অসমীয়া ৰচনা

অসমৰ জাতীয় উৎসৱ বিহু || National Festival of Assam Bihu Essay in Assamese

পৰিচয় || Introduction :  অসম বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্ম, সংস্কৃতিৰ ভূমি। অসমত বসবাস কৰা লোকসকলে নিজৰ বিশ্বাস আৰু আচাৰ-ব্যৱহাৰ অনুসৰি নিজৰ নিজৰ উৎসৱ পালন কৰে। কিন্তু বিহু অসমত বসবাস কৰা সকলোৰে উমৈহতীয়া উৎসৱ। ৰাজ্যৰ কোণ-কোণত প্ৰতিটো সম্প্ৰদায়ে উদযাপন কৰে বিহু। গতিকে, বিহু অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ।অসমৰ জাতীয় উৎসৱ বিহু || National Festival of Assam Bihu Essay in Assamese

কেতিয়া অনুষ্ঠিত হয় || When It Is Held: অসমত বছৰটোত তিনিবাৰকৈ বিহু উদযাপিত কৰা হয়। অসমৰ মানুহে তিনিবিধ বিহু পালন কৰে;  ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু।

অসমীয়া চ’ ত মাহৰ অন্তিম দিনটোৰ পৰা আৰম্ভ হোৱা ৰঙালী বিহুটো অসমীয়া নৱবৰ্ষৰ দীঘলীয়াকৈ সাত দিন ধৰি উদযাপন কৰা হয়।

১) গৰু বিহু- চ’তৰ সংক্ৰান্তি
২) মানুহ বিহু – প্ৰথম বহাগ
অসমীয়া নতুন বছৰ
৩) গোসাই বিহু – ২য় বহাগ
৪) কুটুম বিহু – ৩য় বহাগ
৫) নাঙল বিহু – ৪বহাগ
৬) মেলা বিহু – ৫ বহাগ
৭) চেৰা বিহু – ৬ বহাগ,
সাত বিহু

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কঙালী বিহু পালন কৰা হয়।

পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰা হয়।

APSC Previous Years Questions Papersclick here

কেনেকৈ উদযাপন কৰা হয় || How it is Celebrated ৰঙালী বিহু:-গৰু বিহুৰ দিনাৰ পৰাই ৰঙালী বিহু বা বহাগ বিহুৰ আৰম্ভ হয়, সিদিনা ঘৰচীয়া গৰু-ছাগলীক নৈ, জান জুৰি, পুখুৰী আদিৰ পানীত নমাই পানীৰে ভালদৰে গা পা ধুৱোৱাই মাখিয়তী, দীঘলতী আদি গছৰ পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা হালধি আদিৰ মালা গৰুৰ গালৈ দলিয়াই দিয়ে অথবা খাবলৈ দিয়ে বা পিন্ধাই দি – গৰুক সেৱা আৰু মৰম কৰে আশীৰ্বাদ দিয়ে – ” মা ৰ সৰু, বাপে ৰ সৰু, তই হʼবি বৰ গৰু ” ।

বহাগৰ প্ৰথম দিনৰ ৰাতিপুৱা আৰম্ভণিতে সকলোৱে নামঘৰ, মন্দিৰ আদিত প্ৰাৰ্থনা কৰি গোটেই নতুন বছৰ টো শুভ হোৱাৰ কামনা কৰে। নতুন কাপোৰ পিন্ধে , ” বিহুৱান ” লয় আৰু নিজৰ আত্মীয় সকলকো দিয়ে , পিঠা-পনা দৈ-চিৰাৰ জলপান খায় আৰু আনকো দিয়ে। খেল ধেমালীৰ প্ৰতিযোগিতা,  ৰং ৰইচ হাঁহি, বিহু নৃত্য , হুঁচৰি, ঢোল পেপাৰ মাতত চৌদিশ ৰজন-জনাই থাকে কাৰণে এইয়াই আমাৰ পৈত্ৰিক সম্পত্তি বা বাপতি সাহোন – ” ৰঙালী বিহু “।অসমৰ জাতীয় উৎসৱ বিহু || National Festival of Assam Bihu Essay in Assamese

অসমৰ ইতিহাস || Assam History Most Important Question & Answersclick here

কঙালী বিহু:- এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।
       

ভোগালী বিহু :- এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে।

 

