Class-9

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

প্ৰশ্নাৱলী : শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।
—-কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন ?
উত্তৰ – কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী শ্ৰী কৃষ্ণৰ মাতৃ যশোদা।


(খ) ‘কৰ্ণত কুণ্ডল দোলে অতি।’
—কাৰ কাণৰ কুণ্ডলৰ কথা কৈছে ?
উত্তৰ – ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে।


(গ) ‘কাম্পে কোপে অৰুণ অধৰ।’
—-ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

উত্তৰ – ইয়াত শ্ৰী কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে।


(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
—-‘মথনি’ শব্দৰ অৰ্থ কি?

উত্তৰমথনি শব্দৰ অৰ্থ হ ‘ ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।


(ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—-ইয়াত কাৰ জৰীৰ নাটনি হৈছে ?
উত্তৰইয়াত শ্ৰী কৃষ্ণক বান্ধিবলৈ অনা জৰীৰ নাটনি হৈছে।


(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’ ।
—-কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰইয়াত মাতৃ যশোদাৰ কেয়ুৰ কংকনৰ ‘ ৰুণ ঝুণ ‘ শব্দৰ কথা কোৱা হৈছে।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


২। ‘শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।


উত্তৰশ্ৰী মন্ত শঙ্কৰদেৱ বিৰচিত শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। পাঠটিত শ্ৰী কৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও এক সাধাৰণ বালকৰ শিশু সুলভ আচৰণ প্ৰতিফলিত হৈছে।সাধাৰণ শিশুৱে যিদৰে সৰু সৰু কথাতে মাকক অভিমান কৰি ঠেহ ধৰি নানা উদ্ভাণ্ডলি কৰে সিদৰে শ্ৰী কৃষ্ণই ও মাক যশোদাৰ সৈতে অভিমান কৰি কোঠালীৰ ভিতৰত সোমাই শিকিয়াত বান্ধি থোৱা দধিৰ টেকেলি বোৰ দলিয়াই ভাঙি চাৰিওফালে ছটিয়াই দি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে।যেতিয়া মাকে দুষ্টামি বোৰ চাই খঙতে খেদিছে তেতিয়া সাধাৰণ শিশুৰ দৰে মাকৰ ভয়তে পলাই ফুৰিছে। এয়া যেন এক আমাৰ অতি চিনাকি শিশুৱে কৰা দুষ্টালি হে। ‘ শিশুলীলা ‘ পাঠটিত এয়া শ্ৰী কৃষ্ণৰ এক অতি মোহনীয় মানৱীয় ৰূপ। শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি ‘কীৰ্তন-ঘোষা‘ৰ বিষয়ে এটি চমুটোকা লিখা।


উত্তৰ – ‘ কীৰ্ত্তন ঘোষা ‘ হৈছে প্ৰায় ৫০০ বছৰ পূৰ্বে শ্ৰী মন্ত শঙ্কৰদেৱৰ ‘ এক শৰণ নাম ধৰ্ম ‘ প্ৰচাৰৰ অৰ্থে ৰচনা কৰা এখন কাব্য। কীৰ্ত্তন ঘোষা হৈছে শ্ৰী মন্ত শঙ্কৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ।তেখেতৰ এই পুথিখনই শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়।ধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ বিভিন্ন ঠাই ঘুৰি ফুৰিব লগা হোৱাত কীৰ্ত্তন ঘোষাৰ খণ্ড সমূহো ভিন ভিন ঠাইত ৰচনা কৰিছিল।শ্ৰী মন্ত শঙ্কৰদেৱৰ পৰলোকৰ পিছত তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে তেওঁৰ ভাগিনীয়েকক খণ্ড সমূহ সম্পাদনা কৰিবলৈ উপদেশ দিয়ে। এই উপদেশ মৰ্মে ভাগিনীয়েক ৰামচৰণ ঠাকুৰে কীৰ্তনৰ খণ্ড সমূহ সংগ্ৰহ কৰি মাধৱদেৱৰ হাতত দিয়ে। কীৰ্ত্তন ঘোষাত শঙ্কৰদেৱৰ বিৰচিত ২৭ টা অধ্যায় সন্নিৱিষ্ট আছে।

SEBA HSLC Examination Previous Year’s Question & Answers – click here

৪। ‘শিশুলীলা’ পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা


উত্তৰশিশুলীলা পাঠটো শ্ৰী মন্ত শঙ্কৰদেৱৰ দ্বাৰা ৰচিত ‘ কীৰ্ত্তন ঘোষা ‘ পুথিৰ অন্তৰ্গত।ইয়াত শ্ৰী কৃষ্ণৰ মানৱী শিশু সুলভ ৰূপ প্ৰকাশিত হৈছে।পৰম ব্ৰহ্ম ভগৱান শ্ৰী কৃষ্ণ হৈছে ত্ৰিজগত অৰ্থাৎ স্বৰ্গ , মর্ত , পাতালৰ অধিপতি।তেখেতেই ভকতৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে নানা চাতুৰি খেলি সাধাৰণ শিশুৰ দৰে যশোদাৰ ঘৰত প্ৰতিপালিত হৈছে।সাধাৰণ গোপশিশু সকলৰ দৰেই শ্ৰী কৃষ্ণয়ো মাতৃ যশোদাৰ ওপৰত অভিমান কৰি কাষতে পোৱা ভাণ্ডবোৰ শিলেৰে দলিয়াই ভঙাত মাকে খেদি ফুৰাত মাকলৈ ৰং চাইছে।ভগৱান হৈছে ভক্তৰ অধীন।তেওঁ প্ৰকৃত ভক্তৰ মনোকামনা সদায় পূৰণ কৰে।যিজনক মহাযোগী সকলে দিনে নিশাই তপস্যা কৰিও লাভ কৰিব পৰা নাই সিজনক যশোদাই পুত্ৰৰূপে নিজ গৃহত লাভ কৰিছে।তথাপিতো কৃষ্ণৰ লীলা নুবুজি সাধাৰণ শিশু বুলি খেদি ফুৰিছে।শেষত যশোদাই কৃষ্ণক উৰালত বান্ধিব প্ৰয়াস কৰিও বিফল হৈছে।


এই পাঠটিৰ জৰিয়তে ভগৱান শ্ৰী কৃষ্ণৰ আৰু মাতৃ যশোদাৰ এক অপূৰ্ব লীলাখেলা প্ৰতিফলিত হৈছে।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

৫। ‘তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উড়ুখলে।’ —-কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা


উত্তৰশ্ৰী কৃষ্ণ হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা,ত্ৰানকৰ্তা।যাৰ এবাৰ দৰ্শন পাবলৈ মহা মুনি গণে বহু বহু বছৰ তপস্যা কৰে।যশোদা ও অনেক ভকতিৰ ফলত শ্ৰী কৃষ্ণক পাবলৈ সক্ষম হৈছে।সাধাৰণ শিশু ভাবি যশোদাই নিজ পুত্ৰই অভিমান কৰি যেতিয়া গোটেই ঘৰৰ দধি ভাণ্ড ভাঙি তলপাৰ কৰিছিল, মাতৃ য়ে লাঠি লৈ কৃষ্ণক মাৰিবলৈ দৌৰি ফুৰিছিল।শেষত যেতিয়া শ্ৰী কৃষ্ণই মাক যশোদাৰ কাষ চাপিছিল, দুষ্টালি কৰাৰ বাবে মাকে ৰছী এডালেৰে কৃষ্ণক উৰালত বান্ধি থবলৈ চেষ্টা কৰিছিল। ইয়াকে দেখি কবিয়ে কৈছে যিজনৰ আদি অন্ত পূৰ্বাপৰ নাই,যিজন পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ,মানৱ ৰূপে আবিৰ্ভাৱ হৈ নানা মানৱীয় লীলা খেলাৰে জগতবাসীক ঈশ্বৰ ভক্ত কৰিবলৈ চেষ্টা কৰিছে। শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


৬। ‘নাহি আদি অন্ত পূৰ্বাপৰ।
পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।’ —- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।


