• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

October 21, 2022 by Pubali Patgiri Leave a Comment

 Lachit Borphukan Essay in Assamese

লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

‘ সাগৰ দেখিছা ‘ ৰ কবি দেৱকান্ত দেৱে কোৱাৰ দৰে আমিও কওঁ –

” লাচিত ফুকন ! লাচিত ফুকন ! মোৰ স্বদেশৰ বীৰ ।

দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ ।

দেশৰ কাৰণে , মুক্তিৰ হকে , অন্যায় ৰোধি বীৰ ।

নৰ – শোণিত ৰে কৰিলা আৰতি দেশৰ জয়শ্ৰী ৰ ।

দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন

জাতিৰ বুকুত যোগাই তুলিলা দুৰ্মদ যৌৱন। “

                         অসম ৰাজ্যত এনে কোনো লোক নোলাব যিনেকি লাচিত আৰু শৰাইঘাটৰ নাম শুনা নাই । লাচিতৰ প্ৰসংগ উত্থাপিত হলেই শৰাইঘাটৰ ছবি খন মনলৈ আহে।মনত পৰে শৰাইঘাটৰ ৰণৰ দৃশ্য পট একেবাৰে সলনি কৰি দিয়া লাচিতৰ উক্তি ষাৰ –

‘ দেশতকৈ মোমাই ডাঙৰ নহয় ।’

                           লাচিত বৰফুকন আহোমৰ সেনাপতি আৰু পৰাক্ৰমী বীৰ আছিল। ১৬২২ চনত তেখেতৰ জন্ম হৈছিল। পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউ ।আহোমসকলৰ লুখুৰাখন ফৈদৰ বংশধৰ লাচিত বৰফুকনৰ আদি পুৰুষ চুকাফাৰ লগতে তেওঁ অসমলৈ আহিছিল। ৰাজকীয় পৰিয়ালত জন্মা বাবে সৰুতেই লাচিতে সামৰিক, অসামৰিক দুয়োবিধ শিক্ষাই লাভ কৰিছিল।

List of national Parks in Assam – click here

               নিজৰ বীৰত্ব, সততা, কৰ্তব্যনিষ্ঠা, ন্যায়পৰায়ণতা আদি গুণৰ বলত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ (১৬৬৩-১৬৬৯) দিনত আহোমৰ বৰসেনাপতি আৰু বৰফুকন খিতাপ পাইছিল। ১৬৬৭ খ্ৰীষ্টাব্দত অম্বৰৰ ৰজা ৰামসিংহই দহ হাজাৰ সেনা লগত লৈ অসম পালেহি। এই খবৰ শুনি মোগলক ভেটিবলৈ লাচিত বৰফুকন সাজু হল।যুদ্ধ ক্ষেত্ৰত শত্ৰু সেনাৰ গতি ৰোধ কৰিবলৈ গুৱাহাটীৰ আশে পাশে থকা গড়বোৰ মেৰামতি কৰিবলৈ ধৰিলে।এনে এটা সামৰিক গুৰুত্বপূৰ্ন গড়ৰ মেৰামতি ৰ ভাৰ পৰিছিল লাচিতৰ মোমায়েকৰ গাত।কিন্তু কামত গাফিলতি দেখি লাচিতৰ সহ্য নহল। ক্ৰোধান্বিত হৈ লাচিতে – ” দেশতকৈ মোমাই ডাঙৰ নহয় “ বুলি মোমায়েকৰ শিৰচ্ছেদ কৰিলে।তেতিয়াৰে পৰা সেই গড় টোৰ নাম মোমাই কটা গড় নামে জনাজাত হল।লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

 

60 Most Important Political Question & Answers – click here

 

শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকন:-

                                          ১৬৭১ চনত উদয়াদিত্য সিংহৰ ৰাজত্বকালত পাণ্ডুৰ ওচৰৰ শৰাইঘাটত আহোম আৰু মোগলৰ তয়াময়া ৰণ হয়।এই যুদ্ধৰ সময়ত লাচিতৰ তীৰ কঁপা জ্বৰ। অসুখীয়া গাৰে তেওঁ যুদ্ধ পৰিচালনা কৰিবলগীয়া হৈছিল।যুদ্ধৰ লগত জড়িত সৈনিককে ধৰি কিছু লোকৰ কামত অসন্তুষ্ট হোৱা লাচিতে বৰ উৎকণ্ঠাৰে অশ্বক্লান্ত ত থকা মিৰি সন্দিকৈলৈ কৈ পঠাইছিল – ” ৰাইজক কবা,মই ইয়াত মৰিবলৈ ওলাইছো আৰু মোৰ দায়িত্ব এৰি এই ঠাইৰ পৰা না যাও । ” নাৱত উঠি লাচিতে চিঞৰি চিঞৰি কৈছিল – ” শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ স্বৰ্গদেৱে মোক এই থলখনৰ অধিকাৰ পাতি লগত সৈন্য আৰু আহিলা দিছে।ৰণ এৰি এতিয়া মই লৰা তিৰোতাৰ সংগলৈ উলটি যাম নে ?সংকট কালত এনেকৈয়ে লাচিতে সৈন্যবাহিনীৰ মনোবল বৃদ্ধি কৰিছিল।নিজৰ সুখ শান্তিৰ কথা নাভাবি জাতীয় সন্মানক আগ স্থান দিছিল।লাচিত বৰফুকনৰ নেতৃত্ব তেই আহোম সৈন্যই মোগলক এই ৰণত শোচনীয় ভাৱে পৰাভূত কৰে।অসম বুৰঞ্জীত এই ৰণ শৰাইঘাট ৰণ নামেৰে প্ৰখ্যাত।

ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকন আজি মহাবীৰৰূপে প্ৰখ্যাত হৈ আছে।

এনেদৰে চেগা-চোৰোকা যুদ্ধ কৰি ৰামসিংহৰ আমুৱাইছিল। এইবাৰ শৰাইঘাটত দুয়োপক্ষ সমুখ সমৰত লিপ্ত হ’ল। আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ৰামসিংহ সাজু হৈছিল। বিশেষকৈ আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকনৰ টান নৰিয়াৰ বিষয়ে গম পাই আন্ধাৰুবালিৰ গড়ৰ সুৰংগৰে সোমাই আহোমসকলক আক্ৰমণ কৰিবলৈ ৰামসিংহই পৰিকল্পনা কৰিলে।লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

45 Basic Computer Question & Answer For Competitive Exams – click here

                   মোগল সৈন্যই আন্ধাৰুবালিৰ গড়ৰ সুৰংগৰে সোমাই আহোম সৈন্যৰ লগত যুদ্ধত লিপ্ত হ’ল। যিহেতু আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকন সেইসময়ত টান নৰিয়াত। প্ৰধান সেনাপতিৰ যুদ্ধক্ষেত্ৰত অৱৰ্তমানত আহোম সৈন্য চেদেলি-ভেদেলি হ’ল। আহোম সৈন্যই ৰণভূমি ত্যাগ কৰিবলৈ উদ্যত হৈছিল। কিন্তু সেইসময়ত লাচিত বৰফুকনৰ দেশপ্ৰেমী মনোভাৱে সকলো অসমীয়া সৈন্যক ৰণক্ষেত্ৰলৈ ঘূৰাই আনিলে। লাচিত বৰফুকনে কৈছিল, “মই ইয়াতে মৰিম। যুদ্ধ ত্যাগ কৰি মই কাপুৰুষ নহওঁ। চিলা পৰ্বতৰ ওপৰত চাৰি কড়া মাটি কিনি থৈছোঁ তাতে মোক মৈদাম দিবি। “

                   তাৰপাছতেই লাচিত বৰফুকন নৰিয়া দেহাৰেই নাঁৱতেই চালপিৰাসহ যুদ্ধৰ বাবে সাজু হ’ল। হিলৈ বৰটোপ মাৰি লাচিত বৰফুকনৰ নাওঁ মোগলৰ লগত যুঁজিবলৈ গ’ল আৰু লাচিত বৰফুকনে চিঞৰি চিঞৰি কলে, “বঙালে মোক ধৰি লৈ যাওক, ৰাজ্য সুখ-শান্তিৰে ঘৰলৈ উভতি যাওক। ” এই কথাত আহোম সৈন্যৰ মাজত প্ৰাণৰ সঞ্চাৰ হ’ল আৰু আহোম সৈন্যসকলে পুনৰ যুদ্ধত জঁপিয়াই পৰিল আৰু অৱশেষত লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত আহোম সৈন্যই বিজয়মালা ধাৰণ কৰিলে।

