চিপকো আন্দোলন ।। Chipko movement 26 March
চিপকো মভমেণ্ট বা চিপকো আন্দোলন আছিল ভাৰতৰ এটা বন সংৰক্ষণ আন্দোলন।চিপকো আন্দোলন 1973 চনত উত্তৰাখণ্ডৰ হিমালয় অঞ্চলৰ পৰা আৰম্ভ হৈছিল আৰু গোটেই বিশ্বৰ বাবে ভবিষ্যতৰ পৰিবেশ সচেতন আন্দোলনৰ এটা সমাবেশ পয়েন্টত পৰিণত হৈছিল। সুন্দৰলাল বহুগুনা, একজন গান্ধীবাদী কর্মী আছিল, সুন্দৰলালে চিপকো আন্দোলনৰ গুৰি ধৰোতা আছিল, আৰু আন্দোলনক সঠিক দিকনির্দেশনা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আৰু এই আন্দোলনৰ উদ্দেশ্য হিচাপে – দ্রুত বন উজাৰ কৰা, স্বার্থ প্রকাশ কৰা, সামাজিক সচেতনতা বৃদ্ধি আৰু গছ সংৰক্ষণৰ প্রয়োজনীয়তা, পরিবেশগত সচেতনতা বৃদ্ধি এবং জনশক্তিৰ কার্যকাৰিতা প্রদর্শন কৰা আছিল । তেওঁ অৰণ্য আৰু হিমালয় পৰ্বতমালা ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ হিমালয় অঞ্চলত ৫০০০ কিলোমিটাৰ জোৰা পদযাত্ৰা কৰি চিপকো আন্দোলনৰ বাৰ্তা জনগণৰ মাজত প্ৰচাৰ কৰিছিল। সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ মূল শ্লোগান “পৰিস্থিতিবিজ্ঞান হৈছে বহনক্ষম অৰ্থনীতি”ৰ উদ্ভাৱন আৰু প্ৰচাৰ কৰিছিল।। সৰ্বপৰি, এই আন্দোলনে সমগ্ৰ ভাৰতৰ বিদ্যমান সুশীল সমাজক পোহৰ কৰিছিল, যি উপজাতীয় আৰু প্রান্তিক জনসাধাৰণৰ সমস্যাবোৰ সমাধান কৰিব আৰম্ভ কৰে । এই আন্দোলনৰ গুৰুত্বপূৰ্ণ বিষয় আছিল নাৰী, এই আন্দোলনৰ উৎস হিচাপে মূলতঃ আছিল নাৰীসকলে । চিপকো আন্দোলন সত্যাগ্রহৰ পদ্ধতিত অনুশীলন কৰা হৈছিল, যঁত উত্তৰাখণ্ডৰ পুৰুষ আৰু মহিলা উভয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল, তাৰে কিছুমানৰ নাম হল – মধ্যে গৌৰা দেবী, সুৰক্ষা দেবী, সুদেশা দেবী, বাচনি দেবী আৰু চণ্ডী ভট্ট, বিৰুষ্কা দেবী ।।চিপকো আন্দোলন ।। Chipko movement 26 March
1987 চনত, চিপকো আন্দোলনক ভাৰতৰ প্রাকৃতিক সম্পদৰ সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু পৰিবেশগতভাৱে সঠিক ব্যবহাৰৰ বাবে “ৰাইট লাইভলিহুড এওঁৱাৰ্ড” প্রদান কৰা হয় ।।
