এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাৰ পূৰ্ব জন্মৰ কথা মনত আছে = জাতিষ্মৰ।
* যি মাটি ফুটি ওলায় = উদ্ভিদ।
* যাৰ দুই হাত সমানে চলে = সব্যসাচী।
* যাক নিবাৰণ কৰিব নোৱাৰি = অনিবাৰ্য।
* দৰমহা নোপোৱাকৈ কাম কৰা মানুহ= অবৈতনিক।
* পানী আৰু মাটিত চলে যি = উভচৰ।
* একে মাকৰ সন্তান = সহোদৰ, সোদৰ।
* যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী।
SEBA Class-10 All Solutions – click here
* যি উপকাৰীৰ উপাৰ স্বীকাৰ নকৰে = অকৃতজ্ঞ, কৃতঘ্ন।
* যি আনৰ অধীন নহয় = স্বাধীন।
* আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা।
* যি আনৰ লগত মিলিব নোৱাৰে = অসূয়া।
* যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ।
* আনৰ ওপৰত নিৰ্ভৰ কৰা লোক = পৰনিৰ্ভৰশীল।
* যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে = স্বনিৰ্ভৰশীল।
* যি উপকাৰীৰ শলাগ লয় = কৃতজ্ঞ।
* যাৰ ঈশ্বৰৰ অস্তিত্বত বিশাবস নাই = নাস্তিক।
* যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বস আছে = আস্তিক।
* এবাৰ গুটি লাগি মৰা গছ = ঔষধি।
* শৰৎ কালত হোৱা অনুষ্ঠান = শাৰদীয়।
* একেলগে ওপজা দুটা সন্তান = যমজ।
* মাটিৰ বাচন গঢ়োতা = কুমাৰ।
* কাঁহৰ বাচন গঢ়োতা = কঁহাৰ।
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* দা=কুটাৰ গঢ়া লোক = কমাৰ।
* যি পানীত জন্মে = জলজ।
* যি বোকাত জন্মে = পংকজ।
* ভিক্ষাৰ অভাৱ = দুৰ্ভিক্ষ।
* যি পৰিণাম চিন্তা কৰি কাম কৰে= পৰিণামদৰ্শী।
* যি কথা কোৱা উচিত নহয়= অনুচিত।
* আনৰ দোষ দেখা স্বভাৱ= অসূয়া।
* যাক পূৰাব নোৱাৰি= অপূৰণীয়।
* যাক সহজে লাভ কৰা যায়= সুলভ, সহজলভ্য।
* যাক সহজে লাভ কৰিব নোৱাৰি= দুৰ্লভ।
* য’লৈ যোৱা টান= দুৰ্গম।
* যাৰ সকলো বস্তু অঁটাকৈ আছে= উভৈনদী, আটন্তিয়াৰ।
* যি মাটিৰ উত্পাদিকা শক্তি নাই= অনুৰ্বৰা।
SEBA HSLC Class 10 Voice Change Solved 1998 – 2025 – click here
* পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ যি= পুৰুষোত্তম।
* বিপদৰ সময়ত ওলোৱা বুদ্ধি= প্ৰত্যুৎপন্নমতি।
* চোবাই খোৱা বস্তু= চব্য।
* চেলেকি খোৱা বস্তু= লেস্য।
* পি খোৱা বস্তু= পেয়।
* যিয়ে শিৱক পূজা কৰে= শৈৱ।
* যিয়ে দেৱীক পূজা কৰে= শাক্ত।
* যিয়ে বিষ্ণুক পূজা কৰে= বৈষ্ণৱ।
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* অতিশয় শীতো নহয়, উষ্ণও নহয়= নাতিশীতোষ্ণ।
* হঠাতে হোৱা ঘটনা= আকস্মিক।
* পথৰ পৰি যি বিচলিত হৈছে= পথভ্ৰষ্ট।
* মাটিৰে নিৰ্মিত= মৃণ্ময়।
* আগেয়ে নোহোৱা ঘটনা= অভূতপূৰ্ব।
* ব্যকৰণত যি পাৰ্গত= ব্যাকৰণিক।
* আগেয়ে নোহোৱা কথা= অশ্ৰুতপূৰ্ব।
* ফুল নুফুলাকৈ গুটি হোৱা গছ=বনস্পতি
* শত্ৰুক জয় কৰে যি=শত্ৰুঞ্জয়
* ৰিপুক জয় কৰে যি=ৰিপুঞ্জয়
* ধান থোৱা ঘৰ= ভঁৰাল
* যি মাছ=মাংস নাখায়=নিৰামিষাহাৰী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* ভিক্ষা কৰে যি= ভিক্ষাৰী
