যাকৰণৰ-বিষয়ে-প্ৰশ্ন-উত্তৰ-।।-100-Questions-about-Assamese-Language-and-Grammar.



৮১) ‘ধম্মপদ’ ত্রিপিটকৰ কোনটো পিটকৰ অন্তর্গত?
উত্তৰ:- সুত্ত পিটকৰ।

৮২) ‘সন্দেশ ৰাসক’ৰ ৰচকজনৰ নাম কি?
উত্তৰ:- আব্দুল ৰহমান।

৮৩) কাৰ ৰচনাত প্ৰাকৃত ভাষাৰ প্ৰথম প্রয়োগ ঘটিছিল?
উত্তৰ:- অশ্বঘোষৰ।

৮৪) প্রাকৃত ভাষাত ৰচিত শ্ৰেষ্ঠ মহাকাব্যখনৰ নাম কি?
উত্তৰ:- ‘সেতুবন্ধ’ বা ‘ৰাৱণৱহো’।

৮৫) প্রাকৃত ভাষাত ৰচিত প্রথম নাটকখনৰ নাম কি?
উত্তৰ:- ‘কৰ্পূৰ মঞ্জৰী’।

৮৬) মাগধী প্রাকৃতৰ সর্ব প্রাচীন নিদৰ্শন ক’ত পোৱা যায়?
উত্তৰ:- ‘শুতনুকা’ প্রত্নলিপিত।

৮৭) ‘সুত্ত পিটক’ৰ শেষ গ্রন্থখনৰ নাম কি?
উত্তৰ:- খুদ্দক নিকায়।

৮৮) কেতিয়াৰ পৰা অপভ্ৰংশ ভাষাই ‘সাহিত্যৰ ভাষা’ ৰূপে মর্যাদা লাভ কৰে বুলি অনুমান কৰিব পাৰি?
উত্তৰ:- খ্রীষ্টিয় তৃতীয় শতাব্দীৰ পাছৰ পৰা।

৮৯) পালি ভাষাত ৰচিত মূল বৌদ্ধশাস্ত্রখনৰ নাম কি?
উত্তৰ:- ত্রিপিটক।

৯০) প্রাকৃত গীতিকবিতা ‘বজ্জালগ্গ’ৰ সংগ্ৰহকজনৰ নাম কি?
উত্তৰ:- জয়বল্লভ।

৯১) সাহিত্যিক প্রাকৃতবোৰৰ ভিতৰত কোনটোক আদর্শ প্রাকৃত ৰূপে গণ্য কৰা হয়?
উত্তৰ:- ‘মহাৰাষ্ট্রী’ক।

৯১) প্রাকৃত ভাষাত ৰচিত প্রথম ব্যাকৰণখনৰ নাম কি?
উত্তৰ:- ‘প্রাকৃত প্রকাশ’।

৯২) ‘পালি’ শব্দৰ প্রথম উল্লেখ পোৱা গ্রন্থখনৰ নাম কি?
উত্তৰ:- ‘অত্থকথা’।

৯৩) ‘হর্ষচৰিত’ গ্রন্থৰ ৰচকজনৰ নাম কি?
উত্তৰ:- বাণভট্ট।

৯৪) কোনখন গ্ৰন্থত প্রাকৃত ভাষাক সাহিত্যিক ভাষাৰূপে স্বতন্ত্ৰ মৰ্যাদা প্ৰদান কৰিছিল?
উত্তৰ:- ‘কাব্যাদর্শ’ত।

৯৫) ‘সন্দেশ ৰাসক’ কাব্য কিমানটা গাথাৰ সমষ্টি?
উত্তৰ:- ২২৩ টা।

৯৬) প্রথম বৌদ্ধ মহাসংগীতি ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ৰাজগৃহত।

৯৭) ‘সাৰিপুত্র প্রকৰণ’ কাৰ ৰচনা?
উত্তৰ:- অশ্বঘোষৰ।

৯৮) ‘পউমচৰিয়’ৰ ৰচয়িতা কবি গৰাকীৰ নাম কি?
উত্তৰ:- বিমল সুৰি।

৯৯) বুদ্ধদেৱৰ মহাপৰিনির্বাণ কেতিয়া হৈছিল?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ৪৮৪-ত।

১০০) কোনখন গ্ৰন্থত পোন প্ৰথমে প্রাকৃত ভাষাৰ শিষ্ট ৰূপত প্ৰয়োগ ঘটে?
উত্তৰ:- ‘সাৰিপুত্র প্রকৰণ’ নাটকত।

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev – click here

১০১) পালি ভাষাৰ লিখিত ৰূপে কোন সময়ত আত্মপ্ৰকাশ কৰে?
উত্তৰ:- খ্ৰীষ্টপূৰ্ব ২৫৬-ত।

১০২) ‘পালি-প্রাকৃত-অপভ্রংশ ভাষা আৰু সাহিত্য’ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- ড০ নগেন ঠাকুৰ।

১০৩) ‘কর্পূৰ মঞ্জৰী’ কাৰ ৰচনা?
উত্তৰ:- ৰাজশেখৰৰ।

১০৪) ‘বুদ্ধ চৰিত’ গ্রন্থৰ ৰচক কোন?
উত্তৰ:- অশ্বঘোষ।

১০৫) Introduction to Prakrit কাৰ ৰচনা?
উত্তৰ:- A. C. Woolner.

১০৬) Studies in the Literature of Assam শীর্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ:- সূৰ্যকুমাৰ ভূঞা।

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
১০০+ অসমীয়া ভাষা আৰু ব্যাকৰণৰ বিষয়ে প্ৰশ্ন উত্তৰ ।। 100+ Questions about Assamese Language and Grammar

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ব্যাকৰণ Tagged With: asaam study hub, অসমীয়া ব্যাকৰণ

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d