• Skip to primary navigation
  • Skip to main content
  • Skip to primary sidebar
  • Skip to footer

Assam Study Hub

A Store For Every Student's Need.

Assam Study HUB

এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

  • Home
  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam
  • SEBA Class 10 Assamese Medium & English Medium Solutions
  • SEBA HSLC English Grammar in Assamese
  • Important Essay for Class 10 HSLC SEBA 2026
  • অসমীয়া ৰচনা Assamese Essay 2025
  • Assamese News Room
  • Previous year Question Papers
    • Assam Competitive Examination Previous Years Question Papers
    • SEBA HSLC Previous Year Question Papers
  • APSC Assam Previous Year’s Question Papers Contents
  • বৈদিক গণিত
  • সাধাৰণ জ্ঞান ৷৷ Assam Gk
  • Human Body
  • हिंदी अनुभाग
    • निबंध
    • समारोह
  • Financial Education in Assamese
  • Basic Mathematics
  • Computer Information
  • DIVISION FROM 0 TO 11

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য

January 25, 2025 by Souvik Leave a Comment

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day but unfurled on Republic Day?

Why do we Celebrate গণৰাজ্য দিৱস || Republic Day 26 January – click here

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day but unfurled on Republic Day?
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day but unfurled on Republic Day?

 

ভাৰতবৰ্ষত বিশেষকৈ দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/ উন্মোচন কৰা হয় । সেই বিশেষ দিন দুটা হ’ল ১৫ আগষ্টৰ স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ দিৱস । প্ৰথমটোক ইংৰাজীত Independence Day আৰু দ্বিতীয়টোক Republic Day বুলি কোৱা হয় ।


দুয়োটা দিনতে ৰাষ্ট্ৰীয় পতাকা যদিও সাধাৰণতে উত্তোলন কৰা বুলি কোৱা হয় তথাপি দুয়োটা দিনৰ পতাকা উত্তোলন একে ধৰণৰ নহয় আৰু উত্তোলনৰ অৰ্থও একে নহয় ।

Finacial Education in Assamese – click here


প্ৰথম কথা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত পতাকাখন তলতে সামৰি বা নুৰাই লৈ বান্ধি থোৱা হয়৷ উত্তোলনৰ সময়ত ক্ষীপ্ৰ গতিৰে ওপৰলৈ নি তৎক্ষণাৎ খুলি দিয়া হয় । ইংৰাজীত ইয়াক Flag hoisting বুলি কোৱা হয় । ইয়াক প্ৰকৃততে ধ্বজ আৰোহণ বা ধ্বজ উত্তোলন বুলি কয়। কাৰণ ১৫ আগষ্টতে প্ৰথমবাৰ চৰকাৰীভাৱে বৃটিছৰ পতাকা নমাই ভাৰতৰ পতাকা আৰোহণ কৰা হৈছিল । উত্তোলন বা আৰোহনৰ অৰ্থ হ’ল ভাৰতবৰ্ষই যুঁজি যুঁজিহে স্বাধীনতা লাভ কৰিছে বা ৰামজখলাৰ প্ৰোন্নত স্থানত উপনীত হ’ব পাৰিছে ।


আনহাতে গণৰাজ্য দিৱসত পতাকাখন একেবাৰে ওপৰত সামৰি বা নুৰাই বান্ধি থোৱা হয় আৰু ওপৰতেই খলি বা মেলি দিয়া হয় । ইয়াক উত্তোলন বা আৰোহন নুবুলি উন্মোচন বুলি কোৱা হয় । ইংৰাজীত Flag unfurl বুলি কোৱা হয় । ইয়াৰ অৰ্থ এই দিনটোত আমি নিজা সংবিধান মতে সকলো প্ৰজা অনুশাসিত হওঁ আৰু আমি কাৰো অধীন নহয় । অৰ্থাৎ আমি প্ৰজা হিচাবে মুক্ত আৰু নিজে নিজক শাসন কৰিম । মুক্ত অৰ্থ বুজাবলৈ পতাকাখন কেৱল মেলি দিয়া বা উন্মোচন কৰাহে হয় । উন্মোচন শব্দৰ অৰ্থ মুকলি কৰা । উল্লেখ্য যে ১৯৪৯ চনৰ ২৬ নবেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয় ।‌ সেইদিনাৰ পৰাই ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য Sovereign Democratic Republic ৰূপে ঘোষণা কৰা হৈছে।‌ সেই বাবেই ২৬ জানুৱাৰী তাৰিখটোক গণতন্ত্ৰ দিৱস হিচবে প্ৰতি বছৰে পালন কৰা হয় ।

দ্বিতীয় কথা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ত PM (Head of the govt.)-এ Red Fort-ত আৰু ৰাজ্যিক পৰ্যায়ত CM-এ নিজৰ নিজৰ ৰাজধানীত ধ্বজাৰোহণ বা পতাকা উত্তোলন কৰে। এইদিনা ৰাষ্ট্ৰপতি (Constitution Head) আৰু ৰাজ্যপালে (for state level) ক’তো পতাকা উত্তোলন নকৰে। কাৰণ ২৬ জানুৱাৰী ১৯৫০ চনৰ আগলৈকে ভাৰতত সংবিধান নাছিল৷


