• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • English Grammar
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Jobs Section
  • Computer Information
  • DIVISION FROM 0 TO 11

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev

July 14, 2023 by Souvik Leave a Comment



শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev

১) শ্ৰী মন্ত শংকৰদেৱ কোন আছিল ?

উত্তৰঃ-শ্ৰী মন্ত শংকৰদেৱ এজন একেধাৰে ধৰ্ম প্ৰচাৰক , সমাজ সংগঠক, সু গায়ক, অভিনেতা, কবি এজন চিত্ৰকৰ লগতে অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা আছিল ।

২) শ্ৰী মন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খীষ্টাব্দৰ আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়।

৩) শিৰোমণি ভূঞাই স্থায়ীভাৱে ক’ত বাস কৰিছিল ?

উত্তৰঃ-শিৰোমণি ভূঞাই স্থায়ীভায়ে নগাওঁ জিলাৰ বৰদোৱা নামেৰে ঠাইত স্থায়ীভাৱে বাস কৰিছিল ।

৪) শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আছিল ।

৫) শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ মাতৃৰ নাম সত্যসন্ধা আছিল ।

৬) শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হৈছিল ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

৭) শ্ৰী মন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল ?

উত্তৰ- শ্ৰী মন্ত শংকৰদেৱক বুঢ়ীমাক খেৰসূতীয়ে লালন পালন কৰিছিল ।

৮) শংকৰ দেৱে কিমান বছৰ বয়ষত পঢ়া-শুনা কৰিবলৈ গৈছিল ?

উত্তৰঃ- শংকৰদেৱে বাৰ বছৰ বয়ষত পঢ়া-শুনা কৰিবলৈ গৈছিল।

৯) শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহন কৰিছল ?

উত্তৰঃ- শংকৰদেৱে মহেন্দ্ৰ কন্দলি নামেৰে গুৰুৰ ওচৰত শিক্ষা গ্ৰহন কিছিল ।

১০) শংকৰদেৱে অ আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম কি লিখাঁ ?

উত্তৰঃ- শংকৰদেৱে অ আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম হ’ল কৰতল কমল।

১১) শংকৰদেৱক ‘দেৱ’ উপাধি কোনে দিছিল ?

উত্তৰঃ- শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কন্দলিয়ে দিছিল ।

১২) শংকৰদেৱে কন্দলিৰ টোলত কেইবছৰ শিক্ষাগ্ৰহন কৰিছিল ?

উত্তৰঃ- শংকৰদেৱে কন্দলিৰ টোলত ছয় বছৰ শিক্ষাগ্ৰহন কৰিছল ।

১৩) শংকদেৱে লিখিউলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল ?

উত্তৰঃ- শংকৰদেৱে লিখিউলিওৱা প্ৰথমখন অনুবাদ কবিতা হ’ল- হৰিশ্চন্দ্ৰ উপাখ্যান।

১৪) শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ কাক কাক দিবলৈ ইচ্চা প্ৰকাশ কৰিছিল ?

উত্তৰঃ- শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰিছিল ।

১৫) কিমান বছৰ বয়ষত শংকৰদেৱে ঘৰলৈ উভতি আহিছিল ?

উত্তৰঃ- ১৭ বছৰ বয়ষত শংকৰদেৱে ঘৰলৈ উভতি আহিছিল।

60+ Assam GK Question Answers – click here

১৬ ) শংকৰদেৱৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ পত্নীৰ নাম হ’ল-সূৰ্যৱতী।

১৭) বিবাহৰ কিমান বছৰৰ পাছত শংকৰদেৱৰ কণ্যা সন্তান জন্ম হৈছিল ?

উত্তৰঃ- বিবাহৰ তিনি বছৰৰ পাছত শংকৰদেৱৰ কণ্যা সন্তানৰ জন্ম হৈছিল ।

১৮) শংকৰদেৱৰ কণ্যা সন্তানটোৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ কণ্যা সন্তানটোৰ নাম মনু আছিল ।

১৯) শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কালিন্দী আছিল ।

২০) কোন চনত শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল ?

উত্তৰঃ- ১৪৮১ চনত শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল ।

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev

২১) শংকৰদেৱৰ লগত কেইজন সংগী তীৰ্থলৈ গৈছিল ?

উত্তৰঃ- শংকৰদেৱৰ লগত সোতৰজন সংগী তীৰ্থলৈ গৈছিল।

২২) শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগীকেইজৰ নাম লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগীকেইজনৰ নাম হ’ল- মহেন্দ্ৰ কন্দলি, ৰামৰাম, সৰ্বজয়, পৰমানদ, বলোভদ্ৰ, বলোৰাম, গোবিন্দ, নাৰায়ণ, বৰশ্ৰীৰাম, গোপাল, চোট বলোৰাম, মুকুণ্ড, মুৰাৰি, হৰিদাস, দামোদৰ, আৰু আন দুজন এই দলৰ সদস্য ।


২৩) শংকৰদেৱে কিমান চনত দ্বিতীয়বাৰৰ বাবে তীৰ্থলৈ গৈছিল ?

