• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
    • Class-10 Assamese Application || অসমীয়া আবেদন পত্ৰ 2025/2026
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

Class-9

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

June 17, 2023 by Pubali Patgiri Leave a Comment

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

১। (ক) সাৰথি পুথিখন কাৰ ৰচনা ?
উত্তৰ – সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা।

Class 9 assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer



(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?
উত্তৰ – মানুহে মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি, ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায়।


(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?
উত্তৰ – অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

Class 9 assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

 

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer


(ঘ) সজ ব্যৱহাৰৰ অনুপান কি ?
উত্তৰ – সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা।


(ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয় ?
উত্তৰ – মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়।


Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

(চ) “এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ।”- ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে ?
উত্তৰ – যি শ্ৰেণীৰ মানুহে লগ- লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰে তেনেকুৱা মানুহৰ স্বভাৱ নিচেই পাতল।


(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ?
উত্তৰ – শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।


(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উত্তৰ – ‘বহল ব্যাকৰণ’ সত্যনাথ বৰাৰ ৰচনা।

Class 9 assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

 

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

২।চমুকৈ বুজাই লিখা:

(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ?

উত্তৰ – মানুহ হৈছে সমাজপ্রিয় জীৱ। জন্মৰ পিছৰে পৰা এই সংসাৰত মানুহৰ বহুতৰে সৈতে সম্বন্ধ জন্মে আৰু মানুহে সংসাৰত সমাজ পাতি থাকিব বিচাৰে। সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে । সমাজ জীৱনত ভালকৈ চলি থাকিবলৈ হলে,কাৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব সেই কথা নিশিকিলে বহুত মানুহে জীৱনত নানা কষ্ট ভুগিবলগীয়া হয় । যদিও সজ ব্যৱহাৰ সজ চৰিত্ৰৰ গুণ, তথাপিও চৰিত্ৰ ভাল হ’লেই ভাল ব্যৱহাৰ নহ’বও পাৰে ।আনকি অনেক চৰিত্ৰৱান মানুহ ব্যৱহাৰৰ দোষত আনৰ অপ্ৰিয় হয় । আকৌ অনেক বদ চৰিত্ৰৰ মানুহে ব্যৱহাৰৰ গুণত সকলোৰে মৰম পায় । গতিকে ব্যৱহাৰ মানৱ জীৱনৰ অতি গুৰুত্ত্বপূৰ্ণ দিশ ইয়াক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি ।

মানৱ বন্দনা || Lesson-2 || Class – 9; Assamese Question Answers – click here


(খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে ?

উত্তৰ – দান এক মহৎ গুণ। মানুহৰ কল্যাণৰ অৰ্থে দান কৰা হয়। এই দানৰ কথা দান গ্ৰহন কৰোতা জনে কেতিয়াও পাহৰিবলৈ নালাগে।তেনেদৰে কেটেৰা মাত মাতি দান দিলে সেই দান ও অৰ্থহীন। কেটেৰা কথাই মানুহৰ মনত দুখ দিয়ে । কিছুমান মানুহে অবাবত কেটেৰা মাত মাতি মানুহক কষ্ট দিয়ে । কেটেৰা বা তিতা মাতেৰে মানুহৰ উপকাৰ কৰিলে বা দান কৰিলেও মানুহ নিমিষতে পাহৰি যায়। তেওঁলোকৰ গাত লক্ষ গুণ থাকিলেও তিতা মতে সকলো ঢাকি পেলায় । সেয়েহে জ্ঞানীসকলে বিনয় ভাবেৰে দান কৰিবলৈ   কৈছে।

Class 9 assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

 

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

৩। তাৎপৰ্য বাখ্যা কৰা :


ক) ” নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। “

উত্তৰঃ লেখক সত্যনাথ বৰা দেৱে `অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিত সজ ব্যৱহাৰ আৰু আচৰণৰ কথা কবলৈ গৈ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে। কিয়নো ঔষধৰ এক নিৰ্দিষ্ট অনুপান আছে। সেই অনুপানেৰে ঔষধ খালেহে সি বেছি গুণ দিয়ে ; সেইদৰেই সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি মাৰি কথা কোৱাজনক কোনেও ভাল নাপায়।সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰ ভাৱেৰে শত্ৰু বা খঙাল ব্যক্তিৰো মন জিনিব পাৰি।সেয়ে লেখকে সজ চৰিত্ৰ, সজ ব্যৱহাৰৰ লগতে নিৰ্দিষ্ট অনুপানে নম্ৰতা মিহলাই সকলোৰে ব্যৱহাৰ আৰু অধিক আকৰ্ষণীয় কৰি তুলিব কৈছে।

