Class-9

মানৱ বন্দনা || Lesson-2 || Class – 9; Assamese Question Answers

মানৱ বন্দনা || Lesson-2 || Class – 9; Assamese Question Answers

১। চমু উত্তৰ দিয়া :

(ক) ” মানুহেই পৰাৎপৰ ” বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰ : মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হল – মানুহেই হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ।

(খ) মানুহক ” ময়াপী জীৱ ” বোলাৰ অৰ্থ কি?

উত্তৰ : এই সংসাৰত জন্ম আৰু মৃত্যু এক চিৰন্তন সত্য।জন্ম লাভ কৰি মানুহে এই সংসাৰত মায়া মোহৰ এনাজৰীৰে বান্ধ খাই পৰে।মায়া এৰিব নোৱাৰি মৃত্যুৰ পিছতো পুনৰ মানৱী জনম ল ‘ব বিচাৰে। সেয়েহে কবিয়ে মানুহক মায়াপী জীৱ বুলিছে।

(গ) পাদ্য – অৰ্ঘ্য লৈ পূজা কৰাৰ অৰ্থ কি?

উত্তৰ : পাদ্য – অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ হ ‘- দেৱতাৰ পূজা কৰাৰ পৰিবৰ্তে মানৱ পূজা কৰা অৰ্থাৎ মানুহৰ সেৱা শুশ্ৰূষা কৰা।

Assam Competitive Examination Previous Years Question Papersclick here

২। ‘ মানৱ বন্দনা ‘ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ ভাষাৰে লিখা।

উত্তৰ : প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ” মানৱ বন্দনা ” কবিতা টিৰ মাজেৰে কবিৰ মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰকৈ প্ৰকাশ পাইছে। এই পৃথিৱীত চামে চামে মানুহৰ জন্ম ও হৈছে আকৌ মৃত্যু ও হৈছে। জন্ম আৰু মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়া।এই সংসাৰত মানুহ মায়াপাশত আবদ্ধ হৈ পৰে।সেয়ে কবিয়ে মানৱী জনমটো মানুহৰ কল্যাণৰ হকে কাম কৰি অতিবাহিত কৰিবলৈ আহ্বান জনাইছে।মানুহৰ বাবে কাম কৰি পোৱা মৰমেই হৈছে মানুহৰ ধৰ্ম।কাৰণ মানুহেই হ ‘ল মানুহৰ পৰম বন্ধু।এই পৃথিৱীত আদি বুলিবলৈ মানুহৰ বাহিৰে আন কোনো নাই।কবিৰ মতে,স্বৰ্গ বুলিলে আন একো নাই,মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মৰ্ততেই স্বৰ্গীয় সুখ লাভ কৰিব পাৰি।সেয়েহে কবিয়ে শেষত জীৱশ্ৰেষ্ঠ মানুহকেই নৰৰূপী ভগৱান বুলি গণ্য কৰি পাদ্য অর্ঘ্য লৈ দেৱতাৰ পূজাৰ সলনি মানুহৰ সেৱা কৰাটোৱেই প্ৰধান কৰ্তব্য বুলি কবলৈ বিচাৰিছে।মানৱ বন্দনা || Lesson-2 || Class – 9; Assamese Question Answers

৩। ” এই যে পৃথিৱী স্বৰ্গতকৈ অধিক মানুহৰ নিজপী ঘৰ । ” — কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰ : এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ — ইয়াত কবিয়ে নিজাপী ঘৰ মানে নিজস্ব ঘৰ খনি অৰ্থাৎ এই পৃথিৱীৰ কথা কৈছে। এই পৃথিৱীত মানুহৰ মানুহেই হৈছে লগ – সংগ। পৃথিৱীত মানুহে কতো যে বিভিন্ন ধৰণৰ মানুহৰ সতে চিনাকী হয়। জানি য়ে হক বা অজানিতে মানুহে সহজে পৰস্পৰৰ সৈতে এনাজৰীৰে বান্ধ খায়। মানুহে সংসাৰত থকা কালছোৱাত কতো সুখ, দুখ, ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হয় তথাপিতো মানুহে এই সংসাৰ ত্যাগ কৰিব নিবিচাৰে। এই পৃথিৱী খনেই সুখৰ আলয়। ইয়াতে কবিয়ে নিজৰ ঘৰৰ দৰে প্ৰকৃত সুখ বিচাৰি পায় বুলি কৈছে।