Assam History APSC Prelims Previous Years Questions – click here

পৰাজয়ী মোগল সৈন্যৰ সেনাপতি ৰামসিংহই লাচিত বৰফুকন নেতৃত্বাধীন আহোম সৈন্যৰ বল-বীৰ্য্যৰ কথা স্বীকাৰ কৰি গৈছে। তেওঁ কৈ গৈছে – “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি। প্ৰতিজন অসমীয়া সৈন্য নাওঁ চলোৱা, কাঁড় মৰা, হিলৈ মৰা, খাৱৈ খন্দা সকলো ক্ষেত্ৰতে পাকৈত। মই ৰামসিংহই যুদ্ধত থাকি কোনো ছিদ্ৰকে নাপালোঁ। এনে অপূৰ্ব সৈন্য মই ভাৰতৰ কোনো ঠাইতে দেখা নাই”

লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese
লাচিত বৰফুকন || Essay on Lachit Borphukan in Assamese

                                     লাচিতে যুদ্ধৰ পৰিকল্পনা কৰোঁতে পাৰ্যমানে নিখুঁত কৰিবলৈ সাৱধান হৈছিল।এনে কামত ব্যক্তিগত লোভ মোহক কদাপিও প্ৰশ্ৰয় নিদিছিল।আনৰ বেলিকাও তেনে দেখিলে সহ্য নকৰিছিল।এই গৰাকী লাচিতে মোগল সেনাপতি ৰাম সিংহক কাঠৰ টিপচি চৰাই খোজাৰ অপৰাধত কটকী ৰামচৰণ ক লোৱা লগাই থৈছিল। এনেকুৱাই দৃঢ় মনা আছিল লাচিত জাতিৰ মৰ্যদা ৰক্ষ্যাই আছিল তেখেতৰ সৰ্বক্ষণৰ চিন্তা।শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল।পিছত উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

What is MUTUAL FUND in Assamese – click here

                             গুৱাহাটীৰ জালুকবাৰী ত ১৯৮৯ চনৰ ২৪ নৱেম্বৰৰ দিনা বীৰ লাচিতৰ এটি প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হয়।তেতিয়াৰে পৰা ২৪ নৱেম্বৰৰ দিনটো ” লাচিত দিৱস “ হিচাপে চৰকাৰী আৰু বে চৰকাৰী ভাৱে উদযাপন কৰি অহা হৈছে।প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনলুংৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (বান-লা-চিত) হিচাপে পালন কৰা হয়

 Essay on Lachit Borphukan in ENGLISH – click here

 

Join Us in Whatsapp Group  click here
Join us in Telegram  click here

অসমৰ শৌৰ্য-বীৰ্য, বীৰত্ব আৰু স্বাভিমানৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন৷ শৰাইঘাটৰ যুদ্ধত অদম্য সাহস আৰু পৰাক্ৰমেৰে যুঁজ দি আগ্ৰাসী মোগলৰ কবলৰ পৰা অসমী আইক ৰক্ষা কৰা লাচিত বৰফুকনৰ ব্যক্তিত্ব, স্বদেশ প্ৰেম আৰু বীৰত্বৰ কাহিনীয়ে নৱপ্ৰজন্মক যুগ যুগলৈ অনুপ্ৰাণিত কৰি থাকিব। আজি ‘লাচিত দিৱস’ত মহাবীৰজনাক শত-সহস্ৰ প্ৰণাম জনাইছোঁ।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Vocabulary fill-in-the-blanks of HSLC Exam Questions from 1998-2025 August 1, 2025
  • Best B.Ed Colleges in Assam, Admission Process & Fee Structure 2025-26 July 28, 2025
  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d