(খ) ” সোণৰ জেউতি অমান্য কৰিলে নকমে । “

উত্তৰ: সোণ এবিধ অতি উজ্জ্বল ধাতু । এই উজ্বলতাই সকলোকে আকৰ্ষিত কৰে।উজ্জ্বলতাৰ বাবে সোণৰ অলংকাৰ পিন্ধে।ইয়াৰ উজ্জ্বলতা নাই বুলি অমান্য কৰিলেও কেতিয়াও সোণৰ উজ্বলতা বা জেউতি কেতিয়াও কমি নাযায়।ঠিক একেদৰে গুনবন্ত বা মান্যবন্ত ব্যক্তি সদায় সজ গুণ, সজ ব্যৱহাৰৰ অধিকাৰী হয়।তেওঁলোক সমাজৰ একো একোজন শ্ৰদ্ধাশীল ব্যক্তি।কিছুমান মানুহে তেওঁলোকক অমান্য কৰি বৰ পুৰুশালি কৰা যেন ভাবিলেও তেওঁলোকৰ মান্যতা নাইকিয়া নহয়,মান সন্মান ও কমি নাযায়।সেয়ে লিখকে গুনৱন্ত লোকক সোণৰ লগত তুলনা কৰি কৈছে সোণৰ জেউতিৰ দৰে গুণবন্ত লোকৰ সজ গুণ, তেওঁলোকৰ প্ৰতি সমাজে কৰা সন্মান কেতিয়াও নকমে।

Class 9 assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

 

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

Assamese Essay Section – click here

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

শিশুলীলা; Lesson 1 || Class 9 Assamese Question Answer – click here

ভাষা-বিষয়ক :

৪। বিপৰীত শব্দ লিখা –
সুখ , সন্তোষ,সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা,বিনয়, নম্রতা,লঘূ, উচ্চ,নিন্দা,গুপ্ত,দোষ, গহীন, আঢ্যৱন্ত।
উত্তৰ :

সুখ – দুখ
সন্তোষ – অসন্তোষ
সজ – অসজ
চৰিত্ৰৱন্ত – চৰিত্ৰহীন
কপটীয়া – উদাৰ
মিঠা – তিতা
বিনয় – উগ্ৰ
নম্ৰতা – উগ্ৰতা
লঘু – গুৰু
উচ্চ – নীচ
নিন্দা – প্ৰসংশা
গুপ্ত – সদৰী
দোষ – গুণ
গহীন – চঞ্চল
আঢ়্যৱন্ত – দৰিদ্ৰ

৫। বাক্য ৰচনা কৰা:
চকুৰ কুটা, পেটত কথা ৰাখ

উত্তৰ –
চকুৰ কুটা – আনৰ অপকাৰ কৰি ৰবীন গাওঁখনৰ সকলোৰে চকুৰ কুটা হৈ পৰিল।


পেটত কথা ৰাখ – পেটত কথা ৰাখিব পৰাজন সকলোৰে প্ৰিয় হয়।

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

Class 9 Assamese অন্যৰ প্ৰতি ব্যৱহাৰ Question Answer

Filed Under: Class-9 Tagged With: asaam study hub, class 9, class 9 Assamese

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

May 23, 2023 by Pubali Patgiri Leave a Comment

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

১। চমু উত্তৰ দিয়া :

(ক) ” মানুহেই পৰাৎপৰ ” বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰ : মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হল – মানুহেই হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ।

(খ) মানুহক ” ময়াপী জীৱ ” বোলাৰ অৰ্থ কি?

উত্তৰ : এই সংসাৰত জন্ম আৰু মৃত্যু এক চিৰন্তন সত্য।জন্ম লাভ কৰি মানুহে এই সংসাৰত মায়া মোহৰ এনাজৰীৰে বান্ধ খাই পৰে।মায়া এৰিব নোৱাৰি মৃত্যুৰ পিছতো পুনৰ মানৱী জনম ল ‘ব বিচাৰে। সেয়েহে কবিয়ে মানুহক মায়াপী জীৱ বুলিছে।

(গ) পাদ্য – অৰ্ঘ্য লৈ পূজা কৰাৰ অৰ্থ কি?

উত্তৰ : পাদ্য – অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ হ ‘- দেৱতাৰ পূজা কৰাৰ পৰিবৰ্তে মানৱ পূজা কৰা অৰ্থাৎ মানুহৰ সেৱা শুশ্ৰূষা কৰা। Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

Assam Competitive Examination Previous Years Question Papers – click here

২। ‘ মানৱ বন্দনা ‘ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ ভাষাৰে লিখা।

উত্তৰ : প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ” মানৱ বন্দনা ” কবিতা টিৰ মাজেৰে কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰকৈ প্ৰকাশ পাইছে। এই পৃথিৱীত চামে চামে মানুহৰ জন্ম ও হৈছে আকৌ মৃত্যু ও হৈছে। জন্ম আৰু মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়া।এই সংসাৰত মানুহ মায়াপাশত আবদ্ধ হৈ পৰে।সেয়ে কবিয়ে মানৱী জনমটো মানুহৰ কল্যাণৰ হকে কাম কৰি অতিবাহিত কৰিবলৈ আহ্বান জনাইছে।মানুহৰ বাবে কাম কৰি পোৱা মৰমেই হৈছে মানুহৰ ধৰ্ম।কাৰণ মানুহেই হ ‘ল মানুহৰ পৰম বন্ধু।এই পৃথিৱীত আদি বুলিবলৈ মানুহৰ বাহিৰে আন কোনো নাই।কবিৰ মতে,স্বৰ্গ বুলিলে আন একো নাই,মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰ্ততেই স্বৰ্গীয় সুখ লাভ কৰিব পাৰি।সেয়েহে কবিয়ে শেষত জীৱশ্ৰেষ্ঠ মানুহকেই নৰৰূপী ভগৱান বুলি গণ্য কৰি পাদ্য অর্ঘ্য লৈ দেৱতাৰ পূজাৰ সলনি মানুহৰ সেৱা কৰাটোৱেই প্ৰধান কৰ্তব্য বুলি কবলৈ বিচাৰিছে। Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

৩। ” এই যে পৃথিৱী স্বৰ্গতকৈ অধিক মানুহৰ নিজপী ঘৰ । ” — কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰ : এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ — ইয়াত কবিয়ে নিজাপী ঘৰ মানে নিজস্ব ঘৰ খনি অৰ্থাৎ এই পৃথিৱীৰ কথা কৈছে। এই পৃথিৱীত মানুহৰ মানুহেই হৈছে লগ – সংগ। পৃথিৱীত মানুহে কতো যে বিভিন্ন ধৰণৰ মানুহৰ সতে চিনাকী হয়। জানি য়ে হক বা অজানিতে মানুহে সহজে পৰস্পৰৰ সৈতে এনাজৰীৰে বান্ধ খায়। মানুহে সংসাৰত থকা কালছোৱাত কতো সুখ, দুখ, ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় তথাপিতো মানুহে এই সংসাৰ ত্যাগ কৰিব নিবিচাৰে। এই পৃথিৱী খনেই সুখৰ আলয়। ইয়াতে কবিয়ে নিজৰ ঘৰৰ দৰে প্ৰকৃত সুখ বিচাৰি পায় বুলি কৈছে।

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা
Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

৪। তাৎপৰ্য ব্যাখ্যা কৰা —

(ক) মানৱী জনম দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম বুজিবা মানুহে

ধৰম যে মৰমতে।

উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ ৰচিত ” মানৱ বন্দনা” নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে।

মানুহৰ কল্যাণৰ হকে কাম কৰি জীৱন অতিবাহিত কৰাটোৱেই মানুহৰ প্ৰধান ধৰ্ম বুলি কবিয়ে উদ্ধৃত কবিতাফাকিৰ জৰিয়তে কবলৈ প্ৰয়াস কৰিছে।

আগমন আৰু গমন এই সংসাৰৰ সদা ৰীতি।তথাপি ও মানৱ দৰদী কবিজনে জীয়াই থকা কালছোৱা মানুহৰ মংগলৰ অৰ্থে কাম কৰাটোৱে পৰম কৰ্তব্য বুলি কৈছে।সংসাৰত মানুহে মায়াৰ পাশত বন্দী হৈ ভাল বেয়া বিচাৰ কৰিব নোৱাৰা হৈ পৰে।কবিয়ে মানৱক যিহেতু জীৱ শ্ৰেষ্ঠ বুলি কৈছে সেয়ে মানুহক সকলোৰে লগত মৰম চেনেহেৰে থাকিবলৈ উপদেশ দিছে।অৰ্থাৎ মানুহৰ প্ৰতি দয়াশীল আৰু মৰমিয়াল হৈ কৰণীয় কামবোৰ কৰি যোৱাই মানুহৰ পৰম ধৰ্ম বুলি কবলৈ বিচাৰিছে। Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

(খ) মানুহেই দেৱ মানুহেই সেৱ

মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অঘ্য লই

জয় জয় জয় মানৱ দেৱ।

উত্তৰ – মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

এই পৃথিৱীত মানুহেই হ’ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। এই চৰাচৰৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানব সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

শিশুলীলা; Lesson 1 || Class 9 Assamese Question Answer – click here

৫। সমাৰ্থক শব্দ লিখা

মানুহ -মানৱ, নৰ, মনুষ্য

সংগ – লগ, বন্ধু, লগৰীয়া

পৃথিৱী – ধৰা, ধৰিত্ৰী , বসুন্ধৰা

সোঁত-ঢৌ, লহৰ, ধাৰ

স্বৰ্গ – সৰগ

৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।



ধৰ্ম: ধৰম

কৰ্ম : কৰম

মৰ্ত : মৰত

কৰ্ণ: কাণ

 

অতিৰিক্ত প্রশ্নোত্তৰঃ Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

প্রশ্ন ১। মানৱ বন্দনা ‘কবিতাটি কাৰ ৰচনা?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা।

প্রশ্ন ২। চন্দ্ৰকুমাৰ গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত কেইখন কি কি আছিল?

উত্তৰঃ চন্দ্ৰকুমাৰে গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত দুখন আছিল ‘জোনাকী’ আৰু ‘সাদিনীয়া অসমীয়া’।

 

প্রশ্ন ৩। চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ কোনখন কলেজত পঢ়িছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িছিল। Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

প্রশ্ন ৪। চন্দ্ৰকুমাৰে স্নাতক উপাধি লৈছিলনে?

উত্তৰঃ চন্দ্ৰকুমাৰে স্নাতক পঢ়িও উপাধি পৰীক্ষা দিয়া নাছিল।

প্রশ্ন ৫। শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে কি কৰিছিল?

উত্তৰঃ শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে ছপাশাল আৰু চাহ বাগিচা পৰিচালনাৰ কাম কৰিছিল। Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

প্রশ্ন ৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।

প্রশ্ন ৭। অসমীয়া কাব্য-সাহিত্যত চন্দ্ৰকুমাৰ কি কবিৰূপে জনাজাত?

 

উত্তৰঃ অসমীয়া কাব্য-সাহিত্যত চন্দ্ৰকুমাৰ ৰোমাণ্টিক কবিৰূপে জনাজাত।

প্রশ্ন ৮। কাক ‘প্ৰতিমাৰ খনিকৰ’ বোলা হয়?

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্রতিমাৰ খনিকৰ’ বোলা হয়।

প্রশ্ন ৯। অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি কোন?

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি।

প্রশ্ন ১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতাটোৰ নাম কি?

উত্তৰঃ ‘বনকুঁৱৰী’ নামৰ কবিতাটি চন্দ্ৰকুমাৰৰ প্ৰথম ৰোমাণ্টিক কবিতা।

প্রশ্ন ১১৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’ এই দুখন চন্দ্ৰকুমাৰৰ কবিতা পুথি।

প্রশ্ন ১২। ‘প্রতিমা’ কবিতা পুথিখনি পঢ়ি ৰসৰাজ বেজবৰুৱাই দিয়া মন্তব কি?

উত্তৰঃ ‘প্ৰতিমা’ কবিতা পুথি পঢ়ি ৰসৰাজ বেজবৰুৱাই মন্তব্য কৰিছিল— ‘প্ৰতিমাখনি সৰু কিন্তু নিৰ্ভাঁজ সোণৰ।’

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

প্রশ্ন ১৩। ‘মানৱ বন্দনা’ কবিতাটি ক’ৰ পৰা অনা হৈছে?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিৰপৰা ‘মানৱ বন্দনা’ কবিতাটি অনা হৈছে।

প্রশ্ন ১৪। ‘মানৱ বন্দনা’ কবিতাত কবিয়ে কাক শ্ৰেষ্ঠ বুলি কৈছে?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে মানুহক শ্রেষ্ঠ বুলি কৈছে।

প্রশ্ন ১৫৷ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে কাৰ জয় বুলি ঘোষণা কৰিছে?

উত্তৰঃ ‘মানব বন্দনা’ কবিতাত কবিয়ে মানৱ-দেৱতাৰ জয় বুলি ঘোষণা কৰিছে।

প্রশ্ন ১৬। ‘মানৱ বন্দনা’ কবিতাত কবিয়ে ধৰম ক’ত থকা বুলি কৈছে?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে মানুহে মানুহৰ মৰম বুজি পোৱাতে ধৰম থকা বুলি কৈছে।

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

Filed Under: Class-9 Tagged With: asaam study hub, class 9, class 9 Assamese

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

May 19, 2023 by Pubali Patgiri Leave a Comment

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

প্ৰশ্নাৱলী : শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
—-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন ?
উত্তৰ – কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী শ্ৰী কৃষ্ণৰ মাতৃ যশোদা।


(খ) ‘কৰ্ণত কুণ্ডল দোলে অতি।’
—কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে ?
উত্তৰ – ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে।


(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
—-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

উত্তৰ – ইয়াত শ্ৰী কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে।


(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
—-‘মথনি’ শব্দৰ অৰ্থ কি?

উত্তৰ – মথনি শব্দৰ অৰ্থ হ ‘ ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।


(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে ?
উত্তৰ – ইয়াত শ্ৰী কৃষ্ণক বান্ধিবলৈ অনা জৰীৰ নাটনি হৈছে।


(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।
—-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰ – ইয়াত মাতৃ যশোদাৰ কেয়ুৰ কংকনৰ ‘ ৰুণ ঝুণ ‘ শব্দৰ কথা কোৱা হৈছে।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।


উত্তৰ – শ্ৰী মন্ত শঙ্কৰদেৱ বিৰচিত শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। পাঠটিত শ্ৰী কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও এক সাধাৰণ বালকৰ শিশু সুলভ আচৰণ প্ৰতিফলিত হৈছে।সাধাৰণ শিশুৱে যিদৰে সৰু সৰু কথাতে মাকক অভিমান কৰি ঠেহ ধৰি নানা উদ্ভাণ্ডলি কৰে সিদৰে শ্ৰী কৃষ্ণই ও মাক যশোদাৰ সৈতে অভিমান কৰি কোঠালীৰ ভিতৰত সোমাই শিকিয়াত বান্ধি থোৱা দধিৰ টেকেলি বোৰ দলিয়াই ভাঙি চাৰিওফালে ছটিয়াই দি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে।যেতিয়া মাকে দুষ্টামি বোৰ চাই খঙতে খেদিছে তেতিয়া সাধাৰণ শিশুৰ দৰে মাকৰ ভয়তে পলাই ফুৰিছে। এয়া যেন এক আমাৰ অতি চিনাকি শিশুৱে কৰা দুষ্টালি হে। ‘ শিশুলীলা ‘ পাঠটিত এয়া শ্ৰী কৃষ্ণৰ এক অতি মোহনীয় মানৱীয় ৰূপ। শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন-ঘোষা‘ৰ বিষয়ে এটি চমুটোকা লিখা।


উত্তৰ – ‘ কীৰ্ত্তন ঘোষা ‘ হৈছে প্ৰায় ৫০০ বছৰ পূৰ্বে শ্ৰী মন্ত শঙ্কৰদেৱৰ ‘ এক শৰণ নাম ধৰ্ম ‘ প্ৰচাৰৰ অৰ্থে ৰচনা কৰা এখন কাব্য। কীৰ্ত্তন ঘোষা হৈছে শ্ৰী মন্ত শঙ্কৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ।তেখেতৰ এই পুথিখনই শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়।ধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱাত কীৰ্ত্তন ঘোষাৰ খণ্ড সমূহো ভিন ভিন ঠাইত ৰচনা কৰিছিল।শ্ৰী মন্ত শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনীয়েকক খণ্ড সমূহ সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। এই উপদেশ মৰ্মে ভাগিনীয়েক ৰামচৰণ ঠাকুৰে কীৰ্তনৰ খণ্ড সমূহ সংগ্ৰহ কৰি মাধৱদেৱৰ হাতত দিয়ে। কীৰ্ত্তন ঘোষাত শঙ্কৰদেৱৰ বিৰচিত ২৭ টা অধ্যায় সন্নিৱিষ্ট আছে।

SEBA HSLC Examination Previous Year’s Question & Answers – click here

৪। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।


উত্তৰ – শিশুলীলা পাঠটো শ্ৰী মন্ত শঙ্কৰদেৱৰ দ্বাৰা ৰচিত ‘ কীৰ্ত্তন ঘোষা ‘ পুথিৰ অন্তৰ্গত।ইয়াত শ্ৰী কৃষ্ণৰ মানৱী শিশু সুলভ ৰূপ প্ৰকাশিত হৈছে।পৰম ব্ৰহ্ম ভগৱান শ্ৰী কৃষ্ণ হৈছে ত্ৰিজগত অৰ্থাৎ স্বৰ্গ , মর্ত , পাতালৰ অধিপতি।তেখেতেই ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে নানা চাতুৰি খেলি সাধাৰণ শিশুৰ দৰে যশোদাৰ ঘৰত প্ৰতিপালিত হৈছে।সাধাৰণ গোপশিশু সকলৰ দৰেই শ্ৰী কৃষ্ণয়ো মাতৃ যশোদাৰ ওপৰত অভিমান কৰি কাষতে পোৱা ভাণ্ডবোৰ শিলেৰে দলিয়াই ভঙাত মাকে খেদি ফুৰাত মাকলৈ ৰং চাইছে।ভগৱান হৈছে ভক্তৰ অধীন।তেওঁ প্ৰকৃত ভক্তৰ মনোকামনা সদায় পূৰণ কৰে।যিজনক মহাযোগী সকলে দিনে নিশাই তপস্যা কৰিও লাভ কৰিব পৰা নাই সিজনক যশোদাই পুত্ৰৰূপে নিজ গৃহত লাভ কৰিছে।তথাপিতো কৃষ্ণৰ লীলা নুবুজি সাধাৰণ শিশু বুলি খেদি ফুৰিছে।শেষত যশোদাই কৃষ্ণক উৰালত বান্ধিব প্ৰয়াস কৰিও বিফল হৈছে।