আনহাতে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যপালে নিজ ৰাজধানীত পতাকা উন্মোচন কৰে ৷ ইংৰাজীত ইয়াক flag unfurl বুলি কয় । সেইদিনা প্ৰধানমন্ত্ৰী আৰু একেদৰে ৰাজ্যবোৰত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন নকৰে । কাৰণ সংবিধান মতে সেই দিনটোৰ পৰাহে সংবিধান মতে প্ৰজাসাধাৰণ শাসিত হয় আৰু সংবিধানৰ মুৰব্বী ৰাষ্ট্ৰপতিহে ।


তৃতীয় কথা প্ৰতিবাৰে উত্তোলন / উন্মোচন কৰাৰ লগে লগে দেশৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় সংগীত National Anthem পৰিবেশন কৰা হয় । এই সময়ত ৰাষ্ট্ৰীয় পতাকাক অভিবাদন বা চেল্যুট দিয়া নিয়ম । কিন্তু ৰাষ্ট্ৰীয় পতাকা অবিহনে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলে অভিবাদন বা চেল্যুট দিয়া নিয়ম নাই ।

চতুৰ্থতে উত্তোলন / উন্নোচন কাৰ্য্য ক্ষিপ্ৰ আৰু পতাকা নমোৱা কাৰ্য ধীৰে ধীৰে কৰা হয় ৷ এই সময়ত ৰাষ্ট্ৰীয় সংগীত গোৱা নহয় ।

Join us on WhatsApp click here
Create Your Free Demat Account on GROWW click here
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day but unfurled on Republic Day?

 

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp

Like this:

Like Loading...

Related

Filed Under: অসমীয়া ৰচনা Tagged With: assamstudyhub, অসমীয়া ৰচনা

Reader Interactions

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Primary Sidebar

Search

Advertise With Us

Advertise With Us
Advertise With Us

Our YouTube Channel

https://youtu.be/iKr15DZ-YXE

Categories

Recent Posts

  • অসমীয়া ব্যাকৰণ || Assamese Grammar HSLC HS Exam September 1, 2025
  • CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION August 29, 2025
  • প্ৰতিবেদন || তোমাৰ অঞ্চলৰ বাট-পথ দলং আদি নষ্ট হোৱাৰ সৈতেৰে মেম্বাৰৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি এখন প্ৰতিবেদন লিখা। [HSLC ’17] August 29, 2025
  • Assamese Application || শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষকলে আবেদন লিখা। (নাম, ঠিকনা নিলিখিবা) [HSLC ’12] August 29, 2025
  • CLASS 10 : ASSAMESE GRAMMAR : বিপৰীতাৰ্থক শব্দ : SEBA : H.S.L.C. Previous Year’s EXAM QUESTIONS Answers Solution August 28, 2025

Class-10 HSLC

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION

CLASS 10 : ASSAMESE GRAMMAR : সমাস : SEBA : H.S.L.C. EXAM QUESTIONS ANSWERS SOLUTION ব্যাসবাক্যৰে সৈতে সমাসৰ নাম লিখা :   H.S.L.C.-2007,09,12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা? উত্তৰ- দুটা বা ততোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ- উপবন – বনৰ সমীপ। (অব্যয়ভাৱী […]

NCERT Class 10 Science Chapter 7 Control and Coordination

NCERT Class 10 Science Chapter 7 Control and Coordination

INTEXT QUESTIONS AND ANSWERS of NCERT Class 10 Science Chapter 7 Control and Coordination   PAGE – 119   What is the difference between a reflex action and walking? Ans : Reflex action is a spontaneous involuntary or automatic nerve mediated response to a stimulus produced at the unconscious level. But walking is a voluntary […]

More Posts from this Category

Live Cricket Scores

Age Calculator

Your age is:

SIP Calculator

Your estimated returns:

Footer

  • Home
  • Privacy Policy
  • About Us
  • Contact Us
  • Terms & Conditions

Assam Study Hub

AssamStudyHub
AssamStudyHub

Our Thoughts এয়া হল এক শিক্ষামূলক আন্তৰ্জাল স্থান । যত আমি কিছু প্ৰাথমিক জ্ঞান দিবলৈ সাধ্যনুসৰি চেষ্টা কৰিছোঁ।এই website ৰ জৰিয়তে সমাজৰ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থী সকলোলৈ কিঞ্চিৎ মান সহায় আগবঢ়োৱাই হৈছে আমাৰ website ৰ মূল উদ্দ্যেশ্য।

Our Misson

Our focus is on providing educational assistance to students,so that the students poor section will be benefited through this website.

footer

Copyright © 2025 AssamStudyHub.Com

 

Loading Comments...
 

    %d