স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day but unfurled on Republic Day?
স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য || Why is the tricolour hoisted on Independence Day but unfurled on Republic Day?
Why do we Celebrate গণৰাজ্য দিৱস || Republic Day 26 January – click here
ভাৰতবৰ্ষত বিশেষকৈ দুটা দিনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন/ উন্মোচন কৰা হয় । সেই বিশেষ দিন দুটা হ’ল ১৫ আগষ্টৰ স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ দিৱস । প্ৰথমটোক ইংৰাজীত Independence Day আৰু দ্বিতীয়টোক Republic Day বুলি কোৱা হয় ।
দুয়োটা দিনতে ৰাষ্ট্ৰীয় পতাকা যদিও সাধাৰণতে উত্তোলন কৰা বুলি কোৱা হয় তথাপি দুয়োটা দিনৰ পতাকা উত্তোলন একে ধৰণৰ নহয় আৰু উত্তোলনৰ অৰ্থও একে নহয় ।
Finacial Education in Assamese – click here
প্ৰথম কথা ১৫ আগষ্টৰ স্বাধীনতা দিৱসত পতাকাখন তলতে সামৰি বা নুৰাই লৈ বান্ধি থোৱা হয়৷ উত্তোলনৰ সময়ত ক্ষীপ্ৰ গতিৰে ওপৰলৈ নি তৎক্ষণাৎ খুলি দিয়া হয় । ইংৰাজীত ইয়াক Flag hoisting বুলি কোৱা হয় । ইয়াক প্ৰকৃততে ধ্বজ আৰোহণ বা ধ্বজ উত্তোলন বুলি কয়। কাৰণ ১৫ আগষ্টতে প্ৰথমবাৰ চৰকাৰীভাৱে বৃটিছৰ পতাকা নমাই ভাৰতৰ পতাকা আৰোহণ কৰা হৈছিল । উত্তোলন বা আৰোহনৰ অৰ্থ হ’ল ভাৰতবৰ্ষই যুঁজি যুঁজিহে স্বাধীনতা লাভ কৰিছে বা ৰামজখলাৰ প্ৰোন্নত স্থানত উপনীত হ’ব পাৰিছে ।
আনহাতে গণৰাজ্য দিৱসত পতাকাখন একেবাৰে ওপৰত সামৰি বা নুৰাই বান্ধি থোৱা হয় আৰু ওপৰতেই খলি বা মেলি দিয়া হয় । ইয়াক উত্তোলন বা আৰোহন নুবুলি উন্মোচন বুলি কোৱা হয় । ইংৰাজীত Flag unfurl বুলি কোৱা হয় । ইয়াৰ অৰ্থ এই দিনটোত আমি নিজা সংবিধান মতে সকলো প্ৰজা অনুশাসিত হওঁ আৰু আমি কাৰো অধীন নহয় । অৰ্থাৎ আমি প্ৰজা হিচাবে মুক্ত আৰু নিজে নিজক শাসন কৰিম । মুক্ত অৰ্থ বুজাবলৈ পতাকাখন কেৱল মেলি দিয়া বা উন্মোচন কৰাহে হয় । উন্মোচন শব্দৰ অৰ্থ মুকলি কৰা । উল্লেখ্য যে ১৯৪৯ চনৰ ২৬ নবেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয় । সেইদিনাৰ পৰাই ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য Sovereign Democratic Republic ৰূপে ঘোষণা কৰা হৈছে। সেই বাবেই ২৬ জানুৱাৰী তাৰিখটোক গণতন্ত্ৰ দিৱস হিচবে প্ৰতি বছৰে পালন কৰা হয় ।
দ্বিতীয় কথা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ত PM (Head of the govt.)-এ Red Fort-ত আৰু ৰাজ্যিক পৰ্যায়ত CM-এ নিজৰ নিজৰ ৰাজধানীত ধ্বজাৰোহণ বা পতাকা উত্তোলন কৰে। এইদিনা ৰাষ্ট্ৰপতি (Constitution Head) আৰু ৰাজ্যপালে (for state level) ক’তো পতাকা উত্তোলন নকৰে। কাৰণ ২৬ জানুৱাৰী ১৯৫০ চনৰ আগলৈকে ভাৰতত সংবিধান নাছিল৷
আনহাতে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্যিক পৰ্যায়ত ৰাজ্যপালে নিজ ৰাজধানীত পতাকা উন্মোচন কৰে ৷ ইংৰাজীত ইয়াক flag unfurl বুলি কয় । সেইদিনা প্ৰধানমন্ত্ৰী আৰু একেদৰে ৰাজ্যবোৰত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন নকৰে । কাৰণ সংবিধান মতে সেই দিনটোৰ পৰাহে সংবিধান মতে প্ৰজাসাধাৰণ শাসিত হয় আৰু সংবিধানৰ মুৰব্বী ৰাষ্ট্ৰপতিহে ।
তৃতীয় কথা প্ৰতিবাৰে উত্তোলন / উন্মোচন কৰাৰ লগে লগে দেশৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় সংগীত National Anthem পৰিবেশন কৰা হয় । এই সময়ত ৰাষ্ট্ৰীয় পতাকাক অভিবাদন বা চেল্যুট দিয়া নিয়ম । কিন্তু ৰাষ্ট্ৰীয় পতাকা অবিহনে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলে অভিবাদন বা চেল্যুট দিয়া নিয়ম নাই ।
চতুৰ্থতে উত্তোলন / উন্নোচন কাৰ্য্য ক্ষিপ্ৰ আৰু পতাকা নমোৱা কাৰ্য ধীৰে ধীৰে কৰা হয় ৷ এই সময়ত ৰাষ্ট্ৰীয় সংগীত গোৱা নহয় ।
| Join us on WhatsApp | click here |
| Create Your Free Demat Account on GROWW | click here |
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…