পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah; পদ্মনাথ গোহাঞি বৰুৱা (ইংৰাজী: Padmanath Gohainbaruah; ১৮৭১-১৯৪৬) একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। তেওঁ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি।[1][2]
Financial Education in Assamese – click here
১) পদ্মনাথ গোহাঞিবৰুৱা কোন আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা একেধাৰে এজন কবি, জীৱনীকাৰ, হাস্যকাৰ, প্ৰৱন্ধকাৰ আছিল।
২) পদ্মনাথ গোহাঞিবৰুৱা জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাৰ ১৮৭১ চনৰ ২৯ মাহত জন্ম হৈছিল।
৩) পদ্মনাথ গোহাঞিবৰুৱা জন্ম ক’ত হৈছিল ?
উত্তৰঃ-পদ্মনাথ গোহাঞিবৰুৱাৰ উত্তৰ লখিমপুৰৰ নকাৰী গাওঁত হৈছিল ।
৪) পদ্মনাথ গোহাঞিবৰুৱা পিতৃৰ নাম কি আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা পিতৃৰ নাম ঘিণাৰাম গোহাৰি বৰুৱা আছিল ।
৫) পদ্মনাথ গোহাঞিবৰুৱাৰ মাতৃৰ নাম কি আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা মাতৃৰ নাম লম্ভী দেৱী আছিল।
৬) পদ্মনাথ গোহাঞিবৰুৱা কোন বংশৰ লোক আছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা এজন থাউমুং ক্লিংলুনমন বুঢ়াগোহাইৰ বংশৰ লোক আছিল ।
৭) পদ্মনাথ গোহাঞিবৰুৱাই স্কুলীয়া শিক্ষা কোন বিদ্যালয়ত গ্ৰহন কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা ই স্কুলীয়া শিক্ষা উত্তৰ লখিমপুৰ প্ৰাথমিক বিদ্যালয়ত গ্ৰহন কৰিছিল।
৮) পদ্মনাথ গোহাঞিবৰুৱাই কিমান চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভক্তি কৰিছিল।
৯) পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৮৯০ চনত প্ৰৱেশিকা পৰীক্ষাত পাছ কৰিছিল।
১০) প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাঞি বৰুৱাই কোন কলেজত নামভৰ্ত্তি কৰিছিল ?
উত্তৰঃ- প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি পদ্মনাথ গোহাঞি বৰুৱাই কলিকতাৰ ৰিপন কলেজত নামভক্তি কৰিছিল ।
পদ্মনাথ গোহাঞিবৰুৱা বিষয়ে কিছুমান প্ৰশ্ন আৰু উত্তৰ || Question & Answers about Padmanath Guhaie Baruah
১১) অসমলৈ আহি পদ্মনাথ গোহাঞি বৰুৱাই কোন বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল ?
উত্তৰঃ-অসমলৈ আহি পদ্মনাথ গোহাঞি বৰুৱাই কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল ।
১২) পদ্মনাথ গোহাঞি বৰুৱাই কাৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই লীলাৱতীৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল ।
১৩) পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল ?
উত্তৰঃ-পদ্মনাথ গোহাঞিবৰুৱা দ্বিতীয় পত্নীগৰাকীৰ নাম হীৰাৱতী আছিল।
১৪) পদ্মনাথ গোহাঞি বৰুৱাৰ কেইগৰাকী জীয়ৰী আৰু কেইজন ল’ৰা সন্তান আছিল লিখাঁ ?
উত্তৰ:পদ্মনাথ গোহাঞি বৰুৱাৰ সাতজনী জীয়ৰী আৰু এজন ল’ৰা সন্তান আছি্ল।
১৫) পদ্মনাথ গোহাঞি বৰুৱাই কোন ঠাইত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই ক’হিমাত অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা স্থাপন কৰিছিল।
১৬) পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰত কি কি স্থাপন কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰত নামঘৰ, বাণ মঞ্চ স্থাপন কৰিছিল।
১৭) পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৮ চনত ডিব্ৰুগড় ছাত্ৰ সন্মিলনিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।
১৮) পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত জোনাকী কাকতৰ সংস্পৰ্শলৈ আহিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই ১৮৮০ চনত জোনাকী কাকতৰ সংস্পৰ্শলৈ আহিছিল ।
১৯) পদ্মনাথ গোহাঞি বৰুৱাই কাৰ সৈতে লগ হৈ ডেকা-গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই বেণুধৰ ৰাজখোৱাৰ সৈতে ডেকা-গাভৰু নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।
২০) পদ্মনাথ গোহাঞি বৰুৱাই লগৰ সৈতে কি প্ৰকাশ কৰিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাৰি বৰুৱাই লগৰ সৈতে বিজুলী প্ৰকাশ কৰিছিল ।
২১) পদ্মনাথ গোহাঞি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম কি লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাৰি বৰুৱাই প্ৰকাশ কৰা তৃতীয়খন আলোচনীৰ নাম উষা আছিল ।
২২) উষা আলোচনীখন কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰঃ- উষা আলোচনীখন ১৯০৭ চনত প্ৰকাশ পাইছিল।
২৩) পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন কবিতা গ্ৰন্থৰ নাম লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা কেইখনমান কবিতা গ্ৰন্থৰ নাম হ’ল- জুৰণি আৰু ফুলৰ চানেকি ।
২৪) পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা দুখন উপন্যাখৰ নাম হ’ল-ভানুমতী, লাহৰি ।
২৫) পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম কি লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা আত্মজীৱনীখনৰ নাম মোৰ সোঁৱৰণী ।
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ – click here
২৬) পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৭ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল।
২৭) পদ্মনাথ গোহাঞি বৰুৱাই কিমান চনত অসম সাহিত্য সভাৰ সম্পাদক ৰুপে নিৰ্বাচিত হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাই ১৯১৮ চনত অসম সাহিত্য সভাৰ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল।
২৮) পদ্মনাথ গোহাঞি বৰুৱাক কি বুুলি গণ্য কৰা হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱা “পিতামহা”বুলি গণ্য কৰা হৈছিল ।
২৯)পদ্মনাথ গোহাঞি বৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম কি লিখাঁ ?
উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাৰ জ্যেষ্ঠ সহপাঠী জনৰ নাম হ’ল – লক্ষ্মীনাথ বেজবৰুৱা।
৩০) পদ্মনাথ গোহাঞি বৰুৱাই কাৰ সৈতে লগ হৈ অসমীয়া ভাষাত পাঠ্যপুথি লিখিছিল ?
উত্তৰঃ-পদ্মনাথ গোহাঞি বৰুৱাই পানীন্দ্ৰনাথ গোঁহাইৰ সৈতে লগ হৈ অসমীয়া পাঠ্যপুথি লিখিছিল ।
৩১)পদ্মনাথ গোহাঞি বৰুৱাৰ কিমান চনৰ কিমান তাৰিখে মৃত্যু হৈছিল ?
উত্তৰঃ- পদ্মনাথ গোহাঞি বৰুৱাৰ ১৯৪৬ চনৰ ২১ এপ্ৰিল তাৰিখে মৃত্যু হৈছিল।
Join us on WhatsApp | click here |
Create Your Free Demat Account on GROWW | click here |
Leave a Reply