* যি খুজি মাগি খায়= খোজনীয়া, মগনিয়া
* যি আনৰ বস্তু বলেৰে নিয়ে= ডকাইত
* যি কথা জনা নাযায়= অজ্ঞাত
* যি কাৰো লগত মিলিব নোৱাৰে= অজীন=পাতকী
* দুটা মাহৰ মাজৰ দিন= দোমাহী বা সংক্ৰান্তি
* যি সঁচা কথা কয়= সত্যবাদী
* যাৰ আগত জন্ম=অগ্ৰজ
* যি নিজে নিজে হয়=স্বয়ম্ভু
* যাৰ আশ্ৰয় নাই=নিৰাশ্ৰয়
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি কথা লগাই ফুৰে=খলুৱা
* যি পৰিণাম চিন্তা কৰি কাম কৰে=পৰিণামদৰ্শী
* যি দুই হাত সমানে চলাব পাৰে=সব্যসাচী
* যি মাটিৰ উৎপাদিকা শক্তি নাই=অনুৰ্বৰ
* যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু
* যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে=কিংকৰ্তব্যবিমূঢ়
* যি মাতৃৰ এটি মাত্ৰ সন্তান=কাকবন্ধ্যা
* যি পুৰুষে বিয়া কৰোৱা নাই=অকিঞ্চন
* যাৰ জন্ম নাই=অজ
* যাৰ কথাৰ লাগ বান্ধ নাই=লপা, চেলেপু।
* যি আনৰ মুখলৈ চাই থাকে=পৰমুখাপেক্ষী
* যাৰ বিবেচনা শক্তি নাই=অবিবেচক
* সহজে যি জীণ যায়=লঘুপাকী
* যাৰ কুল আৰু শীল জনা নাযায়=অজ্ঞাতকুলশীল
* সকলোকে সমানভাৱে দেখা=সমদৰ্শী
* যি জানিবলৈ ইচ্ছা কৰে=জিজ্ঞাসু
* আগে আগে গমন কৰে যি=অগ্ৰগামী
* পিছে পিছে গমন কৰে যি=অনুগামী
* যি কম কথা কয়=মিতভাষী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী
* ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী
* নোহোৱা বস্তু সৃষ্টি কৰা=উদ্ভাৱন
* মাটিৰে তৈয়াৰী শিল্পকৰ্ম=মৃৎশিল্প
* যি মাটিৰে নিৰ্মান=মৃন্ময়
* যাৰ মৰো মৰো অৱস্থা=মূমূৰ্ষ
* নাম নধৰাকৈ দিয়া গালি=গুৱালগালি
* দেউতাকৰ সখিয়েক= তাৱৈ
* তাৱৈৰ ঘৈণীয়েক=আমৈ
* যি আনৰ অধীন নহয়= স্বাধীন
* যি আনৰ অধীন=পৰাধীন
* গৰু বন্ধা ঘৰ=গোহালি
* ঘোঁৰা বন্ধা ঘৰ=অস্তাবল
* যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি কথাৰ অৰ্থ নাই=অৰ্থহীন, নিৰৰ্থক
* যাক কল্পনা কৰিব নোৱাৰি =কল্পনাতীত
* যাৰ আদি নাই= অনাদি,
* যাৰ অন্ত নাই=অনন্ত
* যাৰ সীমা নাই= অসীম,
* যাক বৰ্ণনা কৰিব নোৱাৰি=অবৰ্ণনীয়
* যাক বাৰণ কৰিব নোৱাৰি =অনিবাৰ্য
* যাক লংঘন কৰিব নোৱাৰি=অলংঘ্য
* যাক দেখা নাযায়=অদৃশ্য
* যাক সহজে লাভ কৰিব নোৱাৰি=দুৰ্লভ
* যাক সহজে পোৱা যায়=সুলভ * যাৰ নাম নাই =অনামী
* যাৰ সীমা আছে= সসীম
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাক পৰিহাৰ কৰিব নোৱাৰি=অপৰিহাৰ্য
* যাৰ ধাৰ আছে =ধাৰুৱা
* যি গাঁৱত থাকে = গাঁৱলীয়া
* যি বিদেশত থাকে = প্ৰবাসী
* বিদেশৰপৰা অহা লোক = বিদেশী
* যি ভয় নকৰে = নিৰ্ভীক
* আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা, পৰশ্ৰীকাতৰ
* একে গুৰুৰ শিষ্য = হৰিভকত, সতীৰ্থ
* একে শ্ৰেণীতে পঢ়া = সহপাঠী
* গোটেই জীৱন জুৰি = আজীৱন
* মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষা
* জন্মৰ পৰা অন্ধ যি = জন্মান্ধ