উত্তৰঃ- শংকৰদেৱে ১৫৫০ শকৰ আঘোন মাহত শংকৰদেৱে তীৰ্থলৈ গৈছিল ।


২৪) শ্ৰী মন্ত শংকৰদেৱে কি ধৰ্ম বিয়পাইছিল ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে একশৰণ নামধৰ্ম বিয়পাইছিল ।

২৫) শংকৰদেৱৰ মুঠতে কিমানটা বৰগীত আছে ?

উত্তৰঃ-শংকৰদেৱে মুঠতে ২৪০ টা বৰগীত আছে ।

২৬) শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম কি আছিল ?

উত্তৰঃ- শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম শ্ৰী মন্ত শংকৰ সংঘ ।

২৭) শ্ৰী মন্ত শংকৰদেৱ বটাঁৰ বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱ বটাঁৰ বিজয়ী প্ৰথম জন ব্যক্তি হ’ল-ডঃ ভূপেন হাজৰিকা ।

২৮) শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ- শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল।

২৯) শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিনলক কি বুলি কোৱা হয় ?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মনিকাঞ্চন সংযোগ বুলি কোৱা হয় ।

৩০) শ্ৰী মন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক আন কি নামেৰে জনা যায় ?

উত্তৰঃ-শ্ৰী মন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম নামেৰে জনা যায় ।

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev

Financial Education in Assamese – click here

৩১) শ্ৰী মন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম কি লিখাঁ ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম হ’ল চিহ্নযাত্ৰা ।

৩২) শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাখনৰ নাম কি লিখাঁ ?

উত্তৰঃ-শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাখনৰ নাম হ’ল ৰাম বিজয়।

৩৩) শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনা কাল কিমান খ্ৰীষ্টাব্দত বুলি জনা গৈছিল ?

উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনা কাল ১৪৬৮ খ্ৰীষ্টাব্দত বুলি জনা গৈছিল ।

৩৪) শংকৰদেৱে মাধৱদেৱক কোনখন ঠাইত লগ পাইছিল ?

উত্তৰঃ- শংকৰদেৱে মাধৱদেৱক বেলগুৰি নামৰ ঠাইত লগ পাইছিল ।

৩৫) শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ কি আছিল ?

উত্তৰঃ- শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল ভাৱ এক দেৱ , এক সেৱ, এক বিনে নাই কেৱ আছিল ।

৩৬) শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি আছিল ?
উত্তৰঃ-শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম হ’ল মাধৱদেৱ ।

৩৭) শংকৰদেৱে প্ৰথমে ক’ত সত্ৰ স্থাপন কৰিছিল ?
উত্তৰঃ-শংকৰদেৱে প্ৰথমে মাজুলীৰ ধুৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল ।


৩৮) শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম কি লিখাঁ ?

উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম হ’ল-কীৰ্তন-ঘোষা ।

৩৯) শংকৰদেৱে ৰচনা্ কৰা কেইখনমান পুথিৰ নাম লিখাঁ ।
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা কেইখন মান পুথিৰ নাম হ’ল- ভাগৱত, ৰুক্মিনী হৰন, পাৰিজাত হৰন, ৰাম বিজয়, গুণমালা, ভক্তি ৰত্নাৱলী, বৰগীত, অনুবাদ, গীত ইত্যাদি ।


৪০) শংকদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনা-ৰূপ হিচাপে কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনা-ৰূপ হিচাপে ছয়টা ভাগত ভগাব পাৰি ।


৪১) হৰিচন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু পৰা লোৱা হৈছিল ?
উত্তৰঃ-হৰিচন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু মাৰ্কণ্ডেয় পুৰাণাৰ ৭ ম ৮ম অধ্যায় পৰা লোৱা হৈছে ।


৪২) শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গন্থৰ নাম লিখাঁ ?
উত্তৰঃ-শংকৰেদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গন্থৰ নাম হল-ভক্তি ৰত্নাকৰ ।


৪৩) শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গন্থখনত কি কথা উল্লেখ আছে ?
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গন্থখনত শ্ৰৱন,কীৰ্তন , অৰ্জন, বন্দন আদিৰ কথা উল্লেখ আছে ।
৪৪) শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গন্থৰ ভিতৰত শ্ৰেষ্ঠ গন্থখনৰ নাম কি লিখাঁ ?
উত্তৰঃ- শংকৰদেৱৰে ৰচনা কৰা অনুবাদমূলক গন্থৰ ভিতৰত শ্ৰেষ্ঠ গন্থখনৰ নাম হ’ল দশম ।


৪৫) শংকৰদেৱে ৰচনা কৰা গীত সমূহক কেইটা ভাগত ভগাব পাৰি?
উত্তৰঃ- শংকৰদেৱে ৰচনা কৰা গীতসমূহক দুটা ভাগত ভাগ কৰিব পাৰি ।


৪৬) শ্ৰী মন্ত শংকৰদেৱে কেইধৰনৰ ভটিমা সৃষ্টি কৰিছিল ?
উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে তিনিধৰনৰ ভটিমা সৃষ্টি কৰিছিল ।

৪৭) শংকৰদেৱে সৃষ্টি কৰা ভটিমা তিনিবিধৰ নাম লিখাঁ ।
উত্তৰঃ-শংকৰদেৱে সৃষ্টি কৰা তিনিবিধ ভটিমা হ’ল-১) নাট ভটিমা ২) দেৱ ভটিমা ৩) ৰাজ ভটিমা ।

Sri Sri Madhavdeva Essay in Assamese || শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে ৰচনা – click here

৪৮) শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে কি কি ঠাই ভ্ৰমন কৰিছিল ?

