Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা
জন্ম: ১৪৮৯ চন, নাৰায়ণপুৰ, লক্ষীমপুৰ্, অসম
মৃত্যু: ১৫৯৬ চন, ভেলা সত্ৰ, কোচবিহাৰৰ
পূৰ্বপুৰুষ আৰু জন্ম:
১৪৮৯ চনত নাৰায়ণপুৰ নামে ঠাইৰ লেটেকুপুখুৰিৰ পাৰত মাধৱদেৱৰ জন্ম হয়। পিতৃ বৰকণাগিৰি (গোবিন্দ গিৰি ভূঞা) আছিল হৰিভুঞাৰ বংশধৰ। বাৰভুঞা আৰু কছাৰী মাজৰ অঁৰিয়া-অঁৰিৰ বাবে কছাৰীৰ উপদ্ৰবত গোবিন্দ গিৰি ভূঞা নিজৰ ভাৰ্য্যাসহিত (মনোৰমা) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ পলাই অহাৰ সময়ত বাটতে তেওঁলোকৰ সকলো সম্পত্তি চোৰে নিয়ে৷ এনে অসহায় অৱস্থাত অসম ৰজাৰ উজিৰ হৰিশিঙা গিৰীয়ে লগ পাই তেওঁলোকক নিজৰ ঘৰতে পৰিচৰ্য্যা কৰি ৰাখে৷ এই হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয়৷ মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা। তাৰোপৰি মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস। মাধৱদেৱ শংকৰদেৱৰ প্ৰিয়তম শিষ্য,অনুগত সেৱক,আৰু প্ৰধান সঙ্গী।
উল্লেখযোগ্য কৰ্ম:
বৰগীত, ভক্তি-ৰত্নাৱলী, নামঘোষা ধৰ্ম: মহাপুৰুষীয়া ধৰ্ম
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা এক শৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল। তেওঁৰ গুৰু ভক্তিৰ বাবে তেওঁক বিশেষ ভাৱে জনা যায় আৰু তেওঁক শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকৰী হিচাপে গণ্য কৰা হয়। মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হবলৈ কৈছিল। পাছলৈ নিজেও কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা
অসমৰ সাহিত্য অকাডেমী বঁটা বিজয়ী অসমীয়া ব্যক্তিসকল আৰু গ্ৰন্থসমূহ – click here
মণি-কাঞ্চণ সংযোগ:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনীজোঁৱায়েকক পাচিলে। ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপাই। ভনীজোঁৱায়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চণ সংযোগ বুলি জনা যায়।
List of National Parks in Assam – Click here
সাহিত্য ৰচনা:
তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলভ্য। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭ টা বৰগীত ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – তেজৰে কমলাপতি।
ৰচনা পুথি:
•ভক্তি-ৰত্নাৱলী
• নামঘোষা
• ৰাস ঝুমুৰা
নাট:
• অৰ্জুন ভঞ্জন
•দধিমথন
• জন্ম ৰহস্য
•চোৰধৰা
•পিম্পৰা গুচোৱা
•ভোজন বিহাৰ
•ভূমি লুটিওৱা
• কোটোৰা খোলোৱা
অনুবাদ:
• নাম মালিকা
• আদিকাণ্ড ৰামায়ণ
Sri Sri Madhavdeva || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ৰচনা
Join us on WhatsApp | click here |
Create Your Free Demat Account on GROWW | click here |
SEBA HSLC All Previous Year Question Papers Get at one Place – click here
Assam HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam GENERAL MATHEMATICS Question…
Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam COMPUTER SCIENCE…
Assam HSLC Exam ENGLISH Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam ENGLISH Question Paper 2025…
Assam HSLC Exam ASSAMESE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam Assamese Question Paper 2025…
১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত…
Assam HSLC Exam Mathematics Question Paper 2024 PDF has been published here. You can download Assam HSLC Exam Mathematics Question Paper 2024…