* যি এটা চকুৰে নেদেখে = কণা
* দুয়োটা চকুৰে নেদেখা লোক = অন্ধ
* যি কথা কব নোৱাৰে = মুক; বোবা
* যি শুনাও নাপায়; কথাও ক’ব নোৱাৰে = মুকবধিৰ
* শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাৰ মাক পিতাক মৰিছে = মাউৰা
* যি পুৰুষৰ তিৰোতা মৰিছে = বৰলা; বিপত্নীক
* যি তিৰোতাৰ পুৰুষ মৰিছে = বিধৱা
* স্বামী থকা তিৰোতা = সধৱা; আয়তী
* নাম গোৱা তিৰোতা = নামতী
* বিহুৰ আগ দিনা = উৰুকা
* যি দিনত নেদেখে = দিনকণা
* যি ৰাতি নেদেখে = কুকুৰীকণা
* দুই ঘৰৰ মাজৰ ঠাই = দোঘোৰা
* ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা
* দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী;দোৰাহী
* পনীয়া গাখীৰ দিয়া গাই = জলাহী
* শিং নথকা গৰু = লাওমূৰা
* হাল বোৱা গৰু = বলধ
* ঠেং নথকা ভেকুলীৰ পোৱালি=লালুকী
* স্মৰণ কৰিবলগীয়া=স্মৰণীয়
* যাৰ বিয়া হোৱা নাই=অবিবাহিত, আবিয়ৈ
* যাৰ বিয়া হৈছে=বিবাহিত
* জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য
* জন্তুৰ নিচিনা যি=জান্তব
* যি গৰমো নহয় ঠাণ্ডাও নহয় =কুহুমীয়া
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি ফল কেঁচাও নহয় পকাও নহয়= ডহেচীয়া
* মাৰ ভনীয়েক =মাহী
* দেউতাৰ ভনীয়েক=পেহী
* মাৰ সতিনীয়েক=বিমাতা, মাহীমা
* ককাৰ দেউতাক=আজোককা
* কঁঠালৰ সৰু কলি =মুচি
* খাবলৈ অনা সৰু কলপুলি=পচলা
* দাঁত ওলোৱা হাতী=দঁতাল
* মাছ মৰা লোক=মাছুৱৈ; মাছমৰীয়া
* যি জলত চৰে=জলচৰ
* যি স্থলত চৰে=স্থলচৰ
* যি কণীৰপৰা জন্মে=অণ্ডজ
* গান গোৱা লোক=গায়ক
* খেলা ধুলা কৰা লোক=খেলুৱৈ
* সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী
* চিকিৎসা কৰা লোক=চিকিৎসক
* গাঁৱৰ মুখিয়াল ব্যক্তি=গাঁওবুঢ়া
* যি উপকাৰ কৰে=উপকাৰী
* বৰষুণ নোহোৱা বতৰ=খৰাং
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাৰ কোনো নাই=অনাথ
* ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য=প্ৰাতঃস্মৰণীয়
* যি একো নাজানে=অজ্ঞ
* যি সকলো জানে=সৰ্বজ্ঞ; সৰ্বজান
* যাৰ হাত আঁঠুলৈ আহে=অজানুলম্বিত
* যি এই লোকৰ নহয়=অলৌকিক
* দেৱতাৰ গুণ সমৃদ্ধ=দৈৱীয়
* ৰ’দত শুকোৱাসৰিয়হৰ শুকান বঁটা=কাঁহুদি
* য’ত কোনো মানুহ নাই=নিৰ্জন
* দেশক ভাল পোৱা মানুহ=দেশভক্ত
* দেশৰ অপকাৰ কৰা মানুহ=দেশদ্ৰোহী
* দেশৰ বাবে মৃত্যুবৰণ কৰা লোক=শ্বহীদ
* গৰু চৰোৱা লোক=গৰখীয়া
* হাতী চৰোৱা লোক=মাউত
* যি আগতে হোৱা নাই বা ঘটা নাই=অভূতপূৰ্ব
* যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব
* যি কেবল নিজৰ কথা ভাৱে=স্বাৰ্থপৰ; আপোনপেটা
* যি আনৰ হিতৰ কথা ভাৱে=পৰহিতৈষী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি সকলোৰে মাজত প্ৰিয়=লোকপ্ৰিয়
* যাক সকলোৱে জানে=বিখ্যাত
* যাক কোনেও নাজানে=অখ্যাত; অজ্ঞাত
* কব নলগীয়া কথা; যাক কব নোৱাৰি=অবাচ্য; অকথ্য
* যাক শুনিব নোৱাৰি=অশ্ৰাব্য
* যাৰ জ্ঞান আছে=জ্ঞানী
