অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese
১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?
উত্তৰ : বশিষ্ঠাশ্ৰম।অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese
২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?
উত্তৰ : গড়গাঁও।
৩) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?
উত্তৰ : জয়সাগৰ পুখুৰী।
৪) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?
উত্তৰ : হলিৰাম ডেকা।
৫) প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।
৬) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।
৭) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।
৮) প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : আনন্দৰাম বৰুৱা।
৯) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।
১০) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।
১১) প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
১২) প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : অচ্যুত শইকীয়া।
১৩) প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্ল।
১৪) প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?
উত্তৰ : মহানন্দ দাস।
১৫) প্ৰশ্ন : গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?
উত্তৰ : কনকলতা বৰুৱা।
Mock Test Section – click here
১৬) প্ৰশ্ন : ১৮৮৫ চনত জন্মলাভ কৰা কবি আৰু ‘অসম কেশৰী’ উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিক জনৰ নাম কি?
উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।
১৭) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?
উত্তৰ : কুশল কোঁৱৰ।
১৮) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ ‘জনক’, প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নিৰ্মাতা তথা, শোণিতকুঁৱৰী নাটৰ পৰিচালক জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
১৯) প্ৰশ্ন : ১৪৪৯ চনত জন্ম গ্ৰ্হণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।
২০) প্ৰশ্ন : ১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিত জন কোন?
উত্তৰ : আনন্দৰাম বৰুৱা।
২১) প্ৰশ্ন : একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?
উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।
২২) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?
উত্তৰ : যোৰহাট।
২৩) প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?
উত্তৰ : হাফলং।
২৪) প্ৰশ্ন : নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ : খাগৰিজান।
২৫) প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।
২৬) প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?
উত্তৰ : ডিব্ৰুগড়।
২৭) প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?
উত্তৰ : শিৱসাগৰ ।
২৮) প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?
উত্তৰ : শুৱালকুছি।
২৯) প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?
উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।
৩০) প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৬৫ চনত। অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese
সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ|| Assam GK Test Series Part- 10 – click here
৩১) প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?
উত্তৰ : প্ৰমত্ত সিংহই।
৩২) প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটীত।
৩৩) প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?
উত্তৰ : ডিগবৈ।
৩৪) প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?
উত্তৰ : তেজপুৰ।
৩৫) প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰ : ১৭৫২ চনত।
৩৬) প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?
উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।
৩৭) প্ৰশ্ন : সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?
উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।
৩৮) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?
উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।
৩৯) প্ৰশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ড° তিলোত্তমা গগৈ।
৪০) প্ৰশ্ন : যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?
উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।
৪১) প্ৰশ্ন : শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?
উত্তৰ : শিৱ দ’ল।
৪২) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?
উত্তৰ : চিত্ৰাচল।
৪৩) প্ৰশ্ন : শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?
উত্তৰ : শিৱসাগৰ।
৪৪) প্ৰশ্ন : প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৬৯৪ চনত।
৪৫) প্ৰশ্ন : ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?
উত্তৰ : উমানন্দ।
দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান || Science in Everyday Life Essay in Assamese – click here
অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assamese GK 2023-24 || GK In Assamese
৪৬) প্ৰশ্ন : কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?
উত্তৰ : ১৬৬৫ চনত।
৪৭) প্ৰশ্ন : অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ : উত্তৰ গুৱাহাটী।
৪৮) প্ৰশ্ন : হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়। এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?
উত্তৰ : গোৱালপাৰা।
৪৯) প্ৰশ্ন : কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?
উত্তৰ : নীলাচল পাহাৰত।
৫০) প্ৰশ্ন: কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?
উত্তৰ : সৌভাগ্য কুণ্ড।
৫১) প্ৰশ্ন : অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?
উত্তৰ : পোৱা মক্কা (হাজো)।
৫২) প্ৰশ্ন : পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?
উত্তৰ : ধুবুৰী।
৫৩) প্ৰশ্ন : গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?
উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।
৫৪) প্ৰশ্ন : গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত। ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চম খন তীৰ্থ কি?
উত্তৰ : অশ্বক্লান্ত।
৫৫) প্ৰশ্ন : বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?
উত্তৰ : বেলশৰ (নলবাৰী)।
৫৬) প্ৰশ্ন : গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?
উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।
৫৭) প্ৰশ্ন : মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ : তেজপুৰত।
৫৮) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৫২ চনত।
৫৯) প্ৰশ্ন : শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?
উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।
৬০) প্ৰশ্ন : মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?
উত্তৰ : ৩৪ কিঃ মিঃ।
| Join us on WhatsApp | click here |
| Create Your Free Demat Account on GROWW | click here |
Assam Orunodoi 3.0 Scheme || অৰুণোদয় ৩.০ আঁচনি সুবিধা, যোগ্যতা আৰু সম্পূৰ্ণ তথ্য অৰুণোদয় আঁচনি অসম চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ কল্যাণমূলক…
অসমত ঈদ উল ফিটৰ ২০২৬ঃ আশা কৰা তাৰিখ, তাৎপৰ্য, আৰু উদযাপন শ্বাৱাল চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ২০ মাৰ্চ ২০২৬…
Eid ul Fitr 2026 in Assam: Expected Date, Significance, and Celebrations Eid ul Fitr 2026 in Assam is expected to…
SEBA HSLC General SCIENCE Question Paper 2026 PDF SEBA HSLC General SCIENCE Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC General Mathematics Question Paper 2026 PDF SEBA HSLC General Mathematics Question Paper 2026 PDF has been published here. You can download Assam…
SEBA HSLC ENGLISH Question Paper 2026 PDF SEBA HSLC ENGLISH Question Paper 2026 PDF has been published here. You can download Assam HSLC Exam…