চিপকো আন্দোলন মূলতঃ বহিৰাগত কোম্পানীয়ে বন ধ্বংস কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা এক বন সংৰক্ষণ আন্দোলন আছিল। কিছুমান কোম্পানীৰ দ্বাৰা গছ কটাৰ পৰিণতি হিচাপে সেই ঠাইত শীঘ্রই জালানী হিচাপে কাঠৰ অভাৱ , বৰষুণ নোহোৱাৰ সমস্যা, খেতিবাতীৰ সমস্যা সমূহ দেখা পোৱা যাব ধৰিলে, সেই বাবে গাঁওৰ বাসিন্দা সকলে আৰু মহিলাসকলে কেইটামান সৰু সৰু গ্ৰুপৰ বিভক্ত হৈ কেইটামান দল গঠন কৰি লয়, কর্তৃপক্ষৰ লগত স্থানীয় সমস্যা সমূহ গ্রহণ কৰে আৰু বাণিজ্যিক অপাৰেচনৰ বিৰোধ কৰিব ধৰে, কিন্তু ই তেওঁলোকৰ জীবিকাত লাহে লাহে প্ৰভাৱ পেলাব ধৰে । 1971 চনৰ অক্টোবৰত, বন বিভাগৰ নীতিৰ বিৰোধৰ প্রতিবাদ জনাই সংঘৰ কৰ্মীসকল গোপেশ্বৰত এক বিক্ষোভ কৰিছিল । 1972 চনৰ শেষৰ ফালে আকৌ মিছিল আৰু মিটিং অনুষ্ঠিত হয় । 1973 চনৰ মার্চ মাহত,এলাহাবাদৰ এটা ক্ৰিয়া সামগ্ৰী ‘ৰেকেট’ বনোৱা কোম্পানী 300 গছৰ বাবে এটা চুক্তি হয়, কোম্পানী কাঠমিস্ত্রিবোৰ গোপেশ্বৰত আহি উপস্থিত হয় আৰু কয়েক সপ্তাহমান পিছত, 24 এপ্রিল 1973 চনত গাঁওৰ মন্ডল তেওঁলোকৰ সন্মুখীন হয়, তাতে প্ৰায় ১০০ মান মানুহে ঢোল পিটায় স্লোগান দি ঠিকাদাৰ আৰু মালিক সকলক উভতি যাব বাধ্য কৰিছিল ।।
কিন্তু ঘটনা ইয়াতেই শেষ হোৱা নাছিল, কাৰণ সেই একে কোম্পানীক গোপেশ্বৰৰ পঢ়ক ৮০ কিলোমিটাৰ (৫০ মাইল) দূৰত জঙ্গলত আকৌ গছ কাটিবলৈ যায়। তাতেই স্থানীয় লোকৰ বিৰোধীতাৰ সন্মুখীন হবলগীয়া হয় কোম্পানীৰ ঠিকাদাৰ আৰু মালিকক, 20 জুন 1974 ৰ পৰা , মালিক সকলে পিছৰ পাঁচ দিনলৈকে বিৰোধীতাৰ সংঘৰ্ষ কৰি পিছলৈ উভতিব বাধ্য হয় । তাৰ পিছত গাঁওৰ মানুহে গছত প্ৰতি বেছিকৈ চকু ৰাখিব আৰম্ভ কৰে ।।
কেইমাহ মান পিছত, চূড়ান্ত ফ্ল্যাশপয়েন্ট আৰম্ভ হয় যেতিয়া চৰকাৰ 1974 চনত জানুয়াৰিত অলকানন্দা নদীক উপেক্ষা কৰি ৰেনি গাঁওৰ কাষত 2,500 খন গছ এটা নিলামৰ বাবে ঘোষণা কৰিছিল । ভাটে ৰেনি এলাকাৰ গাঁওৰ উদ্দেশ্যেত যাত্রা কৰে আৰু গাঁওৰ মানুহক গছৰ নিলামৰ বিৰোধীতাৰ বাবে সাজু কৰে, ফলস্বৰূপে তাৰে মানুহ বোৰ গছক আৱৰি (Hug) ধৰি গছ কটাৰ বিৰোধিতা কৰিছিল ।
1974 চনত 26 মার্চ, যিদিনা কাঠমিস্ত্রিসকল গছ কাটিব গৈছিল, সেই দিনা ৰেনি গাঁওৰ পুৰুষসকলে আৰু ডিজিএসএস (উত্তৰাখণ্ডৰ গোপেশ্বৰ চহৰত গান্ধীবাদী সমাজকৰ্মী চান্দি প্ৰসাদ ভট্টৰ নেতৃত্বত ১৯৬৪ চনত “দাচোলি গ্ৰাম্য স্বৰাজ্য সংঘ”(ডিজিএছএছ) নামৰ এটা সৰু সমবায় সংগঠন স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল কাষৰীয়া পাহাৰৰ অৰণ্য অঞ্চলৰ সম্পদৰ প্ৰয়োগ কৰি স্থানীয় লোকসকলৰ মাজত সৰু সৰু উদ্যোগৰ সৃষ্টি কৰা . )কর্মীসকলে চামোলিত আছিল, ৰাজ্য চৰকাৰ আৰু ঠিকাদাৰ ৰেনি