* যাৰ ধন আছে=ধনী
* যাৰ মান আছে=মানী
* যাৰ ঋণ আছে=ঋণী
* যাৰ ঘৰ বাৰী নাই=অঘৰী
* যাৰ একো নাই=নিঃস্ব
* য’ত যাব পাৰি=সুগম
* যি বহুত কথা কয়= বহুবল্কী
* যি কথা ক’ব জানে; কথা সজাই ক’ব পৰা লোক=কথাচহকী
* যাৰ মৰণ নাই=অমৰ
* যাৰ ভয় আছে=ভয়াতুৰ
* স্কুলত পঢ়া ল’ৰা ছোৱালী=ছাত্ৰছাত্ৰী
* যাৰ শত্ৰু নাই=অজাতশত্ৰু
* যি ইন্দ্ৰিয়ক দমন কৰিছে=জিতেন্দ্ৰিয়
* শাক পাচলি কৰা ঠাই=শাকনি
* ধান খেতি কৰা ঠাই=ধাননি
* যাক আগতে শুনা নাই=অশ্ৰুতপূৰ্ব
* যাক গণনা কৰিব নোৱাৰি=অগণন
* যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি=অনিৰ্বচনীয়
* যি কথা বিশ্বাস কৰিব নোৱাৰি=অবিশ্বাস্য
* যি কাম কৰা উচিত=কৰ্তব্য
* যি পুৰি নাযায় = অদাহ্য
* যি বিদ্যালাভ কৰিছে = কৃতবিদ্য
* বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ
* যাক দিব পৰা নাযায় = অদেয়
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যাক বধ কৰিব পৰা নাযায় = অবধ্য
* যি খুউব বেছি দীঘল নহয় = নাতিদীৰ্ঘ
* যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ
* যাৰ ধৰ্মত মতি আছে=ধৰ্মপৰায়ণ
* যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী
* যি অইন ফালে মন দিয়ে = অন্যমনস্ক
* শৰৎ কালত হোৱা = শাৰদীয়
* যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী
* বাটে বাটে যোৱা মানুহ = বাটৰুৱা
* যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু
* কোনো কাৰ্য কৰিবলৈ স্থিৰ কৰা = কৃতসংকল্প
* অশেষ মূল্য যাৰ = অমূল্য
* দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক
* যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়
* কাপোৰ বব জনা তিৰোতা = শিপীনী
* যি কাম কাজত পাকৈত = কাজী
* একে সময়তে হোৱা = সমসাময়িক
* ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী
* বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ
* যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন
* যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ
* ফুল থোৱা পাত্ৰ = ফুলদানি
* যি কথা কোৱা উচিত = বক্তব্য; বচনীয়
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* জুই ধৰি ৰখা ঠাই = জুহাল
* নিজৰ ওপজা ঠাই = জন্মভূমি
* বস্তু বেচা কিনা কৰা ঠাই = বজাৰ
* যি অলপতে শুনে = শহাকণীয়া
* যি কাৰো পক্ষত নাথাকে = নিৰপক্ষ
* যি নিশা চৰে = নিশাচৰ
* যি সহ্য কৰিব পাৰে = সহনশীল
* যি মিছা কথা কয় = মিছলীয়া
* যি ঘৰত ওপজে = ঘৰ=ওপজা
* যি বনত ওপজে = বনজ
* যি নগৰত থাকে = নগৰীয়া
* বহুতো ল’ৰা ছোৱালী একেলগে পঢ়া ঘৰ=পঢ়াশালি
* বিদ্যা শিক্ষা কৰা ঘৰ=বিদ্যালয়
* যি আনলৈ মন দি থাকে=
* পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্তিৰি
* ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কে সমান দেখা জন=
* গাখীৰ, মিঠাই বেচা মানুহক=?