উত্তৰঃ-শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ, কাশী,গয়া, প্ৰয়াগ,বাৰানাসী, সীতাকুণ্ড, মথুৰা বৃন্দবন,বদৰিকাশ্ৰম আদি নান তীৰ্থঠাই ভ্ৰমন কৰিছিল ।

৪৯) শ্ৰী মন্ত শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল ?

উত্তৰঃ-শ্ৰী মন্ত শংকৰদেৱে প্ৰথমটো বৰগীত বদৰিকাশ্ৰম নামৰ ঠাইত ৰচনা কৰিছল ।

৫০) শ্ৰী মন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথটো বৰগীতটোৰ নাম কি লিখাঁ ?

উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীতটোৰ নাম হ’ল-“মন মেৰি ৰাম চৰনহি লাগো ।

শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কিছু প্ৰশ্ন উত্তৰ || 60 Important Question & Answers about Sankardev

৫১) শংকদেৱে কেইবছৰ তীৰ্থভ্ৰমন কৰিছিল ?
উত্তৰঃ- শংকৰদেৱে বাৰ বছৰ তীৰ্থভ্ৰমন কৰিছল ।

৫২) শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম ৰামানন্দ আছিল ।

৫৩) শংকদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম কি লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ দ্বিতীয় পুত্ৰজনৰ নাম হৰিচৰন আছিল ।

৫৪) শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কমললোচন আছিল

৫৫) শংকৰদেৱে গাংমৌত কেইবছৰ বাস কৰিছিল ?

উত্তৰঃ- শংকদেৱে গাংমৌত সাত বছৰ ছমাহ বাস কৰিছিল।

৫৬) শংকৰদেৱক আন কি নামেৰে জনা গৈছিল ?

উত্তৰঃ- শংকৰদেৱক সাহিত্য-সংস্কৃতিৰ জনক বুলি কোৱা হৈছিল ।


৫৭) শংকৰদেৱৰ নাতিজনৰ নাম কি লিখাঁ ?
উত্তৰঃ- শংকৰদেৱৰ নাতিজনৰ নাম হ’ল – পুৰুষোত্তম ঠাকুৰ আছিল।


৫৮) শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল লিখাঁ ?
উত্তৰঃ- শংকৰদেৱৰ সৰুকালৰ নাম গঙ্গাধৰ আছিল ।


৫৯) শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায় ?
উত্তৰঃ- শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে এক শৰণীয়া নাম ধৰ্ম বুলি জনা যায়।


৬০) শংকৰদেৱৰ জোৱাইকৰ নাম কি আছিল লিখাঁ ?
উত্তৰঃ- শংকৰদেৱৰ জোৱাইকৰ নাম হৰি আছিল ।


৬১ শ্ৰী মন্ত সংকৰদেৱে কি কি বাদ্য-যন্ত্ৰ সৃষ্টি কৰিছিল ?
উত্তৰঃ- শ্ৰী মন্ত শংকৰদেৱে খোল, তাল, ডবা,কাহঁ, শংখ,মৃদংগ আদিক সৃষ্টি কৰিছিল ।


৬২) শংকৰদেৱৰ কিমান শকৰ কিমান তাৰিখে মৃত্যু হৈছিল ?
উত্তৰঃ- শংকৰদেৱৰ ১৪৯০ শকৰ ভাদ মাহৰ ২১ শুক্লা দ্বিতীয় তিথিত মৃত্যু হৈছিল ।

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
Contents hide
Share this:
Like this:
Related

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ৰচনা Tagged With: asaam study hub, অসমীয়া ৰচনা

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • Use of Correct Tense Forms in Class 10 SEBA HSLC Exam Previous Year’s Question Answers – English Grammar July 27, 2025
  • প্ৰত্যয় কাক বোলে || প্ৰত্যয় HSLC Previous Year Solved Assamese Grammar July 15, 2025
  • Assam Police Constable AB UB Question Paper 2025 Pdf June 21, 2025
  • APSC Forest Ranger 2019 Question Paper PDF June 21, 2025
  • Bankim Chandra Chattopadhyay Essay in Hindi || बंकिम चंद्र चट्टोपाध्याय June 17, 2025

Class-10 HSLC

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers

ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers   ভাব বিষয়ক: ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?উত্তৰ : ক্ৰমবৰ্ধমান শক্তিয়েই হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।   ২। ” ফ্ৰম ভল্গা টু গংগা ” কাৰ ৰচনা ?উত্তৰ : পণ্ডিত ৰাহুল সংস্কৃতায়ন। ভাৰতীয় সংস্কৃতি Assamese Class 10 Lesson 7 Questions and Answers ৩। সৰ্বপল্লী ৰাধাকৃষ্ণনে ‘ […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d