গাওঁত উপস্থিয় হোৱা চাই এজনী স্থানীয় ছোৱালী ৰেনি গগাঁওৰ মহিলা মঙ্গল দলৰ প্রধান গৌৰা দেবীক খবৰ দিব যায় । গৌৰব দেবীয়ে গাঁওৰ ২৭ জন মহিলাক ঘটনাস্থলত লৈ যায় আৰু ঠিকাদাৰ সকলৰ সন্মুখীন হয় । কিন্তু সমস্ত কথা বতৰা ব্যর্থ হয়, আৰু ঠিকাদৰ আৰু মালিকবোৰ চিঞৰা চিঞঁৰী আৰম্ভ কৰে লগতে মহিলাবোৰক গালাগালি কৰিব আৰম্ভ কৰে , ইমানতেই স্থগিত হৈ থকা নাই তেওঁলোকে বন্দুক লৈ হুমকি দিয়ে, কিন্তু মহিলাসকলে ভয় নকৰি সহসিকতাৰে তেওঁলোকৰ গছ কটা বন্ধ কৰিবৰ বাবে গছবোৰক আৱৰি (hug) ধৰি থাকে । গাঁওৰ মহিলাসকলে ঠিকাৰ্ডচকল নোযোৱালৈকে গছক আৱৰি ধৰি থিয় হৈ আছিল । পিছদিনা কাষৰ গাঁওৰ মানুহ আৰু নেতাসমূহ আহি যোগ দিবলৈ ধৰে, অৱশেষত, চাৰিদিনৰ পিছত, ঠিকাদাৰসকল উভতি যায় ।।
পৰিস্থিতিৰ খবৰ অতি শিগ্ৰেই ৰাজধানীত গৈ পায়, তেতিয়া ৰাজ্যেৰ মুখ্যমন্ত্রী, হেমবতী নন্দন বহুগুনা সমস্ত বিষয়টো চোৱাৰ বাবে এটা কমিটি গঠন কৰি দিয়ে, যি অবশেষত গাঁওৰ বাসিন্দাৰ পক্ষত ৰায় দিয়ে ।
চিপকো আন্দোলনত নাৰীৰ অংশগ্রহণ আছিল আন্দোলনের আটাইতকৈ গুৰুত্বপূৰ্ণ । মহিলাসকলে মদ্যপানৰ অভ্যাসৰ বিৰোধীতাত অবিৰাম আন্দোলন চলাইছিল আৰু অন্যান্য সামাজিক সমস্যা বোৰক কভাৰ কৰাৰ বাবে আন্দোলনৰ এজেন্ডাক প্ৰচাৰিত কৰিছিল । আন্দোলনে তেতিয়া বিজয়ী হয় যেতিয়া 1980 চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী হিমালয় অঞ্চলত 15 বছৰৰ বাবে গছ কটাৰ উপৰত নিষেধাজ্ঞা জাৰি কৰি দিয়ে ।।
চিপকো আন্দোলন হৈছে উত্তৰাখণ্ড গড়ৱাল অঞ্চলৰ গাঁওবাসীৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক পদক্ষেপ। তেওঁলোকে গছ কটা ঠিকাদাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ এক অহিংসা পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁলোকে পৰিৱেশৰ বাবে এক পৰিৱেশ-অনুকূল আন্দোলন হিচাপে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। মণ্ডল গাঁৱত আৰম্ভ হোৱা আন্দোলনটোৱে ভাৰতত এনে ধৰণৰ বিভিন্ন পৰিৱেশগত পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল। চিপকো আন্দোলন কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই এই আন্দোলনক মনত ৰাখিব। চিপকো আন্দোলনেই আমাক পথ দেখুৱাই থৈ গ’ল যে কেনেকৈ আমি অৰণ্য ৰক্ষা কৰিব লাগে।
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…