অসমীয়া ৰচনা

নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women

নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women : 
শেহতীয়া অপৰাধ সমূহৰ ভিতৰত আটাইতকৈ সমস্যা বহুল বুলি ক’ব পৰা অপৰাধ হ’ল নাৰী নিৰ্যাতন৷ ই মূলত যৌন অপৰাধ৷ এতিয়া কথা হ’ল ইয়াৰ ইমান বিস্তৃতিৰ কাৰণ কি? তলত কেইটামান কাৰণ আলোচনা কৰাৰ চেষ্টা কৰা হৈছে৷


1. পুৰুষৰ দমনীয় মনোভাৱ:-
পাৰম্পৰিক ধাৰণা অনুসৰি পুৰুষসকলে নাৰীক সদায় এক দমনীয় সত্বা হিচাপে জ্ঞান কৰে, পুৰুষসকলৰ জন্ম দমন কৰিবলৈ আৰু নাৰীৰ জন্ম দমনীয় হ’বলৈৰ দ্বৰে এক মগজুত ব্যৱস্থাৰ ধাৰণা আছে৷আনকি বহু নাৰীয়ে এই ধাৰণাক সমৰ্থন কৰি ভাল পায়৷


2.নাৰীৰ অৰ্থনৈতিক অৱস্থা:-
ভাৰত বৰ্ষত নাৰীক উপাৰ্জনৰ বাব মুক্ত কৰি দিয়া ধাৰণাতো অতি নতুন, পুৰণি কালৰেপৰা নাৰীক গৃহিনী স্বৰূপে আৰু পুৰুষক উপাৰ্জনৰ সমল হিচাপে জ্ঞান কৰা হয়৷ সেই কাৰণে নাৰী অৰ্থনৈতিক ক্ষেত্ৰত পিছপৰা হয় আৰু পুৰুষ তন্ত্ৰৰ দ্বাৰা শোষিত হয়৷অৰ্থনৈতিক ক্ষমতা নথকাৰ বাবে প্ৰতিবাদৰো ক্ষমতা নাথাকে৷নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women


3.শাৰীৰিক সক্ষমতা হীনতা:-
নাৰীৰ শাৰীৰিক সক্ষমতা অলসপ্ৰিয়তাৰ বাবেই হওক বা পুৰুষৰ দমন নীতিৰ বাবেই হওক, কম হোৱা বাবে পুৰুষৰ লগত শাৰীৰিক শক্তিত ফেৰ মাৰিব পৰাকৈ গঢ় দিয়া নহয়৷সেই দুৰ্বলতা পুৰুষৰ ভালকৈ জ্ঞাত হোৱাৰ বাবে নাৰী নিৰ্যাতন বেছিকৈ হয়৷


4.নাৰীৰ পবিত্ৰতা:
পুৰুষতান্ত্ৰিক ব্যৱস্থাত নাৰীৰ দৈহিক পবিত্ৰতা নামেৰে এক স্থিতাবস্থা সৃষ্টি কৰি নাৰীৰ যৌন অধিকাৰ অৱদমন কৰা হৈছে৷আনহাতে নাৰীয়েও পবিত্ৰতা নষ্ট হোৱাৰ ভয়ৰ ধাৰণা বৰ আলসুৱাকৈ পালন কৰি আহিছে৷ গতিকে পুৰুষৰ বাবে এই পবিত্ৰতা নামৰ ধাৰণাৰ অচিলা লৈ নাৰীক মানসিক – শাৰীৰিক অত্যাচাৰ কৰাৰ সহজ পন্থা ৰূপে পৰিগণিত হৈছে৷


5.পুৰুষৰ যৌন চাহিদা:-
পবিত্ৰতা আৰু সামাজিক নীতিৰ প্ৰভাৱৰ বাবে পুৰষৰ যৌন চাহিদাক নাৰীয়ে মুকলি সমৰ্থন নজনায় বা নাৰীয়ে নিজৰ দৈহিক চাহিদাকো লুকাই ৰাখিব বিচাৰে যিহেতু সামাজিক নীতি সমূহ পুৰুষতান্ত্ৰিক হোৱা বাবে পুৰুষৰ ভয়তে নাৰীয়ে যৌন গোপনীয়তা তথা কাম শীতলতাক সমৰ্থন কৰে৷আনহাতে সমাজৰ উচ্চ শ্ৰেণীৰ ধাৰণাৰে নাৰী পবিত্ৰতা নামেৰে নামাকৰণ কৰি নাৰীৰ যৌন চাহিদাক নস্যাৎ কৰা হৈছে৷ফলত আৰ্থিকভাৱে স্বচ্ছল তথা অভিজাত সকলৰ বাদে বাকী পুৰুষ সকলৰ প্ৰাকৃতিক যৌন চাহিদাক অৱদমন কৰাৰ বাহিৰে বেলেগ একো উপায় সামাজিক ব্যৱস্থা মতে নাই৷ ইও নাৰী জনিত অপৰাধৰ এক কাৰণ৷নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women


