অসমীয়া ৰচনা

Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা


Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা



জন্ম: ১৪৮৯ চন, নাৰায়ণপুৰ, লক্ষীমপুৰ্, অসম
মৃত্যু: ১৫৯৬ চন, ভেলা সত্ৰ, কোচবিহাৰৰ


Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা
পূৰ্বপুৰুষ আৰু জন্ম:
১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ লেটেকুপুখুৰিৰ পাৰত মাধৱদেৱৰ জন্ম হয়। পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞাৰ বংশধৰ। বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চোৰে নিয়ে৷ এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে৷ এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয়৷ মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা। তাৰোপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।
মাধৱদেৱ শংকৰদেৱৰ প্ৰিয়তম শিষ্য,অনুগত সেৱক,আৰু প্ৰধান সঙ্গী। Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা


উল্লেখযোগ্য কৰ্ম:

বৰগীত, ভক্তি-ৰত্নাৱলী, নামঘোষা ধৰ্ম: মহাপুৰুষীয়া ধৰ্ম
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা

অসমৰ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া ব্যক্তিসকল আৰু গ্ৰন্থসমূহclick here

মণি-কাঞ্চণ সংযোগ:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েকক পাচিলে। ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই। ভনীজোঁৱায়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চণ সংযোগ বুলি জনা যায়। Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা

List of National Parks in Assam Click here

সাহিত্য ৰচনা:
তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলভ্য। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭ টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি। Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা

ৰচনা পুথি:
•ভক্তি-ৰত্নাৱলী
• নামঘোষা
• ৰাস ঝুমুৰা
নাট:
• অৰ্জুন ভঞ্জন
•দধিমথন
• জন্ম ৰহস্য
•চোৰধৰা
•পিম্পৰা গুচোৱা
•ভোজন বিহাৰ
•ভূমি লুটিওৱা
• কোটোৰা খোলোৱা
অনুবাদ:
• নাম মালিকা
• আদিকাণ্ড ৰামায়ণ

 

Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা

Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা

  • জন্ম – ১৪৮৯ চনত
  • জন্মস্থান – উত্তৰ লক্ষীমপুৰ ৰ নাৰায়ণপুৰ অঞ্চলৰ কাঁচি কটা নদীৰ পাৰৰ হৰিশিঙা বৰাৰ ঘৰত।
  • পিতৃ – গোবিন্দ গিৰি ভূঞা
  • মাতৃ – মনোৰমা
  • ককায়েকৰ নাম – দামোদৰ
  • ভনীয়েকৰ নাম – উৰ্বশী
  • শিক্ষা গুৰু – ৰাজেন্দ্ৰ কন্দলি
  • তেখেতৰ ধৰ্ম – শাক্ত
  • বৈনায়েক ৰ নাম ( ভনী জোঁৱাই ) – ৰামদাস
  • শংকৰ মাধৱৰ প্ৰথম মিলন স্থান – ধুৱাহাট
  • ৰচনাৰাজি –
    • আখ্যান মূলক ৰচনা : ৰামায়ণৰ আদিকাণ্ড আৰু ৰাজসুয় কাব্য ।
      • ৰামায়ণৰ আদিকাণ্ড ত ৰাম সম্পৰ্কীয় ঘটনা আৰু বিৱৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
      • ৰাজসুয় কাব্যত মাধৱদেৱৰ কবিত্ব শক্তিৰ সম্যক পৰিচয় পোৱা যায়।
    • তত্ত্ব মূলক ৰচনা : জন্মৰহস্য , ভক্তি ৰত্নাৱলী, নামঘোষা , নাম মালিকা ।
      • জন্ম ৰহস্য পুথিখনত সৃষ্টি আৰু প্ৰলয়ৰ বিবৰণ দি হৰিৰ শ্ৰেষ্ঠ ত্ব দেখুৱাইছে।( চিলাৰায়ৰ পত্নী ভুবেনেশ্বৰীৰ আদেশত ৰচিত)
      • ভক্তি ৰত্নৱলীত ন প্ৰকাৰ ভক্তি আৰু সৎ সংগৰ মাহাত্ম্য আৰু বিষ্ণু ভক্তিৰ শ্ৰেষ্ঠতা আদি ভক্তি মূলক তত্বৰ আলোচনা কৰিছে।
      • মাধৱদেৱৰ ভক্ত জীৱনৰ শ্ৰেষ্ঠ কৃতি নামঘোষা।এহেজাৰ ঘোষা থকা বাবে হেজাৰী ঘোষা বুলিও কোৱা হয়। মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি এই গ্ৰন্থত প্ৰকাশিত।
    • নাট ঝুমুৰা : চোৰধৰা , পিম্পৰা গুচোৱা , দধি মথন , ভূমি লেটোৱা , আৰু ভোজন বিহাৰ ( নাট ) অৰ্জুন ভঞ্জন ( ঝুমুৰা ) Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা
  • ৰচিত বৰগীত – ১৫৭ টা
  • বৰগীত ৰ মূল – শিশু কৃষ্ণৰ মাহাত্ম্য বৰ্ণন
  • ভটিমা ৰ সংখ্যা – ৯ টা ( গুৰু ভটিমা ১ টা আৰু দেৱ ভটিমা ৮ টা )
  • পূৰ্ণাংগ অঙ্কীয়া নাট – অৰ্জুন ভাঞ্জন
  • মৃত্যু – ১৫৯৬ চনত ( ১০৭ বছৰ বয়সত)

সাহিত্য ৰচনা

[সম্পাদনা কৰক]

ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁ একাধিক বৰগীত[5]ভটিমানাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি

Sri Sri Madhavdeva Essay in Assamese || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা


IMPORTANT WEB-LINKS
Official Website
WhatsApp Group For Important Updates
For Jobs Update Government job opportunities
WhatsApp Group For All HSLC Solutions
FaceBook Page

 

SEBA HSLC All Previous Year Question Papers Get at one Place click here

Souvik

Recent Posts

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…

2 days ago

NVS Shillong Recruitment 2026 – PGT TGT Nurse Counselor & Hostel Superintendent | Salary ₹44,900

NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…

5 days ago

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…

6 days ago

U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now

U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…

6 days ago

DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now

DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…

1 week ago

B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts

B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…

1 week ago