উত্তৰশ্ৰী কৃষ্ণ হৈছে পূৰ্ণব্ৰহ্ম অৱতাৰ।তেখেতৰ আদি, অন্ত বুলিবলৈ একোৱে নাই।ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভক্তৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে প্ৰতিটো কালতে একো একোজন মনুষ্য ৰূপে ভক্তৰ গৃহত জন্ম লাভ কৰে।
মাতৃ যশোদাৰো ভকতিত সন্তুষ্ট হৈ যশোদাক মাতৃ ৰূপে গ্ৰহণ কৰি যশোদাৰ লগত নানান লীলা খেলাৰে দিন পাৰ কৰিছে।যশোদায়ো পুত্ৰস্নেহত মোহিত হৈ পুত্ৰই কৰা অভিমান বোৰ পূৰণ কৰি গৈছে।যিদৰে সাধাৰণ শিশুৱে কিবা বিচাৰি নাপালে আভিমান কৰি মাকৰ ওচৰত ঠেহ পাতে এইদৰে কৃষ্ণয়ো অভিমান কৰি দধিৰ টেকেলী বোৰ ভাঙি নিজেও খাইছে আৰু বান্দৰকো খুৱাইছে।এই দৃশ্য দেখি মাতৃযে খঙতে কৃষ্ণক খেদি ফুৰিছে।অৱশেষত মাক ভাগৰি পৰাত শ্ৰী কৃষ্ণই নিজেই বন্দীত্ব স্বীকাৰ কৰিছে।ধৰা দিলত মাতৃয়ে ও কৃষ্ণক ৰছীৰে উৰালত যিমানে বান্ধিবলৈ চেষ্টা কৰিছে প্ৰতিবাৰে যেন দুই আঙুলিকে ৰছীৰ নাটনি হৈছে। এয়া আছিল শ্ৰী কৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য।শেষত যেনিবা সেই মাহাত্ম্য তেওঁ সম্বৰণ কৰাত মাকে তেওঁক বান্ধিব পাৰিলে। উক্ত পদ ফাঁকিৰ জৰিয়তে শ্ৰী কৃষ্ণৰ অপাৰ মহিমাৰ কথা কবলৈ প্ৰয়াস কৰিছে। 
শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

Assamese Essay Sectionclick here

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


৭। বাখ্যা কৰা :

(ক) যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত।।


উত্তৰউদ্ধিত পদ ফাকিৰ জৰিয়তে কবিয়ে মাক যশোদাৰ ভয়ত শিশু কৃষ্ণ মানৱ শিশুৰ দৰে পলোৱাৰ কথা কবলৈ বিচাৰিছে।
শ্ৰী কৃষ্ণ ত্ৰিজগতৰ পতি।ভক্তৰ ভকতিৰ অধীন হৈ ত্ৰিজগতৰ পতি হৈও তেখেত সাধাৰণ শিশুৰ দৰে মাক যশোদাৰ ভয়ত থৰহৰি কম্পমান কৰি মাৰৰ ভয়তে দৌৰি পলাইছে।যিজনক মহাযোগী সকলে কঠোৰ ধ্যান কৰিও পাবলৈ অপাৰগ সেইজনে মাকৰ ভয়তে পলাই ফুৰিছে। এয়া সম্ভৱ হৈছে একমাত্ৰ ভক্তিৰ বলতহে।ভক্তৰ ভক্তিত সন্তুষ্ট হৈ ভক্তৰ মনোকামনা পূৰণ কৰিবলৈয়ে শ্ৰী কৃষ্ণ সাধাৰণ শিশু ৰূপে জন্মিছে । এয়া স্বয়ং ভগৱান ৰে লীলা খেলা। সাধাৰণ মানুহে ইয়াৰ তত্ত্ব বুজিব নোৱাৰে ।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা।।


উত্তৰউদ্ধিত পদ ফাকিত কবিয়ে যশোদাই শ্ৰী কৃষ্ণৰ দুষ্টালি সহিব নোৱাৰি গালি পৰাৰ প্ৰসংগত কৈছে।
মাতৃ যশোদাই শ্ৰী কৃষ্ণক স্তন পান কৰোৱাৰ সময়তে যেতিয়া চৌকাত বহাই থোৱা গাখীৰ উতলি পৰাত কৃষ্ণক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ দৌৰিছিল তেতিয়া কৃষ্ণই খঙতে দধিৰ ভাণ্ড বোৰ ভাঙি সকলো লণ্ড ভণ্ড কৰিছিল।তাকে দেখি মাতৃয়ে খঙতে কৃষ্ণৰ পিছে পিছে দৌৰিছিল আৰু কৃষ্ণই কৰা দুষ্টালিৰ বাবে গালি পৰাৰ প্ৰসংগত উক্ত পদ ফাকিৰ অৱতাৰণা কৰিছে।ইয়াৰ মাজেৰে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ পাইছে।