6.কৰ্মসংস্থাপনহীনতাঃ
জনসংখ্যা বৃদ্ধিৰ লগেলগে উপাৰ্জনক্ষম পুৰুষ সকলো উপাৰ্জনৰ বাবে তীব্ৰ প্ৰতিযোগিতা বা প্ৰত্যহ্বানৰ সন্মুখীন হৈছে৷নিবনুৱা বহু যুৱকৰ বাবে স্বনিয়োজনৰো স্পষ্ট দিশ নথকা বাবে অধিক সময় ব্যস্ততা অবিহনে কটাই আৰু এই সময়তে যৌনতাৰ দ্বৰে প্ৰাকৃতিক কাৰক সমূহৰ প্ৰভাৱত পৰি অপৰাধ সংঘটিত কৰে৷
এই সমস্যাবিলাকৰ উপৰিও আৰু বহু সমস্যা আছে যিবলাকৰ বিষয়ে জনাৰ পিছত নাৰীজনিত অপৰাধৰ প্ৰকৃত কাৰণক অনুভৱ কৰিব পাৰি৷ এই অপৰাধ লাঘৱৰ বাবে নাৰী সকল শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হোৱাৰ অনুশীলন কৰিব লাগিব৷ নাৰীয়ে পুৰুষতান্ত্ৰিকতাৰ পৰা মুক্ত হৈ নিজকে উন্মুক্ত ভাৱে শাৰীৰিক আৰু মানসিকতাৰ সবল স্থিতিৰে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিলে এই সমস্যা অধিকাংশে লাঘৱ হ’ব৷

অসমৰ ইতিহাস।। Assam History Most Important Question & Answers in Assameseclick here

নাৰী নিৰ্যাতন এক সামাজিক সমস্যা

 

নাৰী প্ৰকৃতিৰ অনুপম সৃষ্টি যাৰ অবিহনে এই পৃথিৱীৰ কোনো অস্তিত্বই নাই। নাৰী সৃষ্টি আৰু প্ৰেৰণাৰ চিৰন্তন প্ৰতীক।সৃষ্টিৰ পাতনিৰে পৰা লক্ষ্য কৰিলে দেখা যায় যে, পুৰুষ আৰু নাৰী উভয়ে উভয়ৰ পৰিপূৰক।বৰ্তমান শিক্ষা-দীক্ষাৰ ফালৰ পৰাও নাৰীয়ে পুৰুষৰ সমানে আগুৱাই গৈছে।এগৰাকী নাৰীৰ অশেষ ত্যাগৰ বিনিময়ত ঘৰ,সমাজ আৰু দেশখন উন্নতিৰ জখলাৰে আগবাঢ়ি যাব পাৰে। নাৰীৰ ত্যাগৰ বহু উদাহৰণ আমাৰ চকুৰ আগত জলজল পতপতকৈ জিলিকি আছে।তাৰে এক উদাহৰণ মহাভাৰতৰ গান্ধাৰী।তেনেদৰে মুলাগাভৰু,কনকলতা, জয়মতীৰ ত্যাগৰ নিদৰ্শন আজিও ইতিহাসৰ পাতে পাতে লিপিবদ্ধ হৈ আছে।তেওঁলোকৰ সাহস আৰু সুস্থ মানসিকতাই তেওঁলোকক আদৰ্শৱান নাৰী হিচাপে আমাৰ সমাজ তথা দেশতেই জাকত জিলিকাই ৰাখিছে।নাৰী নিৰ্যাতন এক সামাজিক সমস্যা || Violence Against Women

Souvik

Recent Posts

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online

IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…

24 hours ago

NVS Shillong Recruitment 2026 – PGT TGT Nurse Counselor & Hostel Superintendent | Salary ₹44,900

NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…

3 days ago

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts

MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…

5 days ago

U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now

U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…

5 days ago

DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now

DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…

1 week ago

B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts

B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…

1 week ago