বিশ্ব এইডছ দিৱস - ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com
বৰ্তমান যুগত মানুহক বৰকৈ আতংকিত কৰা যি কেইটা ৰোগ আছে তাৰ ভিতৰত এটা হৈছে এইডছ ৰোগ। ইংৰাজীত মূল Acquired Immune Deficiency Syndrome ৰ সংক্ষিপ্ত ৰূপ AIDS । এই ৰোগত আক্ৰান্ত হলে মৃত্যু অনিবাৰ্য।কাৰণ এই ৰোগ নিৰাময় কৰা ফলপ্ৰসূ ঔষধৰ এতিয়াও অভাৱ। ৰোগে দেখা দিয়াৰ পিছত এজন মানুহৰ দেহে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰতে ৰোগীৰ জীৱনকাল নিৰ্ভৰ কৰে।
মাৰাত্মক এই ৰোগৰ উৎপত্তি হয় এবিধ বীজাণুৰ পৰা।এই বীজাণু বা ভাইৰাছৰ নাম হল Human Immuno Deficiency Virus চমুকৈ কোৱা হয় HIV বুলি ।এইবোৰ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনলৈ বিয়পিব পাৰে।এই বীজাণু য়ে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাবলৈ ধৰে।সেই অৱস্থাত আন কেত বোৰ ৰোগে শৰীৰত দেখা দিব পাৰে।তেতিয়াই ভগ্নষ্টোপত পৰিণত হয় মানুহৰ দেহা।
এই ৰোগ ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰে।অস্বাভাৱিক যৌন জীৱন যাপন কৰা কিছুমান লোকৰ গাঢ় তেজত।১৯৮৩ চনত পেৰিছৰ হম এণ্ড ড্ৰাগ পেষ্টিওৰ ইনষ্টিটিউট ৰ ডাক্তৰ লক মানটেগাৰে এই ৰোগৰ বীজাণু আৱিষ্কাৰ কৰি চিকিৎসা জগতত আলোৰণ সৃষ্টি কৰে। ব্যভিচাৰী জীৱন,পৰীক্ষা নকৰা তেজ গ্ৰহণ,ড্ৰাগছ আসক্ত সকলে বেজীৰে নিচাযুক্ত ঔষধ গ্ৰহণ এইবোৰ সাধাৰণতে এই ৰোগ সংক্ৰমিত হোৱাৰ পথ পশস্ত কৰে।
এইডছ ত আক্ৰান্ত লোকৰ গাত কিছুমান চিন পৰিস্ফুত হয়।যেনে – দেহৰ ওজন কমি যোৱা,পনীয়া শৌচ বা গ্ৰহণী হোৱা, অস্বাভাৱিক জ্বৰ হোৱা ,ছালৰ খজুৱতি হোৱা,বেছিদিন কাহত ভুগি থকা, শৰীৰৰ কিছুমান গ্ৰন্থী ফুলি উঠা,খাদ্যনলী ত ঘা হোৱা,গা ৰ বিষ হোৱা ইত্যাদি।
Assamese Essay Section – click here
এইডছ ৰোগৰ পোনপটীয়া চিকিৎসা পদ্ধতি এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই যদিও এই ৰোগৰ বাবে দেহত দেখা দিয়া আন ৰোগবোৰৰ নিৰাময়ৰ ব্যৱস্থা আছে।এই ৰোগৰ প্ৰধান ঔষধ হৈছে প্ৰতিৰোধ । অবাঞ্চনীয় কৰ্মৰ বাবে যাতে ৰোগৰ ভাইৰাছ দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে।
ভয়াবহ এইডছ ৰোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১৯৮৮ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰায়বোৰ দেশৰ স্বাস্থ্য মন্ত্ৰী সকলক মিলিত হৈ কেতবৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰে এটা হৈছে – ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস ৰূপে পালন।এই দিৱসৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ মাজত এইডছ ৰোগ সম্বন্ধে সজাগতা বৃদ্ধি কৰা।
প্ৰতিবছৰে একোটা নতুন ধ্বনিৰে এই ৰোগৰ বিষয়ে মানুহৰ মন আকৰ্ষণৰ ব্যৱস্থা কৰা হয়।২০২১বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ ধ্বনি হৈছে – ” অসমতা সমাপ্ত কৰক, এইডছ সমাপ্ত কৰক। ” (End inequalities. End AIDS) ৰঙা ফিটা হৈছে এইডছ ৰোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক।
অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি ( ASACS ) ৰ অনুমান অনুসৰি অসমৰ ২৫,০৭৩ জন লোক এইচ আই ভি পজিটিভ ৷ প্ৰতিবেদন অনুসৰি ২৫,০৭৩ জন পিএলএইচআইভিৰ ভিতৰত তিনি শতাংশ শিশু আৰু ৪৫ % পি এল এইচআইভি মহিলা। বিশ্ব এইডছ দিৱসৰ সন্মানত বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আছাক্সে MACO HIY Estimation Report 2021 ৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে অসমৰ এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.০৯ শতাংশ , যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.২১ শতাংশতকৈ কম ৷ ৰাজ্যখনৰ ১০,৭৬৫ জন ব্যক্তিয়ে এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী ( এ আৰ টি ) গ্ৰহণ কৰাৰ বাবে বৰ্তমান জীয়াই আছে ৷ লগতে অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে অসমৰ ভিতৰতে গুৱাহাটীত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা সৰ্বাধিক বুলি প্ৰকাশ কৰিছে ৷ কামৰূপ ( মহানগৰ ) জিলাত ৭৬১০টা , কাছাৰত ৫২০০টা , নগাঁৱত ১৬০২টা আৰু ডিব্ৰুগড়ত ১৪০২টা ঘটনা সংঘটিত হৈছে ৷ প্ৰতিবেদন অনুসৰি , অসমত এইচ আই ভি সংক্ৰমণৰ ৮১.৬৩ শতাংশ বিষমযৌন সম্পৰ্কৰ , তাৰ পিছতে সমকামী সম্পৰ্ক ( ৪.৬১ শতাংশ ) আৰু পিতৃ – মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ ( ৪.৭৬ শতাংশ ) লগতে এইচ আই ভি সংক্ৰমিত চিৰিঞ্জ আৰু বেজী ( ৫.৫৪ শতাংশ ) , তেজ সঞ্চালন (০.৮৫ শতাংশ), আৰু নিৰ্দিষ্ট পৰিমাণে (২.৬১ শতাংশ)।
IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…
NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…
MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…
U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…
DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…
B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…