অসমীয়া ৰচনা

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

 

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

 

যিটো দিনত এখন দেশে স্বাধীনতা লাভ কৰে সেই দিনটোৱেই সেইখন দেশৰ স্বাধীনতা দিৱস। প্ৰতিবছৰে এই তাৰিখটো তেই দেশখনে স্বাধীনতা দিৱস পালন কৰে।

স্বাধীনতা দিৱসৰ বিষয়ে বক্তৃতা ।। Independent Day speech in Assameseclick here

                         ব্যক্তিৰ ব্যক্তিত্ব ৰ বিকাশ আৰু সমূহ জনগণৰ কল্যাণৰ বাবে স্বাধীনতাৰ প্ৰয়োজন ।গণতান্ত্ৰিক শাসন ব্যৱস্থাত হে জনগণে প্ৰকৃত স্বাধীনতা ভোগ কৰিবলৈ পায়,কাৰণ,এই ব্যৱস্থাত দেশৰ ভাল বেয়া বিচাৰ কৰি মাত মাতিবলৈ ৰাইজৰ অধিকাৰ থাকে।চৰকাৰী আইন প্ৰণয়নৰ ক্ষেত্ৰত,অৰ্থাৎ ৰাষ্ট্ৰৰ নীতি নিৰ্ধাৰণত অংশ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ অধিকাৰ থাকে। স্বাধীনতাৰ অবিহনে যেনেকৈ গণতন্ত্ৰ নিৰৰ্থক,তেনেকৈ গণতন্ত্ৰৰ অবিহনে ও দেশ এখনৰ নাগৰিকে সম্পূৰ্ণ অৰ্থত স্বাধীনতা ভোগ কৰিবলৈ নাপায়। এই বাবেই সাম্ৰাজ্যবাদী শাসন শোষণৰ বিৰুদ্ধে কৰাৰ দৰেই স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন অংশৰ জনগণে যুগে যুগে বিক্ষোভ,আন্দোলন আৰু সংগ্ৰাম কৰি আহিছে। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

স্বাধীনতা দিৱস || Independence Day || Assamstudyhub

 

                           ১৬৮৮ চনৰ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ,১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা বিপ্লৱ,১৭৮৯ চনৰ ফৰাচী বিপ্লৱ,আৰু ১৯১৭ চনৰ ৰুছ বিপ্লৱ ৰাজশক্তিৰ নিৰ্মমতা, শোষণ, উৎপীৰণ আৰু অত্যাচাৰ বিৰুদ্ধে সৰ্বহাৰা জনগণৰ সংগ্ৰামৰ একো একোটা অবিস্মৰণীয় দৃষ্টান্ত।১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ বিদেশী শাসন শোষণৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম মুক্তি সংগ্ৰাম।এই বিদ্ৰোহ দমন কৰা হল যদিও স্বাধীনতাৰ বাবে ভাৰতবাসীৰ আকাংক্ষা ক দমাব পৰা নগল।তাৰ ফলস্বৰপে জন্ম হল ভাৰতৰ স্বাধীনতা আন্দোলনৰ। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

 

READ ALSO :- Independence Day ||  स्वतंत्रता दिवस

 

                           ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল মন্ত্ৰ আছিল ‘ স্বৰাজ আমাৰ জন্মগত স্বত্ব ‘ ।লোকমান্য তিলকৰ এই ঘোষণাই প্ৰতিজন মুক্তিকামী ভাৰতীয়ৰ অন্তৰত স্বাধীনতা লাভৰ স্পৃহাক তীব্ৰতৰ কৰি তুলিছিল। শেষত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে চলোৱা অহিংস অসহযোগ আন্দোলনৰ ফলস্বৰূপে ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা স্বাধীনতা লাভ কৰে।তেতিয়াৰে পৰা ১৫ আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে ভাৰতৰ জনগণে পৰম উৎসাহ উদ্দীপনাৰ সৈতে পালন কৰি আহিছে।

                            আমেৰিকাৰ ১৩ খন উপনিবেশ একগোট হৈ ইংৰাজৰ প্ৰভূত্ব অমান্য কৰি স্বাধীনতা ঘোষণা কৰা দিনটো আছিল ১৭৭৬ চনৰ ৪ জুলাই১৭৮৯ চনৰ ১৪ জুলাই দিনা বাস্তিল দুৰ্গৰ পতন ইতিহাসৰ এটি অবিস্মৰণীয় দিন।প্ৰতিবছৰে এই দিনটো ফৰাচী সকলৰ জাতীয় উৎসৱৰ দিন।১৯১৭ চনৰ ৭ নৱেম্বৰত সমাজতান্ত্ৰিক চোভিয়েট ৰুছিয়াৰ জন্ম হয়।ৰুছ সকলৰ স্বাধীনতা দিৱস ৰূপে ৭ নৱেম্বৰ তাৰিখটো প্ৰতিবছৰে উৎযাপিত হৈ আহিছে। Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

                          স্বাধীনতা দিৱস প্ৰত্যেক স্বাধীন জাতিৰ গৌৰবৰ দিন,বিপুল আনন্দ উৎসৱৰ দিন।বছৰে বছৰে এই দিনটোতেই দেশবাসীক সোঁৱৰাই দিয়ে দেশৰ স্বাধীনতাৰ হকে পূৰ্বজ সকলে কৰি থৈ যোৱা ত্যাগৰ কথা,মনলৈ কঢ়িয়াই আনে ভবিষ্যতৰ সোণালী সপোন,নতুন আশাৰ বাণী।সেই দিনটোত দেশৰ জনগণে নতশিৰে জাতীয় পতাকাৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্বাধীনতা লাভৰ পবিত্ৰ ক্ষণ টোক সুঁৱৰি অন্তৰত প্ৰেৰণা লাভ কৰে।স্বদেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ হকে নতুনকৈ সংকল্প গ্ৰহণ কৰে,ঐক্য সংহতি সম্প্ৰীতিৰ এনাজৰী ৰে সকলো টি পুনৰ বান্ধ খায়।

 

READ ALSO :- अनुशासन || Discipline Hindi Essay

 

Independence Day || স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা 2025

IMPORTANT WEB-LINKS
Official Website
WhatsApp Group For Important Updates
For Jobs Update Government job opportunities
WhatsApp Group For All HSLC Solutions
FaceBook Page

Souvik

Recent Posts

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য

Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…

2 days ago

অসমত ঈদ-উল-ফিতৰ ২০২৬ কেতিয়া ? Assamত ঈদৰ তাৰিখ আৰু উদযাপনৰ

অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…

6 days ago

Eid ul Fitr 2026 in Assam

Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…

6 days ago

SEBA HSLC General Science Question Paper 2026 PDF

SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC General Mathematics Question Paper 2026 PDF

SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…

2 weeks ago

SEBA HSLC ENGLISH Question Paper 2026 PDF

SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…

3 weeks ago