জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ
জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ ; Class 10 Assamese Lesson 2 জিকিৰ আজান ফকিৰ
ক) জিকিৰৰ ৰচক কোন ?
উত্তৰ : জিকিৰৰ ৰচক আজান ফকিৰ ।
খ) জিকিৰ বোৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ : জিকিৰ বোৰক হিন্দু ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি ।
গ) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ?
উত্তৰ : জিকিৰ শব্দটো আৰবী “জিকৰ” শব্দৰ পৰা ওলাইছে ।
২) তলৰ শব্দ বোৰৰ অৰ্থ লিখা :
ৰসুল – দেৱদুত
মোমিন – বিশ্বাসী মুচলমান ।
ৰহম – দয়া
কুটুব – ধ্ৰুৱ নক্ষত্ৰ
বান্দা –
60 অসমৰ সাধাৰন জ্ঞানৰ প্ৰশ্ন উত্তৰ।। 60 Assam Gk Questions and Answers in Assamese – click here
৩) ‘ মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি ।
যেনে শালে শলৰ লগত দৰিকাৰ টপালি ।
– উল্লেখিত কবিতাফাকি ৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ।
উত্তৰ : উক্ত কবিতা ফাকিৰ মাজেৰে কবিয়ে কবলৈ বিচাৰিছে যে জীয়াই থকাৰ কালছোৱাত মানুহে আল্লা বা ভগবানৰ কথা মনত নকৰি শেষত নিজৰ ভুল বুজি অনুতপ্ত হয় ।
মৃত্যুৰ পিছত জীৱ দেহ এৰি আত্মা ওলাই যায় আৰু মুক্তিৰ বাট বিচাৰি হাবা থুৰি খায় । যেনে দৰে শাল আৰু শল মাছৰ লগত দৰিকনা মাছে টপালী মাৰি একো ফল নাপায় । কাৰণ শাল আৰু শ্ ল মাছৰ তুলনাত দৰি কণা মাছ নিচেই সৰু । এই সৰু মাছটোৱে যেতিয়া ডাঙৰ মাছক খুন্দিয়া বলৈ যায় তেতিয়া দৰিকনাই শাৰীৰিক কষ্ট পোৱাৰ উপৰিও মৃত্যু মুখত পৰিব পাৰে ।
ঠিক সেই দৰে আল্লাহ বিমুখী লোকৰ বাবে মুক্তিৰ দুৱাৰ বন্ধ হৈ থাকে । জীৱন্ত কালত আল্লাৰ কথা চিন্তা নকৰি মোহ ময়াত আবদ্ধ হৈ থাকে , আৰু মৃত্যুৰ সময়ত কোনো পথ বিচাৰি নাপায় । জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ
ক ) পানী মৰে পিয়াহ, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ।।
উত্তৰ : উক্ত জিকিৰৰ পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত “জিকিৰ” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
পদ ফাঁকিৰ মাজেৰে কবিয়ে মানুহৰ ভিতৰতেই যে আল্লাহ লুকাই আছে সেই কথা কবলৈ বিচাৰিছে ।
পানী খালে যেনে পীয়াহ নিবাৰণ হয়, কিন্তু পানীয়ে নাজানে যে তাৰ গুনতহে মানুহৰ পিয়াহঃ নিবাৰণ হয় । পানী নহলে যে মানুহৰ কিমান বিপত্তি হয় সেই কথা বুজাৰ সামৰ্থ্য পানীৰ নাই ।
অগ্নিৰ ক্ষেত্ৰতো কথা একটাই, অগ্নিৰ ইমান ক্ষমতা থকাৰ উপৰি সি নিজৰ সেই গুণৰ কথা অজ্ঞ। মানুহে ঈশ্বৰক বিচাৰি হাবাথুৰি খায়, কিন্তু ঈশ্বৰ মন্দিৰ মছজিদ বিচাৰিলে পোৱা নাযায় । ঈশ্বৰ মানুহৰ মাজতে থাকে, মানুহক সেৱা কৰিলে ঈশ্বৰ সন্তুষ্ট হয় ।
খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট ।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰ : উক্ত জিকিৰৰ পদফাকি আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
ইয়াত কবিয়ে আল্লাহ বিমুখী লোকসকলে শেষত নিজৰ ভুল বুজিব পাৰি মৃত্যুৰ সময়ত উদ্ধাৰ পাবলৈ কিদৰে ব্যৰ্থ চেষ্টা কৰে, সেই প্ৰসঙ্গত উক্ত পদত অৱতাৰণা কৰিছে ।
পৃথিৱীত জন্ম গ্ৰহণ কৰি মানুহে জ্ঞতে অজ্ঞতে নানা পাপ কামত লিপ্ত হয় । মৃত্যুৰ সময়ত সেই কৃত কৰ্মৰ বাবে জিবাত্মাই নানান কষ্ট ভোগ কৰিব লগীয়া হয়। যি সময়ত আল্লাৰ কথা চিন্তা কৰিব লাগিছিল , সেই সময়ত আল্লক স্মৰণ নকৰি বিষয় বাচনাত মত্ব হৈ আছিল । মৃত্যুৰ পিছত দেহ ত্যাগ কৰি আত্মা ওলাই গৈ মুক্তিৰ পথ বিচাৰি হাবাথুৰি খায় । জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ
বৰগীত || Lesson – 1 || Class 10 Question Answers – click here
গ ) সজাৰ মইনাতীৰ অনেক যুগুতি ।
দেও মাৰি পাৰ হলে এৰিলে পীৰিতি।।
উত্তৰ : উক্ত জিকিৰৰ পদফাকী আমাৰ পাঠ্য পুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
মৃত্যুৰ পিছত জীৱ দেহ এৰি যেতিয়া আত্মা ওলাই যায় তেতিয়া দেহ টোৰ কি দুৰ্দশাৰ হয় সেই কথা কবলৈ যোৱাৰ প্ৰসঙ্গত উক্ত কবিতা ফকীৰ অৱতাৰণা কৰিছে।।
প্ৰতিজন মানুহে আল্লাৰ সৃষ্টি । বিষয় বাসনা ত আবদ্ধ হৈ থাকি মানুহে মুক্তিৰ কথা চিন্তা নকৰে । সজাগ থকা মইনাৰ দৰে সোজৰূপি দেহটৰ ভিতৰত আত্মা ৰূপী মইনাটো সোমাই আছে। সজাৰ দুৱাৰ খুলিলে ময়নাটো উৰি যোৱাৰ দৰে দেহৰ পৰা আত্মা উৰি যোৱাৰ দৰে দেহৰ পৰা আত্মা টো ওলাই গলে দেহটো এক নিৰ্জিব পদাৰ্থ লৈ ৰূপান্তৰ হব। আত্মাটো থকা লৈকে দেহটোৰ প্ৰতি মৰম থাকে । কিন্তু আত্মাহীন দেহ টোৰ প্ৰতি কাকো মায়া মমতা নাথাকে ।। Class 10 Assamese Lesson 2 জিকিৰ আজান ফকিৰ
অন্যৰ প্ৰতি ব্যৱহাৰ প্ৰশ্ন উত্তৰ || Class 9 Assamese || Chapter 6 – click here
১) জিকিৰ সমূহৰ ৰচক কোন? তেওঁৰ প্ৰকৃত নাম কি ?
উত্তৰ : জিকিৰ সমূহৰ ৰচক আজান ফকীৰৰ, তেওঁৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন ।।
২) কোনে প্ৰথমতে মুচলমান সকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল ?
উত্তৰ : হজৰত শ্বাহ মিলন মুচলমান সকলক আজান দি নামাজ পঢ়িবলৈ শিকাইছিল ।
৩) আজান ফকীৰ কৰ পৰা অসমলৈ আহিছিল ?
উত্তৰ : কিছুমানৰ মতে আজান ফকীৰ আৰব দেশৰ পৰা আহিছিল আৰু আন কিছুমানৰ মতে তেওঁ আজমীৰৰ পৰা অসমলৈ আহিছিল।
৪) কোনজন আহোম ৰজাৰ ৰাজত্ব কালত আজান ফকীৰ অসমলৈ আহিছিল ?
উত্তৰ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত আজান ফকীৰ অসমলৈ আহিছিল।
৫) জিকিৰ সমূহৰ কোনবোৰ গীতৰ প্ৰতিধনি শুনা যায় ?
উত্তৰ : জিকিৰ সমূহত অসমীয়া লোক গীতৰ প্রতিধনি শুনা যায়।
৬) জিকিৰ কাক বোলে ?
উত্তৰ : যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি অনুগত প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতি সমূহ প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে ।
৭) আদম বুলিলে কাক বুজায় ?
উত্তৰ : আদম বুলিলে আল্লাৰ সৃষ্ট প্ৰথম মানুহক বুজায় ।
সন্ধি কাক বোলে ? সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ? সন্ধিৰ উদাহৰণ দিয়া ।। অসমীয়া ব্যাকৰণ – click here
| Join us on WhatsApp | click here |
| Create Your Free Demat Account on GROWW | click here |
জিকিৰ || Chapter-2 || Class-10 মূলভাৱ, প্ৰশ্ন উত্তৰ, অতিৰিক্ত প্ৰশ্ন উত্তৰ
IndiGo Airlines Recruitment 2026 – Airport Jobs in Guwahati | AO&CS Officer Apply Online IndiGo Airlines নিযুক্তি ২০২৬ – গুৱাহাটীত…
NVS Shillong Recruitment 2026 – PGT, TGT & Staff Nurse Vacancy NVS Shillong Recruitment 2026 – PGT, TGT, Nurse, Counselor…
MSSV Nagaon Recruitment 2026 – Grade III & Grade IV Vacancy | Apply Offline for 7 Posts MSSV নাগাঁও নিযুক্তি…
U.N. Academy Kajalgaon Recruitment 2026 – Graduate Teacher & Cook Vacancy | Apply Now U.N. Academy Kajalgaon নিযুক্তি ২০২৬ –…
DPS Dhaligaon Recruitment 2026 – PRT, Special Educator & Music Teacher Vacancy | Apply Now DPS Dhaligaon নিযুক্তি ২০২৬ –…
B.N. College Dhubri Recruitment 2026 – Assistant Professor Vacancy | Apply for 4 Posts B.N. College Dhubri নিযুক্তি ২০২৬ –…
View Comments
Moi ear joria te bohut hikibo parilu
Moi pohi bohut hikibo parilu
ধন্যবাদ 🙏🙏