letter-বর্ণ-বা-আখৰ; assamstudyhub.com
👉ভাষা লিখিবৰ কাৰণে যিবিলাক চিহ্ন বা চিন ব্যাৱহাৰ কৰা হয়, সেই চিন বিলাককে Letter ( বৰ্ণ ) বোলা হয় । ইংৰাজী ভাষাৰ বৰ্ণবোৰ হল :- A,B,C,D ইত্যাদি ।
👉 ইংৰাজী ভাষা লিখোতে ২৬ টা বৰ্ণ বা আখৰ ব্যাৱহাৰ কৰা হয় । এই ২৬ টা বৰ্ণক একেলগে Alphabets ( বৰ্ণমালা ) বোলা হয় ।
👉 ইংৰাজী ভাষাত ২৬ টা বৰ্ণ আৰু আখৰ আছে । এই ২৬ টা আখৰৰ প্ৰতিটো আখৰকে ৪ টা প্ৰকাৰেৰে লিখিব পৰা যায় ।
🔘 বৰ্ণৰ প্ৰকাৰ :- ( kinds of Letters):-
1. Printed Capital Letters ( ছপোৱা ডাঙৰ আখৰ )
2. Printed Small Letters ( ছপোৱা সৰু আখৰ )
3. Cursive Capital Letter
4. Cursive Small Letters
👉 ইংৰাজী বাক্য লিখোতে প্ৰথম শব্দটোৰ প্ৰথম আখৰটো ছপোৱা ডাঙৰ ( Capital Letter ) ৰে লিখা হয় । বাক্যৰ অন্য আখৰবোৰ Small Letter ৰে লিখা হয় । কিন্তু বাক্যৰ মাজত নদী, পৰ্বত, গ্ৰন্থ, মানুহ আদিৰ নাম লিখিব লগা হলে প্ৰথম আখৰ Capital হব ।
👉 ইংৰাজী বৰ্ণমালত মুঠতে ২৬ টা আখৰহে আছে । এই আখৰ ২৬ টাক তিনিটা ভাগত ভাগ কৰা হৈছে । Vowel , Consonant, Semi-Vowel .
ইংৰাজীত বৰ্ণমালাৰ ২৬ টা আখৰৰ ভিতৰত ৫ টা Vowel, ১৯ টা Consonant আৰু ২ টা Semi Vowel আছে । সেইবিলাক হ’ল-
👉 Vowel :- A,E,I,O,U
👉 Consonent :-B,C,D,F,G,H,J,K,L,M,N,. P,Q,R,S,T,V,X,Z.
👉 Semi Vowel :- W,Y
W আৰু Y এই Letter দুটা কেতিয়াবা vowel আৰু কেতিয়াবা consonant ৰূপে ব্যাৱহাৰ হয়, সেইকাৰণে ইয়াক semi-vowel বোলা হয় । শব্দৰ আগত বহিলে consonant আৰু পিছত বহিলে vowel হয় ।
👉এটা বা তাতোকৈ বেছি letter লগ হৈ অৰ্থ প্ৰকাশ কৰিলে তাক word (শব্দ) বোলে । অৰ্থ প্ৰকাশ কৰিলে একোটা letter ৰেও একোটা word হয় ।
উদাহৰণ- hand (হাত); girl (ছোৱালী); dog ( কুকুৰ)
👉দুটা বা তাতকৈ বেছি word লগ হৈ এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক Sentence ( বাক্য ) বোলা হয় । আমাৰ মনৰ কোনো এটা ভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিবৰ কাৰণে কিছুমান word ৰ প্ৰয়োজন হয় । এই word বিলাক একেলগে বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলেই তাক Sentence বুলি কোৱা হয় ।
This is a book – এইটো এটা Sentence ।
📋Translation in Assamese click here
📊Basic of Math click here
Best Deals on Amazon click here
New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ …
Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…
মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese আৰম্ভণিঃ আজৰি পৰত মই ঘৰুৱা…
মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…
পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…
আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…