* যি ঠাইত পূজা কৰা হয়=?
* যি বস্তু দিব পৰা নাযায়=?
* চুহি খোৱা বস্তু=?
* নাও বনোৱা মানুহ=?
* যি তিনিও কালৰ কথা জানে=ত্ৰিকালজ্ঞ
* জন্তুৰ ঘাঁহ যোগান ধৰা মানুহ=?
* যি বাহ বেতৰ কাম কৰে=বাঢ়ৈ
* যি ৰাতি ফুলে=?
* যি জন্ম হয় মৃত্যু বৰণ কৰে=?
* যাৰ সাহস আছে = সাহসী
* যি সঁচা কথা কয় = সত্যবাদী।
* যাক দেখা নাযায় = অদৃশ্য
* যাৰ পিছত জন্ম = অনুজ
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* অ’ত ত’ত ঘুৰি ফুৰা লোক = অঘৰী ৷
* গৰু বন্ধা ঠাই = গোহালি
* যি কথাৰ অৰ্থ নাই = নিৰৰ্থক
* যাক কল্পনা কৰিব নোৱাৰি = কল্পনাতীত
* যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য
* যাক লংঘন কৰিব নোৱাৰি = অলংঘ্য
* যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী
* যি নগৰত থাকে = নগৰীয়া
* আঁঠুলৈ বৈ পৰা = আজানুলম্বিত
* ভেকুলীৰ পোৱালি = লালুকি
* দেউতাৰ ভনীয়েক = পেহী
* কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা
* ৰৌ মাছৰ সৰু পোৱালী = ৰৌমণি
* মাছৰ পোৱালি = পোনা
* গৰৈ মাছৰ সৰু পোনা = গৰৈচিৰিকা
* খাৰণি সনা সৰিহৰ গুৰি = খাৰলি
* মাগুৰ মাছৰ সৰু = মাগুৰজালি
* শ’ল মাছৰ সৰু = শ’লঠাৰি
* ধানৰ বাকলি = তুঁহ
* গোচৰ তৰা মানুহ = গোচৰীয়া
* গোটেই জীৱন জুৰি = অজীৱন
* নাটক লিখা মানুহ = নাট্যকাৰ
* গুৰি সৰিয়হেৰে কৰা খাদ্য = কাঁহুদি
* ছবি অঁকা মানুহ = চিত্ৰকাৰ
* জন্তুৰ নিচিনা = জান্তৱ
* চোবাই খোৱা বস্তু = চৰ্ব্য
* কথাৰ লাগ=বান্ধ নথকা লোক = চেলেপু
* যি ঠাইত মানুহ নাই = জনশূন্য
* কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা
* কবিতা লেখা মানুহ = কবি
* চিঠি বিলাই ফুৰা মানুহ = পিয়ন
* কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী
* ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু
* যি গোন্ধ ভাল = সুগন্ধ
* বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি পুৰুষ ভয়াতুৰ = কাপুৰুষ
* নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ
* বহুত মানুহ একেলগে যোৱা = সমদল
* নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ
* পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ
* নিজে নিজে হোৱা = স্বয়ম্ভূ
* যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা
* যাক সহজতে লাভ কৰা যায় = সুলভ
* য’ত বহুতো ল’ৰা = ছোৱালীয়ে পঢ়ে = পঢ়াশালী
* যাক বুজিব পাৰি = বোধগম্য
* বৰষুণ নোহোৱা যি বতৰ = খৰাং
* আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ
* যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য
* জুই ধৰি ৰখা যি ঠাই = জুহাল
* যি তিৰোতাই ধান ৰোৱেই = ৰোৱনী
* যি তিৰোতাই ধান দায় = দাৱনী
* হঠাতে হোৱা যি ঘটনা = আকস্মিক
* যি মাটিত সাৰ নাই = অসাৰুৱা
* যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ
* যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য – সম্ৰাট
* যি জনে বিয়া কৰোৱা নাই = আবিয়ৈ
* নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক
* মেলত যি পাৰ্গত = মেলেকী
* যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য
* যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি
* একে সময়তে হোৱা = সমসাময়িক
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* লোকক দেখি পাছত যি কৰা যায় = অনুকৰণ
* লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ
* লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা
* সাহ যাৰ আছি = সাহসী
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা
* যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী
* যাক ভেদ কৰিব নোৱাৰে = অভেদ্য
* যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য
* যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু
* যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ
* যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য
* যি বিধিসন্মত = বৈধ
* প্ৰাণক পণ কৰি = প্ৰাণপণে
* যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী
* যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু
* যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ
* এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ
* যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত
* যাৰ ধাৰ আছে = ধৰুৱা
* যি আনফালে মন দিয়ে = অন্যমনস্ক
* যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয়
* যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত
* বধ কৰিবৰ ইচ্ছা = জিঘাংসা
* যিটো সুধিবলগীয়া =জিজ্ঞাস্য
* যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য
* যি কাৰো পক্ষৰ বা ফলীয়া নহয়= নিৰপেক্ষ
* কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী
* একেজন গুৰুৰে শিষ্য = সতীৰ্থ
* যাৰ আগমন আহ্বান কৰা হয়= স্বাগত
* যি সহ্য কৰিব পাৰে = সহিষ্ণু
* যি গোচৰ তৰে = গুচৰীয়া
* যাৰ ওপৰত গোচৰ তৰে = পদকীয়া
* যি ভাষাত পাৰ্গত = ভাষাবিদ
* যি কণীৰপৰা জন্মে = অণ্ডজ
* যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ
* যি সমাপ্ত হোৱা নাই = অসমাপ্ত
* যাৰ কথাৰ সাঁচ নাই = লগা
* যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু
* যত মানুহ বেছি = জন=বহুল
* যাৰ মূৰত চুলি নাই = তপা
* যি ধন খৰচ নকৰে = কৃপণ
এটা শব্দত প্ৰকাশ কৰা । অসমীয়া ব্যাকৰণ এটা শব্দ প্ৰকাণ কৰা । অসমীয়া ব্যাকৰণ
* যি মাছ=মাংস খায়= আমিষাহাৰী
* যি মাছ=মাংস নাখায় = নিৰামিষাহাৰী
* যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট
* যি অলপতে শুনে = শহাকণীয়া
* যি অলপতে ভয় খায় = ভয়াতুৰ
* যি নানা অভাৱত থাকে = অভাৱী
* জন্তুৰ নিচিনা = জান্তৱ
* যাৰ নাম নাই = অনামা
* যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী
* নাম নিদিয়াকৈ দিয়া = বেনামী
* বাঁহ=গাজ খুন্দি তৈয়াৰ কৰা খাদ্য=বস্তু = খৰিচা
* মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি ।
| IMPORTANT WEB-LINKS | |
|---|---|
| ✅ Official Website | Click Here |
| ✅ WhatsApp Group For All HSLC Solutions | Click Here |
| ✅ For Jobs Update Government job opportunities | Click Here |
| ✅ Telegram Group | click here |
| ✅ FaceBook Page | click here |
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…