(গ) পাচে পাচে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদেন্ত।।


উত্তৰউদ্ধিত পদ ফাকিৰ মাজেৰে মাতৃ আৰু পুত্ৰৰ মাজত এক খং অভিমানৰ চিত্ৰ প্ৰতিফলিত হৈছে।
যশোদাই কৃষ্ণক স্তন পান কৰাৰ পৰা বিৰত কৰি নিজৰ কামত ব্যস্ত হৈ পৰাত কৃষ্ণই খঙত দধিৰ ভাণ্ড শিলগুটিৰে ভাঙিছে কোঠালিত চাৰিওফালে সিচঁৰিত কৰি নিজৰ লগতে বান্দৰকো খুৱাইছে। এই দেখি যশোদাই হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ লৰ মাৰিছে।কৃষ্ণই য়ো সাধাৰণ শিশুৰ দৰে মাকৰ খং উঠা দেখি পাৰেমানে পলাই হাত সাৰিব বিচাৰিছে।শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

Financial Education in Assameseclick here

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer
শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer



৮। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।


উত্তৰমহাপুৰুষ শ্ৰী শঙ্কৰদেৱ বিৰচিত ‘ কীৰ্ত্তন ঘোষা ‘ ৰ অন্তৰ্গত ‘ শিশুলীলা ‘ পাঠটো এক গভীৰ অৰ্থ প্ৰকাশক।ইয়াত শ্ৰী কৃষ্ণৰ দুমুখীয়া ব্যক্তিত্বৰ এক সুন্দৰ প্ৰতিচ্ছবি বৰ্ণিত হৈছে। এফালে যিদৰে কৃষ্ণৰ সাধাৰণ শিশু সুলভ ৰূপ আনফালে ভগৱত ৰূপটিৰ কথাও বৰ্ণনা কৰিছে।
ভক্তৰ ভক্তিত সন্তুষ্ট হৈ সাধাৰণ শিশুৰ দৰে মাকৰ কোলাত উঠি স্তন পিবলৈ ইচ্ছা কৰিছিল।জুইত বহাই থৈ অহা গাখীৰ উতলাত কৃষ্ণক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ যোৱা দেখি খং অভিমানতে শিলগুটি ৰে শিকিয়াত ওলোমাই থোৱা দধিৰ ভাণ্ড ভাঙিছে।মাকেও পিছতে খেদি আহোঁতে ভয়তে সাধাৰণ শিশুৰ দৰে পলাই ফুৰিছে।ইয়াৰ মাজেৰে শ্ৰী কৃষ্ণৰ শিশু সুলভ মানৱীয় ৰূপত ধুনীয়াকৈ প্ৰকাশ পাইছে।
আনহাতে শ্ৰী কৃষ্ণ অনাদি,অনন্ত ত্ৰি জগতৰ অধিপতি।মাতৃ যশোদাই ভকতিৰ বলেৰে কৃষ্ণক পুত্ৰ ৰূপে পাবলৈ সক্ষম হৈছে।কিন্তু যশোদাই খং কৰা দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখুৱাইছে।মাতৃ যশোদাই কৃষ্ণক উৰালৰ সৈতে ৰছীৰে বাৰম্বাৰ বান্ধিব চেষ্টা কৰিও যেন ভাগৰি পৰিছে।কৃষ্ণই চতুৰালি কৰি বাৰে বাৰে দুই আঙুলি জৰিৰ নাটনি কৰিছে।এইদৰে ঐশ্বৰিক মাহাত্ম্য ৰ কথাও কবিয়ে কবিতাৰ মাজেৰে কবলৈ প্ৰয়াস কৰিছে।


শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


৯। মহাকোপে কোঠা পশিলন্ত
সিঞ্চিৰাই লৱনু ভুজন্ত।।- কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।


