অসমীয়া ৰচনা

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

 

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day

 

                 বৰ্তমান যুগত মানুহক বৰকৈ আতংকিত কৰা যি কেইটা ৰোগ আছে তাৰ ভিতৰত এটা হৈছে এইডছ ৰোগ। ইংৰাজীত মূল Acquired Immune Deficiency Syndrome ৰ সংক্ষিপ্ত ৰূপ AIDS । এই ৰোগত আক্ৰান্ত হলে মৃত্যু অনিবাৰ্য।কাৰণ এই ৰোগ নিৰাময় কৰা ফলপ্ৰসূ ঔষধৰ এতিয়াও অভাৱ। ৰোগে দেখা দিয়াৰ পিছত এজন মানুহৰ দেহে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাৰ ওপৰতে ৰোগীৰ জীৱনকাল নিৰ্ভৰ কৰে।

 

মাৰাত্মক এই ৰোগৰ উৎপত্তি হয় এবিধ বীজাণুৰ পৰা।এই বীজাণু বা ভাইৰাছৰ নাম হল Human Immuno Deficiency Virus চমুকৈ কোৱা হয় HIV বুলি ।এইবোৰ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনলৈ বিয়পিব পাৰে।এই বীজাণু য়ে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাবলৈ ধৰে।সেই অৱস্থাত আন কেত বোৰ ৰোগে শৰীৰত দেখা দিব পাৰে।তেতিয়াই ভগ্নষ্টোপত পৰিণত হয় মানুহৰ দেহা।

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

এই ৰোগ ১৯৮১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰে।অস্বাভাৱিক যৌন জীৱন যাপন কৰা কিছুমান লোকৰ গাঢ় তেজত।১৯৮৩ চনত পেৰিছৰ হম এণ্ড ড্ৰাগ পেষ্টিওৰ ইনষ্টিটিউট ৰ ডাক্তৰ লক মানটেগাৰে এই ৰোগৰ বীজাণু আৱিষ্কাৰ কৰি চিকিৎসা জগতত আলোৰণ সৃষ্টি কৰে। ব্যভিচাৰী জীৱন,পৰীক্ষা নকৰা তেজ গ্ৰহণ,ড্ৰাগছ আসক্ত সকলে বেজীৰে নিচাযুক্ত ঔষধ গ্ৰহণ এইবোৰ সাধাৰণতে এই ৰোগ সংক্ৰমিত হোৱাৰ পথ পশস্ত কৰে।

 

এইডছ ত আক্ৰান্ত লোকৰ গাত কিছুমান চিন পৰিস্ফুত হয়।যেনে – দেহৰ ওজন কমি যোৱা,পনীয়া শৌচ বা গ্ৰহণী হোৱা, অস্বাভাৱিক জ্বৰ হোৱা ,ছালৰ খজুৱতি হোৱা,বেছিদিন কাহত ভুগি থকা, শৰীৰৰ কিছুমান গ্ৰন্থী ফুলি উঠা,খাদ্যনলী ত ঘা হোৱা,গা ৰ বিষ হোৱা ইত্যাদি।

Assamese Essay Section click here

এইডছ ৰোগৰ পোনপটীয়া চিকিৎসা পদ্ধতি এই পৰ্যন্ত উদ্ভাৱন হোৱা নাই যদিও এই ৰোগৰ বাবে দেহত দেখা দিয়া আন ৰোগবোৰৰ নিৰাময়ৰ ব্যৱস্থা আছে।এই ৰোগৰ প্ৰধান ঔষধ হৈছে প্ৰতিৰোধ । অবাঞ্চনীয় কৰ্মৰ বাবে যাতে ৰোগৰ ভাইৰাছ দেহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সাৱধান হব লাগে।

 

ভয়াবহ এইডছ ৰোগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১৯৮৮ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰায়বোৰ দেশৰ স্বাস্থ্য মন্ত্ৰী সকলক মিলিত হৈ কেতবৰ আঁচনি গ্ৰহণ কৰে।ইয়াৰে এটা হৈছে – ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস ৰূপে পালন।এই দিৱসৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ মাজত এইডছ ৰোগ সম্বন্ধে সজাগতা বৃদ্ধি কৰা।

বিশ্ব এইডছ দিৱস – ১ ডিচেম্বৰ || World Aids Day/Assamstudyhub.com

 

 

প্ৰতিবছৰে একোটা নতুন ধ্বনিৰে এই ৰোগৰ বিষয়ে মানুহৰ মন আকৰ্ষণৰ ব্যৱস্থা কৰা হয়।২০২১বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ ধ্বনি হৈছে – ” অসমতা সমাপ্ত কৰক, এইডছ সমাপ্ত কৰক। ” (End inequalities. End AIDS) ৰঙা ফিটা হৈছে এইডছ ৰোগৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক।

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি ( ASACS ) ৰ অনুমান অনুসৰি অসমৰ ২৫,০৭৩ জন লোক এইচ আই ভি পজিটিভ ৷ প্ৰতিবেদন অনুসৰি ২৫,০৭৩ জন পিএলএইচআইভিৰ ভিতৰত তিনি শতাংশ শিশু আৰু ৪৫ % পি এল এইচআইভি মহিলা। বিশ্ব এইডছ দিৱসৰ সন্মানত বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আছাক্সে MACO HIY Estimation Report 2021 ৰ উদ্ধৃতি দি উল্লেখ কৰিছে যে অসমৰ এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.০৯ শতাংশ , যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ ০.২১ শতাংশতকৈ কম ৷

ৰাজ্যখনৰ ১০,৭৬৫ জন ব্যক্তিয়ে এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী ( এ আৰ টি ) গ্ৰহণ কৰাৰ বাবে বৰ্তমান জীয়াই আছে ৷ লগতে অসম ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে অসমৰ ভিতৰতে গুৱাহাটীত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা সৰ্বাধিক বুলি প্ৰকাশ কৰিছে ৷ কামৰূপ ( মহানগৰ ) জিলাত ৭৬১০টা , কাছাৰত ৫২০০টা , নগাঁৱত ১৬০২টা আৰু ডিব্ৰুগড়ত ১৪০২টা ঘটনা সংঘটিত হৈছে ৷ প্ৰতিবেদন অনুসৰি , অসমত এইচ আই ভি সংক্ৰমণৰ ৮১.৬৩ শতাংশ বিষমযৌন সম্পৰ্কৰ , তাৰ পিছতে সমকামী সম্পৰ্ক ( ৪.৬১ শতাংশ ) আৰু পিতৃ – মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ ( ৪.৭৬ শতাংশ ) লগতে এইচ আই ভি সংক্ৰমিত চিৰিঞ্জ আৰু বেজী ( ৫.৫৪ শতাংশ ) , তেজ সঞ্চালন (০.৮৫ শতাংশ), আৰু নিৰ্দিষ্ট পৰিমাণে (২.৬১ শতাংশ)।

Souvik

Recent Posts

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬

New Year Wishes in Assamese 2026 || নতুন বছৰৰ শুভেচ্ছা বাণী ২০২৬                …

1 week ago

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December

Christmas Day Wishes in Assamese 2025 || বৰদিনৰ শুভেচ্ছা অসমীয়াত || 25th December 🎄 Christmas Day 2025 | বৰদিন –…

2 weeks ago

মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese

  মোৰ প্রিয় গ্ৰন্থ || অসমীয়া ৰচনা || My Favorite Book Essay in Assamese   আৰম্ভণিঃ  আজৰি পৰত মই ঘৰুৱা…

2 months ago

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer

মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Assamese Essay on My Favourite Writer মোৰ প্ৰিয় সাহিত্যিক । অসমীয়া ৰচনা || Dr Birendra…

2 months ago

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা

পুথিভঁৰাল | অসমীয়া ৰচনা | Assamese Essay নৱম দশম শ্ৰেণীৰ ৰচনা আৰম্ভণি || Introduction : পুথিভঁৰাল হল জ্ঞানৰ ভঁৰাল ।…

2 months ago

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ বাবে প্ৰধান শিক্ষককলে এখন আবেদন পত্ৰ লিখা। [HSLC 15]

আবেদন পত্ৰ || অসমীয়া বিষয়ৰ দুয়োটা পাঠ তুমি ভালদৰে বুজি পোৱা নাই ইয়াৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰি দিবৰ…

4 months ago