মানৱ বন্দনা || Lesson-2 || Class – 9; Assamese Question Answers

৪। তাৎপৰ্য ব্যাখ্যা কৰা —

(ক) মানৱী জনম দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম বুজিবা মানুহে

ধৰম যে মৰমতে।

উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ ৰচিত ” মানৱ বন্দনা” নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে।

মানুহৰ কল্যাণৰ হকে কাম কৰি জীৱন অতিবাহিত কৰাটোৱেই মানুহৰ প্ৰধান ধৰ্ম বুলি কবিয়ে উদ্ধৃত কবিতাফাকিৰ জৰিয়তে কবলৈ প্ৰয়াস কৰিছে।

আগমন আৰু গমন এই সংসাৰৰ সদা ৰীতি।তথাপি ও মানৱ দৰদী কবিজনে জীয়াই থকা কালছোৱা মানুহৰ মংগলৰ অৰ্থে কাম কৰাটোৱে পৰম কৰ্তব্য বুলি কৈছে।সংসাৰত মানুহে মায়াৰ পাশত বন্দী হৈ ভাল বেয়া বিচাৰ কৰিব নোৱাৰা হৈ পৰে।কবিয়ে মানৱক যিহেতু জীৱ শ্ৰেষ্ঠ বুলি কৈছে সেয়ে মানুহক সকলোৰে লগত মৰম চেনেহেৰে থাকিবলৈ উপদেশ দিছে।অৰ্থাৎ মানুহৰ প্ৰতি দয়াশীল আৰু মৰমিয়াল হৈ কৰণীয় কামবোৰ কৰি যোৱাই মানুহৰ পৰম ধৰ্ম বুলি কবলৈ বিচাৰিছে।

(খ) মানুহেই দেৱ মানুহেই সেৱ

মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অঘ্য লই

জয় জয় জয় মানৱ দেৱ।

উত্তৰ – মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

এই পৃথিৱীত মানুহেই হ’ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। এই চৰাচৰৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানব সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে।মানৱ বন্দনা || Lesson-2 || Class – 9; Assamese Question Answers

শিশুলীলা; Lesson 1 || Class 9 Assamese Question Answerclick here

৫। সমাৰ্থক শব্দ লিখা

মানুহ -মানৱ, নৰ, মনুষ্য

সংগ – লগ, বন্ধু, লগৰীয়া

পৃথিৱী – ধৰা, ধৰিত্ৰী , বসুন্ধৰা

সোঁত-ঢৌ, লহৰ, ধাৰ

স্বৰ্গ – সৰগ

৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।



ধৰ্ম: ধৰম

কৰ্ম : কৰম

মৰ্ত : মৰত

কৰ্ণ: কাণ

Join us on WhatsAppclick here
Create Your Free Demat Account on GROWWclick here
Pubali Patgiri

Recent Posts

Assam SEBA HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF

Assam HSLC Exam GENERAL MATHEMATICS Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam GENERAL MATHEMATICS Question…

6 days ago

Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF

Assam SEBA HSLC Exam COMPUTER SCIENCE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam COMPUTER SCIENCE…

7 days ago

Assam HSLC Exam ENGLISH Question Paper 2025 PDF

Assam HSLC Exam ENGLISH Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam ENGLISH Question Paper 2025…

7 days ago

Assam HSLC Exam ASSAMESE Question Paper 2025 PDF

Assam HSLC Exam ASSAMESE Question Paper 2025 PDF has been published here. You can download Assam HSLC Exam Assamese Question Paper 2025…

1 week ago

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese

১০০ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত || 100 General Knowledge Question Answer in Assamese   ১) কামাখ্যা মন্দিৰ কোনখন পাহাৰত…

1 month ago

Assam HSLC Exam Mathematics Question Paper 2024 PDF

Assam HSLC Exam Mathematics Question Paper 2024 PDF has been published here. You can download Assam HSLC Exam Mathematics Question Paper 2024…

1 month ago