উত্তৰ শ্ৰী কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।
মাতৃ যশোদাই দধি মথি থাকোঁতে কৃষ্ণ স্তন পিবলৈ মাকৰ কাষলৈ আহিছিল।মায়া ভৰা মুখখনিলৈ চাই ৰ ‘ব নোৱাৰি যশোদাই ও কৃষ্ণক কোলাত তুলি লৈ স্তন পান কৰাইছিল।তেনে সময়তে কাষতে চৌকাত বহাই থোৱা গাখীৰ উতলাত মাকে কৃষ্ণক নমাই থৈ গাখীৰ নমাবলৈ দৌৰিছিল।তাকে দেখি কৃষ্ণই আভিমান কৰি কোঠালিৰ ভিতৰলৈ সোমাই ওলোমাই থোৱা লৱনু ভাণ্ড বোৰ ভাঙি চাৰিওফালে ছটিয়াই খাইছিল।



১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উত্তৰকৃষ্ণক ধৰিবলৈ মাতৃ যশোদাই কৃষ্ণৰ পিছে পিছে দৌৰি ভাগৰি পৰিছিল ।যশোদাৰ ধুনীয়াকৈ খোপাত লগোৱা ফুল ও খহি পৰিছিল।মাকক ভাগৰি পৰা দেখি কৃষ্ণই পিছত নিজেই আহি মাতৃৰ ওচৰত ধৰা দিছিল।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer


ভাষা বিষয়ক :

১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা :
কৰ্ণ : কাণ
অৰুণ : সূৰ্য , ৰবি
দধি : দৈ
বস্ত্ৰ : কাপোৰ , বসন
বদন : মুখ
লৱনু : মাখন
কোপ : খং , ৰাগ
দশন : দাঁত , দন্ত
দুগ্ধ : গাখীৰ
ঈশ্বৰ : ভগৱান , প্ৰভু



১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা :

তাহাঙ্ক : তেওঁক
নোজোৰে : নাটে
খসি : খহি
ৰহিল : ৰ ‘ল
আসি : আহি
ভৈলা : হ’ল
আসান্ত : আহিছে
শিলায়ে : শিলেৰে
কাম্পে : কঁপে
মাৱক : মাকক
বসি : বহি
প্ৰয়াসি : চেষ্টা কৰি
খেদন্ত : খেদিলে



১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখা :


অৰুণ : ঋ, ৰ, ষ ৰ পিছত থকা `নʼ ৰ ঠাইত `ণʼ হয়।
কঙ্কণ : কিছুমান শব্দত স্বাভাৱিকতে ‘ ন ‘ `ণʼ হয়।
কৰ্ণ : ঋ, ৰ, ষ ৰ পিছত থকা `নʼ ৰ ঠাইত `ণʼ হয়।
ভাণ্ড : `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ `ণʼ হয়।
নিষেধ : ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্, সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ হয়।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

50 Assam GK Question Answersclick here


১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰ – আসি, দেখন্তে, পশি, বসি, দেখিয়া, পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

শিশুলীলা Lesson 1 || Class 9 Assamese Question Answer

Pubali Patgiri

Recent Posts

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

1 day ago

SEBA HSLC Social Science Question Paper 2026 PDF

SEBA HSLC Social Science Question Paper 2026 PDF SEBA HSLC Social Science Question Paper 2026 PDF has been published here. You can download Assam…

1 day ago

Assam TET Merit Calculator 2025 – LP & UP Marks Weightage Calculator (Free Online Tool)

Assam TET Merit Calculator 2025 – LP & UP Marks Weightage Calculator (Free Online Tool) is a free online tool…

3 days ago

HSLC Social Science 2025 Complete Question Paper Solution in Assamese

HSLC Social Science 2025 Complete Question Paper Solution in Assamese       The HSLC Social Science 2025 Complete Question…

6 days ago

SEBA HSLC ASSAMESE Question Paper 2026 PDF

SEBA HSLC ASSAMESE Question Paper 2026 PDF SEBA HSLC ASSAMESE Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

7 days ago

SEBA HSLC HINDI ( MIL ) 2026 Question Paper PDF

SEBA HSLC HINDI ( MIL ) 2025 Question Paper PDF SEBA HSLC HINDI ( MIL ) 2026 Question Paper PDF has…

1 week ago