এই পাঠটিৰ জৰিয়তে ভগৱান শ্ৰী কৃষ্ণৰ আৰু মাতৃ যশোদাৰ এক অপূৰ্ব লীলাখেলা প্ৰতিফলিত হৈছে।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

৫। ‘তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উড়ুখলে।’ —-কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা
।


উত্তৰ –শ্ৰী কৃষ্ণ হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা,ত্ৰানকৰ্তা।যাৰ এবাৰ দৰ্শন পাবলৈ মহা মুনি গণে বহু বহু বছৰ তপস্যা কৰে।যশোদা ও অনেক ভকতিৰ ফলত শ্ৰী কৃষ্ণক পাবলৈ সক্ষম হৈছে।সাধাৰণ শিশু ভাবি যশোদাই নিজ পুত্ৰই অভিমান কৰি যেতিয়া গোটেই ঘৰৰ দধি ভাণ্ড ভাঙি তলপাৰ কৰিছিল, মাতৃ য়ে লাঠি লৈ কৃষ্ণক মাৰিবলৈ দৌৰি ফুৰিছিল।শেষত যেতিয়া শ্ৰী কৃষ্ণই মাক যশোদাৰ কাষ চাপিছিল, দুষ্টালি কৰাৰ বাবে মাকে ৰছী এডালেৰে কৃষ্ণক উৰালত বান্ধি থবলৈ চেষ্টা কৰিছিল। ইয়াকে দেখি কবিয়ে কৈছে যিজনৰ আদি অন্ত পূৰ্বাপৰ নাই,যিজন পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ,মানৱ ৰূপে আবিৰ্ভাৱ হৈ নানা মানৱীয় লীলা খেলাৰে জগতবাসীক ঈশ্বৰ ভক্ত কৰিবলৈ চেষ্টা কৰিছে। শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।’ —- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।


উত্তৰ – শ্ৰী কৃষ্ণ হৈছে পূৰ্ণব্ৰহ্ম অৱতাৰ।তেখেতৰ আদি, অন্ত বুলিবলৈ একোৱে নাই।ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে প্ৰতিটো কালতে একো একোজন মনুষ্য ৰূপে ভক্তৰ গৃহত জন্ম লাভ কৰে।
মাতৃ যশোদাৰো ভকতিত সন্তুষ্ট হৈ যশোদাক মাতৃ ৰূপে গ্ৰহণ কৰি যশোদাৰ লগত নানান লীলা খেলাৰে দিন পাৰ কৰিছে।যশোদায়ো পুত্ৰস্নেহত মোহিত হৈ পুত্ৰই কৰা অভিমান বোৰ পূৰণ কৰি গৈছে।যিদৰে সাধাৰণ শিশুৱে কিবা বিচাৰি নাপালে আভিমান কৰি মাকৰ ওচৰত ঠেহ পাতে এইদৰে কৃষ্ণয়ো অভিমান কৰি দধিৰ টেকেলী বোৰ ভাঙি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে।এই দৃশ্য দেখি মাতৃযে খঙতে কৃষ্ণক খেদি ফুৰিছে।অৱশেষত মাক ভাগৰি পৰাত শ্ৰী কৃষ্ণই নিজেই বন্দীত্ব স্বীকাৰ কৰিছে।ধৰা দিলত মাতৃয়ে ও কৃষ্ণক ৰছীৰে উৰালত যিমানে বান্ধিবলৈ চেষ্টা কৰিছে প্ৰতিবাৰে যেন দুই আঙুলিকে ৰছীৰ নাটনি হৈছে। এয়া আছিল শ্ৰী কৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য।শেষত যেনিবা সেই মাহাত্ম্য তেওঁ সম্বৰণ কৰাত মাকে তেওঁক বান্ধিব পাৰিলে। উক্ত পদ ফাঁকিৰ জৰিয়তে শ্ৰী কৃষ্ণৰ অপাৰ মহিমাৰ কথা কবলৈ প্ৰয়াস কৰিছে। 
শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

Assamese Essay Section – click here

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


৭। বাখ্যা কৰা :

(ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।


উত্তৰ – উদ্ধিত পদ ফাকিৰ জৰিয়তে কবিয়ে মাক যশোদাৰ ভয়ত শিশু কৃষ্ণ মানৱ শিশুৰ দৰে পলোৱাৰ কথা কবলৈ বিচাৰিছে।
শ্ৰী কৃষ্ণ ত্ৰিজগতৰ পতি।ভক্তৰ ভকতিৰ অধীন হৈ ত্ৰিজগতৰ পতি হৈও তেখেত সাধাৰণ শিশুৰ দৰে মাক যশোদাৰ ভয়ত থৰহৰি কম্পমান কৰি মাৰৰ ভয়তে দৌৰি পলাইছে।যিজনক মহাযোগী সকলে কঠোৰ ধ্যান কৰিও পাবলৈ অপাৰগ সেইজনে মাকৰ ভয়তে পলাই ফুৰিছে। এয়া সম্ভৱ হৈছে একমাত্ৰ ভক্তিৰ বলতহে।ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভক্তৰ মনোকামনা পূৰণ কৰিবলৈয়ে শ্ৰী কৃষ্ণ সাধাৰণ শিশু ৰূপে জন্মিছে । এয়া স্বয়ং ভগৱান ৰে লীলা খেলা। সাধাৰণ মানুহে ইয়াৰ তত্ত্ব বুজিব নোৱাৰে ।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।।


উত্তৰ – উদ্ধিত পদ ফাকিত কবিয়ে যশোদাই শ্ৰী কৃষ্ণৰ দুষ্টালি সহিব নোৱাৰি গালি পৰাৰ প্ৰসংগত কৈছে।
মাতৃ যশোদাই শ্ৰী কৃষ্ণক স্তন পান কৰোৱাৰ সময়তে যেতিয়া চৌকাত বহাই থোৱা গাখীৰ উতলি পৰাত কৃষ্ণক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ দৌৰিছিল তেতিয়া কৃষ্ণই খঙতে দধিৰ ভাণ্ড বোৰ ভাঙি সকলো লণ্ড ভণ্ড কৰিছিল।তাকে দেখি মাতৃয়ে খঙতে কৃষ্ণৰ পিছে পিছে দৌৰিছিল আৰু কৃষ্ণই কৰা দুষ্টালিৰ বাবে গালি পৰাৰ প্ৰসংগত উক্ত পদ ফাকিৰ অৱতাৰণা কৰিছে।ইয়াৰ মাজেৰে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ পাইছে।



(গ) পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদেন্ত।।


উত্তৰ – উদ্ধিত পদ ফাকিৰ মাজেৰে মাতৃ আৰু পুত্ৰৰ মাজত এক খং অভিমানৰ চিত্ৰ প্ৰতিফলিত হৈছে।
যশোদাই কৃষ্ণক স্তন পান কৰাৰ পৰা বিৰত কৰি নিজৰ কামত ব্যস্ত হৈ পৰাত কৃষ্ণই খঙত দধিৰ ভাণ্ড শিলগুটিৰে ভাঙিছে কোঠালিত চাৰিওফালে সিচঁৰিত কৰি নিজৰ লগতে বান্দৰকো খুৱাইছে। এই দেখি যশোদাই হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ লৰ মাৰিছে।কৃষ্ণই য়ো সাধাৰণ শিশুৰ দৰে মাকৰ খং উঠা দেখি পাৰেমানে পলাই হাত সাৰিব বিচাৰিছে।শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

Financial Education in Assamese – click here

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer
শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer
শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer



৮। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।


উত্তৰ – মহাপুৰুষ শ্ৰী শঙ্কৰদেৱ বিৰচিত ‘ কীৰ্ত্তন ঘোষা ‘ ৰ অন্তৰ্গত ‘ শিশুলীলা ‘ পাঠটো এক গভীৰ অৰ্থ প্ৰকাশক।ইয়াত শ্ৰী কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্বৰ এক সুন্দৰ প্ৰতিচ্ছবি বৰ্ণিত হৈছে। এফালে যিদৰে কৃষ্ণৰ সাধাৰণ শিশু সুলভ ৰূপ আনফালে ভগৱত ৰূপটিৰ কথাও বৰ্ণনা কৰিছে।
ভক্তৰ ভক্তিত সন্তুষ্ট হৈ সাধাৰণ শিশুৰ দৰে মাকৰ কোলাত উঠি স্তন পিবলৈ ইচ্ছা কৰিছিল।জুইত বহাই থৈ অহা গাখীৰ উতলাত কৃষ্ণক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ যোৱা দেখি খং অভিমানতে শিলগুটি ৰে শিকিয়াত ওলোমাই থোৱা দধিৰ ভাণ্ড ভাঙিছে।মাকেও পিছতে খেদি আহোঁতে ভয়তে সাধাৰণ শিশুৰ দৰে পলাই ফুৰিছে।ইয়াৰ মাজেৰে শ্ৰী কৃষ্ণৰ শিশু সুলভ মানৱীয় ৰূপত ধুনীয়াকৈ প্ৰকাশ পাইছে।
আনহাতে শ্ৰী কৃষ্ণ অনাদি,অনন্ত ত্ৰি জগতৰ অধিপতি।মাতৃ যশোদাই ভকতিৰ বলেৰে কৃষ্ণক পুত্ৰ ৰূপে পাবলৈ সক্ষম হৈছে।কিন্তু যশোদাই খং কৰা দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখুৱাইছে।মাতৃ যশোদাই কৃষ্ণক উৰালৰ সৈতে ৰছীৰে বাৰম্বাৰ বান্ধিব চেষ্টা কৰিও যেন ভাগৰি পৰিছে।কৃষ্ণই চতুৰালি কৰি বাৰে বাৰে দুই আঙুলি জৰিৰ নাটনি কৰিছে।এইদৰে ঐশ্বৰিক মাহাত্ম্য ৰ কথাও কবিয়ে কবিতাৰ মাজেৰে কবলৈ প্ৰয়াস কৰিছে।


শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


৯। মহাকোপে কোঠা পশিলন্ত
সিঞ্চিৰাই লৱনু ভুজন্ত।।- কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।


উত্তৰ – শ্ৰী কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।
মাতৃ যশোদাই দধি মথি থাকোঁতে কৃষ্ণ স্তন পিবলৈ মাকৰ কাষলৈ আহিছিল।মায়া ভৰা মুখখনিলৈ চাই ৰ ‘ব নোৱাৰি যশোদাই ও কৃষ্ণক কোলাত তুলি লৈ স্তন পান কৰাইছিল।তেনে সময়তে কাষতে চৌকাত বহাই থোৱা গাখীৰ উতলাত মাকে কৃষ্ণক নমাই থৈ গাখীৰ নমাবলৈ দৌৰিছিল।তাকে দেখি কৃষ্ণই আভিমান কৰি কোঠালিৰ ভিতৰলৈ সোমাই ওলোমাই থোৱা লৱনু ভাণ্ড বোৰ ভাঙি চাৰিওফালে ছটিয়াই খাইছিল।



১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উত্তৰ – কৃষ্ণক ধৰিবলৈ মাতৃ যশোদাই কৃষ্ণৰ পিছে পিছে দৌৰি ভাগৰি পৰিছিল ।যশোদাৰ ধুনীয়াকৈ খোপাত লগোৱা ফুল ও খহি পৰিছিল।মাকক ভাগৰি পৰা দেখি কৃষ্ণই পিছত নিজেই আহি মাতৃৰ ওচৰত ধৰা দিছিল।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


ভাষা বিষয়ক :

১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা :
কৰ্ণ : কাণ
অৰুণ : সূৰ্য , ৰবি
দধি : দৈ
বস্ত্ৰ : কাপোৰ , বসন
বদন : মুখ
লৱনু : মাখন
কোপ : খং , ৰাগ
দশন : দাঁত , দন্ত
দুগ্ধ : গাখীৰ
ঈশ্বৰ : ভগৱান , প্ৰভু



১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা :

তাহাঙ্ক : তেওঁক
নোজোৰে : নাটে
খসি : খহি
ৰহিল : ৰ ‘ল
আসি : আহি
ভৈলা : হ’ল
আসান্ত : আহিছে
শিলায়ে : শিলেৰে
কাম্পে : কঁপে
মাৱক : মাকক
বসি : বহি
প্ৰয়াসি : চেষ্টা কৰি
খেদন্ত : খেদিলে



১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখা :


অৰুণ : ঋ, ৰ, ষ ৰ পিছত থকা `নʼ ৰ ঠাইত `ণʼ হয়।
কঙ্কণ : কিছুমান শব্দত স্বাভাৱিকতে ‘ ন ‘ `ণʼ হয়।
কৰ্ণ : ঋ, ৰ, ষ ৰ পিছত থকা `নʼ ৰ ঠাইত `ণʼ হয়।
ভাণ্ড : `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হয়।
নিষেধ : ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ হয়।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

50 Assam GK Question Answers – click here


১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰ – আসি, দেখন্তে, পশি, বসি, দেখিয়া, পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

IMPORTANT WEB-LINKS
✅ Official Website Click Here
✅ WhatsApp Group For All HSLC Solutions Click Here
✅ For Jobs Update Government job opportunities Click Here
✅ Telegram Group click here
✅ FaceBook Page  click here

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

Filed Under: Class-9 Tagged With: class 9, class 9 Assamese

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬ December 25, 2025
  • Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December December 22, 2025
  • মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese October 30, 2025
  • মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer October 28, 2025
  • পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা October 25, 2025

Class-10 HSLC

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14

SOURCES OF ENERGY Class -10 Solutions for Science Chapter -14 PAGE – 243 What is a good source of energy? Ans: A good source of energy fulfills the following criteria –  It produces a lot of heat per unit mass. It does a huge amount of work per unit mass. It is easily accessible. It […]

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2026 AssamStudyHub.Com

 

Loading Comments...