অসমৰ জাতীয় উৎসৱ বিহু || National Festival of Assam Bihu Essay



কিয় গুৰুত্বপূৰ্ণ || Why is it Important : ঋতুৰ ঘূৰণীয়াৰ লগত সম্পৰ্ক থকা বাবেই অসমীয়া মানুহৰ বাবে বিহুটো আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। বিহু উদযাপনে অসমৰ সকলো জনজাতি বান্ধি ৰাখিছে শান্তিৰ বলিষ্ঠ সূতাৰে। বিহুৰ সময়ত মানুহে নিজৰ ঈৰ্ষা আৰু ঘৃণা পাহৰি যায় আৰু এইদৰেই ই জাতীয় সংহতিৰ পোষকতা কৰে।

Why BIHU is An IMPORTANT FESTIVAL OF ASSAMclick here

সামৰণি || Conclusionবিহু অসমবাসীৰ জাতীয় উৎসৱ। ইয়াক জাতি আৰু ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে আড়ম্বৰপূৰ্ণ আৰু ৰূপৱতীভাৱে উদযাপন কৰে। অসমীয়া জনসাধাৰণক একক জাতি হিচাপে গঢ়ি তোলাত বিহুৰ এক বৃহৎ তাৎপৰ্য শুনিবলৈ পোৱা যায়।

অসমৰ জাতীয় উৎসৱ বিহু || National Festival of Assam Bihu Essay in Assamese

মাঘ বিহুৰ শুভ উপলক্ষে ইয়াত আমি বাৰ্তা, শুভেচ্ছা, আৰু উদ্ধৃতিৰ তালিকা শ্বেয়াৰ কৰিছো যিবোৰ আপুনি এইবাৰ আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ প্ৰেৰণ কৰিব পাৰে। Bihu Wishes in Assamese

১/ এই বিহুৱে আপোনাৰ জীৱন সমৃদ্ধি আৰু সফলতাৰে ভৰাই তোলক। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি!


২/ এইবাৰ বিহুৱে সকলোৰে বাবে শান্তি, আনন্দ আৰু শুভকামনা কঢ়িয়াই অনাটো কামনা কৰিলোঁ! বিহুৰ শুভেচ্ছা থাকিল!


৩/ আপোনাৰ জীৱনটো বিহুৰ দৰে ৰঙীন আৰু সুখী হওক!


৪/আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আনন্দ আৰু সমৃদ্ধিশালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি! আপোনাৰ জীৱন শান্তি, সুখ, প্ৰেম, সফলতা আৰু ধন-সম্পত্তিৰে ধন্য হওক!


৫/ এই শস্য চপোৱাৰ বতৰটোৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। সুখী আৰু সমৃদ্ধিশালী বিহু!


৬/ এই উৎসৱে বিৰাট সুখ কঢ়িয়াই আনক আৰু আপোনাৰ পৃথিৱীখনক আলোকিত কৰক! আপোনাৰ লগতে আপোনাৰ পৰিয়ালক বিহুৰ শুভেচ্ছা জনালোঁ!


৭) এই বিহুৱে আপোনাৰ বাটত উত্তম সুযোগ কঢ়িয়াই আনক, আৰু আপোনাৰ সকলো প্ৰচেষ্টা বিশাল কৃতিত্বলৈ পৰিণত হওক। আপোনাৰ লগতে আপোনজনক বিহুৰ শুভেচ্ছা জনালোঁ!


৮) এই বিহু আপোনাৰ বাবে আনন্দদায়ক, সমৃদ্ধিশালী আৰু শুভ হওক! আপোনাৰ লগতে আপোনাৰ সমগ্ৰ পৰিয়ালক বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ!


৯/ এই বিহুত আপোনা আৰু আপোনাৰ পৰিয়াললৈ মৰম, উষ্ম শুভেচ্ছা আৰু আলিংগন প্ৰেৰণ!


১০) আমি হয়তো দূৰত আছো কিন্তু আপোনালোক সকলোৱে আমাৰ হৃদয় আৰু প্ৰাৰ্থনাত। বিহুৰ শুভেচ্ছা থাকিল!

 

 

Join Us in WhatsApp click here
Shop on Flipcard click here
Shop at Discount in Myntra click here
AJIO Big Bold Sale  50-60% Off click here
Create Your Free Demat Account on GROWW click here
Get Web Hosting only on Big Rock click here

Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago