অসমীয়া ৰচনা

গণৰাজ্য দিৱস || Republic Day 26 January 2025

 

গণৰাজ্য দিৱস  || Republic Day 26 january 2025


গণতান্ত্রিক – ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।


গণৰাজ্য – ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্রপ্রধানজন(ৰাষ্ট্রপতি) জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি হ’ব। ৰাষ্ট্রপ্রধানৰ পদবীটো বংশানুক্রমিক নহ’ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব 

 

ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল।


ভাৰতৰ সংবিধানখন Constituent Assembly of India ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়।
স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় উৎসৱৰ দিন ।

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day but unfurled on Republic Day?


১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা পায়। কিন্তু তেতিয়া ভাৰতৰ স্থায়ী সংবিধান নাছিল । ১৯৪৭ চনৰ ২৮ আগষ্টত ড॰ বি আৰ আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা সমিতি গঠন কৰা হয়। ডঃ বি আৰ আম্বেদকাৰ এজন বিজ্ঞ সংবিধান বিশেষজ্ঞ আছিল , তেওঁ প্ৰায় ৬০ খন দেশৰ সংবিধান অধ্যয়ন কৰিছিল । আম্বেদকৰ ক “ভাৰতৰ সংবিধানৰ জনক”( Father of Indian Constitution ) হিচাবে আখ্যা দিয়া হয় ।

 

১৯৪৭ চনৰ ৪ নৱেম্বৰত এখন খচৰা সংবিধান প্ৰস্তুত কৰি সংসদত দাখিল কৰা হয়। সংবিধান সভাৰ প্রথমখন বৈঠক ১৯৪৬ চনৰ ৯ ডিচেম্বৰ সংগঠিত হয় ।ইয়াৰে অস্থায়ী সভাপতি আছিল ডঃ সচ্চিদানন্দ সিনহা

১১ ডিচেম্বৰ ১৯৪৬, সংবিধান সভাৰ স্থায়ী সভাপতি পতা হৈছিল ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু লগতে এইচ. চি. মুখাৰ্জী ক vice- chairman হিচাবে ঠিক কৰা হয় । ২২ জুলাই ১৯৪৭ ত আমাৰ জাতীয় পতাকা গৃহীত হয় । ১৯৪৭ চনৰ ২৯ আগষ্ট ডঃ ভীমৰাও ৰামজী আম্বেদকাৰক সংবিধানৰ খচৰা কমিটিৰ Chairman হিচাপে নিযুক্ত কৰা হয় ।

সংবিধানৰ সাতজন সদস্যৰ নাম বোৰ হল – ডঃ বি আৰ আম্বেদকাৰ, এন গোপালস্বামী আয়েংগাৰ, কৃষ্ণস্বামী আইয়াৰ, কে. এম. মুন্সী, চৈয়দ মহম্মদ সাহদুল্লা ( অসম ), সৰোজিনী নাইডু, বিজয় লক্ষ্মী পণ্ডিত ।


         সংবিধান গৃহীত কৰাৰ পূৰ্বে ২ বছৰ, ১১ মাহ আৰু ১৮ দিনৰ ভিতৰত সংসদৰ সদস্যসমূহ ১৬৬ দিনৰ বাবে মিলিত হয় আৰু মুঠ বৈঠক হয় ১১ বাৰ । কিছু পৰিৱৰ্তনৰ পাছত ১৯৪৯ চনৰ , ২৬ নৱেম্বৰত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংসদৰ ৩০৮ জন সদস্যই নথিখনৰ দুটা হাতে লিখা প্ৰতিলিপিত (এটা হিন্দী, এটা ইংৰাজী) স্বাক্ষৰ কৰে। দুদিন পাছত দেশজুৰি এই সংবিধান গৃহীত হয়। ভাৰতীয় সংবিধানেই হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধান॥

 

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য – click here

       

       ভাৰতীয় সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিক সকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম , সমাজতান্ত্ৰিক , ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে; এই দেশৰ নাগৰিক সকলৰ বাবে ন্যায়বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃত্বভাৱ জাগ্ৰিত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে। “সমাজতান্ত্ৰিক”, “ধৰ্মনিৰপেক্ষ ” ,” সংহতি” , আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্বভাৱ ” – এই শব্দবোৰ ১৯৭৬ চনত সংবিধান সংশোধনীৰ মাধ্যমত সংবিধানৰ লগত সংযোগ কৰা হয়।
পোন প্ৰথমতে সংবিধানত অনুচ্ছেদ আছিল – ৩৯৫ টা, বৰ্তমানে অনুচ্ছেদ আছে – ৪৪৮ টা ।

গণৰাজ্য দিৱস || Republic Day || 26 January 2022/AssamStudyhub.com

প্ৰথম উদযাপন১৯৫০ চনত ২৬ জানুৱাৰী পোন প্ৰথম বাৰৰ বাবে গণতন্ত্ৰ দিৱস পালন কৰা হৈছিল । সিদিনা ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ দেশৰ ৰাজধানী ন্যায়া দিল্লীৰ ৰাজপথত  ঘোঁৰাৰ গাড়ীত উঠি অংশগ্ৰহন কৰে ।


      

 


       ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তম লিখিত সংবিধান । এই সংবিধানত মুঠ ২৪টা অংশ ৪৪৮টা ধাৰা, ১২টা তফছিল আৰু ১১৩টা সংশোধনী আছে। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯ টা। এই সংবিধানখন প্ৰৱৰ্তনৰ লগে লগে পূৰ্বপ্ৰচলিত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে। দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে, ভাৰত চৰকাৰ প্ৰৱৰ্তিত প্ৰতিখন আইনক সংবিধান- অনুসৰিহে কৰা হয়।

 

   At the invitation of Prime Minister Shri Narendra Modi, President of the Republic of Indonesia H.E Prabowo Subianto will pay a State Visit to India from 25-26 January 2025. President Prabowo will also be the Chief Guest for India’s 76th Republic Day celebrations

 

গণৰাজ্য দিৱস ২০২: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি এইচ.ই প্ৰবোৱ ছুবিয়ানটোৱে ২০২৫ চনৰ ২৫-২৬ জানুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিব।ৰাষ্ট্ৰপতি প্ৰবোৱে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবেও মুখ্য অতিথি হিচাপে উপস্থিত থাকিব

 The themes this year are likely to –

Swarnim Bharat: Virasat aur Vikas
This year, the theme for Republic Day celebrations is ‘Swarnim Bharat: Virasat aur Vikas

 

Join us on WhatsApp
Create Your Free Demat Account on GROWW
Souvik

View Comments

  • আগলৈ অধিক এনে লিখনি পঢ়িবলৈ পোৱাৰ আগ্ৰহ থাকিল। আৰু যিসকলে ব্লগটি পঢ়িলে, তেওঁলোকে পাৰিলে কমেণ্টত দুআষাৰ লিখিব। আপোনাৰ কমেন্টে লিখকক যথেষ্ট উৎসাহিত কৰে, আৰু আগলৈ তেওঁ ইয়াতকৈ উৎকৃষ্ট মানৰ পাঠ্য সামগ্ৰী লিখিবলৈ যত্ন কৰিব। আমিও লিখা মেলা কৰোঁ, ৰাইজে যদি আমাৰ লিখনিও পঢ়ি দুটামান ভাল-বেয়া কমেণ্ট কমেণ্ট কৰে, মনলৈ উৎসাহ আহে!🙏

    • অসংখ্য ধন্যবাদ কথাষাৰ ইমান ধুনীয়া কে বুজাই দিয়াৰ বাবে 🙏🙏😇😇 ।। কিছুমান কমেণ্ট এ আমাক আৰু ধুনীয়া কৈ লিখিব উৎসাহ দিয়ে

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago