Play, Read, Run, Write, Jump, Bring, Go, Tell, Dig, Give – এই word বিলাক একো একোটা কাম কৰা বুজায় । গতিকে এনে শব্দ বোৰ Verb ।
● Am, is, are এই word কেইটাই ‘হও’ বা ‘হয়’ অৰ্থ বুজায় । ইহঁতে কোনো কাম কৰা নুবুজায় ।
যেনে- Roses are beautiful, I am strong, We are brothers.
★মনত ৰাখিবা- I -ৰ লগত Am, একবচন/Singular -ৰ লগত Is আৰু বহুবচন/ Plural -ৰ লগত Are হয় ।
*I am (মই হওঁ), We are (আমি হওঁ), You are (তুমি হোৱা/ তোমালোক হোৱা) , He is/ She is(সি/তাই হয়), They are(সিহঁত হয়), It is(এইটো হয়), They are(সেইবোৰ হয়)
●’Have’ আৰু ‘Has’ শব্দ দুটাৰ অৰ্থ ‘আছে’ আৰু ‘থকা’ বুলি প্ৰকাশ হয় । এই দুটাকো Grammar এ Verb বুলি ধৰে ।
★মনত ৰাখিবা- I, We, They, You, Plural -ৰ লগত Have বহে কিন্তু , He,She,It -ৰ লগত has বহে ।
* I have(মোৰ আছে), We have(আমাৰ আছে), You have(তোমাৰ আছে/ তোমালোকৰ আছে), He/She has(তাৰ/ তাইৰ আছে), They have(সিহঁতৰ আছে), It has(ইয়াৰ আছে), They have(সিবিলাকৰ আছে).
Verb সাধাৰণতে দুই বিধ:-
(i) Transitive Verb : যি verb -ৰ object থাকে সেইবিলাকক Transitive Verb বোলে ।
যেনে- He killed the tiger. (Tiger- হ’ল object
Rupak made a kite. (Kite- হল object)
(ii) Intransitive Verb: যি বিলাক verb -ৰ object নাথাকে সেইবিলাকক Intransitive Verb বোলে ।
যেনে- She runs. Aman plays.
সাধাৰণতে verb -ক what, whom, দি প্ৰশ্ন সুধিলে যি উত্তৰ পোৱা যায় সেইটোৱেই object (কৰ্ম) ।
আকৌ যি verb -ৰ দুটা object থাকে তেনে object এটাক Direct Object আৰু আনটোক Indirect Object বোলে ।
যেনে- He gave me a book. (Me আৰু book-object)
Sraban babu teaches us English. (Us আৰু English-object)
যিবোৰ শব্দৰ দ্বাৰা কোনো কাম কৰাকে বুজোৱা হয় সেইবোৰ শব্দক Principal Verb বোলা হয় ।
Principal Verb -ক সহায় কৰিবৰ কাৰণে যিবিলাক সহায়কাৰী verb ব্যাৱহাৰ কৰা হয় যেনে- shall,may,must ; এইবোৰক Auxiliary Verb বোলা হয় ।
★মনত ৰাখিবা- সাধাৰণতে Be, have, do, shall, will, may, etc Auxiliary Verb হিচাবে ব্যাৱহাৰ হয় ।
ইংৰাজীত verb বোৰ তিনিটাকৈ form -ত আছে-
(i) Present Tense (ii)Past Tense (iii)Past Participle Form
Verb -ৰ এই Past আৰু Past Participle গঠনত দুটা ৰূপ ওলায় Strong Verb আৰু Weak Verb .
Present | Past | Past Participle |
Arise (উঠা) Begin ( আৰম্ভ কৰা ) Come ( অহা ) | Arose Began Came | Arisen Begun Come |
(A) Strong Verb:- যিবোৰ verb -ৰ past আৰু past participle কৰোঁতে vowel পৰিবৰ্তন কৰিব লাগে সেইবোৰ strong verb যেনে:-
Present | Past | Past Participle |
Do ( কৰা ) Go ( যোৱা ) Win ( জিকা ) | Did Went Won | Done Gone Won |
(B)Weak Verb:- যিবোৰ verb -ৰ Past আৰু Past Participle কৰোঁতে d, ed, আৰু t যোগ কৰা হয় তাক weak verb বোলে । যেনে-
Present | Past | Past Participle |
Ask ( সোধা ) Bring ( আনা ) Call ( মাতা ) | Asked Brought Called | Asked Brought Called |
■■■■ List of Forms of Verbs ■■■■
■ Strong Verb ■
Present | Past | Past Participle |
1. Abide (সহ্য কৰা ) 2. Arise ( উঠা ) 3. Awake 4. Bear (সহ্য কৰা ,বহন কৰা) 5. Beat( কোবোৱা/ প্ৰহাৰ কৰা) 6. Begin ( আৰম্ভ কৰা ) 7. Bind( বন্ধা ) 8. Bite ( কামোৰ ) 9. Blow ( বজোৱা/বলা ) 10. choose ( বাচি লোৱা ) 11. come ( অহা ) 12. dig ( খনন কৰা ) 13. do ( কৰা ) 14. draw ( অঁকা ) 15. drink ( পি খোৱা ) 16. drive ( চলোৱা ) 17. eat ( খোৱা ) 18. fly ( উৰা ) 19. give ( দিয়া ) 20. go ( যোৱা ) 21. know ( জনা ) 22. ride ( চলোৱা, উঠা ) 23. ring ( বজোৱা ) 24. rise ( উঠা ) 25. run ( দৌৰা ) 26. see ( দেখা ) 27. shine ( পোহৰ দিয়া ) 28. sing ( গান গোৱা ) 29. speak ( কোৱা ) 30. steal ( চুৰি কৰা ) 31. swim ( সাঁতোৰা ) 32. take ( লোৱা ) 33. tear ( ফলা/চিৰা ) 34. throw ( দলিয়াই পেলোৱা ) 35. wear ( পিন্ধা ) 36. weave ( বোৱা ) 37. win ( জিকা ) 38. write ( লিখা) | abode arose awoke bore beat began bound bit blew chose came dug did drew drank drove ate flew gave went knew rode rang rose ran saw shone sang spoke stole swam took tore threw wore wove won wrote | abode arisen awoke borne beaten begun bound bitten blown chose come dug done drawn drunk driven eaten flown given gone known ridden rung risen run seen shone sung spoken stolen swam taken torn thrown worn woven won written |
Present | Past | Past Participle |
1. ask ( সোধা ) 2. accept ( গ্ৰহণ কৰা ) 3. bend (হালোৱা/ বেঁকা কৰা) 4. bring ( অনা ) 5. build ( বনোৱা/সজা ) 6. burn ( জ্বলোৱা/পোৰা ) 7. buy ( কিনা ) 8. call ( মাতা ) 9. catch ( ধৰা ) 10. creep ( বগাই যোৱা ) 11. cry ( কান্দা ) 12. die ( মৰা/ মৃত্যু ) 13. dream ( সপোন দেখা ) 14. feed ( খুওৱা ) 15. fight ( যুদ্ধ কৰা ) 16. flow ( বৈ যোৱা ) 17. hear ( শুনা ) 18. help ( সহায় কৰা ) 19. keep ( ৰাখা ) 20. lay ( সজাই ৰাখা) 21. lead ( পৰিচালনা কৰা ) 22. learn ( শিকা ) 23. lend ( ধাৰলৈ দিয়া ) 24. light ( জ্বলোৱা/ পোহৰ কৰা ) 25. mean ( বুজোৱা/ অৰ্থ কৰা) 26. meet ( লগ কৰা ) 27. pass ( উত্তীৰ্ণ হোৱা/ পাৰ হৈ যোৱা) 28. pay ( পৰিশোধ কৰা ) 29. play ( খেলা ) 30. say ( কোৱা ) 31. show ( দেখুওৱা ) 32. sleep ( শোৱা ) 33. smell ( ঘ্ৰাণ লোৱা/ গোন্ধ লোৱা) 34. sow ( সিঁচা ) 35. spend ( খৰচ কৰা ) 36. sweep ( সাৰা ) 37. teach ( সিকোৱা ) 38. think ( ভবা/ চিন্তা কৰা ) | asked accepted bent brought built burnt bought called caught crept cried died dreamt/dreamed fed fought flowed heard helped kept laid led learnt lent lighted meant met passed paid played said showed slept smelt sowed spent swept taught thought | asked accepted bent brought built burnt bought called caught crept cried died dreamt/dreamed fed fought flowed heard helped kept laid led learnt lent lighted meant met passed paid played said shown slept smelt sowed spent swept taught thought |
কিছুমান Weak Verb -ৰ Past আৰু Past Participle Form বোৰ Present Form বোৰৰ সৈতে একেই । তলত Verb বোৰ চোৱা :
Present | Past | Past participle |
1. cast ( নিক্ষেপ কৰা ) 2. cost ( খৰচ হোৱা ) 3. cut ( কাঁটা ) 4. hit ( আঘাত কৰা ) 5. hurt ( আঘাত দিয়া ) 6. let ( দিয়া/ভাড়ালৈ দিয়া) 7. put ( থোৱা ) 8. read ( পঢ়া ) 9. set ( ৰাখা/ ডুবা ) 10. spread ( বিয়পোৱা ) | cast cost cut hit hurt let put read set spread | cast cost cut hit hurt let put read set spread |
১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত…
Assam HSLC Exam Mathematics Question Paper 2024 PDF has been published here. You can download Assam HSLC Exam Mathematics Question Paper 2024…
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day…
গণৰাজ্য দিৱস || Republic Day 26 january 2025 গণতান্ত্রিক – ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ…
নেতাজী সুভাষ চন্দ্ৰ বসু || Netaji Subhas Chandra Bose in Assamese নেতাজী সুভাষ চন্দ্ৰ বসু ১৮৯৭ চনৰ ২৩ জানুৱাৰী উৰিষ্যা…
Benefits of solving previous year's Question paper There are many advantages of solving